শ্বেতা তানেজা (ইংৰাজী ভাষা: Shweta Taneja) এগৰাকী ভাৰতীয় উপন্যাস, চুটিগল্প, গ্ৰাফিক উপন্যাস, অনা-কল্পকাহিনী আৰু কমিক গ্ৰন্থৰ লেখিকা। তেওঁৰ কৰ্মৰাজিৰ ভিতৰত ফেণ্টাছি কল্পকাহিনী ধাৰাবাহিক দ্য ৰক্ত কুইন: এন অনন্ত তান্ত্ৰিষ্ট মিষ্ট্ৰী,১ দ্য মৎস্য কাৰ্ছ: এন অনন্ত তান্ত্ৰিষ্ট মিষ্ট্ৰী,২ কাল্ট অৱ কেঅ’ছ: এন অনন্ত তান্ত্ৰিষ্ট মিষ্ট্ৰী৩ আৰু শিশু তথা কিশোৰ-কিশোৰীৰ বাবে লিখা দ্য ঘোষ্ট হাণ্টাৰ্ছ অৱ কাৰ্ছিয়ং৪ আৰু হাউ টু ষ্টীল এ ঘোষ্ট @ মণিপাল৫ আদি অন্যতম।
তেওঁৰ চুটিগল্প "দ্য ডটাৰ দ্যাট ব্লিডছ" বেষ্ট এছিয়ান স্পেকুলেটিভ ফিকচনত প্ৰকাশিত হৈছিল৬ আৰু ই এডিটৰ্ছ চইচ এৱাৰ্ড লাভ কৰিছিল।৭ গল্পটো ফৰাচী ভাষালৈ La Fille qui saigne নামেৰে অনুবাদ কৰা হয় আৰু গেলেক্সি মেগাজিনত প্ৰকাশ পায়।৮ এই গল্পটো ২০২০ চনত ফ্ৰান্সৰ 'গ্ৰেণ্ড প্ৰিস্ক ডি ল'ইমাজিনেয়াৰ' বঁটাৰ বাবে চূড়ান্ত প্ৰতিযোগী আছিল।৯
তানেজাই হিন্দু দেৱতা শিৱৰ ওপৰত আধাৰিত পাঁচটা গল্পৰ গ্ৰাফিক উপন্যাস দ্য স্কাল ৰোজাৰী (হলি কাউ এণ্টাৰটেইনমেণ্টৰ দ্বাৰা প্ৰকাশিত)১০ আৰু ভগৱান কৃষ্ণৰ ওপৰত আধাৰিত কৃষ্ণ: ডিফেন্ডাৰ অৱ ধৰ্মৰ (কেম্পফায়াৰ গ্ৰাফিক নভেলছৰ দ্বাৰা প্ৰকাশিত) চিত্ৰনাট্য লিখিছিল।১১ তেওঁ বৰ্তমান বেংগালুৰুত বাস কৰে।
জীৱনী
শ্বেতা তানেজা ভাৰতৰ দিল্লীত ডাঙৰ-দীঘল হৈছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনস্থ লেডী শ্ৰীৰাম কলেজ ফৰ উইমেনৰ পৰা ইংৰাজী ভাষা সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী আৰু নেচনেল ইনষ্টিটিউট অৱ ফেশ্বন টেকন’লজীৰ পৰা ফেশ্বন কমিউনিকেচনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।
সাহিত্যিক জীৱন
তানেজাৰ সাংবাদিক জীৱন আৰম্ভ হৈছিল ফেমিনা আৰু মেন্ছ হেল্থ (য’ত তেওঁ ভাৰতীয় সংস্কৰণৰ সহকাৰী সম্পাদিকা আছিল) আলোচনীৰ জৰিয়তে। তেওঁ বৰ্তমানো মিণ্ট, ডিস্কভাৰ ইণ্ডিয়া, স্ক্ৰল আৰু দ্য হাফিংটন পোষ্ট (ভাৰত)কে ধৰি কেইবাটাও ছপা আৰু অনলাইন প্ৰকাশনৰ বাবে লিখা-মেলা কৰি আছে।১২১৩১৪
তেওঁৰ প্ৰথম প্ৰকাশিত গ্ৰন্থ আছিল গ্ৰাফিক উপন্যাস কৃষ্ণ: ডিফেন্ডাৰ অৱ ধৰ্ম। ইয়াৰ চিত্ৰনাট্য তেওঁ লিখিছিল আৰু চিত্ৰকৰ ৰাজেশ নাগুলাকোণ্ডাৰ সৈতে এই কামত সহযোগিতা কৰিছিল। ২০১৩ চনত 'অছ’চিয়েশ্যন অৱ ৰাইটাৰ্ছ এণ্ড ইলাষ্ট্ৰেটৰ্ছ ফৰ চিলড্ৰেন'ৰ দ্বাৰা এই গ্ৰাফিক উপন্যাসখন ভাৰতৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা বৰ্ডৰ (CBSE) অন্তৰ্ভুক্ত বিদ্যালয়সমূহৰ সপ্তম আৰু অষ্টম শ্ৰেণীৰ বাবে পৰামৰ্শ দিয়া হৈছিল।১৫
দ্য ঘোষ্ট হাণ্টাৰ্ছ অৱ কাৰ্ছিয়ং আছিল তেওঁৰ প্ৰথম উপন্যাস। ইয়াত ১২ বছৰীয়া এটা শিশুৰ দলেই ভাৰতৰ পাহাৰীয়া চহৰ কাৰ্ছিয়ঙৰ এটা ৰহস্য সমাধান কৰাৰ কাহিনী বৰ্ণিত হৈছে।১৬ তানেজাই এখন শিশু ডিটেক্টিভ কৰ্মশালাৰ জৰিয়তে এই উপন্যাসখনৰ প্ৰচাৰ চলাইছিল।১৭
দ্য স্কাল ৰোজাৰী আছিল তানেজাৰ দ্বিতীয়খন গ্ৰাফিক উপন্যাস। ২০১৩ চনৰ কমিক কন ইণ্ডিয়া বঁটাৰ বাবে ই শ্ৰেষ্ঠ লেখক আৰু শ্ৰেষ্ঠ বেটুপাতৰ শিতানত মনোনীত হৈছিল।১৮
তেওঁৰ পৰৱৰ্তী কৰ্ম আছিল দিল্লীৰ পটভূমিত নিৰ্মিত ডিটেক্টিভ ফেণ্টাছি উপন্যাস কাল্ট অৱ কেঅ’ছ: এন অনন্ত তান্ত্ৰিষ্ট মিষ্ট্ৰী। ইয়াৰ মূল চৰিত্ৰ অনন্ত এগৰাকী মহিলা তান্ত্ৰিক।১৯ এই উপন্যাসখনক ভাৰতৰ প্ৰথম তান্ত্ৰিক-ডিটেক্টিভ উপন্যাস বুলি অভিহিত কৰা হয়।২০
২০১৬ চনত তানেজাই হাউ টু ষ্টীল এ ঘোষ্ট @ মণিপাল প্ৰকাশ কৰে। এই গ্ৰন্থখন 'জাগাৰনট বুকছ'ৰ দ্বাৰা ই-বুক হিচাপে প্ৰকাশিত হৈছিল।২১ অনন্ত তান্ত্ৰিষ্ট মিষ্ট্ৰী ধাৰাবাহিকৰ দ্বিতীয়খন উপন্যাস দ্য মৎস্য কাৰ্ছ ২০১৭ চনত আৰু তৃতীয়খন উপন্যাস দ্য ৰক্ত কুইন ২০১৮ চনত প্ৰকাশ পায়।
২০১৬ চনত তানেজা 'চাৰ্লছ ৱালেচ ইণ্ডিয়া ফেল’শ্বিপ'ৰ (চিচেষ্টাৰ বিশ্ববিদ্যালয়, যুক্তৰাজ্য) বাবে নিৰ্বাচিত হৈছিল।২২ ২০২০ চনত তানেজাৰ এটা চুটিগল্প ফৰাচী 'গ্ৰেণ্ড প্ৰিস্ক ডি ল'ইমাজিনেয়াৰ' বঁটাৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল।২৩
তথ্যসূত্ৰ
- ↑ The Rakta Queen. HarperCollinsPublishers India
- ↑ HarperCollinsPublishers India · The Matsya Curse. harpercollins.co.in
- ↑ HarperCollinsPublishers India · Cult of Chaos. harpercollins.co.in
- ↑ HACHETTE. www.hachetteindia.com
- ↑ Juggernaut Books. www.juggernaut.in
- ↑ Dutta-Asane, Sucharita. The Best Asian Speculative Fiction. kitaab
- ↑ Indian Author Shweta's Short Story Wins Editor's Choice Award. indianobserverpost.com
- ↑ Birnie-Scott, Xavier. Sommaire de la revue Galaxie 58 SF. Galaxies-SF
- ↑ Grand Prix de l'Imaginaire 2020 – Grand Prix de l'Imaginaire
- ↑ Holy Cow Entertainment · The Skull Rosary. www.holycow.in
- ↑ Krishna: Defender of Dharma. Campfire
- ↑ Shweta's articles for Mint
- ↑ Shweta Taneja · Scroll.in. scroll.in
- ↑ Shweta's articles for Huffington Post India
- ↑ CBSE Reading Promotion, SNo 94
- ↑ 'I became a writer by chance!': Swetha Padmanabhan - Citizen Matters, Bangalore News. Bangalore.citizenmatters.in
- ↑ Bhumika K. (10 December 2013). Kids crack a whodunnit. The Hindu
- ↑ (16 January 2014). Comic Con India Awards 2013 Nominees Announced: Special Awards for Pran Kumar Sharma and Tinkle Studio. AnimationXpress
- ↑ Mini Anthikad-Chhibber. (23 February 2015). Fast, furious and completely magical. The Hindu
- ↑ - Rohini Nair. (10 February 2015). A supernatural detective thriller. The Asian Age
- ↑ Chhibber, Mini Anthikad. Seamlessly moving between worlds. The Hindu
- ↑ Anjum, Zafar. (25 January 2016). The Lounge Chair Interview: 10 Questions with Shweta Taneja
- ↑ (9 February 2020). Shweta Taneja's short story in Grand Prix de l'Imaginaire Awards's shortlist. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেতা তানেজা” প্ৰবন্ধৰ সংশোধন ৫৯৬৮০২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।