অনাৰকলী আকৰ্ষা (সিংহল ভাষা: අනර්කලී ආකර්ෂා; জন্ম: ১২ জুলাই ১৯৮৭) এগৰাকী শ্ৰীলংকান অভিনেত্ৰী, মডেল, প্ৰাক্তন ৰাজনীতিবিদ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।১ তেওঁ ২০০৪ চনত মিছ ৱৰ্ল্ড শ্ৰীলংকাৰ মুকুট লাভ কৰিছিল আৰু মিছ ৱৰ্ল্ড ২০০৪ প্ৰতিযোগিতাত শ্ৰীলংকাক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বিভিন্ন ব্ৰেণ্ড এম্বেচেডৰ আৰু পুঁজি সংগ্ৰহকাৰী হিচাপেও কাম কৰিছে।২ তেওঁ কলম্বো ইণ্টাৰনেচনেল স্কুলত অধ্যয়ন কৰিছিল।
চলচ্চিত্ৰ জীৱন
১৯৯৫ চনত টেলি-ড্ৰামা ‘ইতি পহন’ৰ পৰিচালক চোমাৰত্নে ডিছানায়েক আৰু প্ৰযোজক ৰেণুকা বালচুৰিয়াই ইংৰাজী ভাষা ভাষাত পাকৈত এগৰাকী সৰু ছোৱালী বিচাৰি থকাৰ সময়তে তেওঁ অভিনয়ৰ প্ৰথমটো সুযোগ লাভ কৰে। সেই ধাৰাবাহিকখনত তেওঁ প্ৰখ্যাত অভিনেত্ৰী বাসন্তী চতুৰাণীৰ সৈতে "ডেইজী চুজান"ৰ চৰিত্ৰত অভিনয় কৰিছিল।৩
প্ৰায় সাত বছৰীয়া বিৰতিৰ পিছত, ২০০৩ চনত ১৫ বছৰ বয়সত তেওঁ পিচ্ছু ট্ৰিবল নামৰ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰি পুনৰ অভিনয় জগতলৈ ঘূৰি আহে।৪ ইয়াৰ পিছত তেওঁ কেইবাখনো সফল ছবিত অভিনয় কৰে। তেওঁ চিহিনায়ক পাতা পাতিনত "ইনকা" আৰু চন্থুৱাৰণ্যত "তানিয়া" হিচাপে কৰা অভিনয়ৰ বাবে প্ৰশংসা লাভ কৰে।৫
শ্ৰীলংকান চলচ্চিত্ৰৰ ইতিহাসত আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ বঁটা লাভ কৰা তেওঁ বৰ্তমানলৈকে সৰ্বনিষ্ঠ অভিনেত্ৰী।৬ তেওঁ ২২খনতকৈও অধিক চলচ্চিত্ৰ আৰু ১০খন টেলি-ড্ৰামাত মুখ্য অভিনেত্ৰী হিচাপে অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ মডেল, ব্ৰেণ্ড এম্বেচেডৰ আৰু উপস্থাপক হিচাপেও কাম কৰে।৭
তেওঁ কেইবাটাও মিউজিক ভিডিঅ’ত অভিনয় কৰিছে। তেওঁৰ কিছুমান বিখ্যাত মিউজিক ভিডিঅ’ হ’ল বাথিয়া আৰু চন্থুছৰ "মীডুম চেলেন", দুশান্ত বীৰমানৰ "জেথথু নোনে" আৰু যশানৰ "সিথথামাক ৱাগে"।
২০১২ চনত অনাৰকলীয়ে লাক্স দেৰেনা ফিল্মৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰীৰ বঁটাও লাভ কৰে।
২০১৯ চনত এন৪এম মিডিয়াই অনাৰকলী আকৰ্ষাক শ্ৰীলংকাৰ শীৰ্ষ তিনিগৰাকী আটাইতকৈ ধুনীয়া আৰু আকৰ্ষণীয় অভিনেত্ৰী তথা মডেলৰ তালিকাত অন্তৰ্ভুক্ত কৰে।৮
ৰাজনৈতিক জীৱন
অনাৰকলীয়ে ২০০৯ চনৰ দক্ষিণ প্ৰাদেশিক পৰিষদৰ নিৰ্বাচনত গালে জিলাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল,৯ আৰু ২০০৯ চনৰ ২৯ অক্টোবৰত তেওঁ দক্ষিণ প্ৰদেশ পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হয়।১০ তেওঁ বৰ্তমানলৈকে পৰিষদৰ আটাইতকৈ কম বয়সীয়া মহিলা সদস্য হোৱাৰ লগতে পৰিষদৰ একমাত্ৰ মহিলা সদস্য আছিল।
আঁতধৰোঁতা হিচাপে কেৰিয়াৰ
অনাৰকলীয়ে টিভি দেৰেনাত ‘অনাৰকলী লাইভ’ নামৰ নিজাকৈ এটা টিভি অনুষ্ঠান পৰিচালনা কৰিছিল।১১ ইয়াৰ উপৰিও তেওঁ দেৰেনা মিউজিক এৱাৰ্ডছ ২০১০-ৰ আঁত ধৰিছিল। তেওঁ স্বৰ্ণ বাহিনীত ‘লাইভ ছানডে উইথ অনাৰকলী’ নামৰ নিজাকৈ এটা টক শ্ব’ৰ আঁত ধৰিছিল।
ব্যক্তিগত জীৱন
অনাৰকলী বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰে আৰু এটা ইউটিউব চেনেল চলায়।১২১৩
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Anarkalli Aakarsha. National Film Corporation of Sri Lanka
- ↑ Anarkali washing a car (Car wash)
- ↑ Anarkalli in 'Iti Pahan'. Lankalibrary.com
- ↑ (2004-01-25). Anarkalli Aakarsha in 'Sihinayak Pata Patin'. Sundayobserver.lk
- ↑ Anarkalli in 'Santhuwaranaya'
- ↑ Bollywood Movie Actress Anarkali Akarsha Biography, News, Photos, Videos. nettv4u
- ↑ Anarkalli – Brand Ambassador for Veet
- ↑ N4M, Team. (2019-11-20). List Of Top Most Beautiful & Hottest Sri Lankan Actresses & Models. N4M (News4masses)
- ↑ (2009-08-25). Anarkalli for Southern Provincial Council Elections. Srilankan-stars.blogspot.com
- ↑ us-elected-to-un-human-rights-council-may-12-2009-1pp. Human Rights Documents Online
- ↑ Show. Derana.lk
- ↑ (19 April 2020). American Life Of Sri Lankan Actress Anarkali Akarsha - E Online Sri Lanka
- ↑ ENGAGE - Anarkalli Akarsha. www.letsengage.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনাৰকলী আকৰ্ষা” প্ৰবন্ধৰ সংশোধন ৬০৩০৯০ (২৭ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।