সৌন্দৰ্য প্ৰতিযোগী
১৬৮ প্ৰবন্ধ
-
নিকিতা আনন্দ
নিকিতা আনন্দ (ইংৰাজী: Nikita Anand) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, দূৰদৰ্শনৰ আঁতধৰোঁতা আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০০৩ চনত মিছ ইণ্ডিয়া ইউনিভাৰ্ছৰ মুকুট লাভ কৰিছিল। তেওঁ ২০০৩ চনৰ মিছ ইউনিভাৰ্ছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁ কোনো স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।
-
নিকিতা চন্দক
নিকিতা চন্দক (নেপালী: निकिता चन्दक; জন্ম: ৫ ছেপ্টেম্বৰ ১৯৯৫) এগৰাকী নেপালী মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ নেপাল ২০১৭ খিতাপ জয় কৰিছিল। তেওঁ মিছ পপুলাৰ চইচ আৰু মিছ কনফিডেণ্ট খিতাপো লাভ কৰিছিল।
-
নিহাৰিকা ৰায়জাদা
নিহাৰিকা ৰায়জাদা (ইংৰাজী: Niharica Raizada; জন্ম: ১৮ এপ্ৰিল ১৯৯০) এগৰাকী লাক্সেমবাৰ্গীয় অভিনেত্ৰী। তেওঁ ২০১০ চনৰ মিছ ইণ্ডিয়া ইউকে খিতাপ জয় কৰিছিল আৰু ২০১০ চনৰ মিছ ইণ্ডিয়া ৱৰ্ল্ডৱাইডত ৰানাৰ্ছ-আপ হৈছিল। তেওঁ প্ৰাক্তন বলিউড সংগীতজ্ঞ অ' পি নায়াৰৰ নাতিনী।
-
নেলচা আলভেচ
নেলচা আলভেচ (ইংৰাজী: Nelsa Alves; জন্ম: ৬ জুলাই ১৯৮৭) এগৰাকী আংগোলান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউনিভাৰ্ছ ২০০৯-ত প্ৰতিদ্বন্দ্বিতা কৰিছিল। মডেল হিচাপে আত্মপ্ৰকাশ কৰিয়েই তেওঁ মিছ ইংগোম্বোটা খিতাপ জয় কৰিছিল আৰু পৰৱৰ্তী সময়ত সমাজহিতকৰ কাম-কাজৰ প্ৰসাৰত মনোনিবেশ কৰিছিল।
-
পউলিনা ভেগা
পউলিনা ভেগা ডিয়েপ্পা (ইংৰাজী: Paulina Vega Dieppa; জন্ম: ১৫ জানুৱাৰী ১৯৯৩) এগৰাকী কলম্বিয়ান মডেল, ব্যৱসায় প্ৰশাসক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৪ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ মিছ কলম্বিয়া ২০১৩ জয় কৰিছিল।
-
পপী কেপেলা
পপী কেপেলা স্বস্তিকা (জন্ম: ২২ অক্টোবৰ ১৯৯১), যাক প্ৰায়ে মাদাম পপী কেপেলা বুলিও কোৱা হয়, এগৰাকী ইণ্ডোনেছিয়ান প্ৰাক্তন সৌন্দৰ্য প্ৰতিযোগিতাৰ পৰিচালক, গায়িকা, অভিনেত্ৰী আৰু ব্যৱসায়ী।
-
পাউলা আন্দ্ৰিয়া বেটানকৌৰ
পাউলা আন্দ্ৰিয়া বেটানকৌৰ আৰোয়েভ (ইংৰাজী: Paula Andrea Betancur; জন্ম: ১ জুন ১৯৭২) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। বেটানকৌৰে ১৯৯২ চনৰ ৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাত আমাজনাস বিভাগক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ কলম্বিয়া ১৯৯২ ৰ খিতাপ অৰ্জন কৰিছিল।
-
পাওলা টুৰ্বে
পাওলা টুৰ্বে গোমেজ (জন্ম: ২৯ নৱেম্বৰ ১৯৭০) এগৰাকী কলম্বিয়ান-আমেৰিকান অভিনেত্ৰী, মডেল, টিভি সূত্ৰধাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ টিভি ধাৰাবাহিক বচৰ তৃতীয় ছিজনত অভিনয় কৰিছিল।
-
পাত্ৰিচিয়া ৰড্ৰিগেজ (মডেল)
পাত্ৰিচিয়া ইউৰেনা ৰড্ৰিগেজ আলোনছো (ইংৰাজী: Patricia Yurena Rodríguez; জন্ম: ৬ মাৰ্চ ১৯৯০) এগৰাকী স্পেনিছ মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ স্পেইন ২০০৮ আৰু তাৰ পিছত মিছ ইউনিভাৰ্ছ স্পেইন ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।
-
পিয়া লামবাৰ্গ
পিয়া লামবাৰ্গ (ইংৰাজী: Pia Lamberg; জন্ম: ৫ অক্টোবৰ ১৯৯০) এগৰাকী ফিনিছ অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ফিনলেণ্ড ২০১১ ৰ মুকুট লাভ কৰিছিল আৰু ২০১১ চনৰ ১২ ছেপ্টেম্বৰত ব্ৰাজিলত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১১ প্ৰতিযোগিতাত ফিনলেণ্ডক প্ৰতিনিধিত্ব কৰিছিল।
-
পূজা প্ৰিয়ংকা
পূজা প্ৰিয়ংকা (জন্ম: ২৩ মে’ ১৯৯১) এগৰাকী ফিজিয়ান-ভাৰতীয় অভিনেত্ৰী, মডেল, নৃত্যংগনা, উদ্যোগী আৰু সৌন্দৰ্য প্ৰতিযোগিতা বিজয়ী। তেওঁ ২০১৬ চনৰ "মিছ ৱৰ্ল্ড ফিজি" বিজয়ী আৰু তেওঁৰ বলীউড অভিষেক হৈছিল "দ্য ড্ৰিম কেচাৰ" নামৰ এখন ক্ষুদ্ৰ চলচ্চিত্ৰত ধৰ্মেন্দ্ৰৰ সৈতে অভিনয় কৰাৰ জৰিয়তে।
-
পোলিনা পোপোভা
পোলিনা আলেকজেয়েভনা পোপোভা (ইংৰাজী: Polina Alexeyevna Popova; জন্ম: ১ জুন ১৯৯৫) এগৰাকী ৰাছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৭-ৰ মুকুট লাভ কৰিছিল।
-
প্ৰণতি ৰায় প্ৰকাশ
প্ৰণতি ৰায় প্ৰকাশ (ইংৰাজী: Pranati Rai Prakash) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে ইণ্ডিয়াজ নেক্সট টপ মডেলৰ বিজয়ী হিচাপে পৰিচিতি লাভ কৰিছে। ইয়াৰ উপৰি তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ এগৰাকী চূড়ান্ত প্ৰতিযোগী (ফাইনেলিষ্ট) আছিল।
-
প্ৰিয়দৰ্শনী চেটাৰ্জী
প্ৰিয়দৰ্শনী চেটাৰ্জী(Priyadarshini Chatterjee) এগৰাকী ভাৰতীয় মডেল। ১৯৯৬ চনৰ ১২ আগষ্টত অসমৰ ধুবুৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু কলেজৰ ছাত্ৰী আৰু ২০১৬ চনৰ ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড খিতাপ বিজয়ী।
-
প্ৰেমা লমগাদে
প্ৰেমা লমগাদে (জন্ম ১৯৯৯) এগৰাকী নেপালী মডেল, সমল স্ৰষ্টা আৰু মিছ বিভা গ্ৰেণ্ড ২০২৪-ৰ খিতাপধাৰী। তেওঁ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেল ২০২৪ প্ৰতিযোগিতাত নেপালক প্ৰতিনিধিত্ব কৰিছিল।
-
বাগ্মীতা শইকীয়া
বাগ্মীতা শইকীয়া (Bagmita Saikia) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ অসমৰ যোৰহাট জিলাৰ তিতাবৰৰ বাসিন্দা। ২০২৬ বৰ্ষৰ ১৮ এপ্ৰিলত ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত হ’বলগীয়া ৬১সংখ্যক ফেমিনা মিছ ইণ্ডিয়া ২০২৬ প্ৰতিযোগিতাত তেওঁ অসমক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে।
-
বুই ফুং ঙা
বুই ফুং ঙা (ইংৰাজী: Bùi Phương Nga; জন্ম: ১৬ নৱেম্বৰ ১৯৯৮) এগৰাকী ভিয়েটনামিজ মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মিছ ভিয়েটনাম ২০১৮-ৰ প্ৰথম ৰাণাৰ-আপ আছিল।
-
বেৰিল মিল্ছ
বেৰিল লূচী মিল্ছ (ইংৰাজী: Beryl Lucy Mills; জন্ম: ৩ জানুৱাৰী ১৯০৭ – ১৩ জুলাই ১৯৭৭) এগৰাকী বিজ্ঞাপন এজেণ্ট, পুথিভঁৰালী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল। তেওঁ ১৯২৬ চনত মিছ অষ্ট্ৰেলিয়া প্ৰতিযোগিতাত জয়লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল।
-
বৰ্ষা লেখী
বৰ্ষা লেখী (নেপালী: बर्षा लेखी, জন্ম ৫ মে' ১৯৯৩) এগৰাকী নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু পৰিৱেশ কৰ্মী। তেওঁ ২০১৬ চনত অনুষ্ঠিত মিছ নেপাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ নেপাল ইণ্টাৰনেশ্যনেল ২০১৬ খিতাপ লাভ কৰিছিল।
-
ভানেছা মেণ্ডোজা
ভানেছা আলেকজেণ্ড্ৰা মেণ্ডোজা বাষ্টোচ (জন্ম: ২৫ জুলাই ১৯৮১), যি ভানেছা মেণ্ডোজা নামেৰে অধিক পৰিচিত, এগৰাকী কলম্বিয়ান ৰাজনীতিবিদ, অভিনেত্ৰী, ফেশ্বন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী।
-
ভিক্টোৰিয়া কেজৰ থেইলভিগ
ভিক্টোৰিয়া কেজৰ থেইলভিগ (ইংৰাজী: Victoria Kjær Theilvig; জন্ম: ১৩ নৱেম্বৰ ২০০৩) এগৰাকী ডেনিছ মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ২০২৪ৰ মুকুট লাভ কৰিছিল। থেইলভিগ এই খিতাপ জয় কৰা প্ৰথমগৰাকী ডেনিছ মহিলা।
-
ভিডা চামাদজাই
ভিডা চামাদজাই (ইংৰাজী: Vida Samadzai; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী আফগান-আমেৰিকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আফগানিস্তান ২০০৩ ৰ খিতাপ অৰ্জন কৰিছিল।
-
ভেলেণ্টিনা ফেৰাৰ
ভেলেণ্টিনা ফেৰাৰ (ইংৰাজী: Valentina Ferrer; জন্ম: ১৯ ডিচেম্বৰ ১৯৯৩) এগৰাকী আৰ্জেণ্টিনীয় অভিনেত্ৰী, মডেল, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আৰ্জেণ্টিনা ২০১৪-ৰ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
ভেলেৰিয়া মৰালেছ
ভেলেৰিয়া মৰালেছ ডেলগাডো (জন্ম: ২ জানুৱাৰী ১৯৯৮) এগৰাকী কলম্বিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০১৮ চনৰ ৩০ ছেপ্টেম্বৰত মিছ ইউনিভাৰ্ছ কলম্বিয়া ২০১৮-ৰ মুকুট লাভ কৰিছিল।
-
ভেলৰী ডমিংগুৱেজ
ভেলৰী ডমিংগুৱেজ তাৰুড (ইংৰাজী: Valerie Domínguez; জন্ম: ১২ জানুৱাৰী ১৯৮১) এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল, ডিজাইনাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ কলম্বিয়া ২০০৫ ৰ মুকুট পিন্ধিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৬ ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰি শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।
-
ভেৰোনা পুথ
ভেৰোনা পুথ (ইংৰাজী: Verona Pooth; জন্ম: ৩০ এপ্ৰিল ১৯৬৮) এগৰাকী জাৰ্মান অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ১৯৯৩ চনৰ মিছ জাৰ্মানী আৰু মিছ ইণ্টাৰকণ্টিনেণ্টেলৰ খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ১৯৯৩ প্ৰতিযোগিতাত জাৰ্মানীক প্ৰতিনিধিত্ব কৰিছিল।
-
ভ্লাডিছলাভা ইভটুশেংকো
ভ্লাডিছলাভা ইভটুশেংকো (ইংৰাজী: Vladislava Evtushenko; জন্ম: ১ মে’ ১৯৯৬) এগৰাকী ৰাছিয়ান অভিনেত্ৰী, নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ ৰাছিয়া ২০১৫ ৰ প্ৰথম ৰানাৰ্ছ-আপৰ খিতাপ অৰ্জন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক মিছ ইউনিভাৰ্ছ ৰাছিয়া ২০১৫ হিচাপে নিযুক্ত কৰা হৈছিল।
-
মনপ্ৰীত ব্ৰাৰ
মনপ্ৰীত কৌৰ ব্ৰাৰ (ইংৰাজী: Manpreet Kaur Brar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৯৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছিল, আৰু ১৯৯৫ চনৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ-আপ হৈছিল।
-
মনিকা আমেকোৱাফিয়া
মনিকা আমেকোৱাফিয়া (৩০ জুন ১৯৩৪ – ২৪ জুন ১৯৯০) এগৰাকী ঘানীয় মহিলা আৰু ১৯৫৭ চনত ট্ৰেন্স-ভল্টা টোগোলেণ্ডক প্ৰতিনিধিত্ব কৰি অনুষ্ঠিত হোৱা প্ৰথম সংস্কৰণৰ মিছ ঘানা প্ৰতিযোগিতাৰ বিজয়ী আছিল। তেওঁ ৯ নম্বৰ প্ৰতিযোগী আছিল। তেওঁৰ এই নম্বৰটোৰ বাবেই ভল্টা অঞ্চলৰ লোকসকলক নম্বৰ ৯ বুলি কোৱা হয়।
-
মনিকা ৰাডুলোভিচ
মনিকা ৰাডুলোভিচ (ইংৰাজী: Monika Radulovic; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১৫ৰ মুকুট লাভ কৰিছিল।