হিন্দী চলচ্চিত্ৰৰ অভিনেতা
৬৪ প্ৰবন্ধ
-
বৰুণ ধৱন
বৰুণ ধৱন (; জন্ম: ২৪ এপ্ৰিল ১৯৮৭) মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ ভাৰতৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ২০১৪ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে।
-
সিদ্ধাৰ্থ মালহোত্ৰা
সিদ্ধাৰ্থ মালহোত্ৰা (; জন্ম: ১৬ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এগৰাকী ফেশ্বন মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল।
-
ৰাকেশ বেদী
ৰাকেশ বেদী (Rakesh Bedi (জন্ম ১ ডিচেম্বৰ ১৯৫৪) হৈছে এগৰাকী ভাৰতীয় ছবি অভিনেতা, মঞ্চাভিনেতা আৰু দূৰদৰ্শন অভিনেতা ৷ চছমে বদুৰ (১৯৮১) আৰু মেৰা দামাদ (১৯৮৫) আদি ছবিত আগবঢ়োৱা কমিক চৰিত্ৰৰ অভিনয়ৰ বাবে তেওঁ পৰিচিত৷ ২০২৫ আৰু ২০২৬ চনত মুক্তি লাভ কৰা ধুৰন্ধৰ আৰু ধুৰন্ধৰ: দ্য ৰিভেঞ্জৰ বাবে তেওঁ অধিক সমাদৰ…
-
এল ভি প্ৰসাদ
আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাও ( Paidi Jairaj; ১৭ জানুৱাৰী ১৯০৭ – ২২ জুন ১৯৯৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু ব্যৱসায়ী। পেছাগতভাৱে তেওঁ এল ভি প্ৰসাদ নামেৰে পৰিচিত। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।
-
কুন্দনলাল চাইগল
কুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাআৰু পাৰ্শ্ব গায়ক। কুন্দন লাল চাইগল চমুকৈ কে এল চাইগলক হিন্দীচলচ্চিত্ৰ উদ্যোগৰ প্ৰথম চুপাৰষ্টাৰ হিচাপে হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত কলিকতা আছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰস্থল।
-
কুমুদ মিশ্ৰ
কুমুদ মিশ্ৰ (Kumud Mishra) হিন্দী চলচ্চিত্ৰৰ এজন ভাৰতীয় অভিনেতা। তেওঁ সহ অভিনয়ৰ লগতে খলনায়কৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
গোবিন্দা
গোবিন্দ অৰুণ আহুজা (জন্ম ২১ ডিচেম্বৰ ১৯৬৩) এজন ভাৰতীয় অভিনেতা আৰু ৰাজনীতিবিদ, যিয়ে ১৬৫ টাতকৈও অধিক হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে। ১৯৮০ আৰু ১৯৯০ ৰ দশকত তেওঁ আগশাৰীৰ অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিছিল।
-
ডেনি ডেনজংপা
ডেনি ডেনজোংপা এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু এজন সফল ব্যৱসায়ী। তেওঁ মুখ্যতঃ বলীউডৰ চলচ্চিত্ৰত কাম কৰিছে যদিও কেইবাখনো নেপালী, তামিল, বাংলা আৰু তেলেগু চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ১৯৭১ চনৰপৰা প্ৰায় ১৯০খন হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে।
-
বিজয় দেৱৰকোণ্ডা
দেৱৰকোণ্ডা বিজয় সাই (Deverakonda Vijay Sai; জন্ম: ৯ মে' ১৯৮৯), পেছাগতভাৱে বিজয় দেৱৰকোণ্ডা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।
-
ৰণবীৰ সিং
ৰণবীৰ সিং জগজীৎ সিং ভৱনানী (Ranveer Singh Jugjeet Singh Bhavnani; জন্ম ৬ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰিছে।
-
এন টি ৰামা ৰাও জুনিয়ৰ
নন্দমুৰি তাৰকা ৰামা ৰাও (N. T. Rama Rao Jr.(জন্ম ২০ মে' ১৯৮৩), জনপ্ৰিয়ভাৱে এন টি আৰ জুনিয়ৰ নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক যি মূলতঃ তেলেগু চিনেমাত কাম কৰে।
-
কাৰ্তিক আৰিয়ান
কাৰ্তিক আৰিয়ান (Kartik Aaryan) (জন্ম: কাৰ্তিক তিৱাৰী; ২২ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়তেই তেওঁ লাভ ৰঞ্জন পৰিচালিত ছবি প্যাৰ কা পাঞ্চনামা (২০১১)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
কে বিশ্বনাথ
কাছিনাধুনী বিশ্বনাথ (Kasinadhuni Viswanath; ১৯ ফেব্ৰুৱাৰী ১৯৩০ – ২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰৰ সৈতে জড়িত আছিল।
-
গিৰীশ কুমাৰ
গিৰীশ কুমাৰ (Girish Kumar; জন্ম: ৩০ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ৰোমাণ্টিক কমেডীধৰ্মী ছবি ৰামাইয়া ৱাস্তাৱৈয়াত অভিনয়েৰে তেওঁ বলীউডত পদাৰ্পণ কৰে। ২০১৩ চনৰ ১৯ জুলাইত মুক্তি পোৱা এই ছবিখনত তেওঁ অভিনেত্ৰী, শ্ৰুতি হাছানৰ বিপৰীতে অভিনয় কৰিছিল।
-
জয়দীপ আহলাৱত
জয়দীপ আহলাৱত (Jaideep Ahlawat; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮০)। পৰৱৰ্তী সময়ত তেওঁ কমাণ্ডো: এ ৱান মেন আৰ্মি (২০১৩), গব্বৰ ইজ বেক (২০১৫), আৰু বিশ্বৰূপম দ্বিতীয় (২০১৮)কে ধৰি কেইবাখনো ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।
-
জিষ্ণু ৰাঘৱন
জিষ্ণু ৰাঘৱন আলিংকিল (Jishnu Raghavan Alingkil; ২৩ এপ্ৰিল ১৯৭৯ – ২৫ মাৰ্চ ২০১৬), বা জিষ্ণু এজন ভাৰতীয় অভিনেতা যিয়ে প্ৰধানকৈ মালয়ালম ছবিত অভিনয় কৰিছিল। তেওঁ আছিল অভিনেতা ৰাঘৱনৰ পুত্ৰ।
-
নকুল কাপুৰ
নকুল কাপুৰ হৈছে এগৰাকী ভাৰতীয় অভিনেতা, যি পাছত যোগ প্ৰশিক্ষক হিচাপে মনোনিবেশ কৰে। তেওঁ মূলত “তুমছে আচ্ছা কৌন হ্যায়” (২০০২) চলচ্চিত্ৰৰ জৰিয়তে খ্যাতি লাভ কৰিছিল।
-
পি জয়ৰাজ
পাইদী জয়ৰাজ ( Paidi Jairaj; জন্ম ২৮ ছেপ্টেম্বৰ ১৯০৯ – ১১ আগষ্ট ২০০০) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰৰ বাবে বিশেষভাবে পৰিচিত। তেওঁ মাৰাঠী, গুজৰাটী, তেলেগু ভাষাৰ চলচ্চিত্ৰ আৰু তেলেগু থিয়েটাৰৰ সৈতেও জড়িত আছিল।
-
বিজয় বাৰ্মা
বিজয় বাৰ্মা (Vijay Varma) এজন ভাৰতীয় অভিনেতা৷ তেওঁ প্ৰধানকৈ হিন্দী ছবি আৰু হিন্দী ৱেব চিৰিজত কাম কৰে। তেওঁ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউটৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে৷ তাৰ পিছত অপৰাধ ড্ৰামা পিংক (২০১৬)ত অভিনয় কৰি তেওঁ স্বীকৃতি লাভ কৰে।
-
বিজয় ৰাজ
বিজয় ৰাজ (Vijay Raaz; জন্ম: ৫ জুন ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু কথক, যিয়ে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰে। ভোপাল এক্সপ্ৰেছ (১৯৯৯) নামৰ ছবি এখনত অভিনয়েৰে তেওঁ অভিষেক ঘটায় আৰু তাৰ পিছৰপৰা ৯০খনতকৈও অধিক ছবিত কাম কৰে।
-
মিথিলেশ চতুৰ্বেদী
মিথিলেশ চতুৰ্বেদী (Mithilesh Chaturvedi; ১১ অক্টোবৰ ১৯৫৪ – ৩ আগষ্ট ২০২২) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু ৰঙ্গমঞ্চ অভিনেতা আছিল।
-
সোহম শ্বাহ
সোহম শ্বাহ (Sohum Shah) এজন ভাৰতীয় অভিনেতা, প্ৰযোজক, উদ্যোগী৷ তেওঁ সাধাৰণতে হিন্দী চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত। ২০০৯ চনত সোহম শ্বাহক বাবৰ নামৰ ছবিখনত খলনায়কৰ ভূমিকাত পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা গৈছিল৷ পৰৱৰ্তী সময়ত ২০১২ চনত তেওঁ ৰিচাইকলৱালা ফিল্মছৰ অধীনত নিৰ্মিত ৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি…
-
স্পৰ্শ শ্ৰীবাস্তৱ
স্পৰ্শ শ্ৰীবাস্তৱ (Sparsh Shrivastava; জন্ম: ০৪ জুলাই ১৯৯৭) এগৰাকী ভাৰতীয় অভিনেতা। বালিকা বধূ নামৰ ধাৰাবাহিকখনত অভিনয়েৰে তেওঁ ছবিজগতত প্ৰৱেশ কৰে। ইয়াৰ পিছত তেওঁ ২০২১ চনত কলাৰ বমকে ধৰি বিভিন্ন চলচ্চিত্ৰ আৰু টিভি ধাৰাবাহিকত অভিনয় কৰে।
-
ৰণবীৰ শ্ব’ৰে
ৰণবীৰ শ্ব'ৰে (Ranvir Shorey; জন্ম: ১৮ আগষ্ট ১৯৭২) এগৰাকী ভাৰতীয় অভিনেতা আৰু প্ৰাক্তন ভিডিঅ' জকী। এক ছ’টিছি লাভ ষ্ট’ৰী (২০০২) ছবিত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা তেওঁ মূলসুঁতিৰ আৰু স্বতন্ত্ৰ চিনেমা দুয়োটা ক্ষেত্ৰতে কাম কৰি আহিছে।
-
আচৰানী
গোৱৰ্ধন আচৰানী (Govardhan Asrani) (জন্ম: ১ জানুৱাৰী ১৯৪১) জনপ্ৰিয়ভাৱে আছৰানী নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা আৰু পৰিচালক৷ তেওঁৰ বলিউডত কেৰিয়াৰ পাঁচ দশকৰো অধিক দীঘলীয়া। আছৰানীয়ে ৩৫০ খনতকৈও অধিক হিন্দী ছবিত অভিনয় কৰিছে। তেওঁ মুখ্য চৰিত্ৰ, কমেডী চৰিত্ৰ আৰু সহযোগী চৰিত্ৰত অভিনয় কৰিছে।
-
ইব্ৰাহিম আলী খান (অভিনেতা)
ইব্ৰাহিম আলী খান পাটাউদী (Ibrahim Ali Khan Pataudi; জন্ম: ৫ মাৰ্চ ২০০১) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ হিন্দী চলচ্চিত্ৰ উদ্যোগত কাম কৰে। তেওঁ অভিনেতা ছাইফ আলী খান আৰু অভিনেত্ৰী অমৃতা সিঙৰ পুত্ৰ। ইব্ৰাহিমে শিশুকালতেই, তাছান (২০০৮) নামৰ ছবি এখনত প্ৰথম অভিনয় কৰিছিল।
-
কুনাল গোস্বামী
কুনাল গোস্বামী (Kunal Goswami) এগৰাকী ভাৰতীয় অভিনেতা আৰু ব্যৱসায়ী ব্যক্তিত্ব যিয়ে চলচ্চিত্ৰ আৰু টেলিভিছনত অভিনয় কৰিছিল। তেওঁ ভাৰতীয় চলচ্চিত্ৰ তাৰকা তথা প্ৰযোজক-পৰিচালক মনোজ কুমাৰৰ পুত্ৰ৷
-
দিব্যেন্দু ভট্টাচাৰ্য
দিব্যেন্দু ভট্টাচাৰ্য (Dibyendu Bhattacharya(জন্ম ১১ নৱেম্বৰ ১৯৭৫) হিন্দী আৰু বাংলা চিনেমা আৰু ৱেব ছিৰিজত কাম কৰা এজন ভাৰতীয় অভিনেতা। তেওঁ দেৱ ডি, হটষ্টাৰৰ ৱেব ছিৰিজ ক্ৰিমিনেল জাষ্টিছত লায়ক তালুকদাৰ আৰু চনীলিভৰ ৱেব ছিৰিজ আনদেখীত ডেপুটি এছপি বৰুণ ঘোষৰ চৰিত্ৰত অভিনয় কৰি পৰিচয় অৰ্জন কৰে।
-
বিজয় ছাক্সেনা
বিজয় ছাক্সেনা (ইংৰাজী: Vijay Saxena; ১ জানুৱাৰী ১৯৬৮ – ২৪ জুন ১৯৯৪) আছিল এজন ভাৰতীয় অভিনেতা, যিয়ে ১৯৯০ চনৰপৰা ১৯৯৪ চনলৈ হিন্দী বোলছবি জগতত সক্ৰিয় আছিল।
-
বিশাল জেঠৱা
বিশাল জেঠৱা (Vishal Jethwa; জন্ম ৬ জুলাই ১৯৯৪) এজন ভাৰতীয় অভিনেতা। তেওঁ ভাৰত কা বীৰ পুত্ৰ-মহাৰাণা প্ৰতাপত আকবৰৰ ভূমিকাত অভিনয় কৰি পৰিচিতি লাভ কৰিছিল। ধাৰাবাহিকখন চ’নি টিভিত সম্প্ৰচাৰিত হৈছিল। ইয়াৰ পিছত তেওঁ মৰ্দানী২ (২০১৯) ছবিত অভিনয় কৰে।