অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সিদ্ধাৰ্থ মালহোত্ৰা

সিদ্ধাৰ্থ মালহোত্ৰা (; জন্ম: ১৬ জানুৱাৰী ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এগৰাকী ফেশ্বন মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল।

হালনাগাদ: ৩১ জুলাই ২০২৪ ২৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

সিদ্ধাৰ্থ মালহোত্ৰা (; জন্ম: ১৬ জানুৱাৰী ১৯৮৫)১২ এগৰাকী ভাৰতীয় অভিনেতা। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ এগৰাকী ফেশ্বন মডেল হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰিছিল। পিছলৈ তেওঁ মাই নেম ইজ খান (২০১০) ছবিখনত কৰণ জোহৰৰ সহকাৰী পৰিচালক হিচাপেও কাম কৰিছিল। কৰণ জোহৰ পৰিচালিত ২০১২ চনৰ ছবি ষ্টুডেণ্ট অৱ দ্য ইয়েৰত তেওঁ পোনপ্ৰথমবাৰৰ বাবে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।

তাৰ পিছত মালহোত্ৰাই ব্যৱসায়িকভাৱে সফল হোৱা ছবি যেনে ৰোমান্টিক কমেডী ছবি হাছি তোহ ফচি (২০১৪), থ্ৰিলাৰ ছবি এক ভিলেইন (২০১৪) আৰু পাৰিবাৰিক ছবি কাপুৰ এণ্ড সন্স (২০১৬) আদিত অভিনয় কৰে। ২০১৬ চনৰ পৰা ২০১৮ চনলৈকে তেওঁ ফৰ্বছ ইণ্ডিয়াৰ "চেলিব্ৰিটি ১০০" তালিকাখনত স্থান লাভ কৰিছিল।৩ এ জেন্টলমেন (২০১৭), আইয়াৰী (২০১৮) আৰু জবৰিয়া জোড়ী (২০১৯)ৰ দৰে তেওঁৰ বহুকেইখন ছবি বক্স অফিছত বিফল হয়। কেৰিয়াৰৰ অৱনতিৰ পাছত, তেওঁ যুদ্ধমূলক ছবি শ্বেৰশ্বাহ (২০২১)ত বিক্ৰম বাত্ৰাৰ চৰিত্ৰত অভিনয় কৰে। এই ছবিখনে দৰ্শক তথা সমালোচকৰ প্ৰশংসা লাভ কৰে আৰু তেওঁ "শ্ৰেষ্ঠ অভিনেতাৰ ফিল্মফেয়াৰ বঁটা"ৰ বাবে মনোনয়ন লাভ কৰে।৪ ২০২৪ চনত তেওঁ একচন থ্ৰিলাৰধৰ্মী ৱেব ধাৰাবাহিক ইণ্ডিয়ান পুলিচ ফৰ্চত মুখ্য চৰিত্ৰত অভিনয় কৰে।

অভিনয়ৰ উপৰিও তেওঁ কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এম্বেছাদৰ হিচাপে কাম কৰে। ২০২৩ চনত অভিনেত্ৰী কিয়াৰা আদৱানীৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়৷

প্ৰাৰম্ভিক জীৱন আৰু কৰ্ম

ভাৰতৰ দিল্লীৰ এটি পাঞ্জাবী হিন্দু পৰিয়ালত মালহোত্ৰাই জন্মগ্ৰহণ কৰিছিল।৫ তেওঁৰ পিতৃ মাৰ্চেণ্ট নেভিৰ প্ৰাক্তন অধিনায়ক সুনীল মালহোত্ৰা আৰু মাতৃ ৰিম্মা মালহোত্ৰা।৬

মালহোত্ৰাই ডন বস্কো স্কুল (অলকানন্দা, নতুন দিল্লী), আৰু দিল্লীৰ নেভাল পাব্লিক স্কুলত শিক্ষা গ্ৰহণ কৰিছিল।৭ ইয়াৰ পিছত তেওঁ দিল্লীৰ শ্বহীদ ভগত সিং মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।৮ ৯১০ ১৮ বছৰ বয়সত তেওঁ মডেলিং আৰম্ভ কৰে। সফলতা লাভ কৰে যদিও তেওঁ এই বৃত্তিটোত অসন্তুষ্ট হয় আৰু চাৰি বছৰৰ পাছত বৃত্তিটো এৰি দিয়াৰ সিদ্ধান্ত লয়।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (16 January 2015). Sidharth Malhotra turns 30, ready for 'action'. The Times of India
  2. ↑ (16 January 2015). Happy Birthday Sidharth Malhotra: 'Ek Villain' actor gets ready for 'action' at 30. The Indian Express. Indo-Asian News Service
  3. ↑ 2017 Celebrity 100. Forbes India
  4. ↑ (14 September 2021). Sidharth Malhotra on Shershaah's success: 'It is satisfying, emotional and I feel extremely blessed'. Indian Express
  5. ↑ Lakhe, Amruta. (7 February 2014). Sidharth Malhotra talks about his journey from being the junior most to a lead actor. The Indian Express
  6. ↑ Iyer, Meena. (30 June 2012). Siddharth Malhotra's short journey to stardom. The Times of India
  7. ↑ Turning 30: Sidharth Malhotra, From Student to Villain to Superhero. NDTV.com
  8. ↑ (4 August 2022). Famous actors who studied at Delhi University. The Economic Times
  9. ↑ (12 August 2021). Sidharth Malhotra On Growing Up With An Army Background. YouTube
  10. ↑ Gupta, Priya. (11 December 2013). I was dating a South African girl, but I'm now single: Sidharth Malhotra. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেতাভাৰতীয় চলচ্চিত্ৰ অভিনেতাহিন্দী চলচ্চিত্ৰৰ অভিনেতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সিদ্ধাৰ্থ মালহোত্ৰা” প্ৰবন্ধৰ সংশোধন ৪২৭২৫১ (৩১ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।