অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

আৰাধনা (১৯৬৯ চলচ্চিত্ৰ)

আৰাধনা (Aradhana) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ আৰু ৰাজেশ খান্না‌ই। ১৭ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।

হালনাগাদ: ১২ ফেব্ৰুৱাৰী ২০২৬ ১৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আৰাধনা (Aradhana) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ আৰু ৰাজেশ খান্না‌ই। ১৭ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰোপৰি শৰ্মিলা ঠাকুৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।১ মূলতঃ হিন্দী ভাষাত মুক্তি লাভ কৰা২ আৰু বঙালী ভাষালৈ ডাব কৰা আৰাধনাৰ বৃহৎ সফলতাৰ ফলত তামিল৩ আৰু তেলেগু ভাষাত৪ চলচ্চিত্ৰখন পুনৰ্নিমাণ কৰা হয়। ১৯৬৯ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত ৰাজেশ খান্নাৰ একেৰাহে বৃহৎ সাফল্য লাভ কৰা ১৭ খন চলচ্চিত্ৰৰ ভিতৰত আৰাধনাও এখন। আৰাধনা ভাৰতৰ বাহিৰে ছ'ভিয়েট সংঘটো ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছে।৫ চলচ্চিত্ৰখনৰ বিষয়বস্তু ১৯৪৬ চনৰ To Each His Own চলচ্চিত্ৰখনৰ ওপৰত আধাৰিত আছিল।৬

অভিনয় শিল্পী

  • শৰ্মিলা ঠাকুৰ (বন্দনা বৰ্মা / বন্দনা ত্ৰিপাঠী)
  • ৰাজেশ খান্না (ফ্লাইট লেফটেনেণ্ট অৰুণ বৰ্মা / সূৰজ কুমাৰ বৰ্মা / সূৰজ কুমাৰ ছাক্সেনা) (দ্বৈত চৰিত্ৰ)
  • সুজিত কুমাৰ (এয়াৰ কমোদৰ মদন বৰ্মা)
  • অশোক কুমাৰ (এয়াৰ কমোদৰ গাঙ্গুলী)
  • পাহাৰী সন্যাল (গোপাল ত্ৰিপাঠী)
  • অনিতা গুহ (মিচেছ প্ৰসাদ ছাক্সেনা)
  • অভী ভট্টাচাৰ্য্য (ৰাম প্ৰসাদ ছাক্সেনা)
  • মনমোহন (শ্যাম)
  • মদন পুৰী (জেইলৰ)
  • অসিত সেন (টিকাৰাম)
  • ফৰিদা জালাল (ৰেণু বৰ্মা)
  • সুভাষ ঘাই (ফ্লাইট লেফটেনেণ্ট প্ৰকাশ)
  • কৃষ্ণকান্ত (মিষ্টাৰ বৰ্মা)

তথ্যসূত্ৰ

  1. ↑ rediff.com: Dial D for Darjeeling. Specials.rediff.com
  2. ↑ (1969). Aradhana
  3. ↑ (22 February 1998). Why not in Tamil?. Sunday Times
  4. ↑ (29 December 2014). Birthday Special: Remembering Rajesh Khanna's top five films. Jagran Post
  5. ↑ Archived copy
  6. ↑ Aradhana (1969) & To Each His Own (1946). bobbytalkscinema.com

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আৰাধনা (১৯৬৯ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৬৮৩০ (১২ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।