অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয় ছাক্সেনা

বিজয় ছাক্সেনা (ইংৰাজী: Vijay Saxena; ১ জানুৱাৰী ১৯৬৮ – ২৪ জুন ১৯৯৪) আছিল এজন ভাৰতীয় অভিনেতা, যিয়ে ১৯৯০ চনৰপৰা ১৯৯৪ চনলৈ হিন্দী বোলছবি জগতত সক্ৰিয় আছিল।

হালনাগাদ: ১১ আগষ্ট ২০২৬ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

বিজয় ছাক্সেনা (ইংৰাজী ভাষা: Vijay Saxena; ১ জানুৱাৰী ১৯৬৮ – ২৪ জুন ১৯৯৪) আছিল এজন ভাৰতীয় অভিনেতা, যিয়ে ১৯৯০ চনৰপৰা ১৯৯৪ চনলৈ হিন্দী বোলছবি জগতত সক্ৰিয় আছিল। বলিউডৰ ছুপাৰষ্টাৰ অমিতাভ বচ্চনৰ সৈতে থকা আচৰিত সাদৃশ্যৰ বাবে তেওঁ বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল, যাৰ বাবে তেওঁ হিন্দী ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ পাইছিল। ১৯৯৪ চনত এটা মটৰ গাড়ী দুৰ্ঘটনাত ছাক্সেনাৰ মৃত্যু হয়। তেওঁৰ প্ৰকৃত নাম আছিল মিণ্টু পাল।

কেৰিয়াৰ

ছাক্সেনাই প্ৰথমতে চলচ্চিত্ৰ জগতত এজন স্পটবয় হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত হিন্দী বিষয়ত কলা শাখাৰ স্নাতক (B.A.) ডিগ্ৰী লাভ কৰে। তেওঁ মিথুন চক্ৰৱৰ্তী অভিনীত স্বৰ্গ য়াহা নৰক য়াহা ছবিৰ জৰিয়তে অভিনয় জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ ১৯৭৫ চনৰ বিখ্যাত ছবি শ্বোলেৰ আৰ্হিত নিৰ্মিত পেৰডী ছবি ৰামগড় কে শ্বোলে (১৯৯১)-ত অভিনয় কৰিছিল। এই ছবিখনত আন একাংশ তাৰকাৰ দৰে দেখাত অভিনেতা যেনে— অনিল কাপুৰৰ দৰে দেখাত নবীন ৰাথোড়, গোবিন্দাৰ দৰে দেখাত আনন্দ কুমাৰ আৰু দেৱ আনন্দৰ দৰে দেখাত কিশোৰ ভানুশলীয়েও অভিনয় কৰিছিল।১ আখৰি চেতাৱনী ছবিত তেওঁ সুধা চন্দ্ৰনৰ বিপৰীতে অভিনয় কৰিছিল। ১৯৯৪ চনত মৃত্যুৰ সময়ত তেওঁ বলিউডৰ এজন শীৰ্ষ পৰিচালকৰ ছবিত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছিল।

অভিনীত চলচ্চিত্ৰ

বৰ্ষচলচ্চিত্ৰ (হিন্দী নাম)পৰিচালক
১৯৯১স্বৰ্গ য়াহা নৰক য়াহা]]বিমল কুমাৰ
১৯৯১ৰামগড় কে শ্বোলেঅজিত দিৱানী
১৯৯২দিল কা ক্যা কছূৰলৰেন্স ডিছুজা
১৯৯২বাসন্তী টাংগেৱালী
১৯৯২গংগা বনী শোলা
১৯৯৩বাগী চুলতানা
১৯৯৩আখৰি চেতাৱনী
১৯৯৩ফুলন হাচিনা ৰামকলী
১৯৯৪গংগাপুৰ কি গীতা

তথ্যসূত্ৰ

  1. ↑ Bhawana Somaaya. (2003). The Story So Far. Indian Express Group. পৃ. 183

সম্পৰ্কিত শ্ৰেণী

হিন্দী চলচ্চিত্ৰৰ অভিনেতাধুবুৰী জিলাৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় ছাক্সেনা” প্ৰবন্ধৰ সংশোধন ৬২৬২১০ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।