অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্বেবা ছাছি

শ্বেবা ছাছি (Sheba Chhachhi(জন্ম-১৯৫৮), ইথিঅ'পিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ, মহিলা অধিকাৰ কৰ্মী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু ইনষ্টলেচন শিল্পী। নতুন দিল্লীত বাস কৰা ছাছিয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ কৰ্মৰাজি ব্যাপকভাৱে প্ৰদৰ্শন কৰিছে।

হালনাগাদ: ৮ মে’ ২০২৫ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

শ্বেবা ছাছি (Sheba Chhachhi(জন্ম-১৯৫৮), ইথিঅ'পিয়াত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় ফটোগ্ৰাফাৰ, মহিলা অধিকাৰ কৰ্মী, লেখিকা, চলচ্চিত্ৰ নিৰ্মাতা আৰু ইনষ্টলেচন শিল্পী। নতুন দিল্লীত বাস কৰা ছাছিয়ে ভাৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ কৰ্মৰাজি ব্যাপকভাৱে প্ৰদৰ্শন কৰিছে।১২

মহিলা আৰু নগৰ পৰিৱৰ্তনৰ প্ৰভাৱক কেন্দ্ৰ কৰা বিষয়সমূহে ছাচিৰ বেছিভাগ স্থান-নিৰ্দিষ্ট ইনষ্টলেশ্যন আৰু স্বতন্ত্ৰ শিল্পকৰ্মৰ বিষয়ে অৱগত কৰে।৩ ছাছিয়ে ১৮খন দেশৰ ৯টা একক গেলেৰী শ্ব’ত তেওঁৰ কৰ্ম প্ৰদৰ্শন কৰিছে৷ তেওঁৰ কৰ্মৰাজি ৪টা নিলামত বিক্ৰী হৈছে। ৫টা বিশেষ প্ৰকল্পৰ অংশ হিচাপেও ৫টা সংগ্ৰহালয়/ ৰাজহুৱা সংগ্ৰহত প্ৰকাশ পাইছে। ২০১১ চনত ছিংগাপুৰ আৰ্ট মিউজিয়ামৰ দ্বাৰা সমসাময়িক শিল্পৰ বাবে জুৰ'ৰ বঁটা প্ৰদান কৰা হয় আৰু ২০১৭ চনত তেওঁ কলা আৰু নৈতিকতাৰ বাবে সন্মানীয় প্ৰিক্স থুন বঁটা লাভ কৰে।৪

কৰ্মজীৱন

ছাছিয়ে ১৯৮০ চনত ভাৰতৰ নাৰী আন্দোলনৰ বুৰঞ্জী লিখি তথ্যচিত্ৰ ফটোগ্ৰাফীৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।১২ ছাছিয়ে একে সময়তে দিল্লীত হোৱা গণ প্ৰতিবাদৰ ৰেকৰ্ড কৰিছিল।৫ তেওঁৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ শিৰোনাম আছিল-ফ'ৰ উইমেন ফটোগ্ৰাফাৰ; যি ১৯৮৮ চনত স্পেকট্ৰাম ফটোগ্ৰাফী ফেষ্টিভেলৰ অংশ হিচাপে লণ্ডনৰ হৰাইজন গেলেৰীত মুকলি কৰা হয়।৬ চেভেন লাইভছ ইন এ ড্ৰিম (১৯৯৮) তেওঁৰ শিল্পৰ বিষয়বস্তুৰ সৈতে ঘনিষ্ঠ সহযোগিতাৰ ধাৰাবাহিকখনৰ প্ৰথমখন। ২০১১ চনত আৰ্টএছিয়াপেচিফিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয়, "ই মোৰ অনুশীলনৰ ধৰণটো স্থানান্তৰিত কৰিলে৷ এই আন্তঃবিষয়তা য'ত বিষয়বস্তু আৰু ফটোগ্ৰাফাৰে একেলগে সৃষ্টি কৰে। এক প্ৰকাৰে সেইটোৱেই আছিল মোৰ 'শিল্প'ৰ দিশত গতি।"৭

তেখেতে ফটোগ্ৰাফ, লিখনী, ভাস্কৰ্য্য, পোৱা বস্তুৰ ব্যৱহাৰ কৰি ফটো ভিত্তিক ইনষ্টলেচনলৈ আগবাঢ়ি যায়, যিবোৰক তেওঁ কয়, "নিখুঁত ৰূপ কাৰণ ই ফটোগ্ৰাফী, লিখনী আৰু ভাস্কৰ্য্যক একেলগে আনিছিল"।২৮ এই মাল্টিমিডিয়া ইনষ্টলেচনসমূহে ইতিহাস, নাৰীসুলভ অভিজ্ঞতা, দৃশ্য সংস্কৃতি, নগৰীয়া পৰিৱেশ বিজ্ঞান, ব্যক্তিগত আৰু সামূহিক স্মৃতিৰ প্ৰশ্নসমূহ অন্বেষণ কৰে আৰু প্ৰান্তীয় জগতসমূহ উদ্ধাৰ কৰে। ছাছিয়ে নিমজ্জিত পৰিৱেশৰ সৃষ্টি কৰে, স্থান-নিৰ্দিষ্ট ৰাজহুৱা শিল্প আৰু স্বতন্ত্ৰ ৰচনা দুয়োটাতে চিন্তাশীলক ৰাজনীতিলৈ আনে২৯

তথ্যসূত্ৰ

  1. ↑ Sheba Chhachhi. saffronart.com/. saffron Art
  2. ↑ Understanding Sheba Chhachhi's visual and intellectual realm. theartstrust.com/. The Arts Trust
  3. ↑ Dhar, Jyoti. (March–April 2012). A RIVER OF MEMORIES:SHEBA CHHACHHI. ArtAsiaPacific Magazine
  4. ↑ Artist Sheba Chhachhi Wins 2017 Prix Thun for Art and Ethics Award. artforum.com
  5. ↑ Radar, Art. India's Sheba Chhachhi: winner of 2nd Prix Thun for Art and Ethics – artist profile · Art Radar
  6. ↑ Sheba Chhachhi. artnet.com. Artnet.com
  7. ↑ ArtAsiaPacific: A River Of Memories Sheba Chhachhi. artasiapacific.com
  8. ↑ Bergman, Barry. (9 February 2005). Transforming the 'poison of time': Sheba Chhachhi brings her art, and activism, to the Townsend Center. UCBerkeley News
  9. ↑ Sheba Chhachhi. khojworkshop.org. KHOJ, International Artists' Association

সম্পৰ্কিত শ্ৰেণী

ফটোগ্ৰাফাৰইথিঅ’পিয়াৰ নাৰী অধিকাৰ কৰ্মীলেখিকাচলচ্চিত্ৰ পৰিচালকভাস্কৰ্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্বেবা ছাছি” প্ৰবন্ধৰ সংশোধন ৫০৬৬০৮ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।