চিত্ৰলেখা (Chitralekha) ১৯৬৪ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। কিদাৰ শৰ্মাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অশোক কুমাৰ, প্ৰদীপ কুমাৰ আৰু মীনা কুমাৰীয়ে। ১৯৩৪ চনত প্ৰকাশিত ভগৱতী চৰণ বৰ্মাৰ একে নামৰ হিন্দী উপন্যাস এখনৰ আধাৰত চলচ্চিত্ৰখন নিৰ্মাণ কৰা হৈছিল।১ চলচ্চিত্ৰখনৰ সংগীত পৰিচালক আছিল ৰোশন আৰু গীতিকাৰ আছিল চাহিৰ লুধিয়ানৱী। “ছনছাৰ চে ভাগে ফিৰতে হো” আৰু “মন ৰে, তু কাহে না ধীৰ ধৰে” গীতদুটাৰ বাবে চলচ্চিত্ৰখনে অধিক জনপ্ৰিয়তা লাভ কৰিছিল। ২০১০ চনত আউটলুক ইণ্ডিয়া আলোচনীখনে ৩০ গৰাকী প্ৰসিদ্ধ ভাৰতীয় সুৰকাৰ, গীতিকাৰ আৰু কণ্ঠশিল্পীক তেওঁলোকৰ সৰ্বকালৰ প্ৰিয় হিন্দী গীতসমূহৰ নাম সোধা হৈছিল। শীৰ্ষৰ ২০টা গীতৰ এখন তালিকাও প্ৰস্তুত কৰি উলিওৱা হৈছিল য'ত “মন ৰে, তু কাহে ধীৰ ধৰে” গীতটোৱে তালিকাখনৰ শীৰ্ষত স্থান দখল কৰিবলৈ সক্ষম হৈছিল।২৩
এই চলচ্চিত্ৰখন ১৯৪১ চনত কিদাৰ শৰ্মাই পৰিচালনা কৰা চিত্ৰলেখাৰ পুনৰ্নিমাণ। ১৯৪১ চনত নিৰ্মাণ কৰা চলচ্চিত্ৰখন বাণিজ্যিকভাৱে সফল হৈছিল যদিও ১৯৬৪ চনত নিৰ্মাণ কৰা চিত্ৰলেখাই বক্স অফিচত ভাল ফলাফল লাভ নকৰিলে।৪২ উল্লেখযোগ্য যে, এইখনেই মীনা কুমাৰীয়ে অভিনয় কৰা প্ৰথম ৰঙীণ চলচ্চিত্ৰ।
অভিনয় শিল্পী
- মীনা কুমাৰী (চিত্ৰলেখা)
- অশোক কুমাৰ (যোগী কুমাৰগিৰি)
- প্ৰদীপ কুমাৰ (আৰ্য্যপুত্ৰ সামন্ত বীজগুপ্ত)
- মেহমুদ (ব্ৰহ্মচাৰী শ্বেতাংক)
- মিনু মমতাজ (লিগিৰী)
- জেব ৰেহমান (সম্ৰাট চন্দ্ৰগুপ্ত)
- আচলা সচদেৱ (গায়ত্ৰী দেৱী)
- বেলা বসু (দেৱী মহামায়া)
- ছোভা ছামৰ্থ (যশোধৰা)
সংগীত
চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল ৰোশনে আৰু গীতৰ কথা আছিল চাহিৰ লুধিয়ানৱীৰ।
তথ্যসূত্ৰ
- ↑ Gulzar; Govind Nihalani; Saibal Chatterjee. (2003). Encyclopaedia of Hindi cinema. Popular Prakashan. পৃ. 335. ISBN 8179910660
- ↑ (17 June 2011). Chitralekha (1964). দ্য হিন্দু
- ↑ (18 May 2011). The melodious music director — Roshan. Daily Times
- ↑ Top Earners 1941. Box Office India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰলেখা (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৯৯১৩৩ (২৬ ডিচেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।