অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লাচমিনিংৰাট

ৰাডেন আয়ু লাচমিনিংৰাট (ইংৰাজী: Raden Ayu Lasminingrat; চুন্দানীজ: ᮛ᮪ᮓ᮪. ᮃᮚᮥ ᮜᮞ᮪ᮙᮤᮔᮤᮀᮛᮒ᮪; ২৯ মাৰ্চ ১৮৫৪ – ১০ এপ্ৰিল ১৯৪৮) এগৰাকী চুন্দানীজ লেখিকা আৰু পণ্ডিত আছিল। তেওঁ গাৰুটৰ প্ৰথমগৰাকী মহিলা আছিল যিয়ে সাৱলীলভাৱে ওলন্দাজ (ডাচ) ভাষা ক'ব পাৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ১৭৬ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ৰাডেন আয়ু লাচমিনিংৰাট (ইংৰাজী ভাষা: Raden Ayu Lasminingrat; চুন্দানীজ: ᮛ᮪ᮓ᮪. ᮃᮚᮥ ᮜᮞ᮪ᮙᮤᮔᮤᮀᮛᮒ᮪; ২৯ মাৰ্চ ১৮৫৪ – ১০ এপ্ৰিল ১৯৪৮) এগৰাকী চুন্দানীজ লেখিকা আৰু পণ্ডিত আছিল। তেওঁ গাৰুটৰ প্ৰথমগৰাকী মহিলা আছিল যিয়ে সাৱলীলভাৱে ওলন্দাজ (ওলন্দাজ ভাষা) ভাষা ক'ব পাৰিছিল।১

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

ৰাডেন আয়ু লাচমিনিংৰাটৰ জন্ম ১৮৫৪ চনৰ ২৯ মাৰ্চত তেতিয়াৰ ডাচ ইষ্ট ইণ্ডিজৰ গাৰুটত হৈছিল। তেওঁ চুণ্ডানীজ ৰাজকুমাৰ তথা লেখক ৰাডেন হাজী মহম্মদ মুছা আৰু ৰাডেন আয়ু ৰিয়াৰ জ্যেষ্ঠা কন্যা আছিল। শৈশৱত তেওঁ চুমেদাঙত লেভিছন নৰমেনৰ সৈতে আছিল, যি ৰাডেন হাজী মহম্মদ মুছাৰ সহকৰ্মী আছিল। নৰমেনৰ সৈতে থকা সময়ত তেওঁক 'ছাটজে' (Saatje) বুলি মতা হৈছিল আৰু তেওঁ পঢ়া-শুনা, লিখন, ওলন্দাজ ভাষা আৰু নাৰীত্বৰ সৈতে জড়িত অন্যান্য জ্ঞান আহৰণ কৰিছিল।১

১৮৭১ চনত তেওঁ গাৰুটলৈ উভতি আহে আৰু পুথি অনুবাদক হিচাপে কাম কৰিবলৈ লয়। ১৮৭৫ চনত তেওঁ চাৰিটা এৰমান নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰে, য'ত তেওঁ ক্ৰিষ্টোফ ভন শ্মিডৰ ৰচনা অনুবাদ কৰিছিল। এবছৰৰ পাছত তেওঁ ৱানাচাৰী আটাৱা ৰূপা-ৰূপা ডংগেং জিলিদ ১ নামৰ এখন গ্ৰন্থ ৰচনা কৰে, য'ত তেওঁ ভৰ্টেলচেলছ উইট হেট ৱাণ্ডাৰলেণ্ড ফ’ৰ কিণ্ডেৰেন, ক্লিন এন গ্ৰুট আৰু অন্যান্য ইউৰোপীয় শিশুৰ সাধুকথা অনুবাদ কৰিছিল।২

বিদ্যালয় স্থাপন

১৯০৭ চনত তেওঁ মহিলাৰ বাবে এখন বিদ্যালয় 'চাকোলা কৌটামান ইস্ত্ৰী' (মহিলাৰ দক্ষতা বিদ্যালয়) প্ৰতিষ্ঠা কৰে। বিদ্যালয়খন গাৰুটৰ ৰিজেণ্ট আৰ.এ.এ ৱিৰাটানুডাটৰ অষ্টম আৰু ঔপনিৱেশিক চৰকাৰৰ বিষয়াৰপৰা সমৰ্থন লাভ কৰিছিল। আৰম্ভণিতে মহিলাসকলে বিদ্যালয়ত শিক্ষা লাভ কৰিব নালাগে বুলি চলি থকা স্থানীয় প্ৰথাৰ বাবে তেওঁ ছাত্ৰী বিচাৰি উলিওৱাত অসুবিধাৰ সন্মুখীন হৈছিল। এই সমস্যা সমাধানৰ বাবে তেওঁ প্ৰথমে নিজৰ আত্মীয় আৰু চৰকাৰী কৰ্মচাৰীৰ কন্যাসকলক ছাত্ৰী হিচাপে ভৰ্তি কৰাইছিল।১

তেওঁ ছাত্ৰীসকলক পঢ়া-শুনা, লিখন আৰু চিলাই, এম্ব্ৰয়ডৰী তথা গোঁথাৰ দৰে মহিলাৰ দক্ষতাৰ শিক্ষা দিছিল। ১৯১৩ চনত বিদ্যালয়খনে ঔপনিৱেশিক চৰকাৰৰপৰা অনুমতি লাভ কৰে। চৰকাৰী অনুমতিৰ সৈতে বিদ্যালয়খনৰ পৰিসৰ বৃদ্ধি পায়।১

ব্যক্তিগত জীৱন আৰু মৃত্যু

তেওঁ আৰ.এ.এ ৱিৰাটানুডাটৰ অষ্টমৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল।৩ ১৯৪৮ চনৰ ১০ এপ্ৰিলত গাৰুটত লাচমিনিংৰাটৰ মৃত্যু হয়।১

বঁটা আৰু উত্তৰাধিকাৰ

তেওঁৰ সাহিত্যিক জীৱনত তেওঁ চুণ্ডানীজ সাহিত্য আৰু সমাজলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। তেওঁ নাৰী মুক্তি আৰু সবলীকৰণৰ বাবেও কাম কৰিছিল। সমগ্ৰ ইণ্ডোনেছিয়াত তেওঁৰ বিদ্যালয়ৰ প্ৰসাৰ ঘটিছে।

তেওঁ "ইণ্ডোনেছিয়াৰ প্ৰথম সাক্ষৰতা মাতৃ" উপাধি লাভ কৰিছে। ইণ্ডোনেছিয়া চৰকাৰে ৰাডেন আয়ু লাচমিনিংৰাটৰ নামটো 'ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় বীৰ' হিচাপে প্ৰস্তাৱ কৰিছে।৪

তথ্যসূত্ৰ

  1. ↑ Rachmadita, Amanda. Peran Lasminingrat dalam Pendidikan dan Penerjemahan. historia.id. Historia
  2. ↑ Info Garut, Info Garut. RA Lasminingrat, Pejuang Emansipasi Wanita Pertama dari Tanah Sunda Sebelum Kartini. infogarut.id. Info Garut
  3. ↑ Magdalene.co, Magdalene.co. (2020). Herstory perempuan Nusantara di tepi sejarah. PT Elex Media Komputindo. পৃ. 32
  4. ↑ Redaksi. Siapa Lasminingrat yang Jadi Google Doodle Hari Ini?. CNBC Indonesia

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান নাৰীবাদীলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাচমিনিংৰাট” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৮৯ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।