সৌন্দৰ্য প্ৰতিযোগী
১৬৮ প্ৰবন্ধ
-
ইভা গঞ্জালেছ
ইভা মাৰিয়া গঞ্জালেছ ফাৰ্নাণ্ডেজ (ইংৰাজী: Eva María González Fernández; জন্ম: ৫ নৱেম্বৰ ১৯৮০) এগৰাকী স্পেনিছ অভিনেত্ৰী, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
ইভা মুৰাটী
ইভা মুৰাটী (ইংৰাজী: Eva Murati; জন্ম: ২৫ মে' ১৯৯৫) এগৰাকী আলবেনিয়ান ক্ৰীড়া সাংবাদিক, মডেল আৰু অভিনেত্ৰী। ১৫ বছৰ বয়সৰপৰাই কেৰিয়াৰ আৰম্ভ কৰা ইভাই বিজ্ঞাপন আৰু মডেলিঙৰ জৰিয়তে আলবেনিয়াৰ মনোৰঞ্জন জগতত পৰিচিত হৈ পৰে।
-
ইশানী শ্ৰেষ্ঠ
ইশানী শ্ৰেষ্ঠ (নেপালী: इशानी श्रेष्ठ) (জন্ম: ৫ মে' ১৯৯১) এগৰাকী নেপালী টিভি আঁতধৰোঁতা, উদ্যোক্তা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০১৩ চনৰ মিছ নেপাল ৱৰ্ল্ডৰ মুকুট লাভ কৰিছিল।
-
ইৰিনা এণ্টোনেংকো
ইৰিনা এণ্টো (এণ্টোনেংকো) (ইংৰাজী: Irina Anto (Antonenko); জন্ম: ১ ছেপ্টেম্বৰ ১৯৯১) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল।
-
উষা খড্গী
উষা খড্গী (নেপালী: उषा खड्गी; ইংৰাজী: Usha Khadgi) এগৰাকী নেপালী মডেল, টেলিভিছন পৰিচালিকা, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱসায়ী। ২০০০ চনত তেওঁ সপ্তম মিছ নেপালৰ খিতাপ লাভ কৰিছিল। ২০২২ চনৰ পৰা তেওঁ নিউজ ২৪ চেনেলত আমা নামৰ এখন টক শ্ব’ৰ চতুৰ্থ ছিজনৰ আঁত ধৰিবলৈ আৰম্ভ কৰে।
-
উষা ৰজক
উষা ৰজক (নেপালী: उषा रजक; জন্ম: ১৮ অক্টোবৰ ১৯৮৫) এগৰাকী নেপালী অভিনেত্ৰী, মডেল, পেষ্ট্ৰি চেফ আৰু ২০০৬ চনৰ ৱৰ্ল্ড মিছ ইউনিভাৰ্চিটিত নেপালৰ প্ৰতিনিধি। ৰজকে মিচেছ নেপাল ইণ্টাৰনেশ্যনেল ২০২১ খিতাপো অৰ্জন কৰিছিল।
-
এমি হেৰিছ-উইলক
এমি মেলিনা হেৰিছ-উইলক (ইংৰাজী: Amy Melissa Harris-Willock; জন্ম: ১৪ ছেপ্টেম্বৰ ১৯৮৭) এগৰাকী ইংৰাজ দীঘল জাঁপবিদ। তেওঁ এণ্টিগুৱান মূলৰ খেলুৱৈ আৰু বৰ্তমান এমি হেৰিছ নামেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি তেওঁ সৌন্দৰ্য প্ৰতিযোগিতা মিছ কেৰিবিয়ান ইউকেৰ প্ৰাক্তন খিতাপধাৰী।
-
এলমিৰা আবদ্ৰাজাকোভা
এলমিৰা ৰাফাইলভনা আবদ্ৰাজাকোভা (ইংৰাজী: Elmira Rafailovna Abdrazakova; জন্ম: ৭ অক্টোবৰ ১৯৯৪) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৩ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৩ আৰু মিছ ৱৰ্ল্ড ২০১৩ প্ৰতিযোগিতাত ৰাছিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
এলেচিয়া ৰাউত
এলেচিয়া ৰাউত (ইংৰাজী: Alesia Raut) এগৰাকী ভাৰতীয় মডেল, ভিজে আৰু ফেশ্বন কৰিঅ’গ্ৰাফাৰ। তেওঁ ষ্টাৰ ৱান চেনেলৰ এটা ভ্ৰমণ বিষয়ক অনুষ্ঠানৰ আঁত ধৰিছিল। তেওঁ টিভি ৰিয়েলিটি শ্ব’ ফিয়েৰ ফেক্টৰ: খতৰো কে খিলাড়ী (চতুৰ্থ ছিজন)ৰ এগৰাকী প্ৰতিযোগী আছিল।
-
এশা গুপ্তা
এশা গুপ্তা (ইংৰাজী: Esha Gupta; জন্ম: ২৮ নৱেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁক 'ফেমিনা মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ২০০৭'ৰ মুকুট পিন্ধোৱা হৈছিল আৰু তেওঁ মিছ ইণ্টাৰনেশ্যনেল ২০০৭ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
এৰিন মেকনাট
এৰিন মেকনাট (ইংৰাজী: Erin McNaught; জন্ম: ২২ মে' ১৯৮২) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, অভিনেত্ৰী, ঘোষিকা, দূৰদৰ্শন ব্যক্তিত্ব আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
এৰিন হোলেণ্ড
এৰিন ভিক্টোৰিয়া হোলেণ্ড (ইংৰাজী: Erin Victoria Holland; জন্ম: ২১ মাৰ্চ ১৯৮৯) এগৰাকী অষ্ট্ৰেলিয়ান গায়িকা, টেলিভিছন ঘোষিকা, মডেল, নৃত্যশিল্পী, দানশীল কৰ্মী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৩ চনৰ ২০ জুলাইত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া খিতাপ অৰ্জন কৰিছিল।
-
কবিতা সিদ্ধু
কবিতা সিদ্ধু (ইংৰাজী: Kavita Sidhu; জন্ম: ২৯ নৱেম্বৰ ১৯৭১) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন সুন্দৰী সম্ৰাজ্ঞী। তেওঁ ভাৰতীয় পঞ্জাবী বংশোদ্ভৱ।
-
কাথাৰিণা মাজেপা
কাথাৰিণা মাজেপা (ইংৰাজী: Katharina Mazepa; জন্ম: ১৯ আগষ্ট ১৯৯৫) এগৰাকী অষ্ট্ৰিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ ভিয়েনা খিতাপ জয় কৰি চৰ্চালৈ আহিছিল। কাথাৰিণা মাজেপা বৰ্তমান এগৰাকী আন্তঃৰাষ্ট্ৰীয় মডেল হিচাপে বিশ্বৰ বিভিন্ন আগশাৰীৰ ফেশ্বন ব্ৰেণ্ডৰ সৈতে কাম কৰি আহিছে।
-
কায়া চক্ৰৱৰ্তী
কায়া চক্ৰৱৰ্তী (ইংৰাজী: Kaya Chakrabortty; জাপানী: チャクラボルティ雅, Hepburn: Chakuraboruti Kaya; জন্ম: ৬ আগষ্ট, ২০০১) এগৰাকী জাপানী সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনৰ মিছ ইউনিভাৰ্চ জাপান খিতাপ জয় কৰিছিল।
-
কাৰ্লা বাৰ্বাৰ
কাৰ্লা বাৰ্বাৰ গাৰ্চিয়া (ইংৰাজী: Carla Barber Garcia; জন্ম: ১৮ মে' ১৯৯০) এগৰাকী স্পেনিছ চিকিৎসক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ স্পেইন ২০১৫ আৰু মিছ ৱৰ্ল্ড স্পেইন ২০১১ৰ মুকুট লাভ কৰিছিল।
-
কিৰণ জচল
কিৰণমীত কৌৰ জচল (ইংৰাজী: Kiranmeet Kaur Jassal; জন্ম: ১৩ মাৰ্চ ১৯৯৬), যাক সাধাৰণতে কিৰণ জচল বুলি জনা যায়, এগৰাকী মালয়েছিয়ান ভাৰতীয় মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৬ বৰ্ষৰ মিছ ইউনিভাৰ্চ মালয়েছিয়াৰ মুকুট অৰ্জন কৰিছিল।
-
কেডিষ্ট ডেল্টুৰ
কেডিষ্ট ডেল্টুৰ (জন্ম: ২৯ জুলাই ১৯৯৭) এগৰাকী বেলজিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ বেলজিয়াম ২০২১ ৰ মুকুট লাভ কৰিছিল। তেওঁ ২০২৪ চনৰ ৯ মাৰ্চত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
কেথাৰিণা চভেনচন
কেথাৰিণা ব্ৰিং (ইংৰাজী: Catharina Brink; জন্ম: ২৭ নৱেম্বৰ ১৯৭৯) এগৰাকী ডেনিছ অধিবক্তা, অশ্বাৰোহী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ বিশ্বৰ প্ৰথমগৰাকী মিছ আৰ্থ (২০০১) হিচাপে পৰিচিত।
-
কেভিন লিলিয়ানা
কেভিন লিলিয়ানা জুনাইডি (জন্ম ৫ জানুৱাৰী ১৯৯৬) এগৰাকী উপস্থাপক আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে ২০১৭ চনৰ মিছ ইণ্টাৰনেশ্যনেলৰ বিজয়ী। তেওঁ প্ৰথম ইণ্ডোনেছিয়ান আৰু মুছলমান মহিলা যিয়ে মিছ ইণ্টাৰনেশ্যনেল বিজয়ী, আৰু ইণ্ডোনেছিয়াৰ প্ৰথমগৰাকী মহিলা যিয়ে চাৰিটা প্ৰধান আন্তঃৰাষ্ট্ৰীয়…
-
কেৰোলাইন পেম্বাৰ্টন
কেৰোলাইন পেম্বাৰ্টন (ইংৰাজী: Caroline Pemberton) এগৰাকী অষ্ট্ৰেলিয়ান মডেল, টেলিভিছন পৰিচালিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৭ চনত মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়াৰ খিতাপ লাভ কৰি বিশেষ খ্যাতি অৰ্জন কৰে।
-
কেৰোলিনা গোমেজ কোৰিয়া
কেৰোলিনা গোমেজ কোৰিয়া (ইংৰাজী: Carolina Gómez Correa; জন্ম: ২৬ ফেব্ৰুৱাৰী ১৯৭৫) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, টিভি সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ কলম্বিয়া ১৯৯৩ৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছিল আৰু মিছ ইউনিভাৰ্ছ ১৯৯৪ত প্ৰথম ৰানাৰ্ছ-আপ হৈছিল।
-
ক্সেনিয়া চুখিনোভা
ক্সেনিয়া ভ্লাদিমিৰোভনা চুখিনোভা (ইংৰাজী: Ksenia Vladimirovna Sukhinova; জন্ম: ২৬ আগষ্ট ১৯৮৭) এগৰাকী ৰাছিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী যিয়ে মিছ ৱৰ্ল্ড ২০০৮-ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰা দ্বিতীয়গৰাকী ৰাছিয়ান মহিলা আছিল।
-
গাব্ৰিয়েলা টাফুৰ
গাব্ৰিয়েলা টাফুৰ নাদেৰ (ইংৰাজী: Gabriela Tafur; জন্ম: ৭ জুলাই ১৯৯৫) এগৰাকী কলম্বিয়ান অধিবক্তা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০১৮ ৰ মুকুট পিন্ধিছিল।
-
গাম্যা ৱিজয়দাসা
গাম্যা ৱিজয়দাসা (সিংহলী: ගම්යා විජයදාස) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০০৯ চনত ডেনানা ভিট মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ খিতাপ জয় কৰিছিল আৰু ২০০৯ চনৰ ১২ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ জোহানেছবাৰ্গত অনুষ্ঠিত মিছ ৱৰ্ল্ড ২০০৯ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল।
-
গৌহৰ খান
গৌহৰ খান (জন্ম: ২৩ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মডেল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ২০০২ চনত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ ২০১৩ চনৰ বিগ বছ ছিজন ৭-ৰ বিজয়ী আছিল। গৌহৰে হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনতো অভিনয় কৰিছে।
-
চিণ্ডি মেৰিনা
চিণ্ডি মেৰিনা (ইংৰাজী: Cindy Marina; জন্ম: ১৮ জুলাই ১৯৯৮) এগৰাকী আলবেনিয়ান-আমেৰিকান টেলিভিছন পৰিচালিকা, মডেল, প্ৰাক্তন ভলীবল খেলুৱৈ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ আলবেনিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
চু ৱিনচি
চু ৱিনচি (চীনা ভাষা: 苏盈之; জন্ম: ২৬ অক্টোবৰ ১৯৮৫) এগৰাকী মালয়েছিয়াৰ গায়িকা, অভিনেত্ৰী, সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী আৰু মডেল। তেওঁ ২০০৮ চনত মিছ ৱৰ্ল্ড মালয়েছিয়াৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৮ প্ৰতিযোগিতাত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।
-
চুলাক্ষী ৰাণাতুংগা
চুলাক্ষী সৌভাগ্য ৰাণাতুংগা (সিংহলী: චූලක්ෂි සෞභාග්යා රණතුංග) (জন্ম: ১৩ ফেব্ৰুৱাৰী ১৯৮৯) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৪ চনৰ মিছ শ্ৰীলংকা খিতাপৰ বিজয়ী আছিল।
-
চেনড্ৰিন কৰমেন
চেনড্ৰিন কৰমেন (ইংৰাজী: Sandrine Corman; জন্ম: ১২ এপ্ৰিল ১৯৮০) এগৰাকী বেলজিয়ামৰ টেলিভিছন উপস্থাপিকা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁৰ জন্ম বেলজিয়ামৰ ভাৰ্ভিয়াৰ্চত হৈছিল।