ডেনি ডেনজোংপা এজন ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, গায়ক, চলচ্চিত্ৰ পৰিচালক আৰু এজন সফল ব্যৱসায়ী। তেওঁ মুখ্যতঃ বলীউডৰ চলচ্চিত্ৰত কাম কৰিছে যদিও কেইবাখনো নেপালী ভাষা, তামিল ভাষা, বঙালী ভাষা আৰু তেলুগু ভাষা চলচ্চিত্ৰতো অভিনয় কৰিছে। তেওঁ ১৯৭১ চনৰপৰা প্ৰায় ১৯০খন হিন্দী ভাষা চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৩ চনত, ডেনজংপাক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰীপ্ৰদান কৰা হয়১তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰৰ চাৰি দশকতকৈও অধিক সময় জুৰি আছিল। তেওঁ কিছুমান আন্তৰ্জাতিক চলচ্চিত্ৰতো অভিনয় কৰিছে, আটাইতকৈ বিখ্যাত 'ছেভেন ইয়ৰ্ছ ইন তিব্বত'নামৰ চলচ্চিত্ৰত তেওঁ ব্ৰেড পিটৰ সৈতে দেখা গৈছিল। ডেনি ডেনজোংপাৰ পৰিচালিত 'ফিৰ ৱাহি ৰাত'ক হিন্দী চলচ্চিত্ৰৰ শীৰ্ষ পাঁচখন ভৌতিক চাচপেন্স চলচ্চিত্ৰৰ ভিতৰত এখন হিচাপে গণ্য কৰা হয়২
প্ৰাৰম্ভিক জীৱন
ডেনি ডেনজোংপাৰ জন্ম হৈছিল ছিকিমৰ য়ুকচোমত এটা নেপালী ভাষাভাষী ভুটিয়া পৰিয়ালত। তেওঁৰ জন্মগত নাম হ'ল শ্বেৰিং ফিণ্টচো ডেনজংপা।৩ ৪তেওঁ নাইনিতালৰ বিৰলা বিদ্যা মন্দিৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰে আৰু তাৰ পিছত ১৯৬৪ চনত দাৰ্জিলিঙৰ ছেইণ্ট জোচেফ কলেজৰপৰা কলেজীয়া শিক্ষা সমাপ্ত কৰে।৫ডেনজোংপাৰ পৰিয়ালত ঘোঁৰা পোহা হৈছিল। সৰুকালৰপৰাই ঘোঁৰাৰ লগত পৰিচিত থকা ডেনজোংপাই ভাল ঘোঁৰা চেকুৰাব জানিছিল আৰু ভাল পাইছিল। তদুপৰি তেওঁ এজন ভাল লেখক, ভাস্কৰ্য শিল্পী আৰু ভাল চিত্ৰকৰ। তেওঁৰ ভাৰতীয় সেনাত যোগদান কৰাৰ মন আছিল। পশ্চিম বংগৰপৰা শ্ৰেষ্ঠ কেডেট বঁটাও লাভ কৰিছিল আৰু গণৰাজ্য দিৱস (ভাৰত)ৰ কুচকাৱাজতো অংশগ্ৰহণ কৰিছিল। কিন্তু পাছলৈ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াত (এফ টি আই আই) নামভৰ্তি কৰে। ৬ পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিউটত পঢ়ি থাকোঁতেই সহপাঠী হিচাপে লগ পাই জয়া বচ্চনক। এই জয়া ভাদুড়ীয়েই তেওঁৰ নাম ডেনি ৰাখে। কিয়নো ডেনিৰ জন্মগত নামটো যথেষ্ট দীঘল আৰু উচ্চাৰণ কৰিবলৈ অলপ কঠিন। ৭
কৰ্মজীৱন
অভিনয়ৰ ক্ষেত্ৰত ডেনিয়ে ১৯৭১ চনৰ ছবি 'মেৰে আপনে'ৰদ্বাৰা তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। খলনায়কৰ বাবে বিখ্যাত ডেনিয়ে তেওঁৰ প্ৰথম চলচ্চিত্ৰখনত এক ইতিবাচক চৰিত্ৰত অভিনয় কৰিছিল। ১৯৭৩ চনত তেওঁ বি আৰ চোপ্ৰাৰ ছবি 'হেজ'ত প্ৰথমবাৰৰ বাবে নেতিবাচক চৰিত্ৰত অভিনয় কৰি শিৰোনাম দখল কৰে। ডেনিয়ে ১৯৯০ চনলৈকে প্ৰায় ১৯০খন চলচ্চিত্ৰ কৰিছিল। ২০০৩ চনত হলিউড অভিনেতা ব্ৰেড পিটে তেওঁৰ ছবি 'ছেভেন ইয়াৰ্ছ ইন তিব্বত 'ছবিখনৰ বাবে উচ্চ প্ৰশংসিত হৈছিল। ১৯৮৪ চনৰপৰা আৰু ১৯৯০ ৰ দশকৰ ভিতৰত, ডেনি ডেনজংপাই সেই সময়ৰ সকলো চুপাৰষ্টাৰৰ বিপৰীতে মুখ্য নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল যাৰ ভিতৰত আছিল অমিতাভ বচ্চন, ৰাজেশ খান্না, ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, মিথুন চক্ৰৱৰ্তী, বিনোদ খান্না, অনিল কাপুৰ আৰু ছানী দেওল। ৮সংগীতশিল্পী হিচাপেও তেওঁ এগৰাকী গায়ক হিচাপেও বিবেচিত, কিয়নো তেওঁ কিশোৰ কুমাৰ, লতা মংগেশকাৰ, মহম্মদ ৰফি, আশা ভোছলেৰ সৈতে গান গাইছে। ১৯৭২ চনত তেওঁক প্ৰথমবাৰৰ বাবে এছ.ডি. বৰ্মনে' য়ে গুলিস্তান হামাৰা' চলচ্চিত্ৰত গান গোৱাৰ সুযোগ দিছিল। ডেনজংপাই লতা মংগেশকাৰৰ সৈতে এটা দ্বৈত কণ্ঠৰ গীতত গান গাইছিল। হিন্দী চলচ্চিত্ৰৰ লগতে ডেনিয়ে কেইবাখনো নেপালী চলচ্চিত্ৰতো নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰিছে।৯ তেওঁ ১৯৭৫-১৯৯০ চনৰ সময়ছোৱাত বিশেষকৈ নেপাল আৰু দাৰ্জিলিং, ছিক্কিম আৰু অসম আদি ভাৰতৰ কিছু অংশত গায়ক হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছিল। তেওঁ ১৯৭৬ চনত আশা ভোছলেৰ সৈতে "আগে তোপাই কো গোলা পাচি পাচি মেচিনগান বাৰাৰা" নামৰ এটা নেপালী যুগলবন্দী গাইছিল। ডেনি এজন ব্যৱসায়ীও। তেওঁ য়ুকচম ব্ৰুৱেৰীজৰ গৰাকী। এইটো ভাৰতৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ বিয়েৰ ব্ৰেণ্ড। এটা সময়ত, ডেনিয়ে বিজয় মালিয়াৰ দৰে এজন প্ৰবীণ ব্যাৱসায়িক ব্যৱসায় ধূলিসাৎ কৰিছিল।১০
ব্যক্তিগত জীৱন
ডেনী ডেনজোংপাই ১৯৭৩ চনত চিকিমৰ প্ৰাক্তন ৰাজকুমাৰী গাৱা ডেনজংপাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এজনী ছোৱালী আছে, পেমা ডেনজংপা, আৰু এজন পুত্ৰ, ৰিঞ্জিং ডেনজংপা।
বঁটা
২০০৩ চনত ভাৰত চৰকাৰৰপৰা ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী লাভ কৰে।
চলচ্চিত্ৰ পুৰস্কাৰ
| বছৰ | বঁটা | শ্ৰেণী | বোলছবি | ফলাফল |
|---|---|---|---|---|
| ১৯৭৯ | ফিল্মফেয়াৰ পুৰস্কাৰ | শ্ৰেষ্ঠ সহঅভিনেতা | দেৱতা | |
| ১৯৮৫ | কানুন ক্যা কৰেগা | |||
| ১৯৯২ | চনম বেৱফা | |||
| নেতিবাচক ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন | হাম | |||
| ১৯৯৩ | শ্ৰেষ্ঠ সহঅভিনেতা | খুদা গৱাহ | ||
| ১৯৯৫ | নেতিবাচক ভূমিকাত শ্ৰেষ্ঠ প্ৰদৰ্শন | ক্ৰান্তিবীৰ | ||
| বিজয়পথ | ||||
| ১৯৯৬ | বৰচাত | |||
| ১৯৯৭ | ঘটক: লেথাল |
তথ্যসূত্ৰ
- ↑ আৰ্কাইভ কঁপি
- ↑ www.desiblitz.com/content/15-must-watch-bollywoo
- ↑ indianexpress.com/article/news-archive/web/golde
- ↑ আৰ্কাইভ কপি
- ↑ web.archive.org/web/20150627034813/http://timeso
- ↑ indianexpress.com/article/news-archive/web/golde
- ↑ www.hindustantimes.com/bollywood/danny-denzongpa
- ↑ www.dnaindia.com/bollywood/report-meet-actor-dan
- ↑ আৰ্কাইভ কঁপি
- ↑ navbharattimes.indiatimes.com/business/business-
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডেনি ডেনজংপা” প্ৰবন্ধৰ সংশোধন ৬৩৭২১২ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।