কাৰ্তিক আৰিয়ান (Kartik Aaryan) (জন্ম: কাৰ্তিক তিৱাৰী; ২২ নৱেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।১ ইঞ্জিনিয়াৰিং পঢ়ি থকা সময়তেই তেওঁ লাভ ৰঞ্জন পৰিচালিত ছবি প্যাৰ কা পাঞ্চনামা (২০১১)ৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। তেওঁ আকাশ বাণী (২০১৩) আৰু কাঞ্চি (২০১৪) শীৰ্ষক দুখন ছবিত অভিনয় কৰিছিল যদিও এইবোৰে বক্স অফিচত সফলতা লাভ নকৰিলে।
আৰিয়ানে ৰঞ্জনৰ কমেডি ছবি প্যাৰ কা পাঞ্চনামা ২ (২০১৫) আৰু চনু কে টিটু কি ছুইটি (২০১৮)ত অভিনয়েৰে সফলতা লাভ কৰে। চনু কে টিটু কি ছুইটি ছবিখনৰ বাবে তেওঁ বিৰাট সাফল্য অৰ্জন কৰিছিল। ২০১৯ চনত মুক্তিপ্ৰাপ্ত ৰোমান্টিক কমেডী ছবি লুকা চুপি আৰু পতি পত্নী ঔৰ ৱো, আৰু কমেডী হৰৰ ছবি ভূল ভুলাইয়া ২ (২০২২)ত অভিনয় কৰি তেওঁ আৰু অধিক প্ৰাধান্য লাভ কৰে। ভূল ভুলাইয়া ২ ছবিখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে খিতাপ লাভ কৰে আৰু তেওঁ "শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা"ৰ বাবে মনোনয়ন লাভ কৰে। তেওঁ থ্ৰিলাৰ ধামাকা (২০২১) আৰু ফ্ৰেডী (২০২২), আৰু ৰোমান্টিক নাট্য ছবি সত্যপ্ৰেম কি কথা (২০২৩)ত অভিনয় কৰিছিল আৰু বায়’পিক চান্দু চেম্পিয়ন (২০২৪)ত মুৰলিকান্ত পেটকাৰৰ চৰিত্ৰত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল।
অভিনয় জীৱনৰ উপৰিও আৰিয়ানে কেইবাটাও ব্ৰেণ্ড আৰু সামগ্ৰীৰ প্ৰচাৰ কৰে, আৰু ইতিমধ্যেই কেইবাটাও বঁটা অনুষ্ঠানৰ সহ-আয়োজন কৰিছে। ২০১৯ চনৰ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত তেওঁ স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন
১৯৯০ চনৰ ২২ নৱেম্বৰত মধ্য প্ৰদেশৰ গোৱালিয়ৰত কাৰ্তিক তিৱাৰীয়ে (পিছলৈ আৰিয়ান) জন্মগ্ৰহণ কৰিছিল।২৩ তেওঁৰ পিতৃ-মাতৃ দুয়োগৰাকীয়েই চিকিৎসক; তেওঁৰ পিতৃ মনীষ তিৱাৰী এগৰাকী শিশু-ৰোগ বিশেষজ্ঞ আৰু মাতৃ মালা তিৱাৰী এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞ।৪৫ আৰিয়ানে গোৱালিয়ৰৰ ছেইণ্ট পল স্কুলত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।৬ পিছলৈ তেওঁ নৱী মুম্বাইৰ ডি. ৱাই.পাটিল কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা জৈৱ প্ৰযুক্তিবিদ্যাত অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰাৰ লগতে গোপনে চলচ্চিত্ৰত কেৰিয়াৰ গঢ়াৰ উচ্চাকাংক্ষাক আশ্ৰয় দিছিল।৫৪ ক্লাছ এৰি দুঘণ্টা যাত্ৰা কৰি অডিচনত অংশগ্ৰহণ কৰিছিল বুলিও তেওঁ কৈছে।৭৮
বিশ্ববিদ্যালয়ত থাকোঁতে আৰিয়ানে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তিনি বছৰ ধৰি ছবিৰ অডিচনত অসফলতাৰে ক্ৰেটিং চৰাক্টাৰ্ছ ইনষ্টিটিউটৰ পৰা অভিনয় পাঠ্যক্ৰম এটা কৰিছিল। প্ৰথমখন ছবিত চহী কৰাৰ পিছতহে তেওঁ অভিনেতা হোৱাৰ ইচ্ছাৰ বিষয়ে পিতৃ-মাতৃক অৱগত কৰিছিল।৫৯ পিছলৈ প্ৰথমখন ছবি মুক্তিৰ পিছত, তেওঁ মাকৰ জোৰত অভিযান্ত্ৰিক ডিগ্ৰী সম্পূৰ্ণ কৰে।৮১০
সংবাদ মাধ্যমৰ জল্পনা-কল্পনাৰ পিছতো সংবাদ মাধ্যমত নিজৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ অনিচ্ছুক আৰিয়ান। তেওঁ কৈছে, "মই কেতিয়াও মোৰ সম্পৰ্কৰ কথা কোৱা নাই, আৰু মোৰ সংগীৰ পৰাও একেই আশা কৰো।"১১ তেওঁ এগৰাকী এগেটেৰিয়ান (অণ্ডাহাৰী)।১২
তথ্যসূত্ৰ
- ↑ Mohanty, Anish. (28 February 2019). Kartik Aaryan explains the reason behind changing his screen name. Planet Bollywood
- ↑ Hegde, Rajul. (22 November 2015). A happy woman is a myth, says Pyaar Ka Punchanama Kartik Aaryan. Rediff.com
- ↑ Malik, Ektaa. (12 April 2018). Kartik Aaryan: New Chip of the Old Block. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ Rawal Kukreja, Monika. (13 May 2018). Mother's Day: Kartik Aaryan says his mom googles his name every day, adds his girlfriends on Facebook. হিন্দুস্তান টাইমছ
- ↑ N, Patcy. (7 February 2018). The engineer who became a Bollywood hero. Rediff.com
- ↑ (15 August 2018). Kartik Aaryan gets nostalgic. The Times of India
- ↑ Rakshit, Nayandeep. (22 February 2018). Sonu Ke Titu Ki Sweety actor Kartik Aaryan: Now, people are calling me a 'hot-chocolate boy'. Daily News and Analysis
- ↑ Srivastava, Abhishek. (21 February 2018). Kartik Aaryan says contrary to popular belief, Sonu Ke Titu Ki Sweety is not a recreation of Pyaar Ka Punchnama. Firstpost
- ↑ Loynmoon, Karishma. (24 April 2014). I didn't know how to kiss. Filmfare
- ↑ (5 February 2013). It's nice to be an educated actor: Kartik Tiwari. The Times of India
- ↑ (30 November 2023). Kartik Aaryan wishes exes Sara Ali Khan and Ananya Panday didn't speak about him on Koffee With Karan. Hindustan Times
- ↑ (2024-05-22). Kartik Aaryan was suggested to consume a meat based diet for Chandu Champion. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাৰ্তিক আৰিয়ান” প্ৰবন্ধৰ সংশোধন ৬০৩৮৪৫ (১ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।