লেখিকা
২৭৫ প্ৰবন্ধ
-
মীনাক্ষী জৈন
মীনাক্ষী জৈন এগৰাকী ভাৰতীয় ৰাজনীতি বিজ্ঞানী আৰু ইতিহাসবিদ যিয়ে দিল্লীৰ গাৰ্গী কলেজত ইতিহাসৰ সহযোগী অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ সদস্য হিচাপে মনোনীত কৰে।
-
মুহাম্মাদী বেগম
মুহাম্মাদী বেগম (ইংৰাজী: Muhammadi Begum; জন্ম: ২২ মে' ১৮৭৮ – মৃত্যু: ২ নৱেম্বৰ ১৯০৮) এগৰাকী ভাৰতীয় ছুন্নী মুছলিম পণ্ডিত, উৰ্দু লেখিকা আৰু নাৰী শিক্ষাৰ অধিবক্তা আছিল। তেওঁ ইছলামিক সাপ্তাহিক আলোচনী তেহজীব-ই-নিছৱানৰ সহ-প্ৰতিষ্ঠাপক আছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মেৰিয়ান কাট্টোপো
হেনৰিয়েট মেৰিয়ান কাট্টোপো (ইংৰাজী: Henriette Marianne Katoppo; জন্ম: ৯ জুন ১৯৪৩ – ১২ অক্টোবৰ ২০০৭) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত এগৰাকী এছিয়ান নাৰীবাদী ধৰ্মতত্ত্ববিদ আছিল। তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল।
-
মৌনা-হোদান আহমেদ
মৌনা-হোদান আহমেদ (ছোমালী: Muna Axmed, জন্ম ১৯৭২) এগৰাকী লেখিকা, যি জিবুটিৰ কমসংখ্যক মহিলা লেখিকাৰ ভিতৰত এগৰাকী। পাঁচজন সন্তানৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা আহমেদে জিবুটিত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ফ্ৰান্সলৈ গৈ উচ্চ শিক্ষা লাভ কৰে।
-
মৰিয়ম ছাইদ
মৰিয়ম ছাইদ (ইংৰাজী: Mariyam Saeed; ২৭ মাৰ্চ ১৯৩৩ – ২৬ এপ্ৰিল ২০১৮) মালদ্বীপৰ এগৰাকী কবি আছিল। তেওঁ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম নাছিৰৰ দ্বিতীয় পত্নী হিচাপে ১৯৬৮ চনৰ নৱেম্বৰৰ পৰা ১৯৬৯ চনৰ মে' মাহলৈকে মালদ্বীপৰ 'ফাৰ্ষ্ট লেডী' আছিল।
-
য়িলিন ঝং
য়িলিন ঝং (চীনা: 钟宜霖 / 鍾宜霖) হৈছে এগৰাকী ব্ৰিটিছ-চীনা সাংবাদিক, চিত্ৰনাট্যকাৰ আৰু সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিক। তেওঁ ওঠৰখন উপন্যাস, দুখন চলচ্চিত্ৰৰ চিত্ৰনাট্য, দহখন গ্ৰন্থ আৰু বহুতো কবিতা, সাহিত্য সমালোচনা আদি ৰচনা কৰিছে। তেওঁ বৰ্তমান লণ্ডনত বাস কৰে।
-
লক্ষ্মী পামুণ্টজাক
লক্ষ্মী পামুণ্টজাক (জন্ম ১৯৭১) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক, কবি, সাংবাদিক আৰু খাদ্য সমালোচক। তেওঁ জাকাৰ্টাত বসবাস কৰে। ২০১৬ চনত, তেওঁৰ প্ৰথমখন উপন্যাস আম্বা/দ্য কুৱেশ্বন অৱ ৰেডৰ জাৰ্মান অনুবাদৰ বাবে লিবেৰাটুৰপ্ৰাইছ লাভ কৰে।
-
লাইফ ইচ হোৱাট ইউ মেক ইট
লাইফ ইচ হোৱাট ইউ মেক ইট প্ৰীতি শ্বিনয়ৰ এখন উপন্যাস। হিন্দুস্তান টাইমছত প্ৰকাশিত নীলছনৰ তালিকা অনুসৰি কিতাপখন "২০১১ চনৰ শীৰ্ষ কিতাপ"ৰ তালিকাত আছিল। দ্য টাইম্ছ অৱ ইণ্ডিয়াৰ মতে ই ২০১১ চনৰ বেষ্ট চেলাৰ আছিল। এইখন উপন্যাসত প্ৰকাশিত হৈছে নব্বৈৰ দশকৰ ভাৰতত পৰিৱেশিত এক আচৰিত প্ৰেম কাহিনী।
-
লাচমিনিংৰাট
ৰাডেন আয়ু লাচমিনিংৰাট (ইংৰাজী: Raden Ayu Lasminingrat; চুন্দানীজ: ᮛ᮪ᮓ᮪. ᮃᮚᮥ ᮜᮞ᮪ᮙᮤᮔᮤᮀᮛᮒ᮪; ২৯ মাৰ্চ ১৮৫৪ – ১০ এপ্ৰিল ১৯৪৮) এগৰাকী চুন্দানীজ লেখিকা আৰু পণ্ডিত আছিল। তেওঁ গাৰুটৰ প্ৰথমগৰাকী মহিলা আছিল যিয়ে সাৱলীলভাৱে ওলন্দাজ (ডাচ) ভাষা ক'ব পাৰিছিল।
-
লিজা মেকিনাৰ্নি
লিজা মেকিনাৰ্নি (ইংৰাজী: Lisa McInerney) এগৰাকী আইৰিছ ঔপন্যাসিক, চুটিগল্প লেখিকা, প্ৰবন্ধকাৰ, সম্পাদক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তেওঁৰ উপন্যাস দ্য গ্ল’ৰিয়াছ হেৰেছিছৰ বাবে আটাইতকৈ বেছি পৰিচিত, যিখন ২০১৬ চনৰ বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচনৰ বিজয়ী আছিল।
-
লীলা ওমচেৰী
লীলা ওমচেৰী (Leela Omchery; জন্ম:৩১ মে' ১৯২৯ – মৃত্যু:১ নৱেম্বৰ ২০২৩) এগৰাকী ভাৰতীয় শাস্ত্ৰীয় গায়িকা, সংগীত বিজ্ঞানী আৰু লেখিকা। শাস্ত্ৰীয় সংগীতৰ প্ৰতি অৱদানৰ বাবে পৰিচিত তেখেতে ভাৰতীয় শাস্ত্ৰীয় নৃত্য আৰু সংগীতৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী বঁটা লাভ কৰিছিল।
-
লুডমিলা লাকুৱেভা কানুট
লুডমিলা লাকুৱেভা কানুট (জন্ম ২৮ জুলাই ১৯৭১) এগৰাকী এণ্ডোৰাৰ লেখিকা, যিয়ে উপন্যাস আৰু ইতিহাস লিখে। তেওঁ বন্দিয়া কাকতৰ মতামত স্তম্ভৰো লেখিকা।
-
লেইলা চুদোৰী
লেইলা ছালিখা চুদোৰী (ইংৰাজী: Leila Salikha Chudori; জন্ম: ১২ ডিচেম্বৰ, ১৯৬২) এগৰাকী ইণ্ডোনেছিয়ান সাংবাদিক, লেখিকা আৰু চলচ্চিত্ৰ সমালোচক। তেওঁৰ নাম চুটিগল্প, উপন্যাস আৰু টেলিভিছন নাটকৰ বাবে জনাজাত। লেইলা শিশু অৱস্থাতেই সাহিত্যিক হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ কৰিছিল।
-
শকুন্তলা মিশ্ৰ
শকুন্তলা মিশ্ৰ ( Shakuntala Mishra) এগৰাকী ভাৰতীয় লেখিকা। নাগপুৰী ভাষাৰ এগৰাকী বিশিষ্ট সাহিত্যিক। নাগপুৰী ভাষাত নাগপুৰী সদনী ব্যাকৰণ (নাগপুৰীৰ ব্যাকৰণ গ্ৰন্থ), সদনী নাগপুৰী-হিন্দী শব্দকোষ (নাগপুৰীৰ অভিধান), সাতো নদী পাৰ এক কাহানি (সাত নদীৰ কাহিনী) আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।
-
শকুন্তলা সচিতানন্দন
শকুন্তলা সচিতানন্দন (ইংৰাজী: Sakuntala Sachithanandan) এগৰাকী শ্ৰীলংকান কবি, অধিবক্তা আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক কৰ্মৰাজীত প্ৰায়ে দৰিদ্ৰতা, সামাজিক অসমতা, প্ৰাণী, শিশু আৰু শ্ৰমিকৰ শোষণৰ দৰে বিষয়সমূহে প্ৰাধান্য পায়।
-
শক্তি অৰুলানন্দম
অৰুলমোলি (জন্ম: ১৯৬২) এগৰাকী ভাৰতীয় পৰিৱেশ-নাৰীবাদী কবি, লেখিকা আৰু শিল্পী। তেওঁ তামিলনাডু ৰাজ্যৰ বাসিন্দা আৰু শক্তি অৰুলানন্দম ছদ্ম নামেৰে পৰিচিত। তেওঁৰ কবিতাৰ বাবে তেওঁ তাঞ্জাই প্ৰকাশ বঁটা, শিখৰম বঁটা আৰু তিৰুপুৰ অৰিমা শক্তি বঁটা লাভ কৰিছে।
-
শানাৰেই দেৱী শানু
শানাৰেই দেৱী শানু এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০৫ চনত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতা লাক্স-চেনেল আই ছুপাৰষ্টাৰৰ প্ৰথমগৰাকী বিজয়ী আছিল। এই সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ টেলিভিছন ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে।
-
শান্তি মিশ্ৰ
শান্তি মিশ্ৰ (জন্মগত উপাধি শ্ৰেষ্ঠ; ২২ জুন ১৯৩৮ – ১৫ মে’ ২০১৯) এগৰাকী নেপালী প্ৰবক্তা, গ্ৰন্থাগাৰিক, লেখিকা আৰু অনুবাদক আছিল। তেওঁ আছিল নেপালৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা প্ৰবক্তা আৰু প্ৰথমগৰাকী নেপালী মহিলা গ্ৰন্থাগাৰিক।
-
শীতল শেঠ
শীতল শেঠ (ইংৰাজী: Sheetal Sheth) এগৰাকী আমেৰিকান অভিনেত্ৰী, লেখিকা, প্ৰযোজক আৰু সক্ৰিয় কৰ্মী। এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ লুকিং ফৰ কমেডী ইন দ্য মুছলিম ৱৰ্ল্ড ছবিত এলবাৰ্ট ব্ৰুকছৰ বিপৰীতে অভিনয় কৰি পৰিচিতি লাভ কৰে।
-
শোভা ৰাণী ত্ৰিপুৰা
শোভা ৰাণী ত্ৰিপুৰা এগৰাকী বাংলাদেশী লেখিকা আৰু শিক্ষক। তেওঁ ত্ৰিপুৰী (কোকবৰক) জনগোষ্ঠীৰ মহিলা। তেওঁ ২০১৭ চনত বাংলাদেশ চৰকাৰৰ পৰা বেগম ৰোকেয়া পদক লাভ কৰে।
-
শোমা এ চেটাৰ্জী
শোমা এ চেটাৰ্জী এজন ভাৰতীয় চলচ্চিত্ৰ গৱেষক, লেখিকা আৰু স্বতন্ত্ৰ সাংবাদিক। তেওঁ ভাৰতীয় চলচ্চিত্ৰ সমালোচনা আৰু গৱেষণাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে। তেওঁ ১৯৯১ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচক) লাভ কৰে আৰু ২০০৩ চনত চলচ্চিত্ৰ বিষয়ক শ্ৰেষ্ঠ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ…
-
শ্বু টিং
শ্বু টিং (চীনা: 舒婷; জন্ম ১৯৫২, জিনজিয়াং, ফুজিয়ান) হৈছে গং পেইয়ু (龚佩瑜)ৰ কলম নাম। তেওঁ কুঁৱলীময় কবি আন্দোলনৰ সৈতে জড়িত এগৰাকী আধুনিক চীনা কবি। তেওঁ ১৯৭০ দশকত কবিতা লিখিবলৈ আৰম্ভ কৰে আৰু পৰৱৰ্তী সময়ত তেওঁৰ ৰচনাসমূহ প্ৰকাশ পায়।
-
শ্বেতা তানেজা
শ্বেতা তানেজা (ইংৰাজী: Shweta Taneja) এগৰাকী ভাৰতীয় উপন্যাস, চুটিগল্প, গ্ৰাফিক উপন্যাস, অনা-কল্পকাহিনী আৰু কমিক গ্ৰন্থৰ লেখিকা। তেওঁৰ কৰ্মৰাজিৰ ভিতৰত ফেণ্টাছি কল্পকাহিনী ধাৰাবাহিক দ্য ৰক্ত কুইন: এন অনন্ত তান্ত্ৰিষ্ট মিষ্ট্ৰী, দ্য মৎস্য কাৰ্ছ: এন অনন্ত তান্ত্ৰিষ্ট মিষ্ট্ৰী, কাল্ট অৱ কেঅ’ছ: এন অনন্ত…
-
শ্বেবা ছাছি
শ্বেবা ছাছি (Sheba Chhachhi(জন্ম-১৯৫৮), ইথিঅ'পিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ, মহিলা অধিকাৰ কৰ্মী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু ইনষ্টলেচন শিল্পী। নতুন দিল্লীত বাস কৰা ছাছিয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ কৰ্মৰাজি ব্যাপকভাৱে প্ৰদৰ্শন কৰিছে।
-
শ্বেলী ইয়াচিমোভিচ
শ্বেলী ৰেচেল ইয়াচিমোভিচ (Shelly Rachel Yachimovich, জন্ম: ২৮ মাৰ্চ ১৯৬০) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, যি তিনিটা কাৰ্যকাল বিৰোধীৰ চৰকাৰী নেতা, নেচেটৰ সদস্য আৰু বৈদেশিক পৰিক্ৰমা আৰু প্ৰতিৰক্ষা সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
শ্বেৰণ মাছ
শ্বেৰণ মাছ (জন্ম ১৯৫১) গুয়ানাত জন্মগ্ৰহণ কৰা এজন ঔপন্যাসিক। তেওঁ ইংলেণ্ডত শিক্ষা গ্ৰহণ কৰিছিল আৰু ভাৰতত বাস কৰিছিল। পিছলৈ তেওঁ জাৰ্মানী আৰু যুক্তৰাজ্যৰ ছাচেক্সত বাস কৰিছিল।
-
শ্ৰাবণী বাসু
শ্ৰাবণী বাসু (Shrabani Basu) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ইতিহাসবিদ৷ তেওঁ স্পাই প্ৰিন্সেছ:দ্য লাইফ অৱ নুৰ ইনায়ত খান (২০০৬) আৰু ভিক্টোৰিয়া এণ্ড আব্দুল (২০১০)ৰ বাবে অধিক পৰিচিত। পিছলৈ তেওঁ প্ৰথম বিশ্বযুদ্ধত ইউৰোপলৈ প্ৰেৰণ কৰা ভাৰতীয় পুৰুষৰ কাহিনী For King and Another Country (২০১৫) সংকলন কৰে।
-
ষ্টেলা মাৰেক কুছিং
ষ্টেলা মাৰেক কুছিং (১৮৯৩ – ১৪ এপ্ৰিল, ১৯৩৮) আছিল এগৰাকী আমেৰিকান লোককথাবিদ আৰু ভায়লিনবাদক। তেওঁ পূব আৰু মধ্য ইউৰোপৰ লোকসংগীত, নৃত্য আৰু সাজ-পোছাকৰ বিষয়ে শিকাইছিল, পৰিৱেশন কৰিছিল আৰু সংগ্ৰহ কৰিছিল, লগতে আমেৰিকাত লোকনৃত্য আৰু সংগীতৰ অনুষ্ঠানৰ আয়োজন কৰিছিল।
-
সাজ আগৰৱাল
সাজ আগৰৱাল (জন্ম: ১৯৬১) এগৰাকী পুনে স্থিত ভাৰতীয়-ইংৰাজী লেখিকা, জীৱনীকাৰ, মৌখিক ইতিহাসবিদ, স্বতন্ত্ৰ গৱেষক আৰু শিল্পী। সিন্ধী হিন্দুসকলৰ সংস্কৃতি, ঐতিহ্য আৰু ভাৰত বিভাজনৰ অভিজ্ঞতা নথিভুক্ত কৰাৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত। তেওঁৰ লিখনী আৰু শিল্পকলাত ব্যংগ আৰু বিদ্ৰূপাত্মক শৈলীৰ প্ৰাধান্য দেখা যায়।
-
সাহাৰ আজদমসানি
সাহাৰ আজদমসানি (ফাৰ্চী:سحر اژدم ثانی; জন্ম ২৬ মাৰ্চ ১৯৯৬) হৈছে এগৰাকী ইৰানী গায়িকা, সুৰকাৰ, কবি, গীতিকাৰ, লেখিকা আৰু ফটোগ্ৰাফাৰ।