অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এল ভি প্ৰসাদ

আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাও ( Paidi Jairaj; ১৭ জানুৱাৰী ১৯০৭ – ২২ জুন ১৯৯৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু ব্যৱসায়ী। পেছাগতভাৱে তেওঁ এল ভি প্ৰসাদ নামেৰে পৰিচিত। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৬৬০ শব্দ · ৪ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাও ( Paidi Jairaj; ১৭ জানুৱাৰী ১৯০৭ – ২২ জুন ১৯৯৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু ব্যৱসায়ী। পেছাগতভাৱে তেওঁ এল ভি প্ৰসাদ নামেৰে পৰিচিত। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়। তেওঁ ১৯৮০ চনত তেওঁ তেলেগু চিনেমালৈ আগবঢ়োৱা অৱদানৰ বাবে ৰঘুপতি ভেংকাইয়া বঁটা আৰু ১৯৮২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদাচাহেব ফাল্কে বঁটা লাভ কৰে।

১৯৫৬ চনত তেওঁ প্ৰসাদ গ্ৰুপ প্ৰতিষ্ঠা কৰে, য'ত প্ৰসাদ আৰ্ট পিকচাৰ্ছ, প্ৰসাদ ষ্টুডিঅ', প্ৰসাদৰ আইমেক্স, এল ভি প্ৰসাদ আই ইনষ্টিটিউট আদি অন্তৰ্ভুক্ত হৈ আছে।১ ১৯৮২–৮৩ কাৰ্যকালৰ বাবে তেওঁ দ্য চাউথ ইণ্ডিয়ান ফিল্ম চেম্বাৰ অৱ কমাৰ্চৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। ভাৰত চৰকাৰে ২০০৬ চনত তেওঁৰ স্মৃতিত এট ডাকটিকট মুকলি কৰে।২

প্ৰসাদ আছিল ভাৰতীয় চলচ্চিত্ৰৰ তিনিটা ভিন্ন ভাষাৰ প্ৰথম টকী আলম আৰা (হিন্দী),ভক্ত প্ৰহ্লাদ (তেলেগু) আৰু কালিদাসত (তামিল আৰু তেলেগু দ্বিভাষিক) অভিনয় কৰাৰ অনন্য গৌৰৱৰ অধিকাৰী।৩

প্ৰাৰম্ভিক জীৱন

১৯০৭ চনৰ ১৭ জানুৱাৰীত অন্ধ্ৰপ্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ এলুৰু তালুকৰ দুৰ্গম গাঁও সোমাৱৰপ্পাডুত আক্কিনেনি শ্ৰীৰামলু আৰু অক্কিনেনি বাসৱম্মাৰ দ্বিতীয় পুত্ৰ আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাওৰ জন্ম হয়। পৰিয়ালটো কৃষিৰ সৈতে জড়িত আথিল আছিল। প্ৰসাদ যদিও এজন অতি বুদ্ধিমান শিশু আছিল, পঢ়া-শুনাৰ প্ৰতি কিন্তু আগ্ৰহী নাছিল।৪

১৯২৪ চনত ১৭ বছৰ বয়সত মোমায়েকৰ কন্যা সৌন্দৰ্য মনোহৰম্মাক বিয়া কৰায়। তেওঁলোকৰ এটি ছোৱালী সন্তান জন্ম হয়। প্ৰসাদৰ পিতৃ ঋণগ্ৰস্থ হৈ পৰিছিল, সেই সময়ত প্ৰসাদে চিনেমা কেৰিয়াৰৰ প্ৰতি মন দিছিল।

কৰ্মজীৱন

এল ভি প্ৰসাদে ভেনাছ ফিল্ম কোম্পানীত চাপ্ৰাছী হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। ইয়াৰ পিছত তেওঁ ইণ্ডিয়া পিকচাৰ্ছত চাপ্ৰাছী হিচাপে যোগদান কৰে, য’ত আখটাৰ নৱাজে তেওঁক নিৰ্বাক চলচ্চিত্ৰ ষ্টাৰ অৱ দ্য ইষ্ট ত এটা সৰু চৰিত্ৰত অভিনয়ৰ সুযোগ দিয়ে। ১৯৩১ চনত তেওঁ ভাৰতৰ প্ৰথম “টকী” আলম আৰাত অভিনয় কৰে। ইয়াৰ পিছত ইম্পেৰিয়েল ফিল্মছে নিৰ্মাণ কৰা কিছুমান ছবিত সৰু সৰু ভূমিকাত তেওঁ অভিনয় কৰি যায়। ইম্পেৰিয়েল ফিল্মছতে তেওঁ এইচ এম ৰেড্ডীক লগ পায়। ৰেড্ডীয়ে প্ৰসাদক প্ৰথম তামিল আৰু তেলেগু দ্বিভাষিক “টকি” কালিদাস ত আৰু প্ৰথম তেলেগু টকী ভক্ত প্ৰহ্লাদত অভিনয় কৰাৰ সুযোগ দিয়ে।৫৬

প্ৰসাদে আকস্মিকভাৱে আলী শ্বাহৰ পৰিচালনাত নিৰ্মিত কামাৰ-অল–জামান ছবিখনত সহকাৰী পৰিচালকৰ দায়িত্ব লাভ কৰিছিল। এই সময়তে তেওঁ নিজৰ নামটো আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাওৰ পৰা এল ভি প্ৰসাদলৈ চুটি কৰি লয়; কিয়নো এজন কেৰাণীয়ে তেওঁৰ নামটো লিখিবলৈ যথেষ্ঠ দীঘল বুলি বিবেচনা কৰিছিল। তন্ত্ৰ সুব্ৰহ্মণ্যমে তেওঁক কষ্টজীৱী নামৰ ছবি এখনৰ প্ৰডাকচন ছুপাৰভাইজাৰ আৰু সহকাৰী পৰিচালক হিচাপে নিযুক্তি লাভ কৰি বোম্বেলৈ যাত্ৰা কৰে। তিনিটা ৰিলৰ শ্বুটিং কৰাৰ পিছত ছবিখন বন্ধ হৈ যায়। প্ৰসাদৰ এতিয়া উভতি যোৱাৰ কোনো পথ নাছিল। ভাগ্যে আন কেইখনমান ছবিত তেওঁ সহকাৰী পৰিচালকৰ দায়িত্ব পালে। এই সময়ছোৱাতে পৃথ্বীৰাজ কাপুৰৰ পৃথ্বী থিয়েটাৰত যোগদান কৰে আৰু তেওঁৰ ৰাজ কাপুৰক লগ পায়।৭

১৯৪৩ চনত তেওঁ তেলেগু ছবি গ্ৰুহ প্ৰবেশমৰ সহকাৰী পৰিচালকৰ দায়িত্ব পায়। বিশেষ পৰিস্থিতিৰ বাবে তেওঁ ছবিখন পৰিচালনা কৰিবলগীয়া হয় আৰু ছবিখনৰ মুখ্য চৰিত্ৰতো অভিনয় কৰে। ১৯৪৬ চনত মুক্তি পোৱা গ্ৰুহ প্ৰবেশম চল্লিশৰ দশকৰ অন্যতম সুন্দৰ ছবি আছিল আৰু সেই সময়ৰ ধ্ৰুপদী ছবি হিচাপে পৰিগণিত হৈছিল। ১৯৪৯ চনত প্ৰসাদে মান দেশম পৰিচালনা কৰে; য’ত পিছলৈ তেলেগু চিনেমাৰ কিংবদন্তি হোৱা এন টি ৰামা ৰাৱে এটা সৰু চৰিত্ৰতঅভিনয় কৰিছিল।৮

১৯৫০ চনত বিজয়া পিকচাৰ্ছে এল ভি প্ৰসাদক পৰিচালক হিচাপে প্ৰতিষ্ঠা কৰি তেওঁলোকৰ প্ৰথমখন ছবি শ্বাভুকাৰু মুক্তি দিয়ে। একে বছৰতে মুক্তি পোৱা সংসাৰম-এ তেলেগু চলচ্চিত্ৰ জগতৰ উল্লেখযোগ্য অভিনেতা হ’বলগীয়া দুজন ব্যক্তিক একত্ৰিত কৰিছিল – এন টি ৰামা ৰাও আৰু আক্কিনেনি নাগেশ্বৰ ৰাও। এই ছবিখনে পিছৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বাবে এক আৰ্হি প্ৰদান কৰিছিল, আজিও ই চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত প্ৰাসংগিক আৰু জনপ্ৰিয় আৰ্হি আৰু বিষয়বস্তু। ইয়াৰ পিছত সফলতাই তেওঁক খেদি ফুৰিছিল। পঞ্চাশৰ দশকত তেওঁ কিছুমান স্মৰণীয় ছবি পৰিচালনা কৰিছিল যিবোৰ নাটকীয় গুণ আৰু সুক্ষ্ম হাস্যৰসৰ বাবে পৰিচিত।৯

কিন্তু এল ভি প্ৰসাদৰ দৃষ্টি অধিক আগলৈ আছিল। ১৯৫৫ চনত তেওঁ লক্ষ্মী প্ৰডাকচনৰ বেনাৰত তেলেগু ভাষাৰ প্ৰথম প্ৰডাকচন ইলাভেলপু পৰিচালনা কৰিবলৈ ডি যোগানন্দক নিযুক্তি দিয়ে। পিছৰ বছৰতে ১৯৫৬ চনত তেওঁ প্ৰসাদ প্ৰডাকচন প্ৰতিষ্ঠা কৰে। তেওঁৰ দ্বিতীয় পুত্ৰ ৰমেশে বি.ই.এম.এছ ডিগ্ৰী লাভ কৰি আমেৰিকাৰ পৰা উভতি আহি ১৯৭৪ চনত চেন্নাইত প্ৰসাদ ফিল্ম লেব স্থাপন কৰে। প্ৰসাদ প্ৰডাকচনে মিলন, খিলোনা, শশুৰাল, এক দুজে কে লিয়েকে ধৰি বহু স্মৰণীয় বক্স অফিচ হিট ছবি নিৰ্মাণ কৰে। হায়দৰাবাদৰ এল ভি প্ৰসাদ আই ইঞ্চটিটিউট স্থাপনত তেওঁ উদাৰভাবে অৱদান আগবঢ়াইছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (20 January 2010). L.V. Prasad Institute to adapt new technique in cornea surgery. The Nindu
  2. ↑ 54th National Film Aawards. nic.in
  3. ↑ Express News Service. (23 June 1994). L.V.Prasad dead. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ. পৃ. 11
  4. ↑ The Hindu: Eye in the sky. Hinduonnet.com
  5. ↑ Murthy, Neeraja. (22 September 2011). Memories of another day. The Hindu
  6. ↑ The Hindu: Stage set for technical excellence. Hinduonnet.com
  7. ↑ Raghunathan, S. R. (27 August 2010). Manipal varsity signs pact with LV Prasad Academy. The Hindu
  8. ↑ Release of commemorative postage stamp on LV Prasad. Lvprasad.org
  9. ↑ Lifetime Achievement Award (South) winners down the years... Filmfare.com

সম্পৰ্কিত শ্ৰেণী

তেলুগু ব্যক্তিচলচ্চিত্ৰ প্ৰযোজকতেলুগু ভাষাৰ চলচ্চিত্ৰ পৰিচালকহিন্দী চলচ্চিত্ৰৰ অভিনেতাদাদাচাহেব ফাল্কে বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ীভাৰতীয় চিত্ৰগ্ৰহণকাৰীনিৰ্বাক চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এল ভি প্ৰসাদ” প্ৰবন্ধৰ সংশোধন ৩৮০২৯১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।