অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয় দেৱৰকোণ্ডা

দেৱৰকোণ্ডা বিজয় সাই (Deverakonda Vijay Sai; জন্ম: ৯ মে' ১৯৮৯), পেছাগতভাৱে বিজয় দেৱৰকোণ্ডা নামেৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।

হালনাগাদ: ১৯ ফেব্ৰুৱাৰী ২০২৬ ১,০৫৫ শব্দ · ৬ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

দেৱৰকোণ্ডা বিজয় সাই (Deverakonda Vijay Sai; জন্ম: ৯ মে' ১৯৮৯), পেছাগতভাৱে বিজয় দেৱৰকোণ্ডা নামেৰে পৰিচিত,১ এগৰাকী ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।২৩ তেলেগু চলচ্চিত্ৰৰ সৰ্বাধিক পাৰিশ্ৰমিক প্ৰাপ্ত অভিনেতাসকলৰ ভিতৰত অন্যতম, তেওঁ ২০১৮ চনৰ পৰা বৰ্তমানলৈকে ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত অন্তৰ্ভুক্ত হৈয়ে আছে। তেওঁ এটা ফিল্মফেয়াৰ বঁটা, এটা নন্দী বঁটা, আৰু দুটা সাইমা বঁটাকে ধৰি অসংখ্য বঁটা-বাহন তথা স্বীকৃতি লাভ কৰিছে।

দেৱৰকোণ্ডাই নুভভিলা (২০১১) ছবিৰে অভিষেক ঘটায় আৰু য়েৱাড়ে সুব্ৰমণ্যম (২০১৫) ছবিত অভিনয়েৰে অভিনেতা ৰূপে নজৰলৈ আহে। ব্লকবাষ্টাৰ ছবি পেল্লি চৌপুলু (২০১৬) আৰু অৰ্জুন ৰেড্ডী (২০১৭)ত অভিনয় কৰি তেওঁ এজন আগশাৰীৰ চলচ্চিত্ৰ অভিনেতা হিচাপে পৰিচয় লাভ কৰে। অৰ্জুন ৰেড্ডী ছবিখনত এগৰাকী অস্থিৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা – তেলেগু লাভ কৰে। মহানটী (২০১৮), গীতা গোবিন্দম (২০১৮), আৰু টেক্সিৱালা (২০১৮) আদি ব্যৱসায়িকভাৱে সফল ছবিৰে তেওঁ নিজকে আৰু অধিক প্ৰতিষ্ঠিত কৰে।৪ এই সফলতাৰ পিছত বিগ বাজেটৰ একচন ছবি লাইগাৰ (২০২২)ৰ দৰে ছবিসমূহ বক্স অফিচত ধাৰাবাহিকভাৱে বিফল হয়।

২০১৯ চনত দেৱৰকোণ্ডাই নিজাকৈ প্ৰডাকচন হাউচ কিং অৱ দ্য হিল এণ্টাৰটেইনমেণ্ট মুকলি কৰে, য’ত মীকু মাথ্ৰামে চেপ্তা (২০১৯) আৰু পুষ্পক বিমানম (২০২১) শীৰ্ষক ছবি দুখন প্ৰযোজনা কৰা হয়।৫৬ চলচ্চিত্ৰ জীৱনৰ বাহিৰেও দেৱৰকোণ্ডাই নিজৰ ফেশ্বন ব্ৰেণ্ড ৰাউডি ৱেৰ ডিজাইন কৰিছে, যিটো ২০২০ চনত মিন্ত্ৰাত আৰম্ভ হৈছিল,৭ আৰু ভলীবল দল হায়দৰাবাদ ব্লেক হকছৰ সহ-মালিক।৮ অসংখ্য সামগ্ৰী তথা ব্ৰেণ্ডৰ চেলিব্ৰিটি এণ্ডাৰছাৰ হোৱাৰ উপৰিও দেৱৰকোণ্ডাই বিভিন্ন মানৱীয় কাম-কাজত সহায়-সহযোগিতা কৰে।

প্ৰাৰম্ভিক জীৱন

অন্ধ্ৰপ্ৰদেশৰ হাইদৰাবাদ (বৰ্তমান তেলংগানা)ত গোবৰ্ধন ৰাও আৰু মাধৱীৰ গৃহত দেৱৰকোণ্ডা বিজয় সাইৰ জন্ম হৈছিল।৯১০ তেওঁৰ পৰিয়ালটো পূৰ্বৰ মাহবুবনগৰ জিলাৰ (বৰ্তমান নগৰকুৰনুল)ৰ থুম্মানপেটা গাঁৱৰ বাসিন্দা।৯১১ তেওঁৰ পিতৃ এজন টেলিভিছন ধাৰাবাহিক পৰিচালক আছিল যিয়ে সফলতাৰ অভাৱত সেইবোৰ কাম এৰি দিছিল।

বিজয়ে পুত্তপাৰ্থীৰ শ্ৰী সত্য সাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰে।১২ ইয়াৰ পিছত তেওঁ হাইদৰাবাদৰ লিটিল ফ্লাৱাৰ জুনিয়ৰ কলেজত ইণ্টাৰমিডিয়েট শিক্ষা গ্ৰহণ কৰে।১৩ তেওঁ বদ্ৰুকা কলেজ অৱ কমাৰ্চ এণ্ড আৰ্টছৰ পৰা বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিছে।১১১৪ তেওঁৰ কনিষ্ঠ ভাতৃ আনন্দ দেৱৰকোণ্ডাও তেলেগু চলচ্চিত্ৰৰ এগৰাকী অভিনেতা।১৫

কৰ্মজীৱন

কৰ্মজীৱনৰ আৰম্ভণি (২০১১–২০১৫)

ৰবি বাবুৰ পৰিচালনাত নিৰ্মিত ৰোমাণ্টিক কমেডী ছবি নুভভিলা (২০১১)ত অভিনয়েৰে দেৱৰকোণ্ডাই ছবিজগতত আত্মপ্ৰকাশ কৰিছিল।১৬ পিছলৈ তেওঁ ছেখৰ কম্মুলাৰ লাইফ ইজ বিউটিফুল (২০১২) ছবিখনত এটি সৰু চৰিত্ৰত অভিনয় কৰে।১৭ পৰিচালক নাগ অশ্বিনৰ সৈতে চিনাকি হোৱাৰ পিছত, তেওঁ অভিনেতা নানীৰ সৈতে ২০১৫ চনৰ অশ্বিনৰ কমিং অফ এজ ছবি য়েৱাড়ে সুব্ৰমণ্যমত সহযোগী চৰিত্ৰ এটিত অভিনয় কৰিছিল।১৮ তেলেগু চলচ্চিত্ৰ জগতৰ প্ৰযোজক অশ্বিনী দত্তৰ কন্যা, প্ৰিয়ংকা দত্তই প্ৰযোজনা কৰিছিল এই ছবিখন; প্ৰিয়ংকাই তেওঁক সমৰ্থন কৰিছিল আৰু এবাৰ ছবিখনৰ শ্বুটিং আৰম্ভ হোৱাৰ পিছত প্ৰিয়ংকাৰ ভগ্নী স্বপ্না দত্তই তেওঁক নিজৰ কোম্পানীত চুক্তিবদ্ধ কৰিছিল।১৯২০

বিৰাট সাফল্য অৰ্জন (২০১৬–২০১৮)

ফেন ফেষ্টত দেৱৰকোণ্ডা]]

তৰুণ ভাস্কৰৰ পৰিচালনাত নিৰ্মিত ৰোমাণ্টিক কমেডী ছবি পেল্লী চৌপুলুত দেৱৰকোণ্ডাই প্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ব্যৱসায়িকভাৱে সফল হোৱা ছবিখনে ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ছবি – তেলেগু আৰু তেলেগু ভাষাৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবিৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।২১২২ ২০১৭ চনত মছলাধৰ্মী ছবি দ্বাৰকাত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ ৰোমাণ্টিক ছবি অৰ্জুন ৰেড্ডীত অভিনয় কৰিছিল। ছবিখনত তেওঁৰ চৰিত্ৰটো সাহসী তথা উগ্ৰ হোৱাৰ বাবে তেওঁ সমালোচকৰ প্ৰশংসা লাভ কৰিছিল।২৩ কিন্তু তেওঁৰ আত্মবিনাশকাৰী, চুটি স্বভাৱৰ আৰু মদ্যপায়ী অস্ত্ৰোপচাৰ বিশেষজ্ঞৰ চিত্ৰণৰ বাবে সমালোচকৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰাৰ লগতে তেওঁ শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা – তেলেগু লাভ কৰিবলৈ সক্ষম হয়।২৪২৫ ২০১৯ চনত ফিল্ম কম্পেনিয়নে অৰ্জুন ৰেড্ডীত দেৱৰকোণ্ডাৰ অভিনয়ক "১০০ গ্ৰেটেষ্ট পাৰফৰ্মেন্স অৱ দ্য ডিকেড"ত স্থান দিছিল।২৬

২০১৮ চনত একাধিক ছবিত অভিনয় কৰিছিল দেৱেৰাকোণ্ডাই, ইয়াৰে প্ৰথমখন আছিল পলমকৈ মুক্তিপ্ৰাপ্ত ছবি মন্ত্ৰম ভেছাভে, যিখন প্ৰথমতে ২০১৩ চনত মুক্তি পাবলগীয়া আছিল। অভিনেত্ৰী সাৱিত্ৰীৰ জীৱনৰ আধাৰত নিৰ্মিত উল্লেখযোগ্য জীৱনীমূলক ছবি মহানটীত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ২০১৮ চনত দেৱৰকোণ্ডাৰ সফল ছবিখনে মুক্তি লাভ কৰিছিল। ছবিখন আছিল গীতা আৰ্টছৰ ৰোমাণ্টিক কমেডী ছবি গীতা গোবিন্দম, য’ত তেওঁ ৰশ্মিকা মন্দান্নাৰ বিপৰীতে এগৰাকী কলেজ অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰিছিল। মুক্তিৰ লগে লগে ছবিখনে মিশ্ৰিত-ইতিবাচক সমালোচনা লাভ কৰে, আৰু তেওঁৰ কেৰিয়াৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি, বিশ্বজুৰি ১৩০ কোটি টকা উপাৰ্জন কৰা বুলি প্ৰমাণিত হয়। ইয়াৰ পিছত তেওঁ আনন্দ শংকৰৰ পৰিচালনাত নিৰ্মিত তামিল ৰাজনৈতিক থ্ৰিলাৰধৰ্মী ন'টা ছবিখনত অভিনয় কৰিছিল, যিখন বক্স অফিচত বিফল হৈছিল।২৭ ২০১৮ চনত তেওঁৰ অন্তিমখন ছবি আছিল ইউভি ক্ৰিয়েচনছৰ অতিপ্ৰাকৃতিক কমেডী থ্ৰিলাৰধৰ্মী ছবি টেক্সিৱালা, যিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাইছিল।২৮

কেৰিয়াৰৰ মন্দাৱস্থা (২০১৯–বৰ্তমান)

২০১৯ চনত ৰশ্মিকা মন্দান্নাৰ সৈতে ভাৰত কাম্মাৰ ডিয়াৰ কমৰেড নামৰ ৰোমাণ্টিক একচন ছবিত দেৱৰকোণ্ডাক দেখা গৈছিল। পিছত তেওঁ মালৱিকা মোহননে সহ অভিনীত, আনন্দ অন্নমলাই পৰিচালিত হিৰোত চুক্তিবদ্ধ হয় যদিও ছবিখন নিৰ্মাণ আৰম্ভ কৰাৰ পিছত শ্বেলভ্ড কৰাৰ খবৰ আহিছিল।২৯ ২০২০ চনত ক্ৰান্তি মাধৱৰ ৰোমাণ্টিক ছবি ৱৰ্ল্ড ফেমাছ লাভাৰত তেওঁ ৰাশী খান্না, কেথেৰিন ট্ৰেছা, ঐশ্বৰ্যা ৰাজেশ, আৰু ইজাবেল লেইটেৰ বিপৰীতে অভিনয় কৰিছিল, ছবিখন নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছিল।৩০ ২০২২ চনত তেওঁ হিন্দী–তেলেগু দ্বিভাষিক ছবি লাইগাৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালক আছিল পুৰী জগন্নাথ আৰু প্ৰযোজক আছিল কৰণ জোহৰ, এইখন ছবিও অতি নেতিবাচক সমালোচনাৰ সন্মুখীন হৈছিল।৩১৩২ ইয়াৰ পিছত তেওঁ শিৱ নিৰ্বাণৰ পৰিচালনাত নিৰ্মিত কুশী ছবিখনত অভিনয় কৰে আৰু ইয়ো মিশ্ৰিত সমালোচনাৰ সম্মুখীন হয়।৩৩ ছবিখন বক্স অফিচত এটি গড় উপাৰ্জনকাৰী ছবিত পৰিগণিত হয়।৩৪ ২০২৪ চনত দেৱৰকোণ্ডাই বক্স অফিচত বোমা হিচাপে পৰিগণিত হোৱা দ্য ফেমিলি ষ্টাৰ ছবিত অভিনয় কৰে।৩৫ পিছলৈ একে বছৰতে নাগ অশ্বিনৰ মহাকাব্যিক কল্পবিজ্ঞান চলচ্চিত্ৰ কল্কি ২৮৯৮ এডিত যোদ্ধা অৰ্জুনৰ চৰিত্ৰত তেওঁক কেমিঅ’ ৰূপত দেখা গৈছিল।৩৬

অন্যান্য কৰ্মৰাজি

ফুড ডেলিভাৰী এপ জ'মাট'ৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল বিজয় দেৱৰকোণ্ডা।৩৭ ২০১৮ চনৰ ১৫ অক্টোবৰত তেওঁ নিজৰ ফেশ্বন ব্ৰেণ্ড ৰাউডি ৱেৰ মুকলি কৰিছিল।৭ পিছলৈ ২০২০ চনত মিন্ত্ৰাত ৰাউডি ৱেৰ মুকলি কৰা হয়।৩৮

২০১৯ চনৰ পুলৱামা আক্ৰমণত নিহতসকলৰ পৰিয়াললৈ আগবঢ়োৱা অনুদানকে ধৰি সাহায্য পুঁজিও আগবঢ়াইছে দেৱৰকোণ্ডাই।৩৯৪০৪১৪২

দেৱৰকোণ্ডাই ২০১৯ চনৰ এপ্ৰিল মাহত দ্য দেৱৰকোণ্ডা ফাউণ্ডেশ্যন নামৰ এটা অলাভজনক সংস্থাৰ প্ৰতিষ্ঠা কৰে।৪৩ ২০২০ চনৰ আৰম্ভণিতে ২০২০ চনৰ ভাকো ইণ্ডিয়ান অ’পেন আন্তঃৰাষ্ট্ৰীয় কিক বক্সিং চেম্পিয়নশ্বিপৰ খিতাপ জয় কৰা কিকবক্সাৰ গণেশ আমবাৰীক সহায় কৰিবলৈ ফাউণ্ডেশ্যনৰ জৰিয়তে তেওঁ ২৪,০০০ টকাৰ অনুদান আগবঢ়ায়।৪৪

ক’ভিড-১৯ মহামাৰীৰ সংকটৰ সৈতে যুঁজিবলৈ তেওঁ এক পদক্ষেপ লৈছিল। ফাউণ্ডেশ্যনে তেওঁৰ মধ্যবিত্ত পুঁজি (এমচিএফ)ৰ সহায়ত ১৭ হাজাৰ মধ্যবিত্ত পৰিয়ালক তেওঁলোকৰ গেলামাল আৰু মৌলিক প্ৰয়োজনীয় সামগ্ৰীৰে সফলতাৰে সহায় কৰিছে, ১.৭ কোটি টকা ব্যয় কৰিছে। তেওঁৰ সামূহিক প্ৰচেষ্টাত যোগদান কৰিবলৈ ৮৫০০ৰো অধিক স্বেচ্ছাসেৱকে ১.৫ কোটি টকাৰো অধিক ধন আগবঢ়ায়।৪৫৪৬ আয়োজকসকলে ২০২০ চনৰ ২ জুনত এই পদক্ষেপৰ অন্ত পেলোৱাৰ সিদ্ধান্ত লয়।৪৭৪৮ দেৱৰকোণ্ডাই ২০২১ চনত মাহবুবনগৰত প্ৰথমটো মাল্টিপ্লেক্স থিয়েটাৰ মুকলি কৰে।৪৯

সংবাদ মাধ্যমত

url-status=live }}</ref>
url-status=live }}</ref>ছবি: Sriram Kasyap Meduri · CC BY-SA 4.0

দেৱৰকোণ্ডাই কয় যে তেওঁৰ পৰিয়ালৰ লোকসকলে তেওঁলোকে অনুমোদন নিদিয়া কামবোৰৰ প্ৰতিবাৰেই তেওঁক ৰাউডি বুলি কয়। সময়ৰ লগে লগে তেওঁ এই শব্দটো নিজৰ লগতে অনুৰাগীৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে।৫০৫১

দেৱৰকোণ্ডাই মঞ্চত বা সাক্ষাৎকাৰৰ সময়ত নিজৰ প্ৰকৃত, সৎ আৰু অফিল্টাৰকৃত মতামত প্ৰকাশ কৰাৰ বাবে জনাজাত, যাৰ বাবে তেওঁ বহু জনপ্ৰিয়তা আৰু সমালোচনা লাভ কৰিছে,৫২ যিটো ২০১৭ চনত অৰ্জুন ৰেড্ডীৰ অডিঅ’ মুকলি অনুষ্ঠানত দিয়া ভাষণৰ সময়ত দেখা গৈছিল।৫৩৫৪৫৫

২০১৮ চনৰ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাত দেৱৰকোণ্ডাই ৭২তম স্থান লাভ কৰে।৫৬ ২০১৮ চনত দ্য টাইমছ মষ্ট ডিজায়াৰেবল মেনত ৪ৰ্থ, ২০১৯ চনত ৩য়, ২০২০ চনত ২য় স্থান লাভ কৰিছিল।৫৭৫৮৫৯ অতিৰিক্তভাৱে ফৰ্বছ ইণ্ডিয়াই তেওঁলোকৰ ৩০ বছৰ অনুৰ্ধৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল,৬০ আৰু গুগলৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি তেওঁ সৰ্বাধিক অনুসন্ধান হোৱা দক্ষিণ ভাৰতীয় অভিনেতা হিচাপে পৰিগণিত হৈছিল।৬১

চলচ্চিত্ৰপুঞ্জী

অভিনেতা হিচাপে

  • সকলোবোৰ চলচ্চিত্ৰ তেলেগু ভাষাতেই আছে, অন্যথা উল্লেখ কৰা হৈছে
+ চলচ্চিত্ৰৰ ক্ৰেডিটসমূহৰ তালিকা
বৰ্ষশিৰোনামভূমিকা(সমূহ)টোকাতথ্য.
২০১১নুভভিলাবিষ্ণু৬২
২০১২লাইফ ইজ বিউটিফুলঅজয়
২০১৫য়েৱাড়ে সুব্ৰমণ্যমঋষি
২০১৬পেল্লী চৌপুলুপ্ৰশান্ত
২০১৭দ্বাৰকাএৰা শ্ৰীনু ওৰফে শ্ৰী কৃষ্ণনন্দ স্বামী৬৩
অৰ্জুন ৰেড্ডীডাঃ অৰ্জুন ৰেড্ডী দেশমুখ৬৪
২০১৮য়ে মন্ত্ৰম ভেছাভেনিখিল "নিকি"৬৫
মহানটীবিজয় এণ্টনী৬৬
গীতা গোবিন্দমবিজয় গোবিন্দলগতে "হোৱাট দ্য লাইফ" গীতটিৰ গায়কো৬৭
ন'টাবৰুণ সুব্ৰমণ্যমতামিল চলচ্চিত্ৰ; তামিল অভিষেক৬৮
ই নাগাৰানিকী ইমাইণ্ডিনিজেকেমিঅ’৬৯
টেক্সিৱালাশিৱা ৰাৱালী
2019ডিয়াৰ কমৰেডচৈতন্য "ববী" কৃষ্ণ৭০
মীকু মাথ্ৰামে চেপ্তানিজেকেমিঅ'; লগতে প্ৰযোজকো৭১
২০২০ৱৰ্ল্ড ফেমাছ লাভাৰগৌতম আৰু সীনয় "শ্ৰীনু" প্ৰজাপতদ্বৈত চৰিত্ৰ৭২
২০২১জাতি ৰত্নলুনীলা চাৰ্ট পিন্ধা ল'ৰাজনকেমিঅ'৭৩
পুষ্পক বিমানমকেৱল প্ৰযোজক৭৪
২০২২লাইগাৰলায়ন টাইগাৰ বলৰাম আগৰৱাল আৰু সাশ্বৱথ আগৰৱাল (লাইগাৰ) (দ্বৈত চৰিত্ৰ)তেলেগু-হিন্দী দ্বিভাষিক চলচ্চিত্ৰ; হিন্দী অভিষেক৩২
২০২৩কুশীবিপ্লৱ৭৫
২০২৪দ্য ফেমিলি ষ্টাৰগোৱৰ্ধন৭৬
কল্কি ২৮৯৮ এডিঅৰ্জুনকেমিঅ'৭৭
চিত্ৰগ্ৰহণ৭৮

টিভি শ্ব’

+ বিজয় দেৱৰকোণ্ডাৰ টেলিভিছন ক্ৰেডিটসমূহৰ তালিকা
বৰ্ষশ্ব'ভূমিকাচেনেলটোকা
২০১৭বিগ বছ ১নিজেষ্টাৰ মাঅতিথি
২০১৯বিগ বছ ৩নিজেঅতিথি

বঁটা আৰু মনোনয়ন

+ বিজয় দেৱৰকোণ্ডাৰ বঁটা আৰু মনোনয়ন পত্ৰৰ তালিকা
বৰ্ষবঁটাশিতানশিৰোনামফলাফলতথ্য.
২০১৫নন্দী বঁটাবিশেষ জুৰীৰ বঁটায়েৱাড়ে সুব্ৰমণ্যম৭৯
২০১৭জি গোল্ডেন এৱাৰ্ডশ্ৰেষ্ঠ অভিনেতাঅৰ্জুন ৰেড্ডী৮০
২০১৮ফিল্মফেয়াৰ বঁটা দক্ষিণশ্ৰেষ্ঠ অভিনেতা – তেলেগু৮১
২০১৮দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেতা (তেলেগু)৮২
২০১৯গীতা গোবিন্দম৮৩
শ্ৰেষ্ঠ অভিনেতা (সমালোচক) – তেলেগু৮৪
২০১৯ফিল্মফেয়াৰ বঁটা দক্ষিণশ্ৰেষ্ঠ অভিনেতা – তেলেগু৮৫
২০২২দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাযুৱ আইকন দক্ষিণ (পুৰুষ)৮৬

তথ্যসূত্ৰ

  1. ↑ Shalini J. R. (9 May 2018). Vijay Deverakonda celebrates his birth in a unique way. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (14 February 2020). Did Numerology Change In 'The Deverakonda's Name Affect WFL Prospects?
  3. ↑ Chowdhary. (17 February 2015). This film came at the right time
  4. ↑ Vyjayanthi Network. (15 January 2015). Yevade Subramanyam Theatrical Trailer – Nani, Malavika Nair
  5. ↑ (5 November 2019). Vijay Deverakonda: I want to create a platform for new talent. The Indian Express
  6. ↑ (29 August 2019). Vijay Deverkonda Turns Producer, Announces Debut Production Meeku Maathrame Cheptha. News18
  7. ↑ Vyas. (17 July 2018). Vijay Devarakonda's Rowdy Wear On Top. www.thehansindia.com
  8. ↑ Bandyopadhyay. (23 January 2023). Vijay Deverakonda Becomes Co-owner of Hyderabad Black Hawks Team in Prime Volleyball League
  9. ↑ (27 February 2017). Vijay Deverakonda Interview, Talking Movies With iDream. iDream Telugu Movies
  10. ↑ Ravi, Murali. (4 January 2020). Vijay Deverakonda changes his name! To what?. Tollywood
  11. ↑ Dundoo, Sangeetha Devi. (30 August 2017). Fearless in front of the camera. The Hindu
  12. ↑ Arjun Reddy Hero Vijay Deverakonda Exclusive Interview · · Frankly With TNR #74
  13. ↑ (18 August 2022). Celebrity Education Qualification: Vijay Deverakonda is a Commerce Graduate, Pressured by Family to Pursue MBA. News18
  14. ↑ (18 August 2022). Celebrity Education Qualification: Vijay Deverakonda is a Commerce Graduate, Pressured by Family to Pursue MBA. News18
  15. ↑ Dundoo, Sangeetha Devi. (18 November 2020). Anand Deverakonda: 'I haven't done anything heroic so far'. The Hindu
  16. ↑ (4 September 2020). Vijay Devarakonda made his debut with Nuvvila. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  17. ↑ (2 March 2018). Vijay Deverakonda to star in Anand Shankar's next. The News Minute
  18. ↑ Chowdhary, Y. Sunita. (9 February 2015). An eye for story. The Hindu
  19. ↑ Vyjayanthi Network. (21 February 2015). Swapna Dutt Speech – Yevade Subramanyam Audio Launch Live – Nani, Malavika Nair
  20. ↑ Radiokhushi. 'Evade Subramanyam' says Nani. www.radiokhushi.com
  21. ↑ 64th National Film Awards 2017. Directorate of Film Festivals
  22. ↑ The Times Group. epaperbeta.timesofindia.com
  23. ↑ (25 August 2017). Arjun Reddy movie review: Vijay Devarakonda-starrer heralds a new chapter in Telugu cinema. Firstpost
  24. ↑ (1 September 2017). Women's groups protest against 'Arjun Reddy' in Vijayawada, demand ban on film's screening. The News Minute
  25. ↑ (26 August 2017). Arjun Reddy movie review: Intense, raw and unbelievably honest. 5 stars. Hindustan Times
  26. ↑ 100 Greatest Performances of the Decade. 100 Greatest Performances of the Decade
  27. ↑ (27 October 2018). 'NOTA' Worldwide Closing Collections – Disaster. Telugu360.com
  28. ↑ Taxiwaala Movie Review. The Times of India
  29. ↑ (23 July 2019). Vijay Deverakonda's Hero shelved. Cinema Express
  30. ↑ (21 October 2018). Vijay Deverakonda's new film rolls out!. Deccanchronicle.com
  31. ↑ (20 February 2020). Ananya Panday to star opposite Vijay Devarakonda in Puri Jagannadh's next. New Indian Express
  32. ↑ (18 January 2021). Vijay Deverakonda-Ananya Panday's film titled 'Liger', Karan Johar shares 'punching' first look. Daily News & Analysis
  33. ↑ (1 September 2023). Vijay Deverakonda And Samantha Ruth Prabhu Starrer Kushi Gets Mixed Reactions. ABP News
  34. ↑ Sharma, Dishya. (26 September 2023). Netflix Pays THIS Amount To Acquire Digital Rights Of Vijay Deverakonda, Samantha Ruth Prabhu's Kushi: Report. news18
  35. ↑ Raju, Sirigadhi. (19 October 2023). Vijay Deverakonda, Parasuram, Dil Raju-Sirish's VD13/SVC54 titled as "Family Star", Title Teaser Out now. Hans India
  36. ↑ Mukherjee, Aninidita. (28 June 2024). Vijay Deverakonda shines as Arjun in 'Kalki 2898 AD', fans call his cameo 'powerful'. India Today
  37. ↑ (22 August 2019). Vijay Deverakonda as Zomato brand ambassador – TV9. TV9 Telugu
  38. ↑ (12 February 2020). Actor Vijay Deverakonda launches his fashion brand 'Rowdy Wear' on Myntra. The News Minute
  39. ↑ (13 August 2018). Kerala floods: Vijay Devarakonda contributes to CM's flood relief fund. The New Indian Express
  40. ↑ TelanganaToday. Actor Vijay Devarakonda donates Rs 25 lakh to CM's Relief Fund. Telangana Today
  41. ↑ HansIndia. (16 February 2019). Vijay Devarakonda's Donation for Martyrs' Families. www.thehansindia.com
  42. ↑ (21 October 2020). Amid heavy rainfall and floods, Vijay Devarakonda donates 10 lakhs to Telangana CM relief fund. The Times of India
  43. ↑ (4 June 2020). Vijay Deverakonda helps over 17,000 families through his Middle-Class Fund. National Herald
  44. ↑ Kickboxer Ganesh won gold medal with Deverakonda foundation financial support – idlebrain.com news. www.idlebrain.com
  45. ↑ (5 June 2020). Vijay Deverakonda's foundation raises Rs 1.7 crore amid lockdown, shuts down operations from June 2. Hindustan Times
  46. ↑ India-West, R. M. VIJAYAKAR/Special to. Vijay Deverakonda's Foundation Helped Over 17,700 Working Class Families With Essentials. India West
  47. ↑ Network, Newsmeter. (5 June 2020). If Sood helped migrants return home, Deverakonda ensures people don't be hungry. NewsMeter
  48. ↑ Govardhan, Maragani. (26 December 2022). Vijay Deverakonda Free Vacation: ఫ్యాన్స్‌కు విజయ్ బంపర్ ఆఫర్. ఫ్రీగా హాలీడేకు పంపిస్తున్న రౌడీ హీరో. Hindustan Times
  49. ↑ (21 September 2021). Vijay Devarakonda Proudly Announces The Opening Of His First Theatre In Mahbubnagar. Pragativadi News
  50. ↑ (17 July 2018). Homegrown actor Vijay Deverakonda redefines 'Rowdy'. The Indian Express
  51. ↑ (5 October 2018). Vijay Devarakonda likes to call it 'Rowdy'. First post
  52. ↑ Focus, Filmy. (24 August 2017). Arjun Reddy speech, Is it a publicity drama? – Filmy Focus
  53. ↑ Vijay Devarakonda Ultimate Speech · Arjun Reddy Audio Launch · · Vijay Devarakonda · · Shalini
  54. ↑ (21 August 2017). Vijay's zany speech marks 'Arjun Reddy' pre-release event – Telugu News. IndiaGlitz.com
  55. ↑ I don't like to be modest, says Vijay Devarakonda. The New Indian Express
  56. ↑ 2018 Celebrity 100. Forbes India
  57. ↑ Meet India's most desirable dudes. The Times of India
  58. ↑ (22 August 2020). Times 50 Most Desirable Men: Here are the stars who bagged the place in the coveted list. www.timesnownews.com
  59. ↑ The Times Most Desirable Man of 2020: Sushant Singh Rajput – Philosopher, dreamer, charmer. The Times of India
  60. ↑ Vijay Deverakonda – Forbes India Magazine. Forbes India
  61. ↑ Vijay Deverakonda is the most-searched South Indian actor in 2019. The Times of India
  62. ↑ (25 March 2020). 5 Telegu movies starring Vijay Deverakonda you can watch now on Prime Video, Zee5 and more. Vogue India
  63. ↑ (26 August 2016). Never thought I could dance: Vijay Deverakonda. Deccan Chronicle
  64. ↑ (17 June 2018). Complete Winners List of BGM 2018
  65. ↑ Dundoo, Sangeetha Devi. (9 March 2018). 'Ye Mantram Vesave' review: Backlog best forgotten. The Hindu
  66. ↑ (8 May 2018). Nag Ashwin on Mahanati: The film is very honest. The Indian Express
  67. ↑ Dundoo, Sangeetha Devi. (15 August 2018). 'Geetha Govindam' review: The good guy takes over. The Hindu
  68. ↑ (6 September 2018). NOTA trailer: Vijay Devarakonda's Tamil debut sees him as a reluctant politician fighting a corrupt system. Firstpost
  69. ↑ Pecheti, Prakash. (29 June 2018). Ee Nagaraniki Emaindi: Tharun Bhascker is back with yet another thorough entertainer. Telangana Today
  70. ↑ (13 July 2019). Dear Comrade will not see Hindi version. New Indian Express
  71. ↑ (29 August 2019). Vijay Deverakonda's debut production venture titled 'Meeku Maathrame Cheptha'. The News Minute
  72. ↑ (17 September 2019). Vijay Devarakonda's World Famous Lover. Telugu 360 Indian
  73. ↑ Keerthy Suresh opens up about her cameo in Naveen Polishetty starrer Jathi Ratnalu. The Times of India
  74. ↑ (8 November 2021). Vijay Deverakonda attends pre-release event of Pushpaka Vimanam: 'Anand Deverakonda has delivered a terrific performance'. The Indian Express
  75. ↑ (9 March 2023). Vijay Deverakonda And Team Of 'Kushi' Welcome Fighter' Samantha As She Resumes Shooting · See Pics. English Jagran
  76. ↑ (27 September 2023). VD 13 wraps 50 per cent of its shoot. Cinema Express
  77. ↑ (26 June 2024). Kalki 2898 AD Release and Review Live Updates: Prabhas confirms Dulquer Salmaan and Vijay Deverakonda's cameos in Nag Ashwin film. The Indian Express
  78. ↑ (17 June 2023). Vijay Deverakonda begins shooting for 'VD 12'. The Times of India. ANI
  79. ↑ Vasireddy, Amrutha. (15 November 2017). Nandi awards: Nandi Awards Winners List: AP government announces Nandi awards for 2014–2016. The Times of India
  80. ↑ Hooli, Shekhar H. (1 January 2018). Zee Telugu Golden Awards 2017 winners list and photos. www.ibtimes.co.in
  81. ↑ (16 June 2018). Winners of the 65th Jio Filmfare Awards (South) 2018. Filmfare
  82. ↑ Hooli, Shekhar H. (5 August 2018). SIIMA Awards 2018 – Telugu, Kannada nomination list out: Date, place of 7th edition revealed. IB Times
  83. ↑ (19 July 2019). SIIMA Awards 2019: Here's a complete list of nominees. The Times of India
  84. ↑ Iyenger, Anusha. (17 August 2019). SIIMA Awards 2019 full winners list: Trisha Krishnan, Dhanush, Varalaxmi Sarathkumar take home trophies. Times Now
  85. ↑ (10 December 2019). Nominations for the 66th Filmfare Awards (South) 2019. Filmfare
  86. ↑ (19 September 2022). SIIMA 2022: Check full list of winners. Deccan Herald

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় চলচ্চিত্ৰ অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতাতামিল চলচ্চিত্ৰৰ অভিনেতাতেলেগু চলচ্চিত্ৰৰ অভিনেতানন্দী বঁটা বিজয়ীফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ীদক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় দেৱৰকোণ্ডা” প্ৰবন্ধৰ সংশোধন ৫৭৯৩০১ (১৯ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।