অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অদিতি আৰ্য

অদিতি আৰ্য কোটাক (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল, গৱেষণা বিশ্লেষক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছিল। তেওঁ মিছ ৱৰ্ল্ড ২০১৫ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৩১৯ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

অদিতি আৰ্য কোটাক (জন্ম: ১৮ ছেপ্টেম্বৰ ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী,১ মডেল, গৱেষণা বিশ্লেষক আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ২০১৫ চনত ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ডৰ খিতাপ অৰ্জন কৰিছিল।২ তেওঁ মিছ ৱৰ্ল্ড ২০১৫ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।

প্ৰাৰম্ভিক জীৱন

আৰ্যৰ জন্ম চণ্ডীগড়ত হৈছিল আৰু তেওঁৰ প্ৰাৰম্ভিক বছৰবোৰত চেক্ৰেড হাৰ্ট ছিনিয়ৰ চেকেণ্ডাৰী স্কুলত পঢ়িছিল, তাৰ পিছত গুৰগাঁৱলৈ গুচি যায়, যʼত তেওঁ এমিটি ইণ্টাৰনেচনেল স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তাৰ পিছত তেওঁ শ্বহীদ সুখদেৱ কলেজ অৱ বিজনেছ ষ্টাডিজৰ পৰা বিজনেছ ষ্টাডিজত ফাইনেন্স মেজৰৰ সৈতে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ ইয়ং লিডাৰ্ছ প্ৰʼগ্ৰামৰ জৰিয়তে ইণ্ডিয়ান স্কুল অফ বিজনেছত নামভৰ্ত্তি কৰিছিল,৩ আনহাতে ডাঙৰ চাৰিটা অডিট ফাৰ্মৰ ভিতৰত এটা আৰ্নষ্ট এণ্ড ইয়ঙত গৱেষণা বিশ্লেষক হিচাপে কাম কৰিছিল।৪

তেওঁ ২০২৩ চনত ইয়েল স্কুল অফ মেনেজমেণ্টৰ এম বি এ শ্ৰেণীত নামভৰ্তি কৰে।

তেওঁ অমিতাশা, চাপৰ্টেড ডিচিচন মেকিং আৰু প্ৰোৎসাহনৰ দৰে কেইবাটাও অলাভজনক গোটৰ সৈতে জড়িত হৈ আছে।৫

পেজেণ্ট্ৰী

ফেমিনা মিছ ইণ্ডিয়া ২০১৫

২০১৫ চনৰ ২৮ মাৰ্চ তাৰিখে মুম্বাইত অনুষ্ঠিত হোৱা এফবিবি ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড, ২০১৫ প্ৰতিযোগিতাত অদিতি বিজয়ী হয়।

মিছ ৱৰ্ল্ড ২০১৫

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০১৫-ৰ খিতাপ জয় কৰাৰ পিছত, তেওঁ মিছ ৱৰ্ল্ড ২০১৫-ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, যিটো মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ৬৫তম সংস্কৰণ আছিল। তেওঁ মাল্টিমিডিয়া বঁটাত শীৰ্ষ ৫, পিপলছ চয়ছ বঁটাত শীৰ্ষ ৫, ৱৰ্ল্ড ফেশ্বন ডিজাইনাৰ ড্ৰেছ বঁটাত শীৰ্ষ ১০, বিউটি উইথ এ পাৰ্পজ বঁটাত শীৰ্ষ ২৫, প্ৰতিভা উপ-প্ৰতিযোগিতাত শীৰ্ষ ৩০ আৰু শীৰ্ষ মডেল উপ-প্ৰতিযোগিতাত শীৰ্ষ ৩০ৰ ভিতৰত আছিল।৬৭

অভিনয় জীৱন

২০১৫ চনৰ ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ লাভ কৰাৰ পিছত অদিতি আৰ্যই পৰিচালক, পুৰী জগন্নাথৰ ছবি ইজমত অভিনেতা, নন্দমুৰী কল্যাণ ৰামৰ বিপৰীতে মুখ্য নায়িকা হিচাপে টলিউডত পদাৰ্পণ কৰে।৮ বক্স অফিচত সফলতা লাভ কৰা৯ এই ছবিখনে দৰ্শক আৰু সমালোচকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছিল।

ইয়াৰ পিছত তেওঁ কুৰুক্ষেত্ৰ নামৰ কন্নড় ছবি এখনত উত্তৰাৰ চৰিত্ৰত অভিনয় কৰে। ছবিখন থ্ৰীডিত চিত্ৰগ্ৰহণ কৰা হৈছিল।১০

সিদ্ধান্ত সচদেৱৰ দ্বাৰা পৰিচালিত আৰু বিক্ৰম ভট্টৰ প্ৰযোজিত মুঠ ৩৬টা খণ্ডৰ হিন্দী ৱেব ধাৰাবাহিক তন্ত্ৰত তেওঁ মুখ্য চৰিত্ৰত অভিনয় কৰিছে।১১ একেটা দলৰ সৈতে তেওঁ আন এখন ৱেব ধাৰাবাহিক স্পটলাইট ২তো অভিনয় কৰিছে,১২ যিখন ২০১৮ চনৰ ২৬ জানুৱাৰীত আন্তঃৰাষ্ট্ৰীয় অভাৰ-দ্য-টপ ভিডিঅ’ সেৱা ভিউত মুক্তি পায়।

তেওঁ বৰ্তমান তেওঁৰ পৰৱৰ্তী টলিউড ছবি নিন্নু ভাদিলি নেনু পোলেনুলেৰ দৃশ্যগ্ৰহণ কৰি আছে।১৩

অদিতি আৰ্য কোটাকৰ পঞ্জাবী চলচ্চিত্ৰ তেৰিয়াঁ মেৰিয়াঁ হেৰা ফেৰিয়াঁ ২০২৪ চনৰ ২১ জুনত মুক্তি লাভ কৰিছিল।

ব্যক্তিগত জীৱন

২০২৩ চনৰ নৱেম্বৰ মাহত, তাজ ফাতেহ প্ৰকাশ পেলেচ উদয়পুৰ আৰু জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰ মুম্বাইত অনুষ্ঠিত হোৱা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত কোটিপতি উদয় কোটকৰ পুত্ৰ জয় কোটকৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হয়।

চলচ্চিত্ৰপুঞ্জী

বৰ্ষচলচ্চিত্ৰচৰিত্ৰভাষাটোকা
২০১৬ইজমআলিয়া খানতেলুগুতেলুগু অভিষেক
২০১৭তন্ত্ৰসুনয়নাহিন্দীভুটত মুক্তিপ্ৰাপ্ত ৱেব ধাৰাবাহিক
২০১৮স্পটলাইট ২জ্যোতিকাভিউত মুক্তিপ্ৰাপ্ত ৱেব ধাৰাবাহিক
২০১৯চেভেনঅভিনয়াতেলুগু / তামিল
২০১৯কুৰুক্ষেত্ৰউত্তৰাকন্নড়কন্নড় অভিষেক
২০২০আনলকঋদ্ধিহিন্দীজি৫-ত মুক্তি প্ৰাপ্ত চলচ্চিত্ৰ
২০২১৮৩ইন্দৰজিৎ ভৰদ্বাজহিন্দী১৪১৫
ত্ৰিশূলমকন্নড়Filming১৬
নিন্নু ভাদিলি নেনু পলেনুলেতেলুগুচিত্ৰগ্ৰহণ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2018-01-21). 'Sporting half saris was fun', says Aditi Arya. Deccan Chronicle
  2. ↑ Delhi girl Aditi Arya wins Miss India 2015 crown. IBNLive
  3. ↑ www.bizjournals.com/newyork/news/2018/01/16/ernst-young-cuts-ribbon-on-newhoboken-office.html. www.bizjournals.com
  4. ↑ (2015-04-07). CBS graduate Aditi Arya wins Miss India 2015 - DU Beat. DU Beat
  5. ↑ Beyond beauty. The Tribune India
  6. ↑ (29 March 2015). Delhi's Aditi Arya crowned Miss India 2015, Aafreen Rachel Vaz and Vartika Singh were runners-up. The Indian Express
  7. ↑ Delhi's Aditi Arya crowned fbb Femina Miss India World 2015. msn.com
  8. ↑ Aditi Arya To Hit Silver Screens
  9. ↑ Hooli, Shekhar H. ISM 1st weekend box office report: Puri Jagannadh's film beats 3-day collections of Kalyan Ram's Pataas. International Business Times, India Edition
  10. ↑ Aditi Arya is Uttara in Kurukshetra. Cinema Express
  11. ↑ Vikram Bhatt presents a new show 'Tantra' for VB on the web. Mumbai Live
  12. ↑ Aditi Arya and Ruhi Singh to star in Spotlight 2 web series - Beauty Pageants - Indiatimes. Femina Miss India
  13. ↑ (2017-07-10). Aditi Arya bags her next. Deccan Chronicle
  14. ↑ TelanganaToday. It's an honour working with Kabir Khan in '83: Aditi Arya. Telangana Today
  15. ↑ COVID-19: 'We cannot take risk', says Aditi Arya on postponing of '83' release date. The New Indian Express
  16. ↑ Upendra: ರವಿಚಂದ್ರನ್-ಉಪೇಂದ್ರ ಕಾಂಬಿನೇಷನ್‌ನ ಸಿನಿಮಾಕ್ಕೆ ಮತ್ತೊಮ್ಮೆ ಶೀರ್ಷಿಕೆ ಚೇಂಜ್!. Vijaya Karnataka

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগীহাৰিয়ানাৰ ব্যক্তিদিল্লীৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অদিতি আৰ্য” প্ৰবন্ধৰ সংশোধন ৫৯৭৮৬৪ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।