অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুন্দনলাল চাইগল

কুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাআৰু পাৰ্শ্ব গায়ক। কুন্দন লাল চাইগল চমুকৈ কে এল চাইগলক হিন্দীচলচ্চিত্ৰ উদ্যোগৰ প্ৰথম চুপাৰষ্টাৰ হিচাপে হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত কলিকতা আছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰস্থল।

হালনাগাদ: ১১ জানুৱাৰী ২০২৬ ৬৬৬ শব্দ · ৪ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

কুন্দনলাল চাইগল (Kundan Lal Saigal) কুন্দনলাল চাইগল আছিল ভাৰতীয় চলচ্চিত্ৰৰ এজন বিখ্যাত অভিনেতাআৰু পাৰ্শ্ব গায়ক। কুন্দন লাল চাইগল চমুকৈ কে এল চাইগলক হিন্দী ভাষাচলচ্চিত্ৰ উদ্যোগৰ প্ৰথম চুপাৰষ্টাৰ ১ হিচাপে হিচাপে গণ্য কৰা হৈছিল। সেই সময়ত কলিকতা আছিল ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰস্থল। ২ ২০১৮ চনত চাইগলৰ ১১৪ তম জন্মদিন উপলক্ষে গোগলে ডুডল তৈয়াৰ কৰি জন্মদিন পালন কৰিছিল।

প্ৰাৰম্ভিক জীৱন

কে এল চাইগলৰ জন্ম হৈছিল ১৯০৪ চনৰ ১১ এপ্ৰিলত জম্মুৰ নৱা চহৰত এটি ডোগ্ৰা পৰিয়ালত।৩ কে এল চাইগলৰ দেউতাক অমৰচান্দ জম্মু কাশ্মীৰৰ ৰজাৰ এজন তহচীলদাৰ আছিল। মাতৃ কেঁচাৰবাঈ চাইগল এগৰাকী ধাৰ্মিক হিন্দু মহিলাৰ লগতে সংগীতৰ অনুৰাগী আছিল। মাক দেউতাকৰ পাঁচজন সন্তানৰ ভিতৰত কুন্দনলাল চায়গল আছিল কনিষ্ঠতম সন্তান। মাতৃয়ে কুন্দনলালক ধৰ্মীয় অনুষ্ঠানলৈ লৈ গৈছিল য'ত শাস্ত্ৰীয় ভাৰতীয় সংগীতৰ ওপৰত আধাৰিত পৰম্পৰাগত শৈলীত ভজন, কীৰ্তন আৰু গীত গোৱা হৈছিল। কুন্দনলালৰ শৈশৱকালত সংগীতৰ শিক্ষা লাভ কৰিবলৈ সহজসাধ্য নাছিল। সেয়ে আনুষ্ঠানিক সংগীতৰ শিক্ষা তেওঁ লাভ কৰা নাছিল। আৰম্ভণিতে স্থানীয় 'ৰাম লীলা ' ত গীত পৰিৱেশন কৰিছিল আৰু অভিনয় কৰিছিল। তেওঁ চুফী সন্ত ছালামত ইউছেফৰ মন্দিৰত যথেষ্ট সময় অতিবাহিত কৰি সংগীতকাৰসকলৰ সৈতে গান গাইছিল আৰু অনুশীলন কৰিছিল। চাইগল ৰবীন্দ্ৰ সংগীতগোৱাৰ বাবে সন্মান লাভ কৰা প্ৰথম অনা-বঙালী লোক আছিল।

যুৱাৱস্থাত তেওঁ জীৱিকাৰ তাড়নাত বিভিন্ন কামত নিয়োজিত হৈছিল। স্কুল এৰি দিয়াৰ পিছত তেওঁ কিছুদিনৰ বাবে পাঞ্জাবৰ ৰেলৰ টাইমকীপাৰ হিচাপে কাম কৰিছিল কৰিছিল। পাছত চিমলাত টাইপ ৰাইটাৰ বিক্ৰেতা হিচাপে নিযুক্তি লাভ কৰি ভাৰতৰ বিভিন্ন ঠাইত ঘূৰাই সুযোগ লাভ কৰিছিল। চাকৰি কৰা কালত ভ্ৰমণ কৰি থকাৰ সময়তে অপেছাদাৰী হিচাপে বিশেষকৈ বন্ধুবৰ্গৰ সৈতে সমাবেশত গীত গাইছিল আৰু বহু লোকৰ সংস্পৰ্শলৈ আহিছিল। এবাৰ তেওঁ ভ্ৰমণকালত লাহোৰৰ অনাৰকলী বজাৰত মেহেৰচান্দ জৈনক লগ পাইছিল। পিছলৈ এই মেহেৰচান্দৰ সৈতে বন্ধুত্ব স্থাপন হয়। চাইগল আৰু মেহেৰচান্দ কলিকতালৈ যায় আৰু তেওঁলোকে তাতেই মেহফিল- ই-মুছাইৰাত লিপ্ত হয়।

চাইগল সেই দিনবোৰত এজন উদীয়মান গায়ক আছিল আৰু মেহেৰচান্দে তেওঁৰ প্ৰতিভা বিকাশৰ আৰু উন্নতিৰ বাবে উৎসাহিত কৰিছিল। সেয়ে চাইগলে প্ৰায় মন্তব্য কৰিছিল " তেওঁ আজি যি পৰ্য্যায়ত আছে মেহেৰ চান্দৰ উৎসাহ আৰু প্ৰাৰম্ভিক সমৰ্থনৰ বাবেহে।" কিছুদিনৰ বাবে তেওঁ হোটেলৰ মেনেজাৰ হিচাপেও কাম কৰিছিল। অৱশ্যে সেই সময়ত গানৰ চৰ্চাও অব্যাহত ৰাখিছিল।

নিউ থিয়েটাৰ

১৯৩০ ৰ দশকৰ আৰম্ভণিতে শাস্ত্ৰীয় সংগীতৰ সুৰকাৰ আৰু সংগীত পৰিচালক হৰিশ্চন্দ্ৰ বালিয়ে চাইগলক কলিকতালৈ লৈ যায় আৰু তেওঁক আৰু চি বোৰালৰ সৈতে পৰিচয় কৰাই দিয়ে। আৰ চি বৰালে চাইগলৰ প্ৰতিভা চিনিব পাৰি কলিকতাৰ বি এন চৰকাৰৰ চলচ্চিত্ৰ ষ্টুডিঅ নিউ থিয়েটাৰত চাইগলক মাহে ২০০ টকাত নিয়োগ কৰাইছিল। ইয়াতেই চাইগলে পংকজ মালিক,কে.চি. দে আৰু পাহাৰী স্যন্যালৰ দৰে সমসাময়িক সকলৰ সংস্পৰ্শলৈ আহিছিল। ১৯৪১ চনত চাইগল মুম্বাইলৈ আহে আৰু বহু হিন্দী চুপাৰহিট চিনেমাত অভিনয় কৰে। ১৫ বছৰীয়া নিজৰ চলচ্চিত্ৰৰ কেৰিয়াৰ জীৱনত চাইগলে ৩৬খন ফিছাৰ ফিল্মত অভিনয় কৰিছিল। ৪ তাৰে ভিতৰত ২৮খন হিন্দী ভাষা, সাতখন বঙালী ভাষা আৰু এখন তামিল ভাষা চলচ্চিত্ৰত অভিনয় কৰে। প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ 'দেৱদাস' চলচ্চিত্ৰত অভিনয় কৰাৰ পৰা তেওঁ আচলতে বেছি বিখ্যাত হৈ পৰে। তেওঁ অভিনয় কৰা কিছুমান চলচ্চিত্ৰ হ'ল ছাহজাহান(১৯৪৬), তানসেন (১৯৪৩),দিদি(১৯৩৭),মেৰী বাহে(১৯৪৪),ষ্ট্ৰিট চিংগাৰ(১৯৩৮),প্ৰেচিডেণ্ট(১৯৩৭), দেৱদাস(১৯৩৬) আদি। পাৰ্শ্বগায়কৰ লগতে সুৰকাৰ হিচাপেও তেওঁ আত্মপ্ৰকাশ কৰিছিল। পাৰ্শ্বগায়ক হিচাপে কণ্ঠদান কৰা কেইখনমান চলচ্চিত্ৰৰ নাম হ'ল পৰৱানা(১৯৪৭), ছাহজাহান(১৯৪৬), কুৰুক্ষেত্ৰ (১৯৪৫),তদবীৰ (১৯৪৫), মেৰী বাহে (১৯৪৪), তানসেন (১৯৪৩), ভক্ত সুৰদাস (১৯৪২), ষ্টেচন মাষ্টাৰ (১৯৪২),,লগান(১৯৪১), পৰিচয় (১৯৪১), জীন্দেগী (১৯৪১), ষ্ট্ৰীট ছি্ংগাৰ (১৯৩৮), দেৱদাস (১৯৩৬)৫ আদি। সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰকে.এল. চাইগলৰ ভাল অনুৰাগী আছিল। চাইগলৰ প্ৰতিটো এলবাম লতা মঙ্গেশকাৰে ক্ৰয় কৰি শুনিছিল। কিন্তু জীৱিতকালত তেওঁ চাইগলক লগ পোৱা নাছিল।৬এজন চুফী সাধুৱে ছলমান ইউচুফে শিশু অৱস্থাতেই কুন্দনক আশীৰ্বাদ দিছিল আৰু মাতৃ কৌৰক ভৱিষ্যতবাণী কৰিছিল যে তেওঁৰ পুত্ৰ এজন "মহান গায়ক" হ'ব। চাইগলে তেওঁৰ শিল্পকলাৰ ওপৰত ইমান নিপুণতা লাভ কৰিছিল যে পিছলৈ কিশোৰ কুমাৰ, মুকেশ আৰু মহম্মদ ৰফিৰ দৰে গায়কসকলে তেওঁৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল।৭সেই সময়ত প্ৰচাৰৰ সীমাবদ্ধতা থকা স্বত্বেও চাইগলৰ গীতসমূহ শ্ৰীলংকা,ইৰাক, ইৰান, ইণ্ডোনেছিয়া, আফগানিস্তান, ফিজি আদি বৈদেশিক ৰাষ্ট্ৰসমূহতো জনপ্ৰিয় হৈছিল।

১৯৪১ চনত বোম্বাইলৈ অহাৰ পৰা চাইগলে বহুতো হিন্দী চুপাৰহিট ছৱিত অভিনয় কৰে। তেতিয়ালৈ অশোক কুমাৰ, আৰ কৰণ দেৱানৰ দৰে আন বহু যুৱ অভিনেতাসকল আগবাঢ়ি আহে। পাছলৈ ১৯৪০ ৰ দশকৰ মাজভাগলৈ চাইগলে অত্যধিক সুৰাপান কৰিবলৈ আৰম্ভ কৰে। সুৰাপান নকৰাকৈ তেওঁ পাছলৈ গীত গাবলৈ নোৱাৰিছিল। যদিও তেওঁ চলচ্চিত্ৰ উদ্যোগত কাম কৰি গৈছিল অত্যধিক সুৰাপান কৰাৰ বাবে চায়গলৰ স্বাস্থ্যৰ অৱনতি ঘটে।

মৃত্যু

১৯৪৭ চনৰ জানুৱাৰী মাহত তেওঁ পৈতৃক চহৰ জলন্ধৰলৈ যায় আৰু জলন্ধৰতে ১৮ জানুৱাৰীত মাত্ৰ ৪২ বছৰ বয়সত মৃত্যু বৰণ কৰে।৮অত্যধিক সুৰাপান কৰাৰ বাবে চাইগলৰ মৃত্যু হয়।৯

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ books.google.co.in/books?id=QPQ6CwAAQBAJ&red
  2. ↑ আৰ্কাইভ কপি
  3. ↑ www.oxfordreference.com/view/10.1093/acref/97801
  4. ↑ www.kundanlalsaigal.org/{{Dead link|date=June 2025 |bot=InternetArchiveBot |fix-attempted=yes }}
  5. ↑ m.imdb.com/name/nm0756485/
  6. ↑ timesofindia.indiatimes.com/entertainment/hindi/
  7. ↑ www.telegraphindia.com/culture/books/k-l-saigal-
  8. ↑ www.amarujala.com/amp/photo-gallery/entertainmen
  9. ↑ news.google.com/newspapers?id=4no-AAAAIBAJ&p

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নেপথ্য কণ্ঠশিল্পীভাৰতীয় চলচ্চিত্ৰ অভিনেতাভাৰতীয় কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীহিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুন্দনলাল চাইগল” প্ৰবন্ধৰ সংশোধন ৫৬৯০৯৪ (১১ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।