অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ডায়ানা ষ্টাৰ্কোভা

ডায়ানা ষ্টাৰ্কোভা (ইংৰাজী: Diana Starkova) এগৰাকী মনাকো মূলৰ ফৰাচী সৌন্দৰ্য ৰাণী, যিয়ে মিছ ইউৰোপ সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল। তেওঁ পেৰিছ-ছৰ্বন বিশ্ববিদ্যালয়ৰ কলা ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ এগৰাকী ছাত্ৰী।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ১৮২ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

ডায়ানা ষ্টাৰ্কোভা (ইংৰাজী ভাষা: Diana Starkova) এগৰাকী মনাকো মূলৰ ফৰাচী ভাষা সৌন্দৰ্য ৰাণী, যিয়ে মিছ ইউৰোপ সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছিল।১ তেওঁ পেৰিছ-ছৰ্বন বিশ্ববিদ্যালয়ৰ কলা ইতিহাস আৰু পুৰাতত্ত্ব বিভাগৰ এগৰাকী ছাত্ৰী।২৩

জীৱনী

ডায়ানাৰ কেৰিয়াৰ 'এলিট মডেল লুক' প্ৰতিযোগিতাৰপৰা আৰম্ভ হৈছিল।

মিছ ইউৰোপ

ডায়ানাৰ কেৰিয়াৰৰ এক গুৰুত্বপূৰ্ণ মোৰ আহে যেতিয়া তেওঁক মিছ ইউৰোপ সৌন্দৰ্য প্ৰতিযোগিতাত ফ্ৰান্সক প্ৰতিনিধিত্ব কৰিবলৈ মনোনীত কৰা হয়। ডায়ানাই ফ্ৰান্সক প্ৰতিনিধিত্ব কৰি মিছ ইউৰোপ খিতাপ জয় কৰে। তেওঁ ৩৪ গৰাকী ইউৰোপীয় প্ৰতিনিধিক অতিক্ৰমি বিজয়ী হয় আৰু চোপাৰ্ড কোম্পানীয়ে নিৰ্মাণ কৰা এখন মুকুট পিন্ধিবলৈ সক্ষম হয়। ১৩০ গ্ৰাম সোণত ৬৭৮টা হীৰা খটোৱা এই মুকুটখনৰ মাজভাগত এটা বিৰল ২৬.৪০ কেৰেটৰ গাঢ় ৰঙৰ হৃদপিণ্ড আকৃতিৰ হীৰা আছিল। মুকুটখনৰ অনুমাণিক মূল্য আছিল ৩,৫০,০০০ ইউৰো। এই খিতাপৰ সৈতে ষ্টাৰ্কোভাই ২,৫০০,০০০ ইউৰোৰ এটা চুক্তি আৰু মিছ ইউৰোপ সংস্থাৰদ্বাৰা পেছাদাৰী প্ৰতিনিধিত্বৰ সুযোগ লাভ কৰে। ইয়াৰ উপৰি তেওঁ হীৰাৰ আ অলংকাৰ, চোপাৰ্ডৰ ঘড়ী, ৬,৫০,০০০ ইউৰোৰ নগদ ধনৰ পুৰস্কাৰ, কেৰাষ্টেজৰপৰা চুলিৰ যতনৰ সামগ্ৰী, ক্ৰিষ্টিয়ান লুবুটিনৰ জোতা, ব্যক্তিগত জেট বিমানত ভ্ৰমণৰ সুবিধা আৰু এলি চাবৰ পোছাক লাভ কৰে।৪ নিজৰ কাৰ্যকালত ডায়ানাই 'ডলচে গাবানা'ক প্ৰতিনিধিত্ব কৰিছিল আৰু কান চলচ্চিত্ৰ মহোৎসৱ তথা ভেনিচ চলচ্চিত্ৰ মহোৎসৱত অতিথি হিচাপে উপস্থিত আছিল। তেওঁক 'ছুপাৰমডেল অফ দ্য ইয়াৰ' বঁটাৰেও সন্মানিত কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Латвийская модель одержала победу в конкурсе «Мисс Европа 2017», rus.tvnet.lv
  2. ↑ Reigning Miss Europe
  3. ↑ History of Art and Archeology department Miss Europe official website
  4. ↑ "Miss Europe 2016 Prizes"

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডায়ানা ষ্টাৰ্কোভা” প্ৰবন্ধৰ সংশোধন ৬০৩৩৭০ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।