দীপান্বিতা শৰ্মা (Dipannita Sharma) বলিউডত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল।১২ ১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ '১৬ ডিচেম্বৰ' চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চিত্ৰজগতত খোজ দিয়ে।
ব্যক্তিগত জীৱন
দীপান্বিতা শৰ্মাৰ ১৯৭৬ চনৰ ২ নৱেম্বৰ তাৰিখে অসমৰ দুলীয়াজানত জন্ম হয়। তেখেতৰ পিতৃ ভাৰতীয় তৈল নিগমৰ এগৰাকী চিকিৎসক আছিল। দীপান্বিতা শৰ্মা গুৱাহাটীৰ কৃষ্ণ নগৰৰ হ'লি চাইল্ড বিদ্যালয়ৰ ছাত্ৰী আছিল, নৱম শ্ৰেণীলৈ এই বিদ্যালয়ত পঢ়াৰ পাছত তেখেতে নাহৰকটীয়াৰ ছেইণ্ট মেৰী স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা সাং কৰে।৩
দিল্লীৰ ব্যৱসায়ী দিলশ্বেৰ সিং অটৱাল নামৰ এজন ব্যক্তিৰ সৈতে বিবাহত বহে,৪ তেখেতসকল বৰ্তমান ভাৰতৰ মুম্বাই চহৰ বাসিন্দা।
চলচ্চিত্ৰ
| বছৰ | শিৰোনাম | ভূমিকা | উল্লেখনীয় |
|---|---|---|---|
| ২০০২ | ১৬ ডিচেম্বৰ | শীবা | মনোনীত, জী এণ্ড স্ক্ৰীণ এৱাৰ্ডছ |
| দিল ভিল প্যাৰ ব্যাৰ | পায়ল সিং | ||
| ২০০৪ | অসম্ভৱ | কিঞ্জল | |
| ২০০৫ | মাই ব্ৰাদাৰ... নিখিল | লীনা গোমচ | |
| কোই আপ চা | প্ৰীতি | ||
| ২০১১ | লেডিজ ভাৰ্চেজ ৰিকি বাহ্ল | ৰাইনা পাৰুলেকাৰ | মনোনীত (জী চিনে এৱাৰ্ডছ, ২০১২, best supporting actor female category) |
| ২০১২ | জোৰী ব্ৰেকাৰ্ছ | মেগী | |
| ২০১৪ | পিজ্জা | ||
| ২০১৫ | টেক ইট ইজি | ৰামা | |
| ২০১৭ | কফি উইথ ডি | নেহা | |
| ২০১৭ | শৈশৱতে ধেমালিতে | প্ৰথম অসমীয়া চলচ্চিত্ৰ | |
| ২০১৯ | ৱাৰ | ড॰ মল্লিকা শিংঘল |
টেলিভিছন ধাৰাবাহিক
| ছিৰিয়েল | চেনেল |
|---|---|
| হৰ দিল জো ল'ভ কৰেগা | জূম টিভি চেনেল |
| ৱিলছ লাইফষ্টাইল ইণ্ডিয়া ফেচন ৱিক | ষ্টাৰ ৱ'ৰ্ল্ড |
| ফিয়েৰ ফেক্টৰ- খাটৰো কে খিলাড়ী #চিজন ১ | ক'লৰ্চ টিভি |
| এম টিভি মেকিং দা কাট | এম টিভি ইণ্ডিয়া |
| পিয়া কে ঘৰ জানা হে | এ আৰ ৱাই ডিজিটেল |
| আনটেগ (ৱেব ছিৰিজ) | ভূট |
| বেৱাফা চি ৱাফা (ৱেব ছিৰিজ) | এ এল টি বালাজী ('বিজয়ী' আই ডব্লিউ এম ডিজিটেল এৱাৰ্ড 'Best Supporting Role Female in a Webseries') |
তথ্যসূত্ৰ
- ↑ Profile of Dipannita Sharma: Indian & Assamese model, Actress. Assamspider.com
- ↑ (2011-02-11). There’s no three-year itch: Dipannita Sharma - Entertainment - DNA. Dnaindia.com
- ↑ Runa Borah. (09-Mar-2010). Profile of Dipannita Sharma: Indian & Assamese model, Actress
- ↑ Soumyadipta Banerjee. (Feb 11, 2011). There’s no three-year itch: Dipannita Sharma. DNA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীপান্বিতা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৩০০৮৬১ (২৬ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।