অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
স্বাস্থ্য আৰু চিকিৎসা

ইজিন আকুডো

ইজিনে আকুডো আনয়াওহা (Ezinne Akudo Anyaoha; জন্ম: ১৭ মে' ১৯৯০) এগৰাকী নাইজেৰিয়ান অধিবক্তা আৰু বিউটি কুইন৷

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ১৫২ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ইজিনে আকুডো আনয়াওহা (Ezinne Akudo Anyaoha; জন্ম: ১৭ মে' ১৯৯০) এগৰাকী নাইজেৰিয়ান অধিবক্তা আৰু বিউটি কুইন৷১

প্ৰাথমিক জীৱন আৰু শিক্ষা

ইজিনে আকুডো আনয়াওহা২ৰ জন্ম হৈছিল ১৯৯০ চনৰ ১৭ মে'ত৩ দক্ষিণ-পূব নাইজেৰিয়াৰ ইমো ৰাজ্যত। ইমো ষ্টেটৰ ওৱেৰীৰ ফেডাৰেল গভৰ্ণমেণ্ট গাৰ্লছ কলেজৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে আৰু আবিয়া ষ্টেট ইউনিভাৰ্চিটিৰ পৰা আইন বিভাগৰ ডিগ্ৰী লাভ কৰে৷ তাৰ পিছত নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলত অৱস্থিত অগুন ষ্টেটত বাধ্যতামূলক নেচনেল ইউথ চাৰ্ভিচ কৰ্প সম্পূৰ্ণ কৰে।১ কিছুদিন তেওঁ আইন অধ্যয়ন আৰু অনুশীলন কৰিছিল। ৪৫

কৰ্মজীৱন

২০১৩ চনত আকুডোৱে আন ৩১ গৰাকী প্ৰতিযোগীক পৰাস্ত কৰি মিছ নাইজেৰিয়া সৌন্দৰ্য প্ৰতিযোগিতাত জয়ী হয়। তেওঁ তাৰকা বঁটা লাভ কৰে৷৬

২০১৫ চনত আকুডোৱে উকীল হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।৭আৰু তেওঁৰ বেচৰকাৰী সংস্থাৰ জৰিয়তে ধৰ্ষণ সংকট কেন্দ্ৰ স্থাপন কৰিছিল; নাইজেৰিয়াৰ লাগোছত অৱস্থিত এইট ফাউণ্ডেশ্যন। এটা বেচৰকাৰী আৰু অলাভজনক সংস্থাই মানসিক-সামাজিক পৰামৰ্শ প্ৰদান কৰাত মনোনিৱেশ কৰিছিল।৮৯ যৌন হিংসাৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাতো তেওঁ সক্ৰিয় হৈ আহিছে।১০

২০১৮ চনত আকুডোক মিছ নাইজেৰিয়া পেজেণ্টৰ সৃষ্টিশীল সঞ্চালক হিচাপে নিযুক্তি দিয়া হয়।১১ তেওঁ পঞ্জীয়ন বিনামূলীয়া কৰি তুলিছে। লগতে পুৰস্কাৰসমূহো পূৰ্বৰ তুলনাত বিবেচনাযোগ্য৷১২

তথ্যসূত্ৰ

  1. ↑ (2018-12-01). Ezinne Akudo Anyaoha: I don't think the world owes me anything. Latest Nigeria News, Nigerian Newspapers, Politics
  2. ↑ Ezinne Akudo- Anyaoha Archives. Premium Times Nigeria
  3. ↑ Miss Nigeria Ezinne Akudo's Beautiful Photos for her 24th Birthday. BellaNaija
  4. ↑ (June 20, 2022). from beauty queen to entrepreneur: how ezinne akudo is taking new territories. Vanguard
  5. ↑ Nwafor. (2018-09-21). EZINNE Akudo Anyaoha breaks new grounds. Vanguard News
  6. ↑ (June 20, 2024). From beauty queen to entrepreneur: How Ezinne Akudo is taking new territories
  7. ↑ Miss Nigeria Is Now a Lawyer. The Pulse
  8. ↑ Beauty Queen Launches Foundation to Help Rape Victims. Pulse Nigeria
  9. ↑ (June 20, 2022). from beauty queen to entrepreneur how Ezinne Akudo is taking new territories. Vanguard
  10. ↑ *Ezinne Akudo and Friends Launch the 'Break the Silence' Campaign. Gnievieve *Miss Nigeria 2013, Ezinne Akudo Sets Up a Rape Crisis Centre for Sexual Abuse Victims. Bella Naija *Tayo, Ayomide O. (November 27, 2015). Former Miss Nigeria Starts Youth Service. Pulse Nigeria *Speaking Against Sexual Violence! Watch Miss Nigeria Ezinne Akudo on 'Heart of the Matter' with Omilola Oshikoya. Bella Naija *[http://thenationonlineng.net/ezinne-ak
  11. ↑ (2018-12-01). Ezinne Akudo Anyaoha: I don't think the world owes me anything. Latest Nigeria News, Nigerian Newspapers, Politics
  12. ↑ (June 20, 2022). from beauty queen to entrepreneur: How Ezinne Akudo is taking new territories. Vanguard

সম্পৰ্কিত শ্ৰেণী

নাইজেৰিয়াৰ মহিলা অধিকাৰ কৰ্মীসৌন্দৰ্য প্ৰতিযোগীঅধিবক্তা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইজিন আকুডো” প্ৰবন্ধৰ সংশোধন ৬০১৯৬৩ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।