অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেলিণ্ডা গেট্‌ছ

মেলিণ্ডা আন গেট্‌ছ (বিবাহৰ পূৰ্বে ফ্ৰেন্স; ১৫ আগষ্ট, ১৯৬৪; Melinda Ann Gates) হৈছে এগৰাকী আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক। ২০০০ চনত, পতি বিল গেট্‌ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্‌ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী…

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ৫১২ শব্দ · ৩ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মেলিণ্ডা আন গেট্‌ছ (বিবাহৰ পূৰ্বে ফ্ৰেন্স; ১৫ আগষ্ট, ১৯৬৪; Melinda Ann Gates)১ হৈছে এগৰাকী আমেৰিকান সমাজহিতৈষী আৰু মাইক্ৰছ'ফ্টৰ ভূতপূৰ্ব মহাপ্ৰবন্ধক।২ ২০০০ চনত, পতি বিল গেট্‌ছৰ লগলাগি মেলিণ্ডাই বিল এণ্ড মেলিণ্ডা গেট্‌ছ ফাউণ্ডেছনৰ সহ-প্ৰতিষ্ঠা কৰে; যিটো ২০১৫ চনলৈকে পৃথিৱীৰ সৰ্ববৃহৎ ব্যক্তিগত লোকহিতৈষী সংস্থা হিচাপে পৰিগণিত হৈছিল।৩ ফৰ্বছ আলোচনীয়ে মেলিণ্ডাক ক্ৰমাগতভাৱে পৃথিৱীৰ এগৰাকী শক্তিশালী মহিলা হিচাপে তালিকাভুক্ত কৰি আহিছে।৪

প্ৰাৰম্ভিক জীৱন

১৯৬৪ চনৰ ১৫ আগষ্ট তাৰিখে টেক্সাচৰ ডালাচত মেলিণ্ডা এন ফ্ৰেন্সৰ জন্ম হৈছিল।৫৬ এৰোস্পেচ অভিযন্তা ৰেয়মণ্ড জোচেফ ফ্ৰেন্স জুনিয়ৰ আৰু গৃহিনী মাতৃ ইলেইন এগনেচ আমাৰলেণ্ডৰ তেওঁ দ্বিতীয়গৰাকী সন্তান আছিল। তেওঁলোকৰ চাৰিটা সন্তান আছিল। মেলিণ্ডাৰ এগৰাকী জ্যেষ্ঠা ভগ্নী আৰু দুগৰাকী কনিষ্ঠ ভ্ৰাতৃ আছে।৭

মেলিণ্ডা এগৰাকী কেথোলিক।৮৯১০১১ তেওঁ ছেইণ্ট মণিকা কেথোলিক স্কুলত পঢ়িছিল, য'ত তেওঁ শ্ৰেণীৰ ভিতৰত শীৰ্ষস্থানপ্ৰাপ্ত ছাত্ৰী আছিল।১২১৩ চৌধ্য বছৰ বয়সত, মেলিণ্ডাক পিতৃয়ে এপল-টুৰ লগত পৰিচয় কৰাই দিয়ে যিয়ে তেওঁক কম্পিউটাৰ গেম আৰু "BASIC" প্ৰগ্ৰামিং লেংগুৱেজৰ প্ৰতি আকৰ্ষিত কৰি তোলে।১৪

১৯৮২ চনত তেখেতে "উৰচুলিন একাডেমী অৱ ডালাছ"ৰ পৰা ভেলেডিক্টৰিয়ান হিচাপে স্নাতক হয়।১৫ ১৯৮৬ চনত ডিউক বিশ্ববিদ্যালয়ৰ পৰা তেখেতে কম্পিউটাৰ বিজ্ঞান আৰু অৰ্থনীতিত এটা স্নাতক ডিগ্ৰী অৰ্জন কৰে। আৰু ১৯৮৭ চনত ডিউকৰ ফুকুৱা স্কুল অৱ বিজনেচৰ পৰা এমবিএ ডিগ্ৰী লাভ কৰে।১৬ ডিউকত থাকোঁতে, মেলিণ্ডা "কাপ্পা আলফা থেটাৰ ভগ্নীসংঘ, বিটা ৰ' চেপটাৰ"ৰ সদস্যা আছিল।১৭

কৰ্মজীৱন

মেলিণ্ডাৰ প্ৰথমটো চাকৰি আছিল শিশুক গণিত আৰু কম্পিউটাৰ বিজ্ঞানৰ টিউছন লোৱাটো।১৮স্নাতক শিক্ষাৰ সমাপ্তিৰ পাছত, মেলিণ্ডাই মাইক্ৰ'ছফ্টত বিপণন প্ৰবন্ধক হিচাপে যোগদান কৰে য'ত তেখেতে বিভিন্ন ধৰণৰ মাল্টিমিডিয়া প্ৰকল্পৰ বিকাশৰ তদাৰক কৰিছিল।১৯ তাৰ ভিতৰত ছিনেমেনিয়া, এনকাৰ্টা, পাব্লিছাৰ, বব, মানি, ৱৰ্ক আৰু ৱৰ্ড আছিল প্ৰধান।১৯২০ জনপ্ৰিয় যাত্ৰা-বুকিং ৱেবছাইট এক্সপেডিয়াতো তেখেতে কাম কৰিছিল। পৰৱৰ্তী কালত গেট্‌ছে মাইক্ৰ'ছফ্ট ববৰ ছফ্টৱেৰ উপস্থাপনৰ সময়ত মনত পেলাইছিল-"সেইয়া আছিল মই কৰা কঠিন কামবোৰৰ ভিতৰত অন্যতম। " .২১ অৱশ্যে, প্ৰগ্ৰামটো ব্যৱসায়িক দিশত বিফল হৈছিল। কুৰি শতিকাৰ শেষৰটো দশকত, তেখেতেক "ইনফৰ্মেছন প্ৰডাকটছ"ৰ মহাপ্ৰবন্ধক হিচাপে নিযুক্তি দিয়া হয়। সেইটো পদত তেখেত ১৯৯৬ চনলৈকে থাকে।২ নিজৰ পৰিয়াল আৰম্ভ কৰা আৰু প্ৰতিপালন কৰাৰ মানসেৰে তেখেতে মাইক্ৰ'ছফ্ট ত্যাগ কৰে।

১৯৯৬ চনৰ পৰা ২০০৩ চনলৈকে গেট্‌ছে ডিউক বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টি বৰ্ডত সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।২২ তেখেতে "বিল্ডাৰবাৰ্গ গ্ৰুপ"ৰ বাৰ্ষিক সন্মিলনীত উপস্থিত থাকে আৰু "ৱাশ্বিংটন পোষ্ট" কোম্পানীৰ পৰিচালনা সভাৰ আসন এখনত ২০০৪ চনৰ পৰা অধিষ্ঠিত হয়।২৩ "ড্ৰাগষ্ট'ৰ ডট কম"ৰ পৰিচালনা সভাতো তেখেতৰ এটা স্থান আছিল, পিছে ২০০৬ চনৰ আগষ্টত তেখেতে সেইটো স্থান ত্যাগ কৰে। তাৰপিছত তেখেতে সমাজসেৱাৰ লগত জড়িত হৈ পৰে।২৪ ২০০০ চনৰ পৰা তেখেতে ৰাজহুৱা প্ৰেক্ষাপটত সক্ৰিয় হৈ পৰে। তেওঁ কয়, "As I thought about strong women of history, I realized that they stepped out in some way."১৯ এনেধৰণৰ চিন্তাধাৰাই তেখেতক "বিল এণ্ড মেলিণ্ডা গেট্‌ছ সংস্থা" কাৰ্যনীতি অনুসৰণ আৰু লক্ষ্যপূৰণ কৰাত অৰিহণা যোগাই আহিছে। ২০১৪ পৰ্যন্ত, বিল গেট্‌ছ আৰু মেলিণ্ডা গেট্‌ছে তেওঁলোকৰ সংস্থাটোলৈ ২৮ বিলিয়ন ডলাৰ ধনৰাশি দান হিচাপে আগবঢ়াইছে।২৫ ২০১৫ চনত মেলিণ্ডাই "পাইভটেল ভেনছুৰছ"(Pivotal Ventures) সুকীয়াকৈ স্থাপন কৰে, যি এটা স্বতন্ত্ৰ উদ্যোগ। তেওঁলোকৰ লক্ষ্য হৈছে- "আমেৰিকান মহিলা আৰু তেওঁলোকৰ পৰিয়ালে মুখামুখি হোৱা নানান সমস্যা চিনাক্ত কৰা, তেওঁলোকৰ অৱস্থা উন্নত কৰা, আৰু অভিনৱ সমাধানসূত্ৰ উদ্ভাৱন কৰা। "২৬

লেখিকা হিচাপে

২০১৯ চনত, মেলিণ্ডা গেট্‌ছে লেখিকা ৰূপে আত্মপ্ৰকাশ কৰে। কিতাপখনৰ নাম আছিল: 'The Moment of Lift: How Empowering Women Changes the World'। ভূতপূৰ্ব ৰাষ্ট্ৰপতি বাৰাক অ'বামাই এটা কমেডি স্কেচৰ জৰিয়তে এই কিতাপখনৰ প্ৰচাৰত সহায় কৰিছিল।২৭২৮ এই গ্ৰন্থখনে নাৰীসকলৰ উপাৰ্জনবিহীন কৰ্মৰাজীক স্বীকৃতি দিব নিবিচৰা ব্যৰ্থতাৰ ওপৰত আলোকপাত কৰে। তাৰ বাবে গ্ৰন্থখনে নাৰীবাদী অৰ্থনীতিবিদ ডেম মেৰিলিন ৱাৰিঙৰ 'If Women Counted' গ্ৰন্থখনৰ সহায় লয়।২৯

ব্যক্তিগত জীৱন

, ২০০৯ চনত]]

মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া বিল গেট্‌ছৰ লগত মেলিণ্ডাৰ সম্পৰ্কৰ সূত্ৰপাত ঘটে ১৯৮৭ চনত। নিউ ইয়ৰ্কৰ এখন বাণিজ্য মেলাত দুয়োৰে মাজত সাক্ষাৎ হৈছিল।৫৩০ ১৯৯৪ চনত হাৱাইৰ লানাইত এক ব্যক্তিগত অভ্যৰ্থনাত দুয়োৰে মাজত বিবাহ সম্পন্ন হয়। তেওঁলোকৰ তিনিটা সন্তান। জেনিফাৰ, ফিবি আৰু ৰ'ৰি গেট্‌ছ।৩১ তেওঁলোকৰ পৰিয়ালটো ৱাশ্বিংটনৰ মেডিনাস্থিত ৱাশ্বিংটন হ্ৰদৰ সমীপৱৰ্তী এটা "earth-sheltered mansion"ত বাস কৰে। তেওঁলোকৰ বাসগৃহটোৰ নাম হৈছে-Xanadu 2.0 ৩২

বিল গেট্‌ছ আৰু মেলিণ্ডা গেট্‌ছৰ বাসগৃহ Xanadu 2.0
বিল গেট্‌ছ আৰু মেলিণ্ডা গেট্‌ছৰ বাসগৃহ Xanadu 2.0ছবি: https://www.flickr.com/photos/jeffwilcox/ · CC BY 2.0

তথ্যসূত্ৰ

  1. ↑ Harris, Paul. (November 25, 2006). A woman of substance. The Guardian
  2. ↑ Melinda Gates. gatesfoundation.org. Gates Foundation
  3. ↑ Mathiesen, Karl. (March 16, 2015). What is the Bill and Melinda Gates Foundation?. The Guardian
  4. ↑ Power Women. forbes.com. Forbes
  5. ↑ (June 27, 2008). Office romance: how Bill met Melinda. The Independent
  6. ↑ (March 15, 2018). Melinda Gates biography. biography.com. A&E Television Networks
  7. ↑ "Melinda Gates goes public (pg. 2)", cnn.com, January 7, 2008
  8. ↑ Melinda Gates. (April 2012). Let's put birth control back on the agenda. TEDxChange
  9. ↑ "Melinda Gates: 'I'm a Catholic, but women need access to contraceptives'", Guardian.co.uk; retrieved June 29, 2013
  10. ↑ "Catholic Melinda Gates defies the Vatican over birth control funds", independent.co.uk; retrieved June 29, 2013
  11. ↑ Goodell, Jeff. (March 13, 2014). Bill Gates: The Rolling Stone Interview. Rolling Stone
  12. ↑ Jeanne M. Lesinski. (2009). Bill Gates: Entrepreneur and Philanthropist. Twenty First Century Books. পৃ. 61. ISBN 9781580135702
  13. ↑ (1999). Business Week, Issues 3649–3652. McGraw-Hill
  14. ↑ (June 27, 2008). Office romance: how Bill met Melinda. The Independent
  15. ↑ Ursuline Receives Additional $2 Million Grant; Science, Math, Technology Building Task Force is Formed. Bill & Melinda Gates Foundation
  16. ↑ Mary Zeiss Stange; Carol K. Oyster; Jane E. Sloan. (January 9, 2013). The Multimedia Encyclopedia of Women in Today's World. SAGE Publications. পৃ. 386–. ISBN 978-1-4522-7037-1
  17. ↑ (November 1, 2017). The incredible life of Melinda Gates — one of the world's richest and most powerful women
  18. ↑ Staff, Fast Company. (January 9, 2017). How Melinda Gates Is Diversifying Tech. Fast Company
  19. ↑ Cathleen., Small. (2017). Melinda Gates: Philanthropist and Education Advocate.. Cavendish Square Publishing LLC. ISBN 9781502627087
  20. ↑ (2008). Office Romance: How Bill met Melinda. The Independent
  21. ↑ This failure taught me a lesson I'll never forget. www.linkedin.com
  22. ↑ Gates Joins Trustees, Fuqua.duke.edu; retrieved June 29, 2013
  23. ↑ Melinda French Gates Elected a Director of The Washington Post Company. Graham Holdings Company
  24. ↑ (2005). Officers and Directors. Drugstore.com
  25. ↑ Bill Gates' philanthropy profile, forbes.com; retrieved April 23, 2016
  26. ↑ Pivotal Ventures-Who we are, pivotalventures.org; retrieved April 17, 2020
  27. ↑ Darrisaw, Michelle. (May 10, 2019). Barack Obama Is the Ultimate Funny Guy in a Video Made for Melinda Gates. Oprah Magazine
  28. ↑ (May 10, 2019). Melinda Gates draws huge crowd for hometown finale of 'Moment of Lift' tour, with surprise intro. GeekWire
  29. ↑ Melinda Gates' 'The Moment of Lift'. ABC News
  30. ↑ (January 26, 2004). Profile: Bill Gates. BBC News
  31. ↑ Bose, Áine Cain, Debanjali. Inside the life of Bill Gates' daughter Jennifer, an elite equestrian who stands to inherit 'a minuscule portion' of her father's $110 billion fortune and is engaged to accomplished Egyptian equestrian Nayel Nassar. Business Insider
  32. ↑ www.thestreet.com/lifestyle/bill-gates-house-147

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিসমাজহিতৈষীসমাজকৰ্মীসাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেলিণ্ডা গেট্‌ছ” প্ৰবন্ধৰ সংশোধন ৬৩৭৬৯০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।