অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

মিৰ্জা গালিব (চলচ্চিত্ৰ)

মিৰ্জা গালিব (Mirza Ghalib) ১৯৫৪ চনৰ হিন্দী আৰু উৰ্দু ভাষাত নিৰ্মিত, চোহৰাব মোডী পৰিচালিত প্ৰখ্যাত কবি মিৰ্জা গালিবৰ জীৱন আধাৰিত এখন বলিউদী চলচ্চিত্ৰ, যিখন ছবি মুক্তিৰ পিছতে দৰ্শক-সমালোচনকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ইয়াত ভাৰত ভূষণে মিৰ্জা গালিবৰ আৰু সুৰাইয়াই গালিবৰ প্ৰেমিকা ভূমিকাত অভিনয় কৰিছে।

হালনাগাদ: ১৫ জানুৱাৰী ২০২৫ ১৯৮ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

মিৰ্জা গালিব (Mirza Ghalib) ১৯৫৪ চনৰ হিন্দী ভাষা আৰু উৰ্দু ভাষা ভাষাত নিৰ্মিত, চোহৰাব মোডী পৰিচালিত প্ৰখ্যাত কবি মিৰ্জা গালিবৰ জীৱন আধাৰিত এখন বলিউদী চলচ্চিত্ৰ, যিখন ছবি মুক্তিৰ পিছতে দৰ্শক-সমালোচনকৰ দ্বাৰা প্ৰশংসিত হৈছিল। ইয়াত ভাৰত ভূষণে মিৰ্জা গালিবৰ আৰু সুৰাইয়াই গালিবৰ প্ৰেমিকা ভূমিকাত অভিনয় কৰিছে। ছবিখনে ১৯৫৪ চনৰ দ্বিতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত সৰ্ব-ভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক আৰু হিন্দী ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। ৰাষ্ট্ৰপতি ভৱনত হোৱা ছবিখনৰ এক বিশেষ প্ৰদৰ্শনৰ সময়ত সুৰাইয়াই গোৱা মিৰ্জা গালিবৰ গজল আৰু তেওঁৰ অভিনয়ক তৎকালীন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে উচ্চ প্ৰশংসা কৰিছিল আৰু সুৰাইয়াই গালিবক জীৱন্ত কৰি তোলা বুলি মন্তব্য কৰিছিল।১২

অভিনয় শিল্পী

  • ভাৰত ভূষণ (মিৰ্জা গালিব)
  • সুৰাইয়া (মতী বেগম)
  • দুৰ্গা খোটে (মতী বেগমৰ মাত)
  • উলহাস (কটোৱাল হাচমত খাঁ)
  • নিগাৰ চুলতানা (গালিবৰ পত্নী)
  • মুৰাদ (মুফটি সাদৰুদ্দিন)
  • মুক্ৰি (লালা মথুৰাদাস)
  • ইফটিকাৰ (বাহাদুৰ শাহ জফৰ)
  • কুমকুম (দৰবাৰী নৰ্তকী)

সংগীত

সংগীত ৰচনা কৰিছে গুলাম মহম্মদে। গীত আৰু গজলবোৰত কণ্ঠদান কৰিছে সুৰাইয়া, মহম্মদ ৰফি আৰু তালাত মেহমুদে।

বঁটা

  • ১৯৫৪ চনৰ ২য় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৩
    • সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ সোণৰ পদক।
    • হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰৰ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক।
  • ফিল্মফেয়াৰ বঁটা
    • শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ ফিল্মফেয়াৰ বঁটা (ক’লা-বগা): ৰুচি কে. বানকাৰ

বক্স-অফিচ

মিৰ্জা গালিব ১৯৫৪ চনৰ বক্স-অফিচৰ সৰ্বাধিক উপাৰ্জনকাৰীৰ তালিকাত চতুৰ্থ স্থানত আছিল।৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Pran Kapila. (20 July 2011). Suraiya, the singing star (Mirza Ghalib film). The Hindu (newspaper)
  2. ↑ Ajab Daastaan (Tribute to actress Suraiya on Outlook magazine) Published 31 January 2004, Retrieved 27 November 2019
  3. ↑ 2nd National Film Awards. Directorate of Film Festivals
  4. ↑ Mirza Ghalib (1954 film) among the Top Ten Earners at the Box Office in 1954 BOX OFFICE INDIA website, Retrieved 27 November 2019

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰশ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ীশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিৰ্জা গালিব (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৬৪০৩৪ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।