কাছিনাধুনী বিশ্বনাথ (Kasinadhuni Viswanath; ১৯ ফেব্ৰুৱাৰী ১৯৩০ – ২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, গীতিকাৰ আৰু অভিনেতা। তেওঁ মূলতঃ তেলুগু ভাষা চলচ্চিত্ৰৰ সৈতে জড়িত আছিল। ভাৰতীয় চলচ্চিত্ৰৰ অন্যতম শ্ৰেষ্ঠ লেখক হিচাপে পৰিগণিত বিশ্বনাথ,১২ নিজৰ কৰ্মৰাজিৰ বাবে আন্তৰ্জাতিক স্বীকৃতি প্ৰাপ্তি আৰু সমান্তৰাল চলচ্চিত্ৰক মূলসুঁতিৰ চলচ্চিত্ৰৰ সৈতে মিশ্ৰণ কৰাৰ বাবে পৰিচিত। তেওঁক ১৯৮১ চনত ফ্ৰান্সৰ বেছানচন চলচ্চিত্ৰ মহোৎসৱত প্ৰাইজ অফ দ্য পাব্লিকেৰে সন্মানীত কৰা হয়।৩ ১৯৯২ চনত তেওঁ অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক ৰঘুপতি ভেংকয়া বঁটা আৰু কলাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে। ২০১৬ চনত তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।৪৫৬ তেওঁক জনপ্ৰিয়ভাৱে "কলা-তপস্বী" নামেৰে জনা যায়।
বিশ্বনাথে অডিঅ'গ্ৰাফাৰ হিচাপে নিজৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ষাঠি বছৰতকৈও দীঘলীয়া কৰ্মজীৱনত তেওঁ বিভিন্ন শৈলীৰ পূ্ৰ্ণদৈৰ্ঘ্য ছবি পৰিচালনা কৰিছে, য’ত পৰিবেশ্য কলা, দৃশ্য কলা, নান্দনিকতা, মেলোড্ৰামা আৰু কবিতাৰ ওপৰত আধাৰিত কেন্দ্ৰীয় বিষয়বস্তু অন্তৰ্ভূক্ত হৈ আছে।৭ বিশ্বনাথৰ ফিল্ম’গ্ৰাফী জাতি, ৰং, অক্ষমতা, লিংগ বৈষম্য, নাৰীবিদ্বেষ, মদ্যপান, আৰ্থ-সামাজিক প্ৰত্যাহ্বান আদি বিষয়সমূহক সম্বোধিত কৰাৰ বাবে জনাজাত।
বিশ্বনাথৰ ক্লাছিক ব্লকবাষ্টাৰ ছবি শংকৰভৰনম (১৯৮০) আৰু সাগৰ সংগমম (১৯৮৩) CNN-IBNৰ সৰ্বকালৰ ১০০খন শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ ভিতৰত অন্তৰ্ভূক্ত হৈছে।৮ তেওঁৰ পৰিচালনাৰ ছবি শংকৰভৰনম আৰু সপ্তপদীয়ে (১৯৮১) ক্ৰমে সামূহিক মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবি আৰু ৰাষ্ট্ৰীয় সংহতি বিষয়ক শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। শংকৰভৰনমক অষ্টম IFFI, ৯১০ তাছখণ্ড চলচ্চিত্ৰ মহোৎসৱ, মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, আৰু বেছানচন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হৈছিল।১১
বিশ্বনাথৰ স্বাতী মুথিয়াম আছিল (১৯৮৬) ৫৯তম অস্কাৰ বঁটাত ভাৰতৰ আধিকাৰিক প্ৰৱিস্তি। স্বাতী মুথিয়াম, সাগৰ সংগমম আৰু ছিৰিভেন্নেলা (১৯৮৬), এছিয়া-পেচিফিক চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।১২ স্বয়মক্ৰুচি (১৯৮৭) মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ উল্লেখ শিতানত অংশ লৈছিল।১৩ শংকৰভৰনম, সাগৰ সংগমম, শ্ৰুতিলায়ালু (১৯৮৭) ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় পেনোৰামাত,১৪১৫ স্বৰ্ণকমলম (১৯৮৮),এন আৰ্বাৰ চলচ্চিত্ৰ মহোৎসৱত১৬১৭ আৰু স্বাতী কিৰণম (১৯৯২) AISFM চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।১৮
বিশ্বনাথ পাঁচটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, সাতটা ৰাজ্যিক নন্দী বঁটা, দহটা ফিল্মফেয়াৰ বঁটা দক্ষিণ আৰু হিন্দী চলচ্চিত্ৰৰ বাবে এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।১৯ পূৰ্ণোদয়া মুভী ক্ৰিয়েচনে প্ৰযোজনা কৰা বিশ্বনাথ পৰিচালিত ছবিবোৰ মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিশেষ উল্লেখ শিতানত প্ৰদৰ্শিত হৈছিল; এই ছবিবোৰ ৰাছিয়ান ভাষালৈ ডাব কৰি মস্কোত থিয়েটাৰত মুক্তি দিয়া হৈছিল।২০২১
বঁটা

| বৰ্ষ | বঁটা | টোকা |
|---|---|---|
| ১৯৯২ | পদ্মশ্ৰী | ২২ |
| ১৯৮১ | ফ্ৰাঞ্চৰ বেছানন চলচ্চিত্ৰ মহোৎসৱত প্ৰাইজ অফ পাব্লিক প্ৰদান | ২৩ |
| ১৯৮২-৮৭ | বিশেষ উল্লেখ- মস্কো চলচ্চিত্ৰ মহোৎসৱ | ২৩ |
| ২০১৪ | চলচ্চিত্ৰত জীৱনজোৰা সাধনা গাল্ফ অন্ধ্ৰ বঁটা –সংযুক্ত আৰৱ এমিৰেটচ | ২৪ |
| ২০১৬ | দাদাচাহেব ফাল্কে বঁটা | ২৫২৬ |
| ১৯৮৬ | ৫৯তম একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ শিতানত ভাৰতৰ আধিকাৰিক প্ৰৱিস্তি – স্বাতী মুথিয়াম | |
| ১৯৮০ | সামূহিক মনোৰঞ্জন প্ৰদান কৰা শ্ৰেষ্ঠ জনপ্ৰিয় ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা– শংকৰভৰনম | |
| ১৯৮২ | ৰাষ্ট্ৰীয় সংহতি বিষয়ক শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ নাৰ্গিচ দত্ত বঁটা – সপ্তপদী | |
| ২০১৩ | CNN-IBN-ৰ সৰ্বকালৰ ১০০খন শ্ৰেষ্ঠ ভাৰতীয় চলচ্চিত্ৰ তালিকা – শংকৰভৰনম আৰু সাগৰ সংগমম | |
| ১৯৮৭ | তেলেগু ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – স্বাতী মুথিয়াম | |
| ১৯৯০ | তেলেগু ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা – সূত্ৰধৰুলু | |
| ২০০৫ | তেলেগু ভাষাৰ শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্যৰ ছবি – স্বৰাভিষেকম | |
| ১৯৮০ | দ্বিতীয় শ্ৰেষ্ঠ কাহিনী লেখকৰ নন্দী বঁটা - শংকৰভৰন | |
| ১৯৮১ | শ্ৰেষ্ঠ চিত্ৰনাট্য লেখকৰ নন্দী বঁটা – সপ্তপদী | |
| ১৯৮২ | শ্ৰেষ্ঠ কাহিনী লেখকৰ নন্দী বঁটা - শুভলেখা | |
| ১৯৮৬ | শ্ৰেষ্ঠ পৰিচালনাৰ নন্দী বঁটা – স্বাতী মুথিয়াম | |
| ১৯৮৭ | শ্ৰেষ্ঠ পৰিচালনাৰ নন্দী বঁটা – শ্ৰুতিলয়ালু | |
| ১৯৯২ | ৰঘুপতি ভেংকয়া বঁটা – তেলেগু চলচ্চিত্ৰলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে জীৱনজোৰা সাধনা বঁটা | |
| ১৯৯৫ | শ্ৰেষ্ঠ চৰিত্ৰ অভিনেতাৰ নন্দী বঁটা – শুভ সংকল্প | |
| ২০০০ | শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ নন্দী বঁটা – কলিসুন্দৰম ৰা | |
| ১৯৮৮ | শ্ৰেষ্ঠ পৰিচালনাৰ চিনেমা এক্সপ্ৰেছ বঁটা-১৯৮৮ – স্বৰ্ণকমলম | ২৭ |
| ২০০৮ | জীৱনজোৰা সাধনাৰ চিনে-মা বঁটা | ২৮ |
| ২০২২ | ১০ম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (২০২১): SIIMA জীৱনজোৰা সাধনা বঁটা | |
| ১৯৮৯ | শ্ৰেষ্ঠ কাহিনীৰ ফিল্মফেয়াৰ বঁটা – ঈশ্বৰ | |
| ১৯৭৪ | শ্ৰেষ্ঠ পৰিচালনাৰ ফিল্মফেয়াৰ বঁটা (তেলেগু)– ও সীতা কথা | |
| ১৯৭৫ | শ্ৰেষ্ঠ পৰিচালক- জীৱন জ্যোতি | |
| ১৯৮২ | শ্ৰেষ্ঠ পৰিচালক- শুভলেখা | |
| ১৯৮৩ | শ্ৰেষ্ঠ পৰিচালক - সাগৰ সংগমম | |
| ১৯৮৬ | শ্ৰেষ্ঠ পৰিচালক – স্বাতী মুথিয়াম | |
| ১৯৮৭ | শ্ৰেষ্ঠ পৰিচালক – শ্ৰুতিলয়ালু | ২৯ |
| ১৯৯২ | শ্ৰেষ্ঠ পৰিচালক- আপদবান্ধবুদু | |
| ১৯৯৫ | শ্ৰেষ্ঠ পৰিচালক- শুভ সংকল্প | |
| ১৯৯৪ | ফিল্মফেয়াৰ জীৱনজোৰা সাধনা বঁটা (দক্ষিণ) |
তথ্যসূত্ৰ
- ↑ (3 February 2023). K. Viswanath auteur of Telugu cinema
- ↑ Vishwanath leaves a void too big to fill in Telugu cinema. The New Indian Express
- ↑ K. Viswanath Film craft Page 6 DFF
- ↑ 64th National Film Awards. Directorate of Film Festivals. পৃ. 183
- ↑ (24 April 2017). Director K Viswanath named for Dadasaheb Phalke award. Deccan Chronicle
- ↑ (25 April 2017). Difficult to Produce Another Talent Like K Viswanath: Kamal Haasan
- ↑ The filmmaker with the midas touch: Remembering the legendary K Viswanath
- ↑ 100 Years of Indian Cinema: The 100 greatest Indian films of all time|Movies News Photos-IBNLive. Ibnlive.in.com (17 April 2013). Retrieved on 2013-07-28
- ↑ Directorate of Film Festival. Iffi.nic.in
- ↑ aatapaatalu.net/2011/04/spl-interview-with-edida-nageswararao.January 2013
- ↑ 29th National Film Awards. Directorate of Film Festival
- ↑ Prakash KL. Sagara Sangamam to be screened at Kamal's films fest | – Oneindia Entertainment. Entertainment.oneindia.in
- ↑ Chiranjeevi felicitation on Padma Bhushan honor - Telugu Cinema actor. www.idlebrain.com
- ↑ Directorate of Film Festival. Iffi.nic.in
- ↑ 300 films during 11 days from 47 countries in IFFI-2009 . Literature India. Retrieved on 28 July 2013
- ↑ (2 May 2017). Dance without frontiers: K Viswanath – Director who aims to revive classical arts
- ↑ Directorate of Film Festival. Iffi.nic.in
- ↑ (15 February 2014). The films of K. Viswanath
- ↑ 52nd National Film Awards. Directorate of Film Festivals. Akal Information Systems Ltd. পৃ. 81
- ↑ Poornodaya movies in Russian language. mirchi9.com
- ↑ Ranjana Dave. (30 June 2011). The meaning in movement. The Asian Age
- ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
- ↑ Directorate of Film Festival. Iffi.nic.in
- ↑ K Vishwanath to be honoured at GAMA Awards. The Times of India
- ↑ Thakur, Shivangi. (April 24, 2017). Dadasaheb Phalke Award goes to legendary filmmaker Kasinathuni Viswanath. India Today
- ↑ Archived at Ghostarchive and the Wayback Machine: DD News. (3 May 2017). 64th National Film Awards: K. Viswanath receives Dadasaheb Phalke award
- ↑ (1989-03-11). Cinema Express awards. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. Express News Service. পৃ. 4
- ↑ Cinemaa awards 2008 presentation - Telugu cinema. www.idlebrain.com
- ↑ (5 February 2017). 35th Annual Filmfare Awards South Winners: Santosh: Free Download &..
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কে বিশ্বনাথ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫৪৯ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।