মৌনা-হোদান আহমেদ (ছোমালী: Muna Axmed, জন্ম ১৯৭২) এগৰাকী লেখিকা, যি জিবুটিৰ কমসংখ্যক মহিলা লেখিকাৰ ভিতৰত এগৰাকী।১ পাঁচজন সন্তানৰ পৰিয়ালত জন্ম গ্ৰহণ কৰা আহমেদে জিবুটিত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ফ্ৰান্সলৈ গৈ উচ্চ শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ নিজ দেশলৈ উভতি আহি শিক্ষাদান কৰিবলৈ আৰম্ভ কৰে।২ তেওঁৰ প্ৰথম উপন্যাস, Les enfants du khat (লেছ এনফেণ্টছ ডু খাট), ২০০২ চনত প্ৰকাশিত হৈছিল।৩ ইয়াত জিবুটিৰ এগৰাকী যুৱতীৰ জীৱনৰ বৰ্ণনা কৰা হৈছে, যি এগৰাকী পৰিয়ালৰ ডাঙৰ কন্যা, যাৰ পিতৃ খাটৰ প্ৰতি আসক্ত। আনহাতে মাতৃগৰাকীয়ে পৰিয়াল পোহপাল দিবলৈ অক্লান্তভাৱে কাম কৰে।৪৫৬
তথ্যসূত্ৰ
- ↑ Collectif; Dominique Auzias; Jean-Paul Labourdette. (7 December 2010). Petit Futé Djibouti. Petit Futé. পৃ. 86–. ISBN 978-2-7469-2616-5
- ↑ Mouna-Hodan Ahmed
- ↑ Mouna-Hodan AHMED – Les enfants du khat
- ↑ Amina Saïd Chiré: Djibouti contemporain. Editions Karthala 2013: S. 341. googlebooks
- ↑ La Nation. (quotidien djiboutien) 3. Mai 2016
- ↑ Hibo Moumin Assoweh: Émergence de la littérature djiboutienne d’expression française: Panorama diachronique et typologies des textes littéraires: Histoire, Thèmes et Poétiques de l’écriture du No Man’s Land. PAF 2015
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৌনা-হোদান আহমেদ” প্ৰবন্ধৰ সংশোধন ৪৯৯৭৯৬ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।