সৌন্দৰ্য প্ৰতিযোগী
১৬৮ প্ৰবন্ধ
-
সুজিতা বস্নেত
সুজিতা বস্নেত (নেপালী: सुजिता बस्नेत; জন্ম ১০ মে' ১৯৯৩) এগৰাকী আমেৰিকান-নেপালী সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আৰু ব্যৱস্থাপনা পৰামৰ্শদাতা, যিয়ে ২০১১ চনৰপৰা ২০২১ চনলৈকে বহুতো সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। তেওঁক মিছ ইউনিভাৰ্ছ নেপাল ২০২১ৰ মুকুট পিন্ধোৱা হৈছিল।
-
সুমন ৰাও
সুমন ৰতন সিং ৰাও (: Suman Ratan Singh Rao; জন্ম ২৩ নৱেম্বৰ ১৯৯৮) এগৰাকী ভাৰতীয় মডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতাৰ খিতাপ দখলকৰী যিয়ে ফেমিনা মিছ ইণ্ডিয়া ২০১৯ৰ মুকুট পিন্ধিছিল।
-
সোণাল চৌহান
সোণাল চৌহান (ইংৰাজী: Sonal Chauhan; জন্ম: ১৬ মে' ১৯৮৫/১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ মূলতঃ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত কাম কৰে। ২০০৫ চনত তেওঁ ফেমিনা মিছ ইণ্ডিয়া আৰু মিছ ৱৰ্ল্ড টুৰিজিম খিতাপ অৰ্জন কৰিছিল।
-
সোনালী নাগৰাণী
সোণালী নাগৰাণী (ইংৰাজী: Shonali Nagrani) এগৰাকী ভাৰতীয় অভিনেত্ৰী, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আঁত ধৰিছিল। ইয়াৰ উপৰি তেওঁ হিন্দী ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।
-
সৰগম কৌশল
সৰগম কৌশল (ইংৰাজী: Sargam Koushal; জন্ম: ২০ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী ভাৰতীয় শিক্ষয়িত্ৰী যিয়ে ২০২২ চনত মিচেছ ৱৰ্ল্ড খিতাপ অৰ্জন কৰিছিল।
-
হামামাত মণ্টিয়া
হামামাত মণ্টিয়া (ইংৰাজী: Hamamat Montia; জন্ম: ২২ জুলাই, ১৯৮৮) এগৰাকী ঘানাৰ মডেল, উদ্যমী আৰু সাংস্কৃতিক অধিবক্তা। তেওঁ এগৰাকী প্ৰাক্তন মিছ মালাইকা ঘানা বিজয়ী আৰু মডেল অফ আফ্ৰিকা ইউনিভাৰ্ছ।
-
হেলেনা ক্ৰীষ্টেনচেন
হেলেনা ক্ৰীষ্টেনচেন (ইংৰাজী: Helena Christensen; জন্ম: ২৫ ডিচেম্বৰ ১৯৬৮) এগৰাকী ডেনিছ ফেশ্বন মডেল। তেওঁ পূৰ্বৰ ভিক্টোৰিয়াছ ছিক্ৰেট এঞ্জেল, নাইলন আলোচনীৰ সহ-প্ৰতিষ্ঠাপক তথা মূল সৃষ্টিশীল পৰিচালক আছিল।
-
হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ
হ্ৰাফনহিল্ডুৰ হেৰাল্ডচডটিৰ (ইংৰাজী: Hrafnhildur Haraldsdóttir; জন্ম: ৭ এপ্ৰিল ২০০৪) এগৰাকী আইচলেণ্ডিক মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ আৰ্থ ২০২৪ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি মিছ আৰ্থ - এয়াৰ ২০২৪ৰ খিতাপ অৰ্জন কৰিছিল।
-
ৰমণী বৰ্থলোমিউজ
ৰমণী এলিজাবেথ বৰ্থলোমিউজ (সিংহলী: රමණි බර්තොලමියුස්; ১ ছেপ্টেম্বৰ ১৯৬৬ – ৩০ জুন ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী আছিল।
-
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ
ৰহিমা অৰ্চিয়েণ্ট ইয়ায়াহ (জন্ম: ১৯৭৪) এগৰাকী মালয়েছিয়ান ব্যৱসায়ী, প্ৰাক্তন মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে 'মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৪'ৰ মুকুট লাভ কৰিছিল।
-
ৰাচেল ফিঞ্চ
ৰাচেল ফিঞ্চ (ইংৰাজী: Rachael Finch; জন্ম: ৮ জুলাই ১৯৮৮) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন পৰিচালিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁ ২০০৬ চনৰ মিছ টিন অষ্ট্ৰেলিয়াৰ 'পিপলছ চয়েচ এৱাৰ্ড' লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০০৯ ত তৃতীয় ৰানাৰ-আপ হিচাপে নিৰ্বাচিত হৈছিল।
-
ৰুহি সিং
ৰুহি দিলীপ সিং (ইংৰাজী: Ruhi Dilip Singh; জন্ম: ১২ অক্টোবৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ ধাৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিশ্যনত অভিনয় কৰে।
-
ৰেনা আইৰিছ
ৰেনা আইৰিছ (ইংৰাজী: Renae Ayris; জন্ম: ১৭ ছেপ্টেম্বৰ ১৯৯০) এগৰাকী অষ্ট্ৰেলিয়ান নৃত্যশিল্পী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী যিয়ে ২০১২ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ইউনিভাৰ্ছ ২০১২ প্ৰতিযোগিতাত তৃতীয় ৰানাৰ-আপৰ স্থান লাভ কৰিছিল।
-
ৰেনে ডাংগুৰ
ৰেনে ৰেবেঁকা ডাংগুৰ (ইংৰাজী: Renée Rebecca Dangoor; ডিচেম্বৰ ১৯২৫ - ৯ জুলাই ২০০৮) ১৯৪৭ চনত মুকুট পিন্ধা ইৰাকৰ ইতিহাসৰ প্ৰথমগৰাকী সুন্দৰী সম্ৰাজ্ঞী আছিল। তেওঁ বাগদাদী ইহুদীসকলৰ এক বিশিষ্ট পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ মোচে ডাংগুৰ (১৮৮৮–১৯৬২) বাগদাদৰ এজন প্ৰখ্যাত চিকিৎসক আছিল।
-
ৰেৱতী চেত্ৰী
ৰেৱতী চেত্ৰী (Rewati Chetri; জন্ম: ৪ জুলাই, ১৯৯৩) এগৰাকী ভাৰতীয় মডেল তথা সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী। তেওঁ ২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ চূড়ান্ত প্ৰতিযোগীসমূহৰ ভিতৰৰ এগৰাকী আছিল।
-
ৰোহিত খান্দেলৱাল
ৰোহিত খান্দেলৱাল (জন্ম: ১৯ আগষ্ট, ১৯৮৯) এজন ভাৰতীয় মডেল, অভিনেতা আৰু টেলিভিজন ব্যক্তিত্ব। তেওঁ ২০১৫ চনত মিষ্টাৰ ইণ্ডিয়া আৰু ২০১৬ চনত মিষ্টাৰ ৱৰ্ল্ডৰ খিতাপ জয় কৰে। মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতা জয় কৰা তেওঁ প্ৰথম গৰাকী এছিয়ান তথা ভাৰতীয়।
-
ৱিনু উদানী চিৰিৱৰ্ধনা
ৱিনু উদানী চিৰিৱৰ্ধনা (জন্ম: ১০ মাৰ্চ ১৯৯২) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল আৰু টেলিভিছন উপস্থাপিকা। ২০১২ চনত তেওঁ "দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২" প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সুমুদু প্ৰসাদিনীৰ সৈতে যুটীয়াভাৱে 'দেৰাণা ভিট মিছ শ্ৰীলংকা ফৰ মিছ ৱৰ্ল্ড ২০১২' খিতাপ অৰ্জন কৰিবলৈ সক্ষম…
-
ৱেনানিতা আংগাং
ৱেনানিতা আংগাং (ইংৰাজী: Wenanita Angang) এগৰাকী মালয়েছিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড মালয়েছিয়া ২০২২ ৰ মুকুট লাভ কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।