অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

দো বিঘা জমিন

দো বিঘা জমিন (Do Bigha Zamin, অৰ্থ: দুই বিঘা মাটি) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বিমল ৰয়ৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ বঙালী কবিতা "দুই বিঘা জমি"ৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহানী আৰু নিৰূপা ৰয়ে।

হালনাগাদ: ৭ জানুৱাৰী ২০২৪ ২১৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

দো বিঘা জমিন (Do Bigha Zamin, অৰ্থ: দুই বিঘা মাটি) ১৯৫৩ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষাৰ ভাৰতীয় চলচ্চিত্ৰ। বিমল ৰয়ৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ বঙালী কবিতা "দুই বিঘা জমি"ৰ ওপৰত আধাৰিত। চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলৰাজ সাহানী আৰু নিৰূপা ৰয়ে। চলচ্চিত্ৰখনৰ সমাজবাদী বিষয়বস্তুৰ বাবে ই ভাৰতৰ প্ৰাৰম্ভিক সমান্তৰাল চলচ্চিত্ৰ জগতৰ এখন গুৰুত্বপূৰ্ণ চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে।১

১৯৪৮ চনত মুক্তিপ্ৰাপ্ত ইটালীয়ান নিঅ'-ৰিয়েলিষ্টিক চিনেমা "বাইচাইকেল থীভ্‌ছ"ৰ দ্বাৰা অনুপ্ৰাণিত হৈ বিমল ৰয়ে দো বিঘা জমিন নিৰ্মাণ কৰে।২

অভিনয়শিল্পী

  • বলৰাজ সাহানী (সম্ভু মাহেতো)
  • নিৰূপা ৰয় (পাৰ্বতী মাহেতো "পাৰো")
  • ৰতন কুমাৰ (কানহাইয়া মাহেতো)
  • নানা পলশীকাৰ (গঙ্গু মাহেতো)
  • মীনা কুমাৰী (ঠাকুৰানী)
  • মেহমুদ (প্ৰীতম)
  • জগদ্বীপ (লালু উস্তাদ)
  • নাজিৰ হুছেইন (ৰিক্সা চালক)
  • মুৰাদ (ঠাকুৰ হৰনাম সিং)

সংগীত

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে সলিল চৌধুৰীয়ে আৰু গীতৰ কথা শৈলেন্দ্ৰৰ। অল ইণ্ডিয়া ৰেডিঅ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চৌধুৰীয়ে কয় যে ৰেড আৰ্মিৰ এটা মাৰ্চ গীতৰ দ্বাৰা অনুপ্ৰাণিত হৈ আৰু ভৈৰৱী ৰাগৰ দ্বাৰা প্ৰভাৱিত হৈ তেওঁ “অপনী কাহানী চোড় যা – ধৰতী কাহে পুকাৰ কে” শীৰ্ষক গীতটিৰ সুৰ কৰিছিল।৩

গীতকণ্ঠশিল্পী
"আজা ৰি আ, নিন্দিয়া তু আ"লতা মংগেশকাৰ
"ধৰতী কাহে পুকাৰ কে, বীজ বিচা লে প্যাৰ কে"লতা মংগেশকাৰ, মান্না দে
"হৰিয়ালা ছাৱন ঢোল বজাতা আয়া"লতা মংগেশকাৰ, মান্না দে
"অজব তোৰি দুনীয়া"মহম্মদ ৰফি

বঁটা আৰু মনোনয়ন

  • প্ৰথম ফিল্মফেয়াৰ বঁটা (১৯৫৪)৪
    • বিজয়ী – শ্ৰেষ্ঠ চলচ্চিত্ৰ
    • বিজয়ী – শ্ৰেষ্ঠ পৰিচালক – বিমল ৰয়
  • প্ৰথম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৫ (ভাৰত)
    • বিজয়ী – শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বাবে উৎকৰ্ষৰ সৰ্বভাৰতীয় মানপত্ৰ
  • সপ্তম কাঁ চলচ্চিত্ৰ মহোৎসৱ (১৯৫৪)৬
    • বিজয়ী – প্ৰি ইণ্টাৰনেশ্যনেল (আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ)
    • মনোনীত – গ্ৰেণ্ড প্ৰাইজ (শ্ৰেষ্ঠ চলচ্চিত্ৰ)
  • কাৰলভি ভেৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ৭
    • বিজয়ী – সামাজিক প্ৰগতিৰ বাবে পুৰস্কাৰ

তথ্যসূত্ৰ

  1. ↑ Trends and genres. Film Reference
  2. ↑ Anwar Huda. (2004). The Art and science of Cinema. Atlantic Publishers & Dist. পৃ. 100. ISBN 81-269-0348-1
  3. ↑ Surer, Bhuban. Rare interview – Salil Chowdhury. All India Radio
  4. ↑ Raheja, Dinesh. Do Bigha Zamin: Poignant, stark, human. Rediff.com
  5. ↑ 1st National Film Awards. Directorate of Film Festivals
  6. ↑ Festival de Cannes: Do Bigha Zamin. festival-cannes.com
  7. ↑ Do Bigha Zamin - Film (Movie) Plot and Review. Film Reference

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দো বিঘা জমিন” প্ৰবন্ধৰ সংশোধন ৪০১২৩৮ (৭ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।