আনন্দ (Anand) ১৯৭১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। হৃষিকেশ মুখাৰ্জীৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে ৰাজেশ খান্নাই। অমিতাভ বচ্চন, সুমিতা সন্যাল, ৰমেশ দেৱ আৰু সীমা দেৱ আছিল সহকাৰী অভিনয় শিল্পী।
১৯৭২ চনত বেষ্ট্ ফিল্মৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰাৰ উপৰিও চলচ্চিত্ৰখনে ভালেমান বঁটা লাভ কৰিবলৈ সক্ষম হয়। ২০১৩ চনত অনুপমা চোপ্ৰাৰ কিতাপ 100 Films To See before You Die তো চলচ্চিত্ৰখনে স্থান দখল কৰে।১ ১৯৬৯ আৰু ১৯৭১ চনৰ মাজৰ সময়ছোৱাত ৰাজেশ খান্নাৰ একেৰাহে ১৭খন চলচ্চিত্ৰ বক্স অফিচত সফল হয়। ইয়াৰ ভিতৰত আনন্দ চলচ্চিত্ৰখনো এখন বুলি বিবেচনা কৰা হয়।২৩
কাহিনীৰ সাৰাংশ
অনক'লজিষ্ট ভাস্কৰ বেনাৰ্জীয়ে দুখীয়া মানুহক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়ায়। তথাপিও তেওঁ সুখী হ'ব পৰা নাছিল কিয়নো তেওঁ আটাইকে বিনামূলীয়াকৈ সম্পূৰ্ণৰূপে চিকিৎসা কৰিবলৈ অসমৰ্থ। তেওঁৰ চাৰিওফালে চলি থকা মানুহৰ অসুখ-বিসুখ, জ্বালা-যন্ত্ৰণা আৰু দৰিদ্ৰতাই তেওঁক এক প্ৰকাৰ নিৰাশাবাদী কৰি তুলিছিল। স্পষ্টবাদী ভাস্কৰ বেনাৰ্জীয়ে এচাম ধনী মানুহৰ কাল্পনিক অসুখবোৰ চিকিৎসা কৰিবলৈ অমান্তি হৈছিল। অৱশ্যে তেওঁৰ বন্ধু ডাক্টৰ কুলকৰ্ণীৰ পথছোৱা তেওঁতকৈ সামান্য পৃথক আছিল। ডাক্টৰ কুলকৰ্ণীয়ে সেই এচাম ধনী মানুহৰ কাল্পনিক অসুখবোৰ ঠিক কৰি টকা কিছু অৰ্জন কৰে আৰু সেই টকাৰে দুখীয়া মানুহক বিনামূলীয়াকৈ চিকিৎসা কৰে।
এদিন ডাক্টৰ কুলকৰ্ণীয়ে ভাস্কৰ বেনাৰ্জীক আনন্দৰ সৈতে চিনাকি কৰাই দিয়ে। আনন্দ অন্ত্ৰৰ লিম্ফ'ছাৰক'মা (Lymphosarcoma of the intestine) নামৰ এবিধ বিৰল কৰ্কট ৰোগৰ দ্বাৰা আক্ৰান্ত। আনন্দ আছিল স্বভাৱতে ফূৰ্ত্তিবাজ। ছয় মাহতকৈ বেছি সময় জীয়াই নাথাকিব বুলি জানিও সি আনৰ আগত উদাসীনভাৱেই আচৰণ কৰিছিল আৰু সদায় নিজৰ আশে-পাশে থকা লোকসকলক সুখী ৰাখিবলৈ চেষ্টা কৰিছিল। লাহে লাহে ভাস্কৰ বেনাৰ্জী আৰু আনন্দৰ মাজত গভীৰ বন্ধুত্ব স্থাপন হয়। প্ৰথম সাক্ষাৎ হোৱা দিন ধৰি আনন্দই ভাস্কৰ বেনাৰ্জীক বাবুমোশাই বুলি সম্বোধন কৰে। আনন্দ এক বিৰল প্ৰতিভাৰ অধিকাৰী। সি সহজেই মানুহক আকৰ্ষণ কৰি তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰিছিল।
লাহে লাহে আনন্দৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰে। তথাপিও সি জীৱনৰ বাকী থকা সময়ছোৱা হাস্পাতালৰ বিছনাত কটাব নিবিচাৰে। ইয়াৰ পৰিৱৰ্তে সি মুক্ত ভাৱে বিচৰণ কৰি ফুৰে আৰু আনক সহায়ৰ হাত আগবঢ়ায়। এদিন সি আৱিষ্কাৰ কৰে যে ৰেণু নামৰ ছোৱালী এজনীৰ প্ৰতি ভাস্কৰ বেনাৰ্জীৰ মনত প্ৰেমৰ বীজ অংকুৰণ হৈছে। ৰেণুক ভাস্কৰ বেনাৰ্জীয়ে এবাৰ নিউম'নিয়াৰ চিকিৎসা কৰিছিল। এই কথা আৱিষ্কাৰ কৰাৰ পাছত আনন্দই ভাস্কৰ বেনাৰ্জীক নিজৰ মনৰ কথা ৰেণুক খুলি ক'বলৈ সহায় কৰে। আনকি ৰেণুৰ মাককো তেওঁলোকৰ বিবাহৰ বাবে সৈমান কৰায়। এদিন আনন্দই ভাস্কৰ বেনাৰ্জীক কয় যে প্ৰত্যেকেই তাক এজন কৰ্কট ৰোগীৰ পৰিৱৰ্তে এজন প্ৰাণোচ্ছল ব্যক্তি হিচাপে মনত ৰখা উচিত। পাছলৈ ৰেণুৱে আৱিষ্কাৰ কৰে যে এসময়ত আনন্দয়ো দিল্লীৰ কাৰোবাক ভাল পাইছিল। কিন্তু আনন্দৰ অসুস্থতাৰ বাবে তাই আন কাৰোবাৰ সতে বিবাহপাশত আৱদ্ধ হয়। তাইৰ বিয়াৰ দিনাখনেই আনন্দই দিল্লী এৰি মুম্বাইলৈ আহে। অৱশ্যে তাইৰ স্মৃতি সজীৱ কৰি ৰাখিবলৈ সদায় সি তাৰ কিতাপ এখনৰ মাজত এপাহ ফুল সযতনে ৰাখিছিল।
সময়ৰ লগে লগে আনন্দৰ স্বাস্থ্য বেয়াৰ ফালে ঢাল খায় আৰু ঘৰতেই থাকিবলগীয়া হয়। এদিন আনন্দই ভাস্কৰে পাঠ কৰা এটা কবিতা ৰেক'ৰ্ড কৰে আৰু নিজেও কিছু কথা যোগ কৰে আৰু সিহঁত দুয়োৰে হাঁহিও টেপটোত একেলগে ৰেক'ৰ্ড কৰে। জীৱনৰ শেষ সময়ছোৱাত তাৰ বন্ধুসকল তাৰ ওচৰতে উপস্থিত আছিল যদিও ঔষধ অনাৰ অৰ্থে ভাস্কৰ ঘৰৰ বাহিৰলৈ গৈছিল। এনেতে আনন্দই ভাস্কৰক চিঞৰি মাতে আৰু শেষ নিশ্বাস ত্যাগ কৰে। কিছু সময় পাছত ভাস্কৰ উভতি আহে আৰু আনন্দক মাত এষাৰ দিবলৈ কান্দি কান্দি কাকূতি মিনতি কৰে। এনেতে হঠাৎ টেপটো বাজি উঠে আৰু আনন্দৰ মাত সকলোৱে শুনিবলৈ পায় আৰু আটাইয়ে তাৰ বাবে কান্দিবলৈ ধৰে।
আনন্দৰ জীৱনক লৈ ভাস্কৰ বেনাৰ্জীয়ে এখন কিতাপ লিখি উলিয়ায় আৰু কিতাপখন সাহিত্যৰ এখন মহান ৰচনা হিচাপেও পৰিগণিত হয় যাৰ বাবে ভাস্কৰ বেনাৰ্জীয়ে সৰস্বতী পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।
শেষত ভাস্কৰ বেনাৰ্জীয়ে স্বগোতক্তি কৰি কয় যে “আনন্দ মৰা নহী, আনন্দ মৰতে নহী” (আনন্দ মৰা নাই, আনন্দ নমৰে)।
অভিনয় শিল্পী
- ৰাজেশ খান্না (আনন্দ সেহগাল/জয়চান্দ)
- অমিতাভ বচ্চন (ডাঃ ভাস্কৰ বেনাৰ্জী/বাবু মোশাই)
- সুমিতা সন্যাল (ৰেণু ভাস্কৰ বেনাৰ্জী)
- ৰমেশ দেৱ (ডাঃ প্ৰকাশ কুলকৰ্ণী)
- সীমা দেৱ (সুমন কুলকৰ্ণী)
- ললিতা পাৱাৰ (চিকিৎসালয়ৰ মুখ্য ধাত্ৰী)
- দুৰ্গা খোটে (ৰেণুৰ মাতৃ)
- জনি ৱাকাৰ (ইছা ভাই ছুৰটৱালা/মোৰাৰিলাল)
- অসিত সেন (চন্দ্ৰ নাথ)
- দেৱ কিষান (ৰঘু কাকা)
- দাৰা সিং (মল্লযুদ্ধৰ গুৰু/পাপাজী)
- ব্ৰহ্ম ভৰদ্বাজ (মৌনী বাবা)
বঁটা
| বৰ্ষ | বঁটা | শ্ৰেণী | প্ৰাপক | ফলাফল |
|---|---|---|---|---|
| ১৯৭১ | ১৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | হিন্দী ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ | হৃষিকেশ মুখাৰ্জী আৰু এন চি ছিপ্পী | |
| ১৯৭২ | বেংগল ফিল্ম জাৰ্ণালিষ্ট্ছ এছ'চিয়েশ্যন এৱাৰ্ড্ছ | শ্ৰেষ্ঠ অভিনেতা (হিন্দী) | ৰাজেশ খান্না | |
| ১৯ সংখ্যক ফিল্মফেয়াৰ বঁটা | শ্ৰেষ্ঠ চলচ্চিত্ৰ | হৃষীকেশ মূখাৰ্জী আৰু এন চি ছিপ্পী | ||
| শ্ৰেষ্ঠ পৰিচালক | হৃষীকেশ মূখাৰ্জী | |||
| শ্ৰেষ্ঠ কাহিনী | ||||
| শ্ৰেষ্ঠ সম্পাদনা | ||||
| শ্ৰেষ্ঠ অভিনেতা | ৰাজেশ খান্না | |||
| শ্ৰেষ্ঠ সহযোগী অভিনেতা | অমিতাভ বচ্চন | |||
| শ্ৰেষ্ঠ সংলাপ | গুলজাৰ |
তথ্যসূত্ৰ
- ↑ Mazumdar, Arunima. (16 October 2013). Anupama Chopra's 100 favourite films!. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Box-office 1971 Bollywood
- ↑ (2009-06-02). BoxOffice India.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আনন্দ (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৬৪০২৩ (১৫ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।