অনুৰাধা (अनुराधा; Love of Anuradha) হৃষিকেশ মুখাৰ্জীয়ে প্ৰযোজনা আৰু পৰিচালনা কৰা ১৯৬০ চনৰ এখন হিন্দী ভাষাৰ চলচ্চিত্ৰ। ছবিখনত অসিত সেন আৰু মুক্ৰীৰ সৈতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহনী আৰু লীলা নাইডুৱে। এই ছবিখন মিছ ইণ্ডিয়া নাইডুৰ প্ৰথম ছবি হিচাপে বিখ্যাত।
ছবিখনৰ সংগীতৰ ৰচনা কৰিছিল পণ্ডিত ৰবি শংকৰে। এয়া আছিল হিন্দী চলচ্চিত্ৰত তেওঁৰ অন্যতম বিৰল উপস্থিতি।১ শচীন ভৌমিকৰ এটা চুটিগল্পৰ আধাৰত ছবিখনৰ কাহিনী ৰচনা কৰা হৈছিল, যিটো চুটিগল্প প্ৰথম বঙালী মাহেকীয়া আলোচনী দেশত প্ৰথম প্ৰকাশিত হৈছিল। ভৌমিকে তেওঁৰ আত্মজীৱনীত উল্লেখ কৰিছে যে ১৮৫৭ চনৰ গুস্তাভ ফ্ল’বাৰ্টৰ উপন্যাস মেডাম ব’ভাৰীৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ এই গল্পটো সৃষ্টি কৰিছিল।
অনুৰাধাই শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু ১৯৬১ চনত বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গোল্ডেন বিয়াৰৰ বাবে মনোনীত হয়।
কাহিনীৰ সাৰাংশ
এগৰাকী বিখ্যাত ৰেডিঅ' গায়িকা, নৃত্যশিল্পী আৰু এজন ধনী মানুহৰ কন্যা অনুৰাধা ৰায়ে এজন আদৰ্শবাদী চিকিৎসক ডাঃ নিৰ্মল চৌধুৰীৰ প্ৰেমত পৰে। দেউতাকৰ ইচ্ছাৰ বিৰুদ্ধে তাই নিৰ্মলৰ সৈতে বিয়াত বহিবলৈ সিদ্ধান্ত লয়। চিকিৎসাৰ অভাৱত মাকৰ মৃত্যু হোৱা নিৰ্মলে দূৰণিৰ নন্দগাঁও নামৰ এখন গাঁৱত দুখীয়াৰ সেৱা কৰাৰ সিদ্ধান্ত লয়। তেওঁ অনুৰাধাক এক কষ্টকৰ জীৱন আঁকোৱালী নলৈ দেউতাকৰ কথামতে চলিবলৈ উপদেশ দিয়ে। দেউতাকে তাইক লণ্ডনফেৰৎ দীপকৰ সৈতে বিয়া দিয়াৰ পৰিকল্পনা কৰিছিল।
বিয়া আৰু এটি কন্যা সন্তান জন্মৰ পিছত ঘৰ, পৰিয়ালৰ সকলো কামবন কৰি আজৰি নোপোৱা অনুৰাধাই গানৰ চৰ্চা কৰাটো এৰি দিয়ে। অথচ গান তাইৰ বাবে এসময়ত প্ৰাণ আছিল। এদিন অনুৰাধাৰ দেউতাক জীয়েকৰ ঘৰলৈ গৈ সিহঁতৰ দৈন্যদশা দেখি চহৰলৈ অহাৰ প্ৰস্তাৱ দিয়ে যদিও নিৰ্মলে সেই প্ৰস্তাৱ নাকচ কৰে আৰু কয় যে সময় আহিলে তেওঁ নিশ্চয় উভতি যাবগৈ।
এদিন দীপক আৰু তেওঁৰ প্ৰেমিকা এক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাৰ বাবে নিৰ্মলৰ ওচৰলৈ আহিবলগীয়া হয়। দীপকে নিৰ্মলক এৰি হ’লেও চহৰলৈ গৈ অনুৰাধাৰ গানৰ সাধনা অব্যাহত ৰাখিবলৈ কয়। নিৰ্মলেও চহৰলৈ ঘৈণীয়েকৰ ইচ্ছাক স্বীকাৰ কৰে। কিন্তু অৱশেষত অনুৰাধাই গিৰিয়েকক এৰি চহৰলৈ গ'লনে?
অভিনয়শিল্পী
- বলৰাজ সাহনী (ডাঃ নিৰ্মল চৌধুৰী)
- লীলা নাইডু (অনুৰাধা ৰায়)
- ৰাণু
- অভি ভট্টাচাৰ্য (দীপক)
- নাজিৰ হুছেইন
- ডেভিদ আব্ৰাহাম
- হৰি শিৱদাসানী (ব্ৰিজেশ্বৰ প্ৰসাদ ৰায়)
- অসিত সেন (জমিদাৰ)
- মুক্ৰি (আত্মাৰাম)
গীত
ছবিখনৰ সংগীত পৰিচালক আছিল প্ৰখ্যাত চেতাৰবাদক ৰবি শংকৰ আৰু গীতিকাৰ আছিল শৈলেন্দ্ৰ; যাক এক বিৰল সংযোগ বুলি গণ্য কৰা হয়।
বঁটা
- ১৯৬০- ৮ম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰপতিৰ স্বৰ্ণপদক২
তথ্যসূত্ৰ
- ↑ Hrishikesh Mukherjee Biography on winning, the 31st Dada Saheb Phalke Award
- ↑ 8th National Film Awards. International Film Festival of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনুৰাধা (১৯৬০ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৭৭৫৫৩ (১০ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।