অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জয়দীপ আহলাৱত

জয়দীপ আহলাৱত (Jaideep Ahlawat; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮০)। পৰৱৰ্তী সময়ত তেওঁ কমাণ্ডো: এ ৱান মেন আৰ্মি (২০১৩), গব্বৰ ইজ বেক (২০১৫), আৰু বিশ্বৰূপম দ্বিতীয় (২০১৮)কে ধৰি কেইবাখনো ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।

হালনাগাদ: ২৭ জুলাই ২০২৬ ৫২৭ শব্দ · ৩ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

জয়দীপ আহলাৱত (Jaideep Ahlawat; জন্ম: ৮ ফেব্ৰুৱাৰী ১৯৮০) হিন্দী চলচ্চিত্ৰ আৰু ৱেব ধাৰাবাহিক (ৱেব চিৰিজ) জগতৰ এজন ভাৰতীয় অভিনেতা। তেওঁ তিনিটা ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰাৰ লগতে দুটা ফিল্মফেয়াৰ বঁটাৰ বাবে মনোনয়ন অৰ্জন কৰিছে।

ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ অপৰাধমূলক ছবি গেংছ অৱ ৱাছেপুৰ (২০১২)ত অভিনয় কৰে। ইয়াৰ পূৰ্বে তেওঁ কেইবাখনো ছবিত সৰু চৰিত্ৰত অভিনয় কৰিছিল১। পৰৱৰ্তী সময়ত তেওঁ কমাণ্ডো: এ ৱান মেন আৰ্মি (২০১৩), গব্বৰ ইজ বেক (২০১৫), আৰু বিশ্বৰূপম দ্বিতীয় (২০১৮)কে ধৰি কেইবাখনো ছবিত সহযোগী চৰিত্ৰত অভিনয় কৰে।২৩

মূলসুঁতিৰ ছবি ৰইছ (২০১৭) আৰু ৰাজী (২০১৮)ত অভিনয় কৰি আহলাৱাতে বহুল স্বীকৃতি লাভ কৰে।৪

২০২০ চনত ষ্ট্ৰীমিং ধাৰাবাহিক পাতাল লোকত আৰক্ষীৰ চৰিত্ৰত অভিনয় কৰি ড্ৰামা ছিৰিজৰ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ অ’টিটি বঁটা লাভ কৰি তেওঁ প্ৰশংসা অৰ্জন কৰে। এন একচন হিৰো (২০২২) ছবিখনৰ বাবে তেওঁ ফিল্মফেয়াৰ বঁটাত শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বাবে মনোনয়ন লাভ কৰে, আৰু তাৰ পিছত ২০২৩ চনত জানে জা আৰু থ্ৰী অৱ আছ ছবিত অভিনয় কৰে। জানে জাৰ বাবে তেওঁ ৱেব অৰিজিনেল ছবিৰ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ফিল্মফেয়াৰ অ'টিটি বঁটা (সমালোচক) আৰু ২০২৪ চনৰ মহাৰাজ ছবিৰ বাবে ৱেব অৰিজিনেল ছবিৰ শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ শিতানত ফিল্মফেয়াৰ অ'টিটি বঁটা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

হাৰিয়ানাৰ ৰোহটক জিলাৰ মেহাম চৌবিচি তহচিলৰ খাৰকাৰাত জয়দীপ আহলাৱতৰ জন্ম হৈছিল। তেওঁৰ জন্ম এটা হিন্দু জাট পৰিয়ালত হৈছিল।৫৬ খাৰকাৰাৰ চৰকাৰী হাইস্কুলৰপৰা তেওঁ হাইস্কুলৰ প্ৰমাণ-পত্ৰ লাভ কৰে। তেওঁ ৰোহটকৰ জাট কলেজত পঢ়িছিল। স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত ২০০৫ চনত মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ২০০৮ চনত মহাৰাষ্ট্ৰৰ পুনেৰ ভাৰতীয় ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট (এফটিআইআই)ৰপৰা অভিনয়ৰ স্নাতক ডিগ্ৰী লাভ কৰে, যিটো বেটছত ৰাজকুমাৰ ৰাও, বিজয় বাৰ্মা আৰু ছানী হিন্দুজা তেওঁৰ সতীৰ্থ আছিল।৭

কেৰিয়াৰ

প্ৰাৰম্ভিক সংগ্ৰাম আৰু কৰ্ম (২০০৮-২০১১)

জয়দীপ আহলাৱতে কম বয়সতে থিয়েটাৰত কাম কৰিবলৈ আৰম্ভ কৰিছিল যদিও তেওঁ পোনপ্ৰথমতে ভাৰতীয় সেনাৰহে বিষয়া হ’ব বিচাৰিছিল। কিন্তু একাধিকবাৰ এছ এছ বিৰ সাক্ষাৎকাৰত ঊত্তীৰ্ণ হ'ব নোৱাৰাৰ বাবে তেওঁ অভিনয়ৰ ক্ষেত্ৰত প্ৰৱেশ কৰে। তেওঁ পঞ্জাৱ আৰু হাৰিয়ানাত মঞ্চানুষ্ঠান কৰিছিল। ৮ স্নাতক হোৱাৰ পিছতহে তেওঁ অভিনয়ক গুৰুত্বসহকাৰে ল’বলৈ আৰম্ভ কৰিছিল। তেওঁ জটিল পথেৰে চলচ্চিত্ৰ জগতখনত প্ৰৱেশ কৰিছিল। তেওঁৰ কোনো গডফাদাৰ নাছিল। ৯ ২০০৮ চনত শিক্ষা সমাপ্ত কৰি অভিনেতা হোৱাৰ সপোন পূৰণৰ বাবে তেওঁ মুম্বাইলৈ ৰাওনা হয়। আৰু এদিন তেওঁ বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।

সফলতা আৰু স্বীকৃতি (২০১২–২০১৯)

প্ৰিয়দৰ্শনৰ খট্টা মিঠা (২০১০) ছবিখনত নেতিবাচক চৰিত্ৰৰ চিত্ৰণত তেওঁক প্ৰথম দৃষ্টিগোচৰ কৰা হৈছিল। সেই বছৰতে তেওঁ অজয় দেৱগনৰ সৈতে আক্ৰোশ ছবিত অভিনয় কৰে।১০ ইয়াৰ পিছত তেওঁ অনুৰাগ কাশ্যপৰ গেংছ অৱ ৱাছেপুৰ (২০১২) আৰু কমল হাছানৰ বিশ্বৰূপম (২০১২)কে ধৰি আৰু অধিক ছবিত কাম কৰে।১১১২ গেংছ অৱ ৱাছেপুৰক জয়দীপৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট হিচাপে গণ্য কৰা হয়, কিয়নো ইয়াৰ সফলতাই তেওঁক ভাৰতত পৰ্যাপ্ত স্বীকৃতি লাভ কৰাত সহায় কৰিছিল। ইয়াৰ পিছত জয়দীপে হাছানৰ সৈতে এখন তামিল চোৰাংচোৱা থ্ৰিলাৰ ছবি বিশ্বৰূপমত অভিনয় কৰে, যিখন ছবি ২০১৩ চনত যথেষ্ট সফলতা লাভ কৰে। অভিনয়ৰ দক্ষতা আৰু জনপ্ৰিয়তাৰ ওপৰত আপ্লুত হৈ হাছানে তেওঁক ২০১৬ চনত মুক্তি পোৱা ছিকুৱেল বিশ্বৰূপম-২ তো কাম কৰাৰ সুযোগ দিয়ে।

প্ৰতিষ্ঠালাভ (২০২০–বৰ্তমানলৈকে)

ৱেব চিৰিজ বাৰ্ড অৱ ব্লাড ১৩ত জয়দীপক পৰৱৰ্তী সময়ত দেখা গৈছিল আৰু ২০২০ চনৰ অক্টোবৰ মাহত মুক্তি পোৱা বলীউডৰ ছবি খালি পিলিত তেওঁ নেতিবাচক চৰিত্ৰত অভিনয় কৰিছিল।১৪ ৱেব ধাৰাবাহিক পাতাল’লোঁকত তেওঁ হাতীৰাম চৌধাৰীৰ চৰিত্ৰত অভিনয় কৰি ব্যাপক প্ৰশংসা লাভ কৰে।১৫১৬ চিৰিজটোৱে পৰিচালনা, অভিনয় আৰু স্পৰ্শকাতৰ বিষয়সমূহ সঠিকভাৱে চম্ভালি লোৱাৰ বাবে সৰ্বজনীনভাৱে প্ৰশংসা কৰা হৈছিল।

২০২২ চনত তেওঁ একাধিক ধাৰাবাহিকত অভিনয় কৰিছে। ব্লাডি ব্ৰাদাৰ্ছ (২০২২) আৰু দ্য ব্ৰকেন নিউজ (২০২২)ৰ দৰে ৱেব চিৰিজত তেওঁ আগবঢ়োৱা অভিনয়ক সমালোচকসকলে শলাগ লৈছে।১৭

ইয়াৰ পিছত আহলাৱাটক ২০২৫ চনত মুক্তি পোৱা নেটফ্লিক্স ছবি জুৱেল থিফত দেখা গৈছিল। তেওঁৰ বিপৰীতে আছিল ছইফ আলী খান১৮ ছবিখন নেতিবাচক সমালোচনা লাভ কৰিছিল।

২০২৫ চনত নৱেম্বৰ মাহত মুক্তি লাভ কৰা 'ফেমিলি মেন চিজন-৩'ত জয়দীপ আহলাৱতে এটা গুৰুত্বপূৰ্ণ ঋণাত্মক চৰিত্ৰত অভিনয় কৰে৷ 'ৰুকমা' নামৰ এজন ড্ৰাগ-ব্যৱসায়ীৰ চৰিত্ৰত আগবঢ়োৱা তেওঁ অভিনয় আৰু তেওঁৰ অভিব্যক্তি সৰ্বত্ৰে চৰ্চিত হয়৷ ১৯২০

বঁটা আৰু স্বীকৃতি

বৰ্ষবঁটাশিতানকৰ্মফলাফলতথ্যসূত্ৰ
২০১৩১৯তম স্ক্ৰীণ বঁটাশ্ৰেষ্ঠ দলীয় বঁটাগেংগছ অৱ ৱাছেপুৰ২১
২০১৪জি চিনে বঁটাঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়কমাণ্ডো২২
২০তম স্ক্ৰীণ বঁটাঋণাত্মক চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়২৩
২০১৯জি চিনে বঁটাসহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়- পুৰুষৰাজী
২৬তম স্ক্ৰীণ বঁটাসহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়
২০২০২০২০ ফিল্মফেয়াৰ অটিটি বঁটাড্ৰামা চিৰিজত শ্ৰেষ্ঠ অভিনয়পাতাল লোক চিজন ১২৪২৫
২০২৩৬৮তম ফিল্মফেয়াৰ বঁটাসহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়এন একচন হিৰো২৬
২৪তম আইফা বঁটাসহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়২৭
২০২৪৬৯তম ফিল্মফেয়াৰ বঁটাসমালোচকৰ দৃষ্টিত শ্ৰেষ্ঠ অভিনয়থ্ৰি অৱ আছ২৮
২০২৫২০২৪ ফিল্মফেয়াৰ অটিটি বঁটাৱেব মৌলিক ছবিত শ্ৰেষ্ঠ অভিনয়জানে জা২৯৩০
ৱেব অৰিজিনেল ফিল্মৰ শ্ৰেষ্ঠ অভিনেতা (সমালোচক)।
সহযোগী চৰিত্ৰত শ্ৰেষ্ঠ অভিনয়-ৱেব মৌলিক ছবিমহাৰাজ
২৫তম আইফা বঁটাছিৰিজৰ শ্ৰেষ্ঠ অভিনেতাদ্য ব্ৰকেন নিউজ -২৩১
ৱেব ফিল্মৰ শ্ৰেষ্ঠ সহযোগী অভিনেতামহাৰাজ

তথ্যসূত্ৰ

  1. ↑ Dutta, Medhashrree. Gangs Of Wasseypur changed my life: Jaideep Ahlawat - Times of India. The Times of India
  2. ↑ Why is Jaideep Ahlawat not visible in Vishwaroopam promos? - NDTV Movies
  3. ↑ (11 April 2013). Commando: Jaideep Ahlawat plays a baddie called AK74. News18
  4. ↑ Magan, Srishti. (21 May 2018). 8 Years In Bollywood & Finally Getting His Due, Jaideep Ahlawat Is an Actor We Want To See More of. ScoopWhoop
  5. ↑ (4 October 2023). 'Paatal Lok' season two more complicated and refined: Jaideep Ahlawat. Deccan Herald. PTI
  6. ↑ (13 July 2025). Jaideep Ahlawat reveals how he proposed to wife in true Jaat style: 'There won't be any shortage of milk and ghee'. The Indian Express
  7. ↑ (19 September 2023). 'We were ready to kill it 10 years ago': Vijay Varma. The Indian Express
  8. ↑ (7 May 2018). Raazi actor Jaideep Ahlawat speaks about his latest film, and playing villainous roles
  9. ↑ (21 October 2015). 'Humble & Honest. Daily Post India
  10. ↑ Jaideep's Profile on Graftii.com
  11. ↑ (3 October 2011). 'Vishwaroopam' explores faith: Jaideep Ahlawat. CNN-IBN
  12. ↑ Hungama, Bollywood. Gangs Of Wasseypur secures my standing in the industry - Jaideep Ahlawat - Latest Movie Features - Bollywood Hungama. বলিউড হাংগামা
  13. ↑ Jaideep Ahlawat says 'Pataal Lok' led to versatile offers, storytellers realising he can play with different emotions. The Economic Times
  14. ↑ Jain, Arushi. (22 September 2020). Khaali Peeli trailer: Ishaan, Ananya promise a typical masala entertainer. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
  15. ↑ Paatal Lok Season 2 Review: A dark, twisted thriller that balances brilliance with complexity. The Times of India
  16. ↑ Mitra, Shilajit. (17 January 2025). ‘Paatal Lok’ Season 2 series review: Jaideep Ahlawat keeps the show on the road. The Hindu
  17. ↑ Jaideep Ahlawat - Biography. IMDb
  18. ↑ AR, Reshmi. (13 February 2025). The Jewel Thief is unlike anything I have done before, says Jaideep Ahlawat. www.deccanchronicle.com
  19. ↑ indianexpress.com/article/entertainment/web-seri
  20. ↑ economictimes.indiatimes.com/magazines/panache/t
  21. ↑ Hungama, Bollywood. (2 January 2013). Nominations: 19th Annual Colors Screen Awards 19: Bollywood News - Bollywood Hungama
  22. ↑ Zee Cine Awards 2014: Complete list of nominations. Zee News
  23. ↑ 20th Screen Awards Nominations 2014 · Bollywood. India Forums
  24. ↑ Filmfare OTT Awards 2020: Big Night For Paatal Lok And The Family Man. Complete List Of Winners. NDTV.com
  25. ↑ Winners of the Flyx Filmfare OTT Awards. filmfare.com
  26. ↑ (28 April 2023). Winners of the 68th Hyundai Filmfare Awards 2023. Filmfare
  27. ↑ (21 August 2024). IIFA 2024 nominations: Here's the list of nominees in popular categories. Digit
  28. ↑ (15 January 2024). 69th Filmfare Awards: Nominations list
  29. ↑ Nominations for the Danube Properties Filmfare OTT Awards 2024: Full List · Filmfare.com. www.filmfare.com
  30. ↑ Winners of the Danube Properties Filmfare OTT Awards 2024: Full List Out · Filmfare.com. www.filmfare.com
  31. ↑ IIFA Digital Awards 2025 Nominations: Ananya Panday, Jaideep Ahlawat Lead. Check Full List. www.ndtv.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাঅভিনয় শিল্পীহাৰিয়ানাৰ ব্যক্তিহিন্দী চলচ্চিত্ৰৰ অভিনেতাফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জয়দীপ আহলাৱত” প্ৰবন্ধৰ সংশোধন ৬২০১৭৭ (২৭ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।