সাহাৰ আজদমসানি (ফাৰ্চী ভাষা:سحر اژدم ثانی; জন্ম ২৬ মাৰ্চ ১৯৯৬) হৈছে এগৰাকী ইৰানী গায়িকা, সুৰকাৰ, কবি, গীতিকাৰ, লেখিকা আৰু ফটোগ্ৰাফাৰ।১
জীৱনী
সাহাৰে আঠ বছৰ বয়সৰপৰাই কবিতা লিখিবলৈ আৰম্ভ কৰিছিল।২ তেওঁ ফাৰ্চী, ইংৰাজী আৰু জাৰ্মান ভাষাত কবিতা ৰচনা কৰিছে।৩
তেওঁৰ সৃষ্টিৰাজিৰ মূল বিষয়-বস্তু হৈছে বিশ্ব শান্তি, মহিলাৰ অধিকাৰ ৰক্ষা, দয়া আৰু মানৱতা। নিজৰ শিল্পকৰ্মৰ জৰিয়তে নাৰী অধিকাৰ আৰু মানৱাধিকাৰ সুৰক্ষা কৰাৰ লগতে শান্তি, মানৱতা, সমতা আৰু দয়াৰ প্ৰসাৰ ঘটোৱা এগৰাকী শিল্পী হিচাপে তেওঁ পৰিচিত।৪
তেওঁ সেইসকল কমসংখ্যক ইৰানী শিল্পীৰ ভিতৰত এজন যাৰ শিল্পকৰ্মৰ বিষয়ে বহু দেশে লিখা-লেখি কৰিছে।৫৬ নাৰী অধিকাৰৰ ওপৰত আধাৰিত তেওঁৰ চেনচৰশ্বিপ কবিতাটোৰ বাবে ৱাইল্ড চাউণ্ড কবিতা মহোৎসৱত বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী ইৰানী নাগৰিক।৭
সাহাৰক ইৰানত গ্ল’বেল ফটোগ্ৰাফিক ইউনিয়নৰ প্ৰতিনিধি হিচাপেও নিৰ্বাচিত কৰা হৈছিল।৮৯
যদিও ইৰানত মহিলাৰ বাবে সংগীত নিষিদ্ধ আৰু বাৰণ কৰা হৈছে, তথাপি তেওঁ বহু দেশত বহুতো সংগীতানুষ্ঠান পৰিৱেশন কৰিছে। ইৰানত মহিলাৰ ওপৰত থকা বহু সীমাবদ্ধতাৰ সত্ত্বেও তেওঁ সফলতা অৰ্জন কৰিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে।১০১১১২১৩১৪১৫১৬১৭১৮
তেওঁৰ কবিতাসমূহ বহু ভাষালৈ অনূদিত হৈছে আৰু বহু দেশত প্ৰকাশ পাইছে। ইয়াৰ উপৰি বহু দেশৰ কবিতা মহোৎসবলৈকো তেওঁ আমন্ত্ৰিত হৈছে।১৯২০২১
বঁটা আৰু সন্মান
- ৱাইল্ডসাউণ্ড কবিতা মহোৎসৱ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ, ২০১৯২২২৩
- ব্লেক এণ্ড হোৱাইট ফটোগ্ৰাফী মহোৎসৱ, এথেন্স, গ্ৰীচ, ২০১৯২৪২৫
- ৮ম আন্তঃৰাষ্ট্ৰীয় এথেন্স কবিতা মহোৎসৱৰ শ্ৰেষ্ঠ কবি, এথেন্স, গ্ৰীচ, ২০১৯ ২৬২৭২৮
- ১০ম ৱমেন স্ক্ৰীম আন্তঃৰাষ্ট্ৰীয় কবিতা মহোৎসৱ, মেক্সিকো, ২০২০ ২৯৩০
গ্ৰন্থসমূহ
তথ্যসূত্ৰ
- ↑ (2019-08-23). Famous Iranian Poet, Singer, Photographer and Writer – Sahar Ajdamsani. Enewspaper.com.pk
- ↑ Longawa, Joanna. (2019-03-26). Presentation of the Book "5th Chapter of Earth in Iran" in Tehran Book. JL Interviews
- ↑ Interview with Sahar Ajdamsani. Musicefars(Iran)
- ↑ my call for freedom. Ceo Latam(Brazil)
- ↑ Iranian story, interview with poet & photographer Sahar Ajdamsani. Niuzy France
- ↑ (9 December 2019). Al Museo Cinese di Parma arrives Sahar Ajdamsani, artista e attivista iraniana. la Repubblica
- ↑ (October 18, 2019). Tête-à-Tête with Sahar Ajdamsani: Iran's emerging singer, writer and activist. Ravi Magazine
- ↑ (2019-10-30). Iran's female photographer becomes representative of GPU. IRNA English
- ↑ (8 August 1398). سحر اژدمثانی به عنوان نماینده اتحادیه جهانی عکاسی در ایران معرفی شد. fa
- ↑ Sahar Ajdamsani Biglietti, 20/dic/2019 20:00:00. www.metooo.it
- ↑ Sacro Sud - Anime Salve 2.0: torna il festival diretto da Enzo Avitabile. NapoliToday
- ↑ TV Parma - A PARMA IL DREAMY WORLD DELL'ATTIVISTA SAHAR AJDAMSANI. www.12tvparma.it
- ↑ SAHAR AJDAMSANI – A Talented Iranian Artist – Skylight Webzine
- ↑ Sahar Ajdamsani "Dreamy World". museocineseparma.org
- ↑ WellTribune, redazione. (28 November 2019). A Parma arriva Sahar Ajdamsani, artista e attivista iraniana
- ↑ Sahar Ajdamsani Dreamy world. allevents.in
- ↑ Al Museo Cinese di Parma arriva Sahar Ajdamsani, artista e attivista iraniana. www.msn.com
- ↑ Giovanni Amighetti - Sahar Ajdamsani al Museo Cinese di Parma. Rai
- ↑ (21 August 2021). Sahar Ajdamsani (Iran)
- ↑ Page 25 - June 2021 Litterateur. www.litterateurrw.com
- ↑ Sahar Ajdamsani (Irán). www.festivaldepoesiademedellin.org
- ↑ top poems. poetry festival
- ↑ Sahar Ajdamsani winner of the poetry festival in New York. seven art news(Iran)
- ↑ Sahar Ajdamsani Iran. Blank Wall Gallery
- ↑ Iranian photographer winner of the photography award in Greece. honar online(Iran)
- ↑ (30 November 2019). 8th International Video Poetry Festival. Ινστιτούτο [Πειραματικών Τεχνών]
- ↑ (8 January 2020). شاعر ایرانی برنده جشنواره بینالمللی شعر یونان. بانی فیلم
- ↑ (11 January 2020). IBNA - Iranian poetess tops International Athens Poetry Festival. Iran's Book News Agency (IBNA)
- ↑ Woman Scream Call For Submission Selection
- ↑ Woman Scream Anthology
- ↑ Sahar Ajdamsani presented her poetry book 5th season of the earth. Iran book news agency
- ↑ Presentation of I flew to the moon poetry book of Sahar Ajdamsani. Iran book news agency
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাহাৰ আজদমসানি” প্ৰবন্ধৰ সংশোধন ৬২৫৭৩৪ (১০ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।