গিৰীশ কুমাৰ১ (Girish Kumar; জন্ম: ৩০ জানুৱাৰী ১৯৮৯) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। ৰোমাণ্টিক কমেডীধৰ্মী ছবি ৰামাইয়া ৱাস্তাৱৈয়াত অভিনয়েৰে তেওঁ বলীউডত পদাৰ্পণ কৰে। ২০১৩ চনৰ ১৯ জুলাইত মুক্তি পোৱা এই ছবিখনত তেওঁ অভিনেত্ৰী, শ্ৰুতি হাছানৰ বিপৰীতে অভিনয় কৰিছিল।
কৰ্মজীৱন
১৯৮৯ চনৰ ৩০ জানুৱাৰী তাৰিখে, গিৰীশে মহাৰাষ্ট্ৰৰ এক হিন্দু ধৰ্মাৱলম্বী সিন্ধি পৰিয়ালত জন্মগ্ৰহণ কৰে।২ প্ৰভু দেৱাৰ দ্বাৰা পৰিচালিত আৰু তেওঁৰ পিতৃ কুমাৰ এছ. তৌৰাণীৰ দ্বাৰা প্ৰযোজিত, বলীউডৰ ৰোমাঞ্চধৰ্মী চলচ্চিত্ৰ ৰামাইয়া ৱাস্তাৱৈয়া (২০১৩)ৰ বাবে তেওঁক চুক্তিবদ্ধ কৰা হৈছিল। তেওঁৰ পিতৃ, কুমাৰ তৌৰাণী টিপছ ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ পৰিচালনা সঞ্চালক। চলচ্চিত্ৰখনৰ বাবে তেওঁ প্ৰয়োজনীয় শাৰীৰিক গঠন বজায় ৰাখিছিল। ইয়াৰ বাবে তেওঁ তিনি বছৰৰ বাবে প্ৰশিক্ষণ লʼবলগীয়া হৈছিল আৰু আহাৰৰ এক কঠোৰ নিয়ম ৰক্ষা কৰিব লগা হৈছিল।৩ তেওঁ ছবিখনৰ বাবে চাৰ্ফিঙো শিকিছিল।৪
বলিউড হাংগামাৰ তৰণ আদৰ্শই তেওঁৰ অভিনয় সন্দৰ্ভত এইদৰে মন্তব্য কৰিছিল: "গিৰীশৰ বাবে এয়া প্ৰথম অভিজ্ঞতা হোৱাৰ বাবে তেওঁৰ অভিনয়ত কিছু ৰুক্ষ প্ৰান্ত আছে যদিও আচল বিষয়টো হʼল, তেওঁ ফটোজেনিক আৰু খুব আত্মবিশ্বাসেৰে অভিনয় সম্পন্ন কৰে।" ৫ হিন্দুস্তান টাইমছৰ সৰিৎ ৰায়ে তেওঁৰ চিত্ৰায়নৰ কম অনুকূল পৰ্যালোচনা কৰি কয়, "দুৰ্ভাগ্যবশতঃ তেওঁৰ নৃত্যভাগ, তেওঁৰ অভিনয়তকৈ অলপ কম কঠোৰ।" ছবিখনে সমালোচকসকলৰ পৰা খুব কম প্ৰশংসা অৰ্জন কৰিছিল আৰু বক্স অফিচতো প্ৰদৰ্শন উন্নত নাছিল। ২০১৬ চনত, গিৰীশে নৱনীত কৌৰ ঢিল্লোঁৰ বিপৰীতে ৰোমাণ্টিক কমেডিধৰ্মী ছবি, লাভশ্বুদাত গৌৰৱৰ চৰিত্ৰত অভিনয় কৰিছিল। ছবিখনে সমালোচকসকলৰ পৰা প্ৰতিকূল সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচত অসফল হৈছিল। তেওঁ পৰৱৰ্তী সময়ত তেওঁ কলেটাৰেল ডেমেজ নামৰ ছবি এখনত অভিনয় কৰে। ই গাঁৱলীয়া জনসমাজত প্ৰচলিত এক পুৰণি প্ৰথাৰ ওপৰত নিৰ্মিত এখন চুটি চলচ্চিত্ৰ। চলচ্চিত্ৰখন ২০১৮ চনৰ ২৯ নৱেম্বৰত, মুক্তি দিয়া হৈছিল আৰু বহুতো চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈছিল।
চলচ্চিত্ৰপুঞ্জী
| বৰ্ষ | শিৰোনাম | ভূমিকা | টোকা |
|---|---|---|---|
| ২০১৩ | ৰামাইয়া ৱাস্তাৱৈয়া | ৰাম কাপুৰ | মনোনীত – শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ শিতানত স্ক্ৰীণ বঁটা৬ মনোনীত–বিগ ষ্টাৰ এৱাৰ্ড ফৰ মʼষ্ট এণ্টাৰটেইনিং এক্টৰ (ফিল্ম) ডেবিউ - মেল৭ মনোনীত–শ্ৰেষ্ঠ নৱাগত অভিনেতাৰ শিতানত অপ্সৰা বঁটা৮ |
| ২০১৬ | লাভশ্বুদা | গৌৰৱ মেহৰা | |
| ২০১৮ | কলাটেৰেল ডেমেজ | সমীৰ সিং | চুটি ছবি |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Girish Kumar – Verified FB Page. ফেইচবুক
- ↑ Girish Taurani New Kid On The Bloc!. Stardust
- ↑ Fat to fit: Girish Kumar
- ↑ Splashing entry by Girish Kumar in Ramaiya Vastavaiya. বলিউড হাংগামা
- ↑ Adarsh, Taran. (19 July 2013). Ramaiya Vastavaiya (2013) Movie Review. বলিউড হাংগামা
- ↑ Nominations for 20th Annual Screen Awards. বলিউড হাংগামা
- ↑ Nominations for 4th BIG Star Entertainment Awards. বলিউড হাংগামা
- ↑ Nominations for 9th Renault Star Guild Awards. বলিউড হাংগামা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰীশ কুমাৰ” প্ৰবন্ধৰ সংশোধন ৬০৬৯৮৫ (১৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।