দেৱদাস (Devdas) বিমল ৰয়ৰ দ্বাৰা পৰিচালিত এখন হিন্দী ভাষী ভাৰতীয় চলচ্চিত্ৰ। ১৯৫৫ চনত মুক্তিপ্ৰাপ্ত চলচ্চিত্ৰখন শৰৎচন্দ্ৰ চট্টোপাধ্যায়ৰ দেৱদাস নামৰ উপন্যাসখনৰ ওপৰত আধাৰিত।১ চলচ্চিত্ৰখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিলীপ কুমাৰ, বৈজয়ন্তীমালা আৰু সুচিত্ৰা সেনে। ইয়াৰোপৰি সহকাৰী অভিনেতা-অভিনেত্ৰীসকলৰ ভিতৰত আছিল মতিলাল, নাজিৰ হুচেইন, মুৰাদ, প্ৰতিমা দেৱী, ইফটেখাৰ, শিৱৰাজ, প্ৰাণ আৰু জনি ৱাকাৰ। ২০০৫ চনত ইণ্ডিয়া টাইমছে যুগুত কৰা Top 25 Must See Bollywood Films তালিকাখনত দেৱদাসে শীৰ্ষৰ স্থান দখল কৰে।২
অভিনয় শিল্পী
- দিলীপ কুমাৰ (দেৱদাস মুখাৰ্জী)
- বৈজয়ন্তীমালা (চন্দ্ৰমুখী)
- সুচিত্ৰা সেন (পাৰ্বতী 'পাৰো' চক্ৰৱৰ্তী)
- মতিলাল (চুন্নি বাবু)
- নাজিৰ হুছেইন (ধৰমদাস)
- মুৰাদ (নাৰায়ণ মুখাৰ্জী, দেৱদাসৰ পিতৃ)
- প্ৰতিমা দেৱী (হৰিমতি, দেৱদাসৰ মাতৃ)
- শিৱৰাজ (নীলকণ্ঠ চক্ৰৱৰ্তী, পাৰ্বতীৰ পিতৃ)
- ইফটেখাৰ (দ্বিজদাস, দেৱদাসৰ ডাঙৰ ভায়েক)
- কানহাইয়ালাল (শিক্ষক)
- সৰিতা দেৱী (পাৰোৰ আইতাক)
- মণি চেটাৰ্জী (ভুৱন চৌধুৰী, পাৰ্বতীৰ গিৰিয়েক)
- নানা পালছিকাৰ (বাটৰুৱা গায়ক)
- দুলাড়ী (বাটৰুৱা গায়িকা)
- পাৰবীন পাল (দেৱদাসৰ বৌৱেক)
- প্ৰাণ (চন্দ্ৰমুখীৰ স্থায়ী গ্ৰাহক)
- জনি ৱাকাৰ (চন্দ্ৰমুখীৰ স্থায়ী গ্ৰাহক)
- অসীম কুমাৰ
- ৰাম কুমাৰ
- বিক্ৰম কাপুৰ
- অমন শৰ্মা
- বেদ
- কুমাৰী নাজ (বাল্যকালৰ পাৰ্বতী)
তথ্যসূত্ৰ
- ↑ Devdas over the years …. YouthTimes.in
- ↑ Kanwar, Rachna. (3 October 2005). 25 Must See Bollywood Movies. Indiatimes movies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দেৱদাস (১৯৫৫ চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৫৭৫৫৪৮ (৮ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।