লেখিকা
২৭৫ প্ৰবন্ধ
-
বন্দনা এলাংবাম
বন্দনা এলাংবাম (ইংৰাজী: Bondina Elangbam) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু শিল্পী। তেওঁ মণিপুৰৰ বাসিন্দা। তেওঁৰ সৰ্বাংগীণ তুলনামূলক বিশ্লেষণাত্মক গৱেষণামূলক কৰ্মসমূহৰ ভিতৰত "Is the Homosexual an Invisible Being? 'Comrade Love' in the Select Fiction of the Rohinton Mistry and Amitav Ghosh" অন্যতম।
-
বসুধৰা ৰায়
বসুধৰা ৰায় (ইংৰাজী: Basudhara Roy; জন্ম: ১৯৮৬) এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ কবি, সমালোচক আৰু কোলহান বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত জামছেদপুৰৰ কৰিম চিটী কলেজৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা।
-
বানু মুস্তাক
বানু মুস্তাক (Banu Mushtaq) (জন্ম ১৯৪৮) দক্ষিণৰ কৰ্ণাটক ৰাজ্যৰ এগৰাকী ভাৰতীয় সমাজকৰ্মী, অধিবক্তা আৰু সাহিত্যিক। তেওঁ কানাড়া ভাষাত লিখে৷ তেওঁৰ ৰচনাসমূহ উৰ্দু, হিন্দী, তামিল, মালায়ালম আৰু শেহতীয়াকৈ ইংৰাজী ভাষাতো প্ৰকাশ পাইছে।
-
বাহাৰেহ ৰহনামা
বাহাৰেহ ৰহণামা (ফাৰ্চী: بهاره رهنما; জন্ম ১ ডিচেম্বৰ, ১৯৭৩) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী আৰু লেখিকা। তেওঁ টাম্বুৰিন (২০০৮) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে হাফেজ বঁটা লাভ কৰিছিল।
-
বাৰ্বাৰা স্লেট
বাৰ্বাৰা স্লেট ( Barbara Slate; জন্ম: ৯ মে', ১৯৪৭) এগৰাকী আমেৰিকান শিল্পী, কাৰ্টুনকাৰ, গ্ৰাফিক ঔপন্যাসিক, কমিক বুক সৃষ্টিকৰ্তা আৰু লেখিকা। ডিচি আৰু মাৰ্ভেল কমিক্স দুয়োটাৰে বাবে কমিকছ সৃষ্টি, লিখা আৰু অংকন কৰা কেইগৰাকীমান মহিলা শিল্পীৰ ভিতৰত তেওঁ অন্যতম।
-
বিঞ্জমুৰি সীতা দেৱী
বিঞ্জমুৰি সীতা দেৱী (ইংৰাজী: Binjamuri Sita Devi; মৃত্যু ১৭ মে ২০১৬) এগৰাকী সংগীতজ্ঞ, গায়িকা আৰু তেলুগু লোকসংগীতৰ বিশেষজ্ঞ আছিল।
-
বিদ্যা বাল
বিদ্যা বাল (১২ জানুৱাৰী ১৯৩৭ – ৩০ জানুৱাৰী ২০২০) ভাৰতৰ মহাৰাষ্ট্ৰৰ এগৰাকী মাৰাঠী নাৰীবাদী লেখিকা/সম্পাদিকা আছিল। তেওঁ আছিল এগৰাকী সমাজ কৰ্মী, বিশেষকৈ ভাৰতৰ পুৰুষৰ বিপৰীতে মহিলাৰ সামাজিক মৰ্যাদা সমতা স্থাপনৰ ক্ষেত্ৰত তেওঁৰ অৱদান উল্লেখযোগ্য।
-
বিদ্যা ৰাও (কণ্ঠশিল্পী)
বিদ্যা ৰাও (Vidya Rao) এগৰাকী ভাৰতীয় হিন্দুস্তানী শাস্ত্ৰীয় গায়ক আৰু সাহিত্যিক। থুমৰি আৰু দাদ্ৰাৰ বাবে তেওঁ জনপ্ৰিয়।প্ৰয়াত নেইনা দেৱীক তেওঁ লিখা গ্ৰন্থখন হৈছে- হাৰ্ট টু হাৰ্ট: ৰিমেম্বৰিং নেইনাজী নামৰ এখন গ্ৰন্থ। তেওঁৰ কন্যা অদিতি ৰাও হাইদৰী এগৰাকী অভিনেত্ৰী।
-
বিবি বাকাৰে-ইউছুফ
বিবি বাকাৰে-ইউছুফ (Bibi Bakare-Yusuf, জন্ম: ১৯৭০) নাইজেৰিয়াৰ লাগোছৰ এজন নাইজেৰিয়ান শিক্ষাবিদ, লেখক আৰু সম্পাদক। ২০০৬ চনত জেৰেমি ৱেইটৰ সৈতে প্ৰকাশন কোম্পানী কাছাভা ৰিপাব্লিক প্ৰেছৰ সহযোগী প্ৰকাশন গোষ্ঠী প্ৰতিষ্ঠা কৰে।
-
বীনাপাণি মোহান্তি
বীনাপাণি মোহান্তি ( Binapani Mohanty; ১১ নৱেম্বৰ ১৯৩৬ – ২৪ এপ্ৰিল ২০২২) এজন ভাৰতীয় ওডিয়া ভাষাৰ লেখিকা আৰু শিক্ষাবিদ। পাটাদৈ আৰু কস্তুৰী মৃগা আদি ৰচনাৰ বাবে তেওঁ সুপৰিচিত আছিল। অৱসৰৰ পূৰ্বে অৰ্থনীতিৰ অধ্যাপিকা আছিল।
-
বুয়াংগী চাইলো
বুয়াংগী চাইলো (: Buangi Sailo; প্ৰায় ১৯২৯ – ১৮ জুন ২০১২) মিজোৰামৰ এগৰাকী ভাৰতীয় লেখিকা, কবি, আৰু সুৰকাৰ, মিজো সাহিত্য, শিক্ষা, আৰু মিজো ইতিহাস আৰু সংস্কৃতিৰ নথিপত্ৰৰ বাবে তেওঁৰ অৱদানৰ বাবে পৰিচিত। ২০১১ চনত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী আৰু ২০০৯ চনত স্ত্ৰী শক্তিপুৰস্কাৰ লাভ কৰে।
-
বেটী এবাৰলিন
বেটী এবাৰলিন (ইংৰাজী: Betty Aberlin; জন্ম: বেটী কে এজেলফ; ৩০ ডিচেম্বৰ, ১৯৪২) এগৰাকী আমেৰিকান অভিনেত্ৰী, কবি আৰু লেখিকা। তেওঁ শিশুৰ টেলিভিছন ধাৰাবাহিক মিষ্টাৰ ৰজাৰ্ছ নেইবাৰহুডত লেডী এবাৰলিন চৰিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে পৰিচিত।
-
বৈদেহী (কন্নড় লেখিকা)
জানকী শ্ৰীনিবাস মূৰ্তি (ইংৰাজী: Janaki Srinivasa Murthy; জন্ম: ১২ ফেব্ৰুৱাৰী ১৯৪৫), যি তেওঁৰ ছদ্মনাম বৈদেহী নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় নাৰীবাদী লেখিকা আৰু আধুনিক কন্নড় কল্পসাহিত্যৰ এগৰাকী সুপৰিচিত সাহিত্যিক।
-
বৰ্ষা ভোঁচলে
বৰ্ষা ভোঁচলে (জন্ম, ১৯৫৬ –মৃত্যু,৮ অক্টোবৰ ২০১২) মুম্বাইৰ আবাসী ভাৰতীয় গায়িকা, সাংবাদিক আৰু লেখিকা আছিল। তেওঁ গায়িকা আশা ভোঁসলেৰ জীয়ৰী আছিল।
-
ভি. ভি. গণেশানন্তন
ভি. ভি. গণেশানন্তন (ইংৰাজী: V. V. Ganeshananthan; জন্ম ১৯৮০) এগৰাকী আমেৰিকান কল্পকাহিনী লেখিকা, প্ৰবন্ধকাৰ আৰু সাংবাদিক। তেওঁৰ লেখাসমূহ গ্ৰাণ্টা, দ্য আটলাণ্টিক মান্থলী আৰু দ্য ৱাশ্বিংটন পোষ্টকে ধৰি বহুতো আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীত প্ৰকাশ পাইছে।
-
ভিয়েৰা গাছপাৰিকোভা
ভিয়েৰা গাছপাৰিকোভা (ইংৰাজী: Viera Gašparíková; ১৫ এপ্ৰিল ১৯২৮ – ২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী স্লোভাক লেখিকা, লোকসংস্কৃতিবিদ আৰু স্লাভিষ্ট আছিল। তেওঁ স্লোভাক নৃতাত্ত্বিক সমাজৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য আছিল আৰু স্লোভাক স্লাভিষ্ট সমিতিৰ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মঞ্জুলা পদ্মনাভন
মঞ্জুলা পদ্মনাভন (ইংৰাজী: Manjula Padmanabhan; জন্ম: ২৩ জুন ১৯৫৩) এগৰাকী ভাৰতীয় নাট্যকাৰ, সাংবাদিক, কমিক ষ্ট্ৰিপ শিল্পী আৰু শিশু গ্ৰন্থৰ লেখিকা। তেওঁৰ কৰ্মৰাজিয়ে বিজ্ঞান, প্ৰযুক্তি, লিংগ আৰু আন্তৰ্জাতিক বৈষম্যৰ বিষয়ে অন্বেষণ কৰে।
-
মনোৰমা মহাপাত্ৰ
মনোৰমা মহাপাত্ৰ (ইংৰাজী: Manorama Mohapatra; জন্ম: ১০ জুন ১৯৩৪ – ১৮ ছেপ্টেম্বৰ ২০২১) এগৰাকী ভাৰতীয় লেখিকা, কবি আৰু সম্পাদক আছিল, যিয়ে মুখ্যত ওড়িয়া ভাষাত সাহিত্য চৰ্চা কৰিছিল। তেওঁ উপন্যাস আৰু কবিতা সংকলন সামৰি মুঠ ৪০খন গ্ৰন্থ ৰচনা কৰিছিল আৰু ওড়িয়া বাতৰি কাকত দ্য সমাজৰ সম্পাদনা কৰিছিল।
-
মাইয়া ৱিলিয়ামছ
মাইয়া ৱিলিয়ামছ (জন্ম ১৮ ডিচেম্বৰ ১৯৬২) এগৰাকী আমেৰিকান লেখিকা, টেলিভিছন প্ৰযোজক, আৰু চিত্ৰনাট্যকাৰ।
-
মাচুদা খাতুন
মাচুদা খাতুন (বাংলা: মাসুদা খাতুন; ১৮৮৫–১৯২৬) এগৰাকী অগ্ৰণী বঙালী নাৰীবাদী আৰু ধৰ্মনিৰপেক্ষ চিন্তাবিদ আছিল। তেওঁ এগৰাকী সমাজ সংস্কাৰকো আছিল। তেওঁৰ কলমী নাম আছিল Mrs M Rahman।
-
মালতী মুৰ্মু
মালতী মুৰ্মু (ইংৰাজী: Malati Murmu; ১১ ফেব্ৰুৱাৰী ১৯৭৫ – ৩১ ডিচেম্বৰ ২০২৫) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ভাষা কৰ্মী আছিল। তেওঁ মূলতঃ অল চিকি লিপি ব্যৱহাৰ কৰি চাঁওতালি ভাষাত প্ৰকাশিত মাহেকীয়া বাতৰি কাকত 'ফাগুন'ৰ সম্পাদিকা আৰু প্ৰকাশক হিচাপে পৰিচিত।
-
মাৰিয়া আদানেজ
মাৰিয়া আদানেজ আলমেনৰা (ইংৰাজী: María Adánez; জন্ম: ১২ মাৰ্চ ১৯৭৬) এগৰাকী স্পেনিছ অভিনেত্ৰী, পৰিচালক, লেখিকা আৰু প্ৰযোজক।
-
মাৰ্গাৰট আৱ’য়েট
মাৰ্গাৰেট আব’য়েট ( Marguerite Abouet; জন্ম: ১৯৭১) এগৰাকী আইভৰিয়ান লেখিকা, তেওঁ তেওঁৰ গ্ৰাফিক উপন্যাস ধাৰাবাহিক আয়া এণ্ড আকিচি(Aya and Akissi)ৰ বাবে বেছিকৈ পৰিচিত।
-
মাৰ্গাৰেট মেকে
মাৰ্গাৰেট মেকে (পোছাকী নাম, মিচেছ কৰ্ণেল মেকে; ১৮০২–১৮৮৭) স্কটিছ লেখিকা আৰু কেইবাখনো গ্ৰন্থৰ ৰচক আছিল। হাৰ থটচ ৰিডিমদ্; বা লেইজ অৱ লেজাৰ আৱাৰছ (১৮৫৪)ত তেওঁৰ ৭২টা গীত আৰু কবিতা সন্নিৱিষ্ট কৰা হৈছিল। তেওঁৰ গদ্য গ্ৰন্থসমূহৰ ভিতৰত দ্য ফেমিলি এট হিদাৰডেল (১৮৩৭) আটাইতকৈ বেছি পাঠিত হৈছিল।
-
মাৰ্টা চুচানা প্ৰিয়েটো
মাৰ্টা চুচানা প্ৰিয়েটো ডি অভিয়েডো (ইংৰাজী: Marta Susana Prieto de Oviedo; জন্ম: ১৯৪৪) এগৰাকী হণ্ডুৰাছৰ লেখিকা যিয়ে ছান পেড্ৰ' ছুলাত বাস কৰে।
-
মাৰ্টা ৰেপুলো ই গ্ৰাউ
মাৰ্টা ৰেপুলো ই গ্ৰাউ (জন্ম ১৯৭৬) এণ্ডোৰাৰ এগৰাকী কাটালান ভাষাৰ লেখিকা তথা কবি। বাৰ্চিলোনাত জন্মগ্ৰহণ কৰা ৰেপুলো শীঘ্ৰেই লা ছেউ দ’ উৰ্গেললৈ স্থানান্তৰিত হয়। তেওঁ স্বায়ত্তশাসিত বাৰ্চিলোনা বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী লাভ কৰে।
-
মিচেল ওবামা
মিচেল লাভন ৰবিনছন ওবামা (জন্ম: ১৭ জানুৱাৰী, ১৯৬৪) এগৰাকী আমেৰিকান অধিবক্তা আৰু লেখিকা যিয়ে ২০০৯ চনৰ পৰা ২০১৭ চনলৈকে আমেৰিকাৰ ৪৪ সংখ্যক ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ পত্নী হিচাপে আমেৰিকাৰ ফাৰ্ষ্ট লেডী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মিণ্ডী কেলিং
ভেৰা মিণ্ডী চোকালিংগম (জন্ম: ২৪ জুন, ১৯৭৯), পেছাদাৰীভাৱে মিণ্ডী কেলিং (ইংৰাজী: Mindy Kaling; জন্ম: ২৪ জুন, ১৯৭৯) নামেৰে পৰিচিত এগৰাকী আমেৰিকান অভিনেত্ৰী, কৌতুক শিল্পী, চিত্ৰনাট্যকাৰ আৰু প্ৰযোজক। টেলিভিছনৰ কামৰ বাবে পৰিচিত কেলিঙে এটা টনী বঁটা আৰু প্ৰাইমটাইম এমি বঁটাত ছয়টাকৈ মনোনয়ন লাভ কৰিছে।
-
মীনা প্ৰভু
মীনা সুধাকৰ প্ৰভু (ইংৰাজী: Meena Sudhakar Prabhu; জন্ম: ২৭ আগষ্ট ১৯৩৯ – মৃত্যু: ১ মাৰ্চ ২০২৫) এগৰাকী ভাৰতীয় লেখিকা আৰু প্ৰাক্তন এনাস্থেচিঅ'লজিষ্ট আছিল। তেওঁ মূলতঃ যুক্তৰাজ্য, ইৰান, ইজিপ্ত, চীন, তুৰস্ক আৰু মেক্সিকো ভ্ৰমণৰ অভিজ্ঞতাৰে মাৰাঠী ভাষাত লিখা ভ্ৰমণ কাহিনীসমূহৰ বাবে পৰিচিত।
-
মীনাক্ষী গোপীনাথ
মীনাক্ষী গোপীনাথ এগৰাকী ভাৰতীয় শিক্ষাবিদ, ৰাজনীতি বিজ্ঞানী, লেখিকা আৰু নতুন দিল্লীৰ লেডী শ্ৰী ৰাম কলেজৰ প্ৰাক্তন অধ্যক্ষ। তেওঁ দক্ষিণ এছিয়াৰ মহিলাসকলৰ মাজত শান্তি আৰু আৰ্থ-ৰাজনৈতিক নেতৃত্বক প্ৰসাৰিত কৰা বেচৰকাৰী সংস্থা উইমেন ইন ছিকিউৰিটি কনফ্লিক্ট মেনেজমেণ্ট এণ্ড পিছ (WISCOMP)ৰ প্ৰতিষ্ঠাপক আৰু…