কিৰণমীত কৌৰ জচল (ইংৰাজী ভাষা: Kiranmeet Kaur Jassal; জন্ম: ১৩ মাৰ্চ ১৯৯৬), যাক সাধাৰণতে কিৰণ জচল বুলি জনা যায়, এগৰাকী মালয়েছিয়ান ভাৰতীয় মডেল আৰু সুন্দৰী প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৬ বৰ্ষৰ মিছ ইউনিভাৰ্চ মালয়েছিয়াৰ মুকুট অৰ্জন কৰিছিল। তেওঁ ফিলিপাইনছৰ মানিলাত অনুষ্ঠিত মিছ ইউনিভাৰ্চ ২০১৬ত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
ব্যক্তিগত জীৱন
জচল চাৰিজনীয়া পৰিয়ালটোৰ ভিতৰত আটাইতকৈ সৰু।১ তেওঁৰ মাতৃ ৰঞ্জিত কৌৰ এগৰাকী অধিবক্তা আৰু তেওঁ ২০১৫ চনৰ মিছেছ মালয়েছিয়া ৱৰ্ল্ডৰ বিজয়ী আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী ডা° ৰণমীত জচল ২০১৬ চনৰ মিছ গ্ৰেণ্ড মালয়েছিয়াৰ খিতাপধাৰী আছিল।২৩ জচলে দন্ত চিকিৎসা অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিছে। তেওঁ ২০১৬ চনৰ জুলাই মাহত উল্লেখ কৰিছিল যে যিয়েই নহওক তেওঁ দন্ত চিকিৎসা ত্যাগ নকৰে।৪ জচলে ভৱিষ্যতে নিজাকৈ অৰ্থ’ডনটিক অনুশীলন কেন্দ্ৰ স্থাপন কৰাৰ ইচ্ছা ৰাখে।১ তেওঁ পঞ্জাবী বংশোদ্ভূত আৰু এজন শিখ ধৰ্মাৱলম্বী।৫
কৰ্মজীৱন
সুন্দৰী প্ৰতিযোগিতা
মিছ ইউনিভাৰ্চ মালয়েছিয়া ২০১৬
২০১৬ চনৰ ৩০ জানুৱাৰীত মালয়েছিয়াৰ চেৰি কেমবাংগানৰ পেলেচ অফ দ্য গোল্ডেন হৰ্চেজ হোটেলত জচলক মিছ ইউনিভাৰ্চ মালয়েছিয়া ২০১৬ৰ মুকুট পিন্ধোৱা হয়।৬ পূৰ্বৰ খিতাপধাৰী মিছ ইউনিভাৰ্চ মালয়েছিয়া ২০১৫ ভেনেচা টেভিয়ে তেওঁক মুকুট পিন্ধাইছিল। মূল খিতাপৰ উপৰি তেওঁক "মিছ মাই ডেণ্টিষ্ট উইনিং স্মাইল" উপ-খিতাপো প্ৰদান কৰা হৈছিল।৬
মিছ ইউনিভাৰ্চ ২০১৬
জচলে মিছ ইউনিভাৰ্চ ২০১৬ত মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল আৰু মিছ ভেনেজুৱেলা আৰু বিজয়ী মিছ ম্যানমাৰৰ সৈতে শ্ৰেষ্ঠ ৰাষ্ট্ৰীয় সাজ-পোছাক (National Costume) বঁটাৰ শীৰ্ষ ১২ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল। তেওঁ পেট্ৰোনাছ টুইন টাৱাৰৰদ্বাৰা অনুপ্ৰাণিত সাজ-পোছাক পিন্ধি মালয়েছিয়াক প্ৰতিনিধিত্ব কৰিছিল।৭ এই ৰাষ্ট্ৰীয় সাজ-পোছাকজোৰ মালয়েছিয়াৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ ৰিজমান ৰুজাইনীয়ে তৈয়াৰ কৰিছিল।৮ তেৱেঁই জচলৰ সান্ধ্যকালীন পোছাকজোৰো (evening gown) ডিজাইন কৰিছিল।৯
মডেলিঙ
জচলে ২০১৬ চনৰ ল'ৰিয়েল প্ৰফেচনেল কালৰ ফৰ লাইফ চুলিৰ ফেশ্বন দানশীল অনুষ্ঠানত ডেবোৰা হেনৰী আৰু ছুপাৰমডেল আম্বাৰ চিয়াৰ সৈতে অংশগ্ৰহণ কৰিছিল।১০
মানৱীয় কাম-কাজ
জচল মালয়েছিয়া এইডছ ফাউণ্ডেচনৰ এগৰাকী চেলিব্ৰিটি ৰাষ্ট্ৰদূত।১১ ২০১৮ চনত জচলক ৰয়েল মালয়েছিয়া পুলিচৰ 'গো-টু-ছেফটি-পইণ্ট' (GTSP) পদক্ষেপৰ সজাগতা বিয়পাবলৈ পেট্ৰন চিকিউৰিটি এম্বেচেডৰ হিচাপে নিযুক্তি দিয়া হৈছিল।১২
তথ্যসূত্ৰ
- ↑ www.thestar.com.my Big dreams to set up her own practice
- ↑ www.pamper.my/news/pamper-tv/pampermystar-kiran-jassal-ass-kicked-way-miss-universe/ Say hello to the new Miss Universe Malaysia
- ↑ Ashley Tang. (4 November 2016). Family of beauty queens helps improve lives of less fortunate. star2.com
- ↑ (14 July 2016). Staying Positive .. Meet Kiran Jassal the newly crowned Miss Universe Malaysia 2016. The Sun (Malaysia)
- ↑ www.ndtv.com Sikh Girl, Kiran Jassal, To Represent Malaysia In Miss Universe Contest
- ↑ www.thestar.com.my/news/nation/2016/01/31/kiran- Kiran named Miss Universe Malaysia 2016
- ↑ Auto, Hermes. (2017-01-06). Miss Universe Malaysia's national costume takes inspiration from KL's Twin Towers · The Straits Times. www.straitstimes.com
- ↑ Khoo, Jean. (2017-01-09). Miss Universe Malaysia 2016's National Costume Is Inspired by Petronas Twin Tower. Pamper.My
- ↑ (6 January 2017). Check out Malaysia's eccentric national costume for Miss Universe. sg.style.yahoo.com
- ↑ (24 June 2016). Colour For Life With L'Oreal. Astro Awani
- ↑ (11 May 2016). HIV/AIDS: Get tested, get treated. Astro Awani
- ↑ (19 July 2018). Drawing awareness of safe zones at Petron stations. The Star
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কিৰণ জচল” প্ৰবন্ধৰ সংশোধন ৬০৩৮৪৯ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।