অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শানাৰেই দেৱী শানু

শানাৰেই দেৱী শানু এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০৫ চনত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতা লাক্স-চেনেল আই ছুপাৰষ্টাৰৰ প্ৰথমগৰাকী বিজয়ী আছিল। এই সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ টেলিভিছন ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ৫৯৪ শব্দ · ৩ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

শানাৰেই দেৱী শানু এগৰাকী বাংলাদেশী অভিনেত্ৰী আৰু মডেল। তেওঁ ২০০৫ চনত অনুষ্ঠিত হোৱা সৌন্দৰ্য প্ৰতিযোগিতা লাক্স-চেনেল আই ছুপাৰষ্টাৰৰ প্ৰথমগৰাকী বিজয়ী আছিল।১ এই সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হোৱাৰ পিছত তেওঁ টেলিভিছন ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে। তেওঁ অভিনয় কৰা কেইখনমান উল্লেখযোগ্য টেলিভিছন ধাৰাবাহিক হৈছে ‘বৈৰাতি’, ‘পলাশ ফুলেৰ নলক’, ‘কবি’, ‘সাকিন চাৰিছুৰি’, ‘আহ ফুটবল বাহ ফুটবল’, ‘আৰমান ভাই বিৰাট টেনচন-এ’, ‘চোৰকাব্য’, ‘আপনঘৰ’, ‘কবিৰাজ গোলাপ শাহ’ আৰু ‘কৰ্তাকাহিনী’। ২০১৮ চনত তেওঁ ‘মিষ্টাৰ বাংলাদেশ’ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে।

প্ৰাৰম্ভিক জীৱন

শানুৰ জন্ম চিলেটৰ হিন্দু বিষ্ণুপ্ৰিয়া মণিপুৰী ভাষা সম্প্ৰদায়ত হৈছিল। তেওঁৰ পিতৃ এ. কে. শ্বেৰাম আৰু মাতৃ চন্দ্ৰা দেৱী।২৩ নিচেই কম বয়সৰে পৰাই তেওঁ নৃত্য, সংগীত, আবৃত্তি, তৰ্ক আৰু অভিনয়ৰ সৈতে জড়িত আছিল। স্কুল আৰু কলেজত পঢ়ি থকা দিনবোৰত তেওঁ ৰাষ্ট্ৰীয় শিশু সপ্তাহ আৰু ৰাষ্ট্ৰীয় শিক্ষা সপ্তাহত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদককে ধৰি একাধিক বঁটা লাভ কৰিছিল। তেওঁ ‘লাক্স-আনন্দধাৰা মিছ ফটোজেনিক’ প্ৰতিযোগিতাৰ শীৰ্ষ দহগৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত অন্যতম আছিল৪ আৰু বাংলাদেশ বেতাৰৰ ছিলেট কেন্দ্ৰৰ এগৰাকী তালিকাভুক্ত শিল্পী হৈছিল।৫ ২০০৪ চনত তেওঁ ছিলেটীয়া আঞ্চলিক উপভাষাত শকুৰ মজিদৰ পৰিচালনাত নিৰ্মিত ‘বৈৰাতি’ নামৰ নাটকত অভিনয় কৰিছিল। এই কামৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ শিতানত ঝিলিক-চেনেল আই ঈদ প্ৰগ্ৰেম বঁটা লাভ কৰে। ২০০৫ চনত তেওঁ ‘লাক্স-চেনেল আই ছুপাৰষ্টাৰ’ প্ৰতিযোগিতাৰ প্ৰথমটো ছিজনত অংশগ্ৰহণ কৰি বিজয়ীৰ মুকুট লাভ কৰিছিল।৫

কৰ্মজীৱন

২০০৫ চনত শানুৱে ৰুমানা ৰছিদ ইশিতাৰ পৰিচালনাত নিৰ্মিত টেলিভিছন ধাৰাবাহিক ‘এক নিজুম অৰণ্য’ত অভিনয় কৰিছিল। তেওঁৰ স্বামী জেভিয়াৰ শান্তনু বিশ্বাসেও এই ধাৰাবাহিকখনত অভিনয় কৰিছিল।৬ ২০১৩ চনত অৰণ্য আনোৱাৰৰ পৰিচালনাত তেওঁ মাছৰাঙা টেলিভিছনৰ ‘কবিৰাজ গোলাপ শাহ’ত খুচু চৰিত্ৰটো ৰূপায়ণ কৰাৰ লগতে আৰটিভিৰ টেলিভিছন ধাৰাবাহিক ‘অলশপুৰ’ত অভিনয় কৰে। ইয়াৰ উপৰিও তেওঁ অৰণ্য আনোৱাৰৰ ‘কৰ্তাকাহিনী’ আৰু ‘বুকে তাৰ চন্দনেৰ ঘ্ৰাণ’, দেবাশীষ বৰুৱা দীপৰ ‘জ্যোতিৰাজ টিপু চুলতান’ আৰু ‘ইলেকচন ইলেকচন’, আপেল মাহমুদৰ ‘ছবিৰ হাট’ আৰু ফয়ছল ৰাজীৱৰ ‘পৰ্দাৰ আৰালে কে’ তথা ‘ৰূপালী ও ৰূপালী পৰ্দাৰ গল্প’ টেলিভিছন ধাৰাবাহিকত অভিনয় কৰিছে। ইয়াৰ উপৰিও তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ উপন্যাসৰ আধাৰত শফিক বাবুৰ পৰিচালনাত নিৰ্মিত এপিছডীয় টেলিভিছন নাটক ‘দুই বোন’ত অভিনয় কৰে।

২০১৪ চনত তেওঁ মাণিক মানৱিকৰ পৰিচালনাত এছএ টিভিৰ ধাৰাবাহিক ‘কাম টু দ্য পইণ্ট’ আৰু আশীষ ৰয়ৰ পৰিচালনাত ইচিয়ান টিভিৰ ধাৰাবাহিক ‘প্ৰতিপক্ষ’ত অভিনয় কৰে। তেওঁ জিএম সৈকতৰ টেলিভিছন নাটক ‘মহুয়া’তো অভিনয় কৰিছিল।৭

তেওঁৰ প্ৰথমখন ছবি আছিল ‘মিষ্টাৰ বাংলাদেশ’ (২০১৮)।৮ ইয়াৰ পূৰ্বে তেওঁ হুমায়ূন আহমেদৰ ছবি ‘নয় নম্বৰ বিপদ সংকেত’ত অভিনয় কৰাৰ কথা আছিল। উগ্ৰবাদৰ বিষয়বস্তুক কেন্দ্ৰ কৰি আবু আক্তাৰ উল ইমানৰ পৰিচালনাত নিৰ্মিত ‘মিষ্টাৰ বাংলাদেশ’ত তেওঁ এগৰাকী গৃহিণীৰ চৰিত্ৰত অভিনয় কৰিছিল।৯ ২০১৮ চনৰ পৰা তেওঁ চেনেল আইৰ মেগা ধাৰাবাহিক ‘সাত ভাই চম্পা’ত বৰৰাণীৰ চৰিত্ৰত অভিনয় কৰি আহিছে।১০

সাহিত্যিক জীৱন

অভিনয়ৰ সমান্তৰালকৈ শানু লেখা-মেলাৰ সৈতেও জড়িত। ২০১৭ চনত তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ ‘নীল ফড়িং কাব্য’ অনন্যা প্ৰকাশনৰ জৰিয়তে একুশে গ্ৰন্থমেলাত প্ৰকাশ পাইছিল। এই সংকলনটিত ৫৮টা কবিতা আছে। পিছৰ বছৰত তেওঁৰ আৰু তিনিখন কাব্যগ্ৰন্থ প্ৰকাশ পায়: অনন্যা প্ৰকাশনৰ পৰা ‘লাল এপিটাফ’, তাম্ৰলিপিৰ পৰা ‘ত্ৰিভুজ’ আৰু চৈতন্যৰ পৰা ‘অসময়েৰ চিৰকুট’।১১

২০১৯ চনত তাম্ৰলিপিৰ পৰা তেওঁৰ উপন্যাস ‘একলা আকাশ’ প্ৰকাশ পায়,১২ আৰু অনন্যা প্ৰকাশনৰ পৰা তেওঁৰ শিশুৰ গল্পৰ কিতাপ ‘শানাৰেই ও তাৰ জাদুই লৈতেং’ (Shanarei and Her Magical Leitreng) প্ৰকাশ পায়।১৩১৪

২০২০ চনৰ গ্ৰন্থমেলাত তেওঁৰ কবিতা সংকলন ‘লাল এপিটাফ’ পুনৰ প্ৰকাশ পায়, য’ত ৭০টা কবিতা অন্তৰ্ভুক্ত আছিল।১৫

ফিল্ম'গ্ৰাফী

চলচ্চিত্ৰ

  • ‘মিষ্টাৰ বাংলাদেশ’ (২০১৮) – কুমু১৬

টেলিভিছন

  • বৈৰাতি (২০০৪)
  • এক নিজুম অৰণ্য (২০০৫)
  • পলাশ ফুলেৰ নলক
  • কবি
  • সাকিন চাৰিছুৰি
  • আহ ফুটবল বাহ ফুটবল
  • আৰমান ভাই বিৰাট টেনচন-এ
  • চোৰকাব্য
  • আপনঘৰ
  • কবিৰাজ গোলাপ শাহ (২০১৩)
  • অলশপুৰ (২০১৩)
  • কৰ্তাকাহিনী (২০১৩)
  • বুকে তাৰ চন্দনেৰ ঘ্ৰাণ (২০১৩)
  • জ্যোতিৰাজ টিপু চুলতান (২০১৩)
  • ইলেকচন ইলেকচন (২০১৩)
  • ছবিৰ হাট (২০১৩)
  • পৰ্দাৰ আৰালে কে (২০১৩)
  • ৰূপালী ও ৰূপালী পৰ্দাৰ গল্প (২০১৩)
  • দুই বোন (২০১৩)
  • কাম টু দ্য পইণ্ট (২০১৪)
  • প্ৰতিপক্ষ (২০১৪)
  • মহুয়া (২০১৪)

সাহিত্যকৰ্ম

কাব্য সংকলন

  • নীল ফড়িং কাব্য (২০১৭, অনন্যা প্ৰকাশনী)
  • লাল এপিটাফ (২০১৮, অনন্যা প্ৰকাশনী)
  • ত্ৰিভুজ (২০১৮, তাম্ৰলিপি)
  • অসময়েৰ চিৰকুট (২০১৮, চৈতন্য)
  • প্ৰিয়তম মেঘ (২০২০, অন্বেষা)
  • ভালবেসাৰ এপাৰ ওপাৰ (২০২৩, আজব প্ৰকাশ)
  • অলৌকিক শব্দেৰ ঘ্ৰাণ (২০২৪, আজব প্ৰকাশ)

উপন্যাস

  • একলা আকাশ (২০১৯, তাম্ৰলিপি)
  • লিপষ্টিক (২০২০, অন্বেষা)
  • আমাৰ একটা তুই চাই (২০২১, অনন্যা)
  • ইতি মেঘবালক (২০২১, তাম্ৰলিপি)
  • ঘুণে মানুহ (২০২২, অনন্যা)
  • ৰক্ষক (২০২৩, বাতিঘৰ)

শিশু সাহিত্য

  • শানাৰেই ও তাৰ জাদুই লৈতেং (২০১৯, অনন্যা প্ৰকাশনী)
  • পেবেত (২০২৪, ইক্ৰি-মিক্ৰি)

তথ্যসূত্ৰ

  1. ↑ (2018-01-12). Another big break for Shanu. The Daily Star (Bangladesh)
  2. ↑ (11 January 2018). bn:শানু লিখেছেন ৭০টি কবিতা!. Bangla Tribune
  3. ↑ (2023-02-26). 'I inherited my writing skill from my father': Shanarei Devi Shanu. The Business Standard
  4. ↑ (2007-08-31). Finalists of LUX Channel-i Super Star '07. The Daily Star (Bangladesh)
  5. ↑ (16 January 2013). bn:আপন ঠিকানায় ফেরা.... The Daily Ittefaq
  6. ↑ (2019-07-06). bn:বিয়ে করলেন শানু. Prothom Alo
  7. ↑ (16 June 2014). bn:'সাড়ে চার বছর পর গ্রামে গেলাম'. banglanews24.com
  8. ↑ Shazu, Shah Alam. (2018-11-15). SHANU on her first film, 'Mr Bangladesh'. The Daily Star (Bangladesh)
  9. ↑ bn:প্রথমবারের মতো চলচ্চিত্রে শানারৈ দেবী শানু. Daily Inqilab
  10. ↑ Ashik, Tanvir. (2018-12-04). bn:জীবনে তার চন্দনগন্ধা দুপুর. Channel i
  11. ↑ bn:কবিতার প্রেমে পড়েছি. Ekushey Television
  12. ↑ Shazu, Shah Alam. (2018-12-28). Shanarei Devi Shanu's first novel to release in 2019. The Daily Star (Bangladesh)
  13. ↑ Fahmidah, Usraat. (2024-02-26). Ekushey Boi Mela: Children's books and what to expect. The Daily Star (Bangladesh)
  14. ↑ (2019-02-01). bn:বইমেলায় আসছে শানুর দুই বই. NTV (Bangladesh)
  15. ↑ bn:অমর একুশে গ্রন্থমেলা ২০২০ বইমেলায় তারকাদের বই. Amader Shomoy
  16. ↑ Shazu, Shah Alam. (2018-07-22). "I gave it my hundred percent". The Daily Star

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ লেখকবাংলাদেশৰ অভিনেত্ৰীলেখিকামডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শানাৰেই দেৱী শানু” প্ৰবন্ধৰ সংশোধন ৬৩৫৫৯৪ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।