অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

শ্ৰাবণী বাসু

শ্ৰাবণী বাসু (Shrabani Basu) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ইতিহাসবিদ৷ তেওঁ স্পাই প্ৰিন্সেছ:দ্য লাইফ অৱ নুৰ ইনায়ত খান (২০০৬) আৰু ভিক্টোৰিয়া এণ্ড আব্দুল (২০১০)ৰ বাবে অধিক পৰিচিত। পিছলৈ তেওঁ প্ৰথম বিশ্বযুদ্ধত ইউৰোপলৈ প্ৰেৰণ কৰা ভাৰতীয় পুৰুষৰ কাহিনী For King and Another Country (২০১৫) সংকলন কৰে।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ২৮৬ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

শ্ৰাবণী বাসু (Shrabani Basu) এগৰাকী ভাৰতীয় সাংবাদিক আৰু ইতিহাসবিদ৷ তেওঁ স্পাই প্ৰিন্সেছ:দ্য লাইফ অৱ নুৰ ইনায়ত খান (২০০৬) আৰু ভিক্টোৰিয়া এণ্ড আব্দুল (২০১০)ৰ বাবে অধিক পৰিচিত। পিছলৈ তেওঁ প্ৰথম বিশ্বযুদ্ধত ইউৰোপলৈ প্ৰেৰণ কৰা ভাৰতীয় পুৰুষৰ কাহিনী For King and Another Country (২০১৫) সংকলন কৰে। তেওঁ দ্য মিষ্ট্ৰী অৱ দ্য পাৰ্চি ল’য়াৰ (২০২১)ত ইংলেণ্ডৰ মিডলেণ্ডছৰ বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতীয় উকীল জৰ্জ এডালজীৰ নিৰ্দোষিতাক আৰ্থাৰ কনন ডয়েলে কেনেকৈ প্ৰমাণ কৰিছিল- সেয়া দেখুৱাইছিল।

বাসুৰ কৰ্মৰ আধাৰত ভিক্টোৰিয়া এণ্ড আব্দুল (২০১৭) ছবি নিৰ্মাণ কৰা হৈছে, আৰু ইয়াৰ পৰিণতিস্বৰূপে নূৰ ইনায়ত খান মেম’ৰিয়েল ট্ৰাষ্ট আৰু লণ্ডনৰ গৰ্ডন স্কোৱাৰত স্থাপন কৰা খানৰ স্মৃতিসৌধ প্ৰতিষ্ঠা কৰা হৈছে। ২০২০ চনত টাভিটন ষ্ট্ৰীটত খানৰ ঘৰৰ বাহিৰত এখন ব্লু প্লেক উন্মোচন কৰে।

প্ৰাৰম্ভিক জীৱন

শ্ৰাবণী বসুৱে চিত্ত ৰঞ্জন বসুৰ ঘৰত কলিকতাত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ দুগৰাকী ভগ্নী আছে।১২ তেওঁ ঢাকা, কাঠমাণ্ডু আৰু দিল্লীত ডাঙৰ-দীঘল হৈছিল। দিল্লীৰ ছেইণ্ট ষ্টিফেন কলেজত তেওঁ ইতিহাস অধ্যয়ন কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।৩

কৰ্মজীৱন

১৯৮৩ চনত বাসুৰ সাংবাদিকতাৰ কেৰিয়াৰ আৰম্ভ হয়, যেতিয়া তেওঁ মুম্বাইত দ্য টাইমছ অৱ ইণ্ডিয়াৰ প্ৰশিক্ষাৰ্থী সাংবাদিক হয়।৪ ১৯৮৭ চনত তেওঁ লণ্ডনলৈ গুচি যায় আৰু কলিকতাস্থিত আনন্দবজাৰ পত্ৰিকা আৰু দ্য টেলিগ্ৰাফ কাকতত কাম কৰে।৫

প্ৰকাশিত গ্ৰন্থ

১) (1999). Curry: The Story of Britain's Favourite Dish. History Press Limited. ISBN 978-0-7509-9420-0

২) (2006). Spy Princess: The life of Noor Inayat Khan. Sutton Publishing. ISBN 978-0-7524-6368-1

৩) (2010). Victoria & Abdul: The true story of the queen's closest confidant. The History Press. ISBN 978-0-7509-8258-0

৪) Basu, Shrabani. (2014). Re-imagine: India-U.K. cultural relations in the 21st Century. Bloomsbury. ISBN 978-93-82951-34-6

৫) (2015). For king and another country: Indian soldiers on the Western Front 1914-18. Bloomsbury Publishing. ISBN 978-93-85436-49-9

৬) (2021). The Mystery of the Parsee Lawyer: Arthur Conan Doyle, George Edalji and the case of the foreigner in the English village. Bloomsbury Publishing. ISBN 978-1-5266-1528-2

তথ্যসূত্ৰ

  1. ↑ (2021). The mystery of the Parsee lawyer: Arthur Conan Doyle, George Edalji and the case of the foreigner in the English village. Bloomsbury Publishing. ISBN 978-1-5266-1528-2
  2. ↑ (2006). Spy princess: the life of Noor Inayat Khan. Sutton Publishing. ISBN 978-0-7524-6368-1
  3. ↑ Deb, Rishabh. (7 April 2017). Queen Victoria's passion for learning Urdu at such a late stage in her life was remarkable: Shrabani Basu. The Times of India
  4. ↑ Online Lecture: In Conversation with Sara Wajid and Shrabani Basu - Visit Birmingham. visitbirmingham.com
  5. ↑ Talk: Shrabani Basu on her book 'Victoria and Abdul: The True Story of The Queen's Closest Confidant' · SOAS University of London. www.soas.ac.uk

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতৰ মহিলা আয়োগলেখিকাইতিহাসবিদভাৰতীয় সাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শ্ৰাবণী বাসু” প্ৰবন্ধৰ সংশোধন ৬৩২৮৫৩ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।