অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰণবীৰ সিং

ৰণবীৰ সিং জগজীৎ সিং ভৱনানী (Ranveer Singh Jugjeet Singh Bhavnani; জন্ম ৬ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰিছে।

হালনাগাদ: ৯ মে’ ২০২৬ ৮৬৭ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰণবীৰ সিং জগজীৎ সিং ভৱনানী১ (Ranveer Singh Jugjeet Singh Bhavnani; জন্ম ৬ জুলাই ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ প্ৰধানকৈ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ পাঁচটা ফিল্মফেয়াৰ বঁটাকে ধৰি কেইবাটাও বঁটা-সন্মান লাভ কৰিছে। সিং, সৰ্বাধিক পাৰিশ্ৰমিক পোৱা ভাৰতীয় অভিনেতাসকলৰ ভিতৰত অন্যতম আৰু ২০১২ চনৰপৰা ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটী ১০০ তালিকাত অন্তৰ্ভুক্ত হৈ আছে।

ইণ্ডিয়ানা ইউনিভাৰ্চিটি ব্লুমিংটনৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ যশ ৰাজ ফিল্মছৰ ৰোমাণ্টিক কমেডী বেণ্ড বাজা বাৰাত (২০১০)ত মুখ্য চৰিত্ৰত অভিনয়েৰে ছবিজগতত আত্মপ্ৰকাশ কৰে। ছবিখনৰ বাবে তেওঁ শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। লুটেৰা (২০১৩) নামৰ ছবিখনত তেওঁ এজন বিষাদগ্ৰস্ত চোৰৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে প্ৰশংসা লাভ কৰে আৰু সঞ্জয় লীলা ভণশালীৰ পিৰিয়ড ড্ৰামা গʼলিয়ʼ কি ৰাছলীলা ৰাম-লীলা (২০১৩) আৰু বাজিৰাও মস্তানী (২০১৫)ৰ সৈতে একাধিক সহযোগিতাৰ জৰিয়তে নিজকে এজন আগশাৰীৰ অভিনেতা হিচাপে প্ৰতিষ্ঠা কৰে। ভণশালীৰ পদ্মাৱত (২০১৮)ত চুলতান আলাউদ্দিন খালজীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সিঙে ব্যাপক প্ৰশংসা লাভ কৰে। পদ্মাৱতখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী মুক্তি হিচাপে আত্মপ্ৰকাশ কৰে আৰু তেওঁক শ্ৰেষ্ঠ অভিনেতাৰ বাবে ফিল্মফেয়াৰ সমালোচক বঁটা লাভ কৰে।

তেওঁ একশ্যনধৰ্মী চলচ্চিত্ৰ চিম্বা (২০১৮)ত অভিনয়েৰে অধিক ব্যাৱসায়িক সফলতা লাভ কৰে, সংগীতধৰ্মী নাট্য ছবিগালি বয় (২০১৯)ত সিঙৰ উচ্চাকাংক্ষী ৰেপাৰ হিচাপে অভিনয় আৰু ক্ৰীড়ামূলক ছবি ৮৩ (২০২১)ত কপিল দেৱৰ চৰিত্ৰ ৰূপায়ণৰ বাবে তেওঁ দুটাকৈ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। এই সফলতাৰ পিছত দুখন বাণিজ্যিকভাৱে অসফল ছবি, তেওঁ কৰণ জোহৰৰ ৰোমাণ্টিক কমেডীধৰ্মী ছবি ৰকি আৰু ৰাণী কি প্ৰেম কাহানী (২০২৩)ত অভিনয় কৰে। এই ছবিখনত অভিনয়ৰ বাবে তেওঁ ফিল্মফেয়াৰত শ্ৰেষ্ঠ অভিনেতাৰ আন এখন মনোনয়ন-পত্ৰ লাভ কৰে।

অভিনয়ৰ উপৰি তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ বিশিষ্ট এণ্ডাৰছাৰ। তেওঁৰ ছবি গলী বয় (২০১৯)ত গীত আৰু ৰেপৰ সৈতে তেওঁ গায়ন-বায়নৰ ক্ষেত্ৰতো পদাৰ্পণ কৰিছিল। তেওঁ তেওঁৰ সহ-অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দম্পতীটোৰ এগৰাকী কন্যা সন্তান আছে। অফ-স্ক্ৰীণত তেওঁ নিজৰ আড়ম্বৰপূৰ্ণ ফেশ্বন চেন্সৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন আৰু পটভূমি

১৯৮৫ চনৰ ৬ জুলাই তাৰিখে, ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে (বৰ্তমান মুম্বাই)ৰ এটা সিন্ধী পৰিয়ালত অঞ্জু আৰু জগজিৎ সিং ভৱনানীৰ ঘৰত ৰণবীৰ সিং ভৱনানীৰ জন্ম হৈছিল।২৩৪ ভাৰত বিভাজনৰ সময়ত তেওঁৰ ককা-আইতা সিন্ধু প্ৰদেশ (বৰ্তমানৰ পাকিস্তানত)ৰ কৰাচীৰ পৰা বম্বেলৈ গুচি যায়।৫৬ তেওঁৰ জ্যেষ্ঠ ভগ্নীৰ নাম ঋতিকা ভৱননী।৭৮ সিঙে ব্যাখ্যা কৰে যে তেওঁ নিজৰ উপাধি ভৱনানী বাদ দিছিল, কিয়নো তেওঁ অনুভৱ কৰিছিল যে নামটো "বহুত দীঘল, বহুত চিলেবল" হʼলহেঁতেন, যাৰ ফলত তেওঁৰ ব্ৰেণ্ডক "বিক্ৰীযোগ্য সামগ্ৰী" বুলি ক্ষুদ্ৰ কৰি তুলিছিল।৯ সিঙৰ আইতাকো আছিল এগৰাকী চৰিত্ৰ-অভিনেত্ৰী চান্দ বাৰ্ক, যি পাঞ্জাবী খ্ৰীষ্টান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।১০ বাৰ্ক, স্বাধীনতাৰ পিছত পাকিস্তানৰ সক্ৰিয় কূটনীতিবিদ আৰু লেখক চেমুৱেল মাৰ্টিন বাৰ্কৰ ভগ্নী আছিল। সিঙৰ মাতৃৰ কাজিন সুনীতা কাপুৰ (জন্ম ভৱনানী), অভিনেতা অনিল কাপুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।১১

সিঙে সদায় অভিনেতা হোৱাৰ আকাংক্ষা কৰিছিল, কেইবাখনো স্কুলীয়া নাটক আৰু বিতৰ্কত অংশগ্ৰহণ কৰিছিল।১২১৩ কিন্তু মুম্বাইৰ এইচ আৰ কলেজ অৱ কমাৰ্চ এণ্ড ইকনমিক্সত যোগদান কৰাৰ পাছত সিঙে উপলব্ধি কৰিছিল যে চলচ্চিত্ৰ জগতত বিৰতি পোৱাটো সহজ নহয়। অভিনয়ৰ ধাৰণাটো "বহুত দূৰৈৰ" বুলি অনুভৱ কৰি সিঙে সৃষ্টিশীল লেখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল।১৪১৩ আমেৰিকালৈ যায় আৰু ২০০৮ চনত ইণ্ডিয়ানা বিশ্ববিদ্যালয় ব্লুমিংটনৰপৰা দূৰসংযোগ বিভাগত স্নাতক ডিগ্ৰী লাভ কৰিছিল।১৫১৩১৬

২০০৭ চনত পঢ়া-শুনা সম্পূৰ্ণ কৰি মুম্বাইলৈ উভতি অহাৰ পাছত সিঙে কেইবছৰমান কপিৰাইটাৰ হিচাপে বিজ্ঞাপনৰ কাম কৰে, অʼ এণ্ড এম আৰু জে ৱালটাৰ থম্পছনৰ দৰে এজেন্সীৰ সৈতে।১৪ তেওঁ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল যদিও অভিনয়ৰ বাবে এৰি থৈ গৈছিল। তাৰ পিছত তেওঁ নিজৰ পৰ্টফলিঅ’টো পৰিচালকসকললৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়।১৭ তেওঁ সকলো ধৰণৰ অডিচনৰ বাবে গৈছিল, কিন্তু কোনো ভাল সুযোগ নাপালে, আনহাতে কেৱল সৰু সৰু চৰিত্ৰৰ বাবে ফোন পাইছিল: "সকলো ইমানেই অন্ধকাৰ আছিল। ই অতি হতাশাজনক আছিল। কেতিয়াবা মই ভাবিছিলো যে মই সঠিক কাম কৰিছো নে নাই।" ১৭

ব্যক্তিগত জীৱন

২০১৮ চনত নিজৰ বিবাহৰ অভ্যৰ্থনাত সিং আৰু পাডুকন
২০১৮ চনত নিজৰ বিবাহৰ অভ্যৰ্থনাত সিং আৰু পাডুকনছবি: Bollywood Hungama · CC BY 3.0

২০১২ চনৰ আগষ্ট মাহত সিঙে তেওঁৰ সহ-অভিনেত্ৰী দীপিকা পাডুকনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে।১৮ ২০১৮ চনৰ অক্টোবৰ মাহত এই যুটীয়ে তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰে।১৯ তাৰ পিছৰ মাহত ইটালীৰ লেক ক'মত পৰম্পৰাগত কোংকণী হিন্দু আৰু শিখ আনন্দ কাৰজ পদ্ধতিৰে তেওঁলোকে বিবাহপাশত আৱদ্ধ হয়।২০২১ ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত পাডুকনে তেওঁলোকৰ প্ৰথম সন্তান তথা কন্যা দুৱা পাডুকন সিঙক জন্ম দিয়ে।২২ ২০২৬ চনৰ এপ্ৰিলত সিঙৰ চলচ্চিত্ৰ 'ধুৰন্ধৰ: দ্য ৰিভেঞ্জ'ৰ সফলতাৰ ঠিক পিছতেই এই দম্পতীয়ে তেওঁলোকৰ দ্বিতীয় সন্তানৰ আগমণৰ কথা ঘোষণা কৰে।২৩

সংবাদ মাধ্যমত ভাবমূৰ্তি আৰু আদৰণি

২০২৩ চনত সিং
২০২৩ চনত সিংছবি: Bollywood Hungama · CC BY 3.0

২০১২ চনৰ পৰা সিঙে ফৰ্বচ ইণ্ডিয়াৰ ১০০ গৰাকী চেলিব্ৰিটিৰ তালিকাত স্থান লাভ কৰি আহিছে আৰু ২০১৯ চনত তেওঁ সপ্তম স্থান লাভ কৰি সৰ্বোচ্চ স্থানত উপনীত হৈছিল।২৪২৫২৬ সেই বছৰটোত আলোচনীখনে তেওঁৰ বাৰ্ষিক উপাৰ্জন ১১৮ কোটি টকা বুলি অনুমান কৰিছিল আৰু তেওঁক দেশৰ পঞ্চমগৰাকী সৰ্বাধিক উপাৰ্জন কৰা অভিনেতা হিচাপে স্থান দিছিল।২৭ তেওঁক ২০১৭ আৰু ২০১৯ চনত জি কিউ (GQ) আলোচনীৰ ৫০ গৰাকী আটাইতকৈ প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাতো অন্তৰ্ভুক্ত কৰা হৈছিল।২৮২৯ ২০১৯ চনত ইণ্ডিয়া টুডেই তেওঁক দেশৰ ৫০ গৰাকী আটাইতকৈ শক্তিশালী ব্যক্তিৰ ভিতৰত স্থান দিছিল আৰু ২০২৩ চনত দ্য ইণ্ডিয়ান এক্সপ্ৰেছেও তেওঁক একেধৰণৰ এখন তালিকাত অন্তৰ্ভুক্ত কৰিছিল।৩০৩১

অভিনয় জীৱনৰ উপৰিও, সিঙে ২০১৯ চনত স্থানীয় সংগীতশিল্পীসকলক প্ৰসাৰিত কৰিবলৈ 'ইনকইংক নামৰ নিজাকৈ এটা ৰেকৰ্ড লেবেল মুকলি কৰে।৩২ তেওঁ এডিডাছ, হেড এণ্ড চোল্ডাৰ্ছ, চিংছ, জেক এণ্ড জ’নছ, থাম্পছ আপ আৰু মেকমাইট্ৰিপ আদিকে ধৰি কেইবাটাও ব্ৰেণ্ডৰ বিজ্ঞাপনত অভিনয় কৰে।৩৩৩৪৩৫৩৬৩৭ সিং বিনীতা সিঙৰ স্টাৰ্ট-আপ 'চুগাৰ কচমেটিক্স'ৰ (Sugar Cosmetics) এজন বিনিয়োগকাৰী।৩৮ ক্ৰ’ল ইনকৰ্পৰেটডৰ (পূৰ্বৰ ডাফ এণ্ড ফেল্পছ) মতে ২০১৯ চনত তেওঁৰ ব্ৰেণ্ড ভেল্যু আছিল ৬৩ নিযুত মাৰ্কিন ডলাৰ, যিটো ভাৰতীয় চেলিব্ৰিটিসকলৰ ভিতৰত চতুৰ্থ সৰ্বোচ্চ আছিল।৩৯ ২০২২ আৰু ২০২৩ চনত তেওঁ দ্বিতীয় স্থানত আছিল আৰু শেষৰ বছৰটোত তেওঁৰ ব্ৰেণ্ড ভেল্যু ২০৩.১ নিযুত মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছিল।৪০৪১ ২০২৪ চনত তেওঁ পেকেজড ফুড কোম্পানী 'এলিট মাইণ্ডছেট'ৰ (Elite Mindset) ৫০% অংশীদাৰিত্ব লাভ কৰে।৪২ ২০২৫ চনত ক্ৰ’লৰ এটা প্ৰতিবেদনত তেওঁৰ ব্ৰেণ্ডৰ মূল্য ১৭০.৭ নিযুত ডলাৰ বুলি মূল্যায়ন কৰা হয় আৰু ভাৰতৰ দ্বিতীয় সৰ্বাধিক মূল্যৱান চেলিব্ৰিটি হিচাপে তেওঁৰ স্থান বাহাল থাকে। ইয়াৰ উপৰিও 'ধুৰন্ধৰ' চলচ্চিত্ৰৰ সফলতাৰ পিছত এখন আগশাৰীৰ আন্তৰ্জাতিক ক্ৰীড়া আলোচনীৰ বেটুপাতত স্থান পোৱা তেওঁ প্ৰথমজন ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হয়।৪৩

পৰ্দাৰ বাহিৰত সিং তেওঁৰ জিলিকি থকা সাজ-পাৰ তথা ফেশ্বন চেন্সৰ বাবে জনাজাত।৪৪

বঁটা আৰু মনোনয়ন

সিঙে পাঁচবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে: বেণ্ড বাজা বাৰাত (২০১০) ছবিৰ বাবে শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ বঁটা, বাজীৰাও মাস্তানী (২০১৬), গলী বয় (২০১৯), আৰু ৮৩ (২০২১) ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা আৰু পদ্মাৱত (২০১৮) ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ (সমালোচকৰ) বঁটা।

তথ্যসূত্ৰ

  1. ↑ RANVEER SINGH JUGJEET SINGH BHAVNANI · ZaubaCorp. www.zaubacorp.com
  2. ↑ RANVEER SINGH JUGJEET SINGH BHAVNANI · ZaubaCorp. www.zaubacorp.com
  3. ↑ Dandriyal, Sameeksha. (6 July 2015). Quirky, cool, high on life: Why Ranveer Singh is the face of young India. International Business Times
  4. ↑ (6 February 2014). http://www.dnaindia.com/entertainment/interview-buddy-bonding-for-arjun-kapoor-and-ranveer-singh-1959681
  5. ↑ (19 November 2015). http://timesofindia.indiatimes.com/SUNDER-SINGH-BHAVNANI/articleshow/49848161.cms. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ Lodhi, Adnan. (9 December 2015). I wish to visit Karachi once again: Ranveer Singh. The Express Tribune
  7. ↑ (12 March 2011). http://www.indianexpress.com/news/ranveer-singh-the-new-heartthrob/761516/0
  8. ↑ (23 February 2011). It's Ranveer Bhavnani and not Singh. Mid-Day. MiD Day Infomedia Ltd
  9. ↑ (2 January 2014). http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/did-you-know-/Why-did-Ranveer-Singh-drop-his-sur-name/articleshow/28277610.cms?
  10. ↑ (15 July 2023). https://www.thestatesman.com/who-is/who-is-chand-burke-bollywood-actress-and-ranveer-singhs-grandmother-1503200680.html
  11. ↑ (14 December 2010). http://www.mid-day.com/entertainment/2010/dec/141210-informer-5.htm
  12. ↑ RANVEER SINGH JUGJEET SINGH BHAVNANI · ZaubaCorp. www.zaubacorp.com
  13. ↑ (9 December 2010). Interview: Ranveer Singh. Glamsham.com. Fifth Quarter Infomedia Pvt. Ltd
  14. ↑ Ramsubramaniam, Nikhil. (11 November 2010). Introducing: Ranveer Singh. বলিউড হাংগামা. পৃ. 1–6Ramsubramaniam, Nikhil (11 November 2010). . Bollywood Hungama. pp. 1–6. Archived from the original on 23 October 2013. Retrieved 20 November 2010
  15. ↑ RANVEER SINGH JUGJEET SINGH BHAVNANI · ZaubaCorp. www.zaubacorp.com
  16. ↑ Dandriyal, Sameeksha. (6 July 2015). Quirky, cool, high on life: Why Ranveer Singh is the face of young India. International Business Times
  17. ↑ Varde. (24 December 2010). Ranveer Singh – A Star Is Born. Starweek Magazine. Magna Publication Co. Ltd. পৃ. 23–27
  18. ↑ (25 December 2018). Ranveer Singh: I haven't met anyone like Deepika Padukone, ever!. The Times of India
  19. ↑ (21 October 2018). Deepika Padukone and Ranveer Singh announce wedding date. The Indian Express
  20. ↑ Lesser known facts about Ranveer Singh, before he became a star. mid-day
  21. ↑ (14 November 2018). Deepika Padukone, Ranveer Singh are married now, wedding ceremony ends in Italy. Hindustan Times
  22. ↑ (8 September 2024). Deepika Padukone, Ranveer Singh blessed with baby girl. Hindustan Times
  23. ↑ Deepika Padukone and Ranveer Singh announce second pregnancy; 'Raaka' actress confirms with cute social media post. The Times of India
  24. ↑ Ranveer Singh. Forbes
  25. ↑ 2017 Celebrity 100. Forbes
  26. ↑ 2019 Celebrity 100. Forbes India
  27. ↑ Shah, Ruchika. (19 December 2018). 2019 Celebrity 100: What the money says. Forbes India
  28. ↑ (8 July 2017). Ranveer Singh, Badshah, Rajkummar Rao at GQ's 50 Most Influential Young Indians of 2017. Firstpost
  29. ↑ Sethi, Shikha. (12 December 2019). Here's the full list of GQ's 50 most influential young Indians of 2019. GQ
  30. ↑ (26 July 2019). The most powerful people of India 2019. India Today
  31. ↑ (30 March 2023). IE100: Shah Rukh Khan climbs ranks, SS Rajamouli, Deepika Padukone make debut in most powerful Indians 2023 list. The Indian Express
  32. ↑ (29 March 2019). Ranveer Singh launches independent music label, his dream project. India Today
  33. ↑ Tewari, Saumya. (14 October 2016). Why brands are going crazy over Ranveer Singh. Livemint. HT Media
  34. ↑ Ranveer Singh to represent adidas Originals in India. The Times of India
  35. ↑ Ranveer Singh dances to the moves of Farah Khan in new Head & Shoulders ad campaign. ETBrandEquity.com
  36. ↑ Irani, Delshad; Balakrishnan, Ravi. (13 April 2016). I consciously track the performance of my brands: Ranveer Singh. Economic Times
  37. ↑ (17 February 2016). Ranveer Singh, Alia Bhatt endorse MakeMyTrip. Livemint
  38. ↑ Verma Ambwani, Meenakshi. (3 September 2022). Ranveer Singh invests in SUGAR Cosmetics. Business Line
  39. ↑ Laghate, Gaurav. (10 January 2019). Virat Kohli tops powerful celebrity brands list with a brand value of $170.9 million. The Economic Times
  40. ↑ (31 March 2022). Ranveer Singh, Akshay Kumar and Alia Bhatt Among Top 5 Celebrities with Maximum Brand Value. News18
  41. ↑ (18 June 2024). Ranveer Singh's 203.1 million USD celebrity brand value surpasses Shah Rukh Khan's 120.7 million USD, Alia Bhatt ranks above Deepika Padukone. The Indian Express
  42. ↑ (18 November 2024). Ranveer Singh bags 50% stake in packaged foods company Elite Mindset (SuperYou). The Economic Times
  43. ↑ (25 September 2025). Kroll Celebrity Brand Valuation 2024. Kroll
  44. ↑ Singh, Divyesh. (3 January 2022). A deeper look at Ranveer Singh's statement style and love for logos. Vogue

সম্পৰ্কিত শ্ৰেণী

জী চিনে বঁটা বিজয়ীআন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা বিজয়ীমুম্বাইৰ অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতাভাৰতীয় চলচ্চিত্ৰ অভিনেতাভাৰতীয় অভিনয় শিল্পীভাৰতীয় ব্যক্তিভাৰতীয় অভিনেতাদক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰণবীৰ সিং” প্ৰবন্ধৰ সংশোধন ৬০৫৫৩০ (৯ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।