বিজয় ৰাজ (Vijay Raaz; জন্ম: ৫ জুন ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু কথক, যিয়ে প্ৰধানকৈ হিন্দী ছবিত অভিনয় কৰে। ভোপাল এক্সপ্ৰেছ (১৯৯৯)১ নামৰ ছবি এখনত অভিনয়েৰে তেওঁ অভিষেক ঘটায় আৰু তাৰ পিছৰপৰা ৯০খনতকৈও অধিক ছবিত কাম কৰে। তেওঁ ২০০১ চনত মনছুন ৱেডিং নামৰ ছবিখনত দুবেইজীৰ চৰিত্ৰত অভিনয়েৰে সফলতা লাভ কৰিছিল।২ ৰাজে ৰান (২০০৪) আৰু ধামাল (২০০৭) শীৰ্ষক ছবি দুখনত তেওঁৰ কৌতুক চৰিত্ৰৰ বাবে খ্যাতি লাভ কৰিছিল।৩ তেওঁ দেল্হী বেলী (২০১১) আৰু দেঢ় ইছকিয়া (২০১৪) শীৰ্ষক ছবি দুখনত তেওঁ গেংষ্টাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁৰ আন উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত স্ত্ৰী (২০১৮), জয়া আখতাৰ পৰিচালিত গালি বয় (২০১৯), লুটকেছ (২০২০), সঞ্জয় লীলা ভণশালী পৰিচালিত গংগুবাই কাঠিয়াৱাড়ী (২০২২) আদি উল্লেখযোগ্য।৪ ২০১৪ চনত তেওঁ ক্যা দিল্লী ক্যা লাহোৰ ছবিৰে পৰিচালক হিচাপে অভিষেক ঘটায়।৫ তেওঁৰ ৰুক্ষ বেৰিটন কণ্ঠস্বৰটি চলচ্চিত্ৰ আৰু বিজ্ঞাপনকে ধৰি বিভিন্ন প্ৰকাৰৰ ভইচ-অভাৰৰ কামত ব্যৱহাৰ কৰা হৈছে।৬
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ
১৯৬৩ চনৰ ৫ জুন তাৰিখে ভাৰতৰ দিল্লীত ৰাজৰ জন্ম হৈছিল।৭ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ পান্নালাল গিৰধৰলাল দয়ানন্দ এংলো বৈদিক মহাবিদ্যালয়ত অধ্যয়নৰ সময়ছোৱাত তেওঁ নাট্য সমাজ এখনৰ অংশ আছিল।
ৰাজে চলচ্চিত্ৰ কেৰিয়াৰত মনোনিৱেশ কৰাৰ সিদ্ধান্ত লয় আৰু মুম্বাইলৈ গুচি যায় আৰু ২০০০ চনত ৰাম গোপাল বৰ্মা পৰিচালিত ছবি জংঘলত সৰু অথচ উল্লেখযোগ্য ভূমিকা লাভ কৰে।৮। যশপাল ভাট্টিৰ বিখ্যাত ধাৰাবাহিক ফ্লপ শ্বʼৰ ১ম খণ্ডত তেওঁ ক্ষণিক চৰিত্ৰাভিনয় কৰিছিল। অভিনেতা নাছিৰুদ্দিন শ্বাহে তেওঁক ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ অভিনয় কৰা দেখিছিল আৰু তেৱেঁই পৰিচালক মহেশ মাথাই আৰু মীৰা নায়াৰক ক্ৰমে ভোপাল এক্সপ্ৰেছ আৰু মনছুন ৱেডিঙৰ বাবে বিজয় ৰাজৰ পৰামৰ্শ দিছিল।৯ মনছুন ৱেডিঙৰ সফলতাৰ পিছত ৰাজে বহুতো চৰিত্ৰ লাভ কৰে।১০ মুখ্য অভিনেতা হিচাপে তেওঁৰ প্ৰথম মূলসুঁতিৰ ছবি আছিল ৰঘু ৰোমিঅʼ। বক্স অফিচত সফলতা লাভ কৰা এই ছবিখনত ৰাজে এগৰাকী বিভ্ৰান্ত নিম্নবৰ্গৰ ভাৰতীয় ব্যক্তিৰ জীৱনক চিত্ৰিত কৰিছে।১১
২০০৪ চনত ৰান নামৰ ছবিখনত ৰাজে তেওঁৰ কৌতুক চৰিত্ৰৰ বাবে খ্যাতি লাভ কৰিছিল। ২০১১ চনত তেওঁ দেল্হী বেলীত এগৰাকী নিৰ্মম অপৰাধী ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিছিল।
চলচ্চিত্ৰপুঞ্জী
| +চাবি | এতিয়াও মুক্তি নোপোৱা ছবিসমূহক বুজায় |
| বৰ্ষ | চলচ্চিত্ৰ | চৰিত্ৰ | টোকা |
|---|---|---|---|
| ১৯৯৯ | ভোপাল এক্সপ্ৰেছ | বদ্ৰু | |
| ২০০০ | জংঘল | দেশু | |
| দিল পে মত লে য়াৰ | ৰাজু ভাই | ||
| ২০০১ | আক্স | য়েদা ইয়াকুব | |
| মনছুন ৱেডিং | পি. কে. দুবে | জি চিনে বঁটাত শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বাবে মনোনীত | |
| ২০০২ | কোম্পানী | কোডা সিং | |
| লাল চালাম | ঘিছু | ||
| শক্তি: দ্য পাৱাৰ | বীজা | ||
| ৰোড | ৰাস্তাত উন্মাদ পথচাৰী | ||
| ২০০৩ | পাঁচ | অনিশ ৰঞ্জন (নিখিলৰ পিতৃ) | |
| মুম্বাই মাটিনী | বাবা হিন্দুস্তানী | ||
| চুৰা লিয়া হায় তুমনে | চিংগাৰ | ||
| প্ৰাণ যায় পৰ শাণ না যায় | গনপত (কথক) | ||
| খেল – নো অৰ্ডিনেৰী গেম | |||
| মুদ্দা – দ্য ইছ্যু | লেমুৰ | ||
| ২০০৪ | লাভ ইন নেপাল | টনি | |
| ৰান | গণেশ | স্ক্ৰীণ উইকলী এৱাৰ্ডত কমিক ৰ’লত শ্ৰেষ্ঠ অভিনয়ৰ বাবে মনোনীত | |
| যুৱ | ডাবলু | ||
| আন: মেন এট ৱৰ্ক | ৱামন | ||
| ৰঘু ৰোমিঅʼ | ৰঘু | শ্ৰেষ্ঠ হিন্দী ছবিৰ ৰাষ্ট্ৰীয় বঁটা | |
| প্ৰাৰম্ভ - দ্য বিগিনিং | ভোলু | ||
| মৰ্নিং ৰাগা | মি. শাস্ত্ৰী | ইংৰাজী চলচ্চিত্ৰ | |
| আমেৰিকান ডেইলাইট | প্ৰতাপ (পত) | ||
| ২০০৫ | মুম্বাই এক্সপ্ৰেছ | ডিগাম্বাৰ বাভডেকাৰ | |
| শবনম মৌচি | হালিমা | ||
| দংশ | |||
| দীৱানে হুয়ে পাগল | গাড়ী ভাড়াতীয়া (ৰকিৰ বন্ধু) | ||
| ২০০৭ | ফূল এণ্ড ফাইনেল | ডিংকি (মুন্নাৰ বন্ধু) | |
| বম্বেৰপৰা গোৱালৈ | দাস | ||
| ধামাল | দেৱ কুমাৰ "ডিকে" মালিক | ||
| আনোৱাৰ | মাষ্টাৰ পাছা | ||
| ৱেলকাম | ভুৱা পৰিচালক | ||
| ২০০৮ | হৰি পুত্তাৰ | ৰাজেশ কাপাদিয়া | |
| মনোৰঞ্জন | সববু | ||
| মেমচাহাব- লষ্ট ইন এ মিৰাজ | |||
| তণ্ডুৰী প্ৰেম | ৰাজাহ | ||
| ২০০৯ | দিল্লী ৬ | ইন্সপেক্টৰ ৰণবিজয় | |
| দেখ ভাই দেখ | চৰণ | ||
| বাৰাহ আনা | যাদৱ | ||
| এক চে বুৰে ডো | |||
| য়ে মেৰা ইণ্ডিয়া | নূৰ | ||
| জুগাড় | মুৰলী | ||
| ২০১০ | নো প্ৰব্লেম | মৰিবলৈ চেষ্টা কৰা মানুহজন | |
| এক আদাত | নাথা লাল / ডন | ||
| ৱেষ্ট ইজ ৱেষ্ট | তনবীৰ | ||
| ২০১১ | বিন বুলায়ে বাৰাতী | চেট্টা সিং | |
| দেল্হী বেলি | সোমায়াজুলু | ||
| এক থো চান্স | |||
| গালি গলি চোৰ হায় | চুন্নু ফৰিষ্টা | ||
| ২০১২ | ডিপাৰ্টমেণ্ট | সৱত্য | |
| দল মেইন কুচ | |||
| আলাপ | |||
| আটা পাটা লাপাতা | মুন্সীজী | ||
| ২০১৩ | পকেট গেংষ্টাৰ | মধুবলী | |
| কেকিউ | ডন | মালয়ালম চলচ্চিত্ৰ | |
| ২০১৪ | দেঢ় ইছকিয়া | জান মহম্মদ | |
| মিষ্টাৰ জো বি কাৰ্ভালো | এম.কে | ||
| ক্যা দিল্লী ক্যা লাহোৰ | ৰেহমত আলী | ||
| অ' টেৰি | ভানোৱাৰ সিং কিলোল | ||
| ডিল্টেক্টিভ ৰাজ | |||
| ২০১৫ | কাকি সত্তাই | দুৰাই | তামিল ছবি |
| ছেকেণ্ড হেণ্ড হাজবেণ্ড | ইন্সপেক্টৰ ৰাকেশ | ||
| ৱেলকাম বেক | কথক | ||
| মছুন আম | প্ৰেম কুমাৰ | মালয়ালম চলচ্চিত্ৰ | |
| পকেট গেংষ্টাৰ | মধুবলী | ||
| বাংকে কি পাগল বাৰাত | লালন | ||
| হাই গোলমাল ইন হোৱাইট হাউছ | |||
| ২০১৬ | ছনম তেৰী কছম | মুস্তাকিন | |
| ছাণ্টা বাণ্টা প্ৰাইভেট লিমিটেড | অৰবিন্দ | ||
| গান্ধীগিৰি | (কথক) | ||
| ডিশ্বুম | খাবৰি চাচা (কেমিঅʼ) | ||
| সাত উচাককে | জাগী | ||
| ২০১৮ | কালাকান্দি | ||
| সুৰমা | প্ৰশিক্ষক হেৰী | ||
| লুপ্ত | দেৱ | ||
| পাটাখা | শান্তি ভূষণ মীনা | ||
| নবাবজাদে | পৰিদৰ্শক কাথৰ সিং | ||
| স্ত্ৰী | শাস্ত্ৰী | ||
| ২০১৯ | গলি বয় | আফতাব ছাকিৰ আহমেদ | |
| ফটোগ্ৰাফ | তিৱাৰী | ||
| ফেৰাছ | "দ্য ক্লিনাৰ" | ||
| ছেটাৰ | নিজাম | ||
| চপষ্টিক | ফাইয়াজ ভাই | নেটফ্লিক্স চলচ্চিত্ৰ | |
| ৱাহ জিন্দগী | বান্না | ||
| মেড ইন হেভেন (টিভি ধাৰাবাহিক) | জৌহাৰী | ৱেব ধাৰাবাহিক | |
| ড্ৰিম গাৰ্ল | ইন্সপেক্টৰ ৰাজপাল কিৰাৰ | ||
| অফিচাৰ অৰ্জুন সিং আইপিএছ বেচ ২০০০ | কুন্দন | ||
| কানপুৰীয়া | লাম্পত হাৰামি | হটষ্টাৰ বিশেষ ফিল্ম | |
| বালা | চুলি (কথক) | ||
| ২০২০ | গুলাবো সীতাবো | জ্ঞানেশ শুক্লা | আমাজন প্ৰাইম ভিডিঅ'ত মুকলি কৰা হৈছে |
| লুটকেচ | বালা ৰাথোৰ | হটষ্টাৰ ফিল্ম | |
| পৰিৱাৰ | গংগাৰম | আৰে ৱেব ছিৰিজ১২ | |
| সুৰজ পে মংগল ভাৰী | চিন্ময় গডবোলে | ||
| ২০২১ | শ্বেৰ্নি | হাছান নুৰানী | এমাজন প্ৰাইম ভিডিঅʼত মুক্তিপ্ৰাপ্ত১৩ |
| তুফান | জাফৰ ভাই | বিশেষ উপস্থিতি এমাজন প্ৰাইম ভিডিঅʼ-ত মুক্তিপ্ৰাপ্ত | |
| ক্যা মেৰী সোণম গুপ্তা বেৱাফা হায়? | সঞ্জীৱ নাগৰাজ | জী৫-ত মুক্তিপ্ৰাপ্ত | |
| পাগলী ছাদি গʼ দাদী | বিকাশ | ||
| ২০২২ | গংগুবাই কাঠিয়াৱাড়ী | ৰাজিয়া বাই | ১৪ |
| ৩৬ ফাৰ্মহাউচ | ৰৌণক সিং | জী৫-ত মুক্তিপ্ৰাপ্ত | |
| জনহিত মেইঁ জাৰীঁ | কেৱল পৰ্জাপতি | ||
| শ্বাবাশ মিঠু | সম্পাথ ছাৰ | ১৫ | |
| বিক্ৰম বেধা | কথক (ট্ৰেইলাৰ) | ||
| অড কাপ্ল | যোগেশ পন্ত | এমাজন প্ৰাইম ভিডিঅʼ | |
| ২০২৩ | কঁঠাল | বিধায়ক মুন্নালাল পাটেৰিয়া | নেটফ্লিক্স চলচ্চিত্ৰ |
| ড্ৰিম গাৰ্ল ২ | সোনা ভাই | ||
| আঁখ মিচোলি | ভাট্টি | ||
| ২০২৪ | শ্বʼটাইম | সাজন মোৰাৰ্কা | ডিজনী+হটষ্টাৰ |
| মাৰ্ডাৰ ইন মাহিম | শিৱাজীৰাও জেণ্ডে | জিঅʼচিনেমা | |
| কৰ্তম ভুগ্তম | |||
| চান্দু চেম্পিয়ন | টাইগাৰ আলি সিং | ||
| জেএনইউ: জাহাংগীৰ নেচনেল ইউনিভাৰ্চিটি | ৰবীন্দ্ৰ টোকাশ | ১৬ | |
| ভিকি বিদ্যা কা ৱহ ৱালা ভিডিঅʼ | আৰক্ষী বিষয়া লাডলে | ||
| ভুল ভুলাইয়া ৩ | ৰাজা চাব | ||
| নাম | শ্যামলাল | ||
| ২০২৫ | ফতেহ | সত্য প্ৰকাশ |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Vijay Raaz: News, Movies, Photos, Videos & Updates. The Indian Express
- ↑ Vijay Raaz: News, Movies, Photos, Videos & Updates. The Indian Express
- ↑ Vijay Raaz: News, Movies, Photos, Videos & Updates. The Indian Express
- ↑ Vijay Raaz: News, Movies, Photos, Videos & Updates. The Indian Express
- ↑ (2014-05-02). 'Kya Dilli Kya Lahore' review: Vijay Raaz's directorial debut isn't perfect, but watchable. News18
- ↑ Singh, Simran. This actor rejected Abhishek Bachchan's film 4 times, later became scene-stealer of flop movie, producer gave him... DNA India
- ↑ (18 September 2012). 'Kya Dilli Kya Lahore' is a very emotional film: Vijay Raaz. The Indian Express
- ↑ Vijay Raaz. Vijay Raaz
- ↑ 'Naseersaab recommended me for Monsoon Wedding'. Rediff
- ↑ (13 June 2004). A commoner in tinsel town. দ্য হিন্দু
- ↑ (28 November 2003). MAMI awards: Raghu Romeo is best film
- ↑ (21 September 2020). Upcoming Web Series: जबरदस्त एक्टर्स ने मिलकर बनाया 'परिवार', हॉटस्टार पर होगा कॉमेडी का 'वॉर'
- ↑ (17 May 2021). Vidya Balan starrer Sherni to premiere on Amazon Prime Video in June 2021. বলিউড হাংগামা
- ↑ (30 September 2021). Alia Bhatt starrer Gangubai Kathiawadi to release on January 6, 2022
- ↑ (3 December 2021). Shabaash Mithu new poster: Taapsee Pannu stuns as Mithali Raj, release date revealed. Firstpost
- ↑ (20 June 2024). JNU: Jahangir National University Movie (2024): Cast, Trailer, OTT, Songs, Release Date, Urvashi Rautela, Siddharth Bodke · Exclusive 2024 - Gheun Taak. Gheun Taak
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় ৰাজ” প্ৰবন্ধৰ সংশোধন ৬০২৫১৯ (২৪ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।