লেখিকা
২৭৫ প্ৰবন্ধ
-
সীতাৰা এছ
সীতাৰা এছ (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৭২) এগৰাকী কেৰালাৰ মালয়ালম ভাষাৰ ভাৰতীয় লেখিকা আৰু অনুবাদক। তেওঁৰ গ্ৰন্থসমূহত প্ৰায়ে মহিলাৰ সমস্যা, লিংগ-সংঘাত আৰু লেছবিয়ান অধিকাৰৰ বিষয়সমূহ উত্থাপন কৰা দেখা যায়। তেওঁ অনুবাদক হিচাপেও পৰিচিত।
-
সুকন্যা দত্ত
সুকন্যা দত্ত এগৰাকী ভাৰতীয় প্ৰাণীবিজ্ঞানী আৰু লেখিকা যিয়ে কিতাপ, ৰেডিঅ' লিপি, প্ৰবন্ধ, আৰু গ্ৰন্থ পৰ্যালোচনাৰ জৰিয়তে বিজ্ঞানক জনপ্ৰিয় কৰি তুলিছে।
-
সুমনা সিনহা
সুমনা সিনহা (ইংৰাজী: Shumona Sinha; জন্ম: ২৭ জুন ১৯৭৩) এগৰাকী ভাৰতীয় মূলৰ ফৰাচী লেখিকা। তেওঁৰ জন্ম ভাৰতৰ পশ্চিমবঙ্গৰ কলকাতাত হৈছিল আৰু বৰ্তমান তেওঁ ফ্ৰান্সত বাস কৰে।
-
সুমনা ৰয়
সুমনা ৰয় এগৰাকী ভাৰতীয় লেখিকা আৰু কবি। তেওঁৰ ৰচনাসমূহৰ ভিতৰত আছে হাউ আই বিকম এ ট্ৰি (২০১৭), অকল্পনীয় ৰচনা; মিছিং (২০১৯), এখন উপন্যাস; আউট অৱ চিলেবাছ (২০১৯), কবিতা সংকলন; আৰু মোৰ মাৰ প্ৰেমিক আৰু অন্যান্য গল্প (২০১৯) নামৰ এখন চুটিগল্প সংকলন।
-
সোনাল শুক্লা
সোনাল শুক্লা (১৯৪১–২০২১) এগৰাকী ভাৰতীয় নাৰীবাদী, কৰ্মী, শিক্ষয়িত্ৰী, লেখিকা আৰু সমাজকৰ্মী আছিল। ভাৰতৰ মুম্বাইত মহিলা পণ্ডিতসকলৰ বাবে পুথিভঁৰাল স্থাপন কৰা ব্যক্তিগত সংস্থা বাচা চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ বেছিকৈ পৰিচিত।
-
সোহা বেচাৰা
সোহা বেচাৰা (অসমীয়া বানান চোহা; আৰবী: سهى بشارة; জন্ম ১৫ জুন ১৯৬৭) খিয়াম ডিটেনচন চেণ্টাৰৰ এগৰাকী লেবাননৰ প্ৰাক্তন বন্দী। ১৯৮৮ চনত ইজৰাইল সমৰ্থিত দক্ষিণ লেবানন সেনাবাহিনীৰ (এছ এল এ) তেতিয়াৰ নেতা এণ্টোৱান লাহাদক হত্যা কৰাৰ বিফল চেষ্টা কৰে; তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰি খিয়ামৰ এছ এল এৰ কুখ্যাত…
-
স্বাতী চতুৰ্বেদী
স্বাতী চতুৰ্বেদী এগৰাকী ভাৰতীয় সাংবাদিক। তেওঁ বিভিন্ন ভাৰতীয় কাকত আৰু চেনেলত কাম কৰি আহিছে, যেনে দ্য ষ্টেটছমেন, দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, হিন্দুস্তান টাইমছ, দ্য ট্ৰিবিউন, এনডিটিভি, ডেইলীঅ', দ্য ৱায়াৰ, গালফ নিউজ আৰু ডেকান হেৰাল্ড।
-
স্বৰ্ণলতা ৰংগৰাজন
স্বৰ্ণলতা ৰংগৰাজন (ইংৰাজী: Swarnalatha Rangarajan) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু লেখিকা। তেওঁ বিশেষকৈ পৰিৱেশ-সমালোচনা আৰু পৰিৱেশীয় কল্পকাহিনীৰ ক্ষেত্ৰত বিশেষজ্ঞ। তেওঁ পৰিৱেশ-সমালোচনাৰ ওপৰত এখন গৱেষণা গ্ৰন্থ লিখাৰ লগতে পৰিৱেশ-সমালোচনা আৰু ইকোছফীৰ ওপৰত কেইবাখনো কিতাপ আৰু আলোচনী সম্পাদনা কৰিছে।
-
স্মাদাৰ লেভি
স্মাদাৰ লেভি (Smadar Lavie) কেলিফৰ্ণিয়া ডেভিছ বিশ্ববিদ্যালয়ৰ নৃতত্ত্বৰ অধ্যাপক এমেৰিটা, আৰু মিজৰাহি নৃতত্ত্ববিদ, লেখক আৰু কৰ্মী। তেওঁ ইজিপ্ত, ইজৰাইল আৰু পেলেষ্টাইনৰ নৃতত্ত্বৰ বিশেষজ্ঞ; জাতি, লিংগ আৰু ধৰ্মৰ বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
হং ইং
হং ইং (ইংৰাজী: Hong Ying; চীনা: 虹影; জন্ম: ২১ ছেপ্টেম্বৰ, ১৯৬২) এগৰাকী প্ৰখ্যাত চীনা লেখিকা আৰু কবি। তেওঁৰ উপন্যাসসমূহৰ বাবে তেওঁ বিশ্বজুৰি খ্যাতি অৰ্জন কৰিছে।
-
হাছনা বেগম
হাছনা বেগম (বাংলা: হাসনা বেগম; ২৪ ফেব্ৰুৱাৰী, ১৯৩৫ – ১ ডিচেম্বৰ, ২০২০) এগৰাকী বাংলাদেশী দাৰ্শনিক আৰু নাৰীবাদী লেখিকা আছিল আৰু ২০০০ চনৰ ডিচেম্বৰ মাহত অৱসৰ লোৱালৈকে ঢাকা বিশ্ববিদ্যালয়ৰ দৰ্শনৰ অধ্যাপিকা আছিল।
-
হাবিবা হুছেইন হাবিব
হাবিবা হুছেইন হাবিব (ইংৰাজী: Habeeba Hussain Habeeb; ৯ ছেপ্টেম্বৰ ১৯৩০ – ২১ নৱেম্বৰ ২০২২) এগৰাকী মালদ্বীপৰ লেখিকা, পুথিভঁৰালী আৰু মালদ্বীপৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁ ৰজা মহম্মদ শ্বামছুদ্দিন তৃতীয়ৰ নাতিনী আছিল।
-
হিলাৰী ডু প্ৰে
হিলাৰী এন্নে ডু প্ৰে (জন্ম ২৫ এপ্ৰিল ১৯৪২) এগৰাকী ইংৰাজী ফ্লাউটিষ্ট আৰু স্মৃতিগ্ৰন্থকাৰ যি এ জিনিয়াছ ইন দ্য ফেমিলি (১৯৯৭) নামৰ কিতাপখনৰ সহ-লেখক হিচাপে আৰু ১৯৯৮ চনৰ হিলাৰী এণ্ড জেকি ছবিখনত অৱদান আগবঢ়োৱাৰ বাবে বেছিকৈ পৰিচিত, যি দুয়োখন ছবিয়ে তেওঁৰ ভগ্নী চেলিষ্ট জেকলিন ডু প্ৰেৰ কাহিনীৰ সৈতে জড়িত।
-
হুল্ডা গাৰবৰ্গ
হুল্ডা গাৰবৰ্গ (২২ ফেব্ৰুৱাৰী ১৮৬২ – ৫ নবেম্বৰ ১৯৩৪) এগৰাকী নৰৱেজিয়ান লেখিকা, ঔপন্যাসিক, নাট্যকাৰ, কবি, লোক-নৃত্যশিল্পী আৰু নাট্য প্ৰশিক্ষক আছিল। তেওঁ আৰ্নে গাৰবৰ্গৰ পত্নী আছিল। বৰ্তমান তেওঁক নৰৱেৰ পৰম্পৰাগত সাজ-পাৰ বোনাডৰ প্ৰতি জনসাধাৰণৰ আগ্ৰহ বৃদ্ধি কৰা ব্যক্তিগৰাকী হিচাপে জনা যায়।
-
হেমলতা মহিশ্বৰ
হেমলতা মহিশ্বৰ (ইংৰাজী: Hemlata Mahishwar; জন্ম: ৫ নৱেম্বৰ ১৯৬৬) এগৰাকী ভাৰতীয় হিন্দী লেখিকা, সাহিত্য সমালোচক আৰু পণ্ডিত। তেওঁ মূলতঃ দলিত সাহিত্য আৰু মহিলা অধ্যয়নৰ ক্ষেত্ৰত বিশেষজ্ঞতাৰ বাবে পৰিচিত।
-
হেলেন ডানম’ৰ
হেলেন ডানম’ৰ (ইংৰাজী: Helen Dunmore; ১২ ডিচেম্বৰ ১৯৫২ – ৫ জুন ২০১৭) এগৰাকী ব্ৰিটিছ কবি, ঔপন্যাসিক, চুটিগল্প লেখিকা আৰু শিশু সাহিত্যিক আছিল। তেওঁৰ আটাইতকৈ পৰিচিত কৰ্মসমূহৰ ভিতৰত আছে উপন্যাস জেৰ্ণ’ৰ ইন ডাৰ্কনেছ, এ স্পেল অৱ উইণ্টাৰ আৰু দা ছিজ, আৰু তেওঁৰ শেষ কাব্যগ্ৰন্থ ইনচাইড দা ৱেভ।
-
হেলেন স্লেটাৰ
হেলেন ৰাচেল স্লেটাৰ (ইংৰাজী: Helen Rachel Slater; জন্ম: ১৫ ডিচেম্বৰ, ১৯৬৩) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা-গীতিকাৰ। তেওঁ ১৯৮৪ চনৰ চলচ্চিত্ৰ ছুপাৰগাৰ্লত ডিচি কমিক্সৰ ছুপাৰহিৰোইন ছুপাৰগাৰ্লৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে সৰ্বাধিক পৰিচিত।
-
ৰচনা খাতাউ
ৰচনা খাতাউ (ইংৰাজী: Rachna Khatau) এগৰাকী ব্ৰিটিছ-আমেৰিকান টেলিভিছন আৰু মঞ্চ অভিনেত্ৰী, গায়িকা, লেখিকা আৰু টেলিভিছন ঘোষিকা। ২০১৩ চনৰপৰা ২০১৭ চনলৈকে ফ্ৰীফৰ্ম চিটকম বেবী ড্যাডীত চন্দ্ৰা চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ বিশেষভাৱে পৰিচিত।
-
ৰচেল পটকাৰ
ৰচেল পটকাৰ এগৰাকী ভাৰতীয় লেখিকা। তেওঁৰ ৰচনাৰ ধাৰা চুটিগল্প আৰু কবিতা। ২০১৫ চনত আইঅ’ৱা বিশ্ববিদ্যালয়ৰ আন্তঃৰাষ্ট্ৰীয় লেখা কাৰ্যসূচীত ৰাইটাৰ-ইন-ৰেচিডেন্স হিচাপে কাম কৰিছিল আৰু ২০১৬-১৭ চনত স্কটলেণ্ডৰ ষ্টাৰলিং বিশ্ববিদ্যালয়ৰ চাৰ্লছ ৱালেছ ৰাইটাৰ ফেলো আছিল।
-
ৰঞ্জনা কুমাৰী
ৰঞ্জনা কুমাৰী (Ranjana Kumari) এগৰাকী ভাৰতীয় সমাজ কৰ্মী, লেখিকা, আৰু শিক্ষাবিদ। তেওঁ দিল্লীৰ চেণ্টাৰ ফৰ ছ'চিয়েল ৰিচাৰ্চৰ পৰিচালক আৰু মহিলা গোটৰ ৰাষ্ট্ৰীয় সংগঠন উইমেন পাৱাৰ কানেক্টৰ অধ্যক্ষ।
-
ৰত্না ইন্দ্ৰেশ্বৰী
ৰত্না ইন্দ্ৰেশ্বৰী (ইংৰাজী: Ratna Indraswari; জন্ম: ২৪ এপ্ৰিল ১৯৪৯ – ২৮ মাৰ্চ ২০১১), যাৰ উপনাম আছিল কুইন অৱ দ্য বিজ, এগৰাকী ইণ্ডোনেছিয়ান কবি, লেখিকা আৰু মানৱ অধিকাৰ কৰ্মী আছিল। ১০ বছৰ বয়সৰপৰাই পক্ষাঘাতগ্ৰস্ত হোৱা ৰত্নাই তেওঁৰ জীৱনকালত ৪০০ৰো অধিক চুটিগল্প আৰু উপন্যাস ৰচনা কৰিছিল।
-
ৰসনা আত্ৰেয়
ৰসনা আত্ৰেয়া এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ লেখিকা। তেওঁৰ প্ৰথম উপন্যাস টেল এ থাউজেণ্ড লাইছ ২০১২ চনৰ টিবৰ জোনছ ছাউথ এছিয়া পুৰস্কাৰৰ চূড়ান্ত তালিকাত স্থান লাভ কৰিছিল। তেওঁ এলায়েন্স অৱ ইণ্ডিপেণ্ডেণ্ট অথৰ্ছৰ ভাৰতীয় দূত হিচাপেও কাৰ্যনিৰ্বাহ কৰে।
-
ৰাজিয়া ছাজ্জাদ জাহিৰ
ৰাজিয়া ছাজ্জাদ জাহিৰ (১৫ অক্টোবৰ ১৯১৮ – ১৮ ডিচেম্বৰ ১৯৭৯) উৰ্দু ভাষাৰ এগৰাকী ভাৰতীয় লেখিকা, অনুবাদক, প্ৰগতিশীল লেখক সন্থাৰ বিশিষ্ট সদস্য। উত্তৰ প্ৰদেশ সাহিত্য অকাডেমী বঁটাৰ লগতে ছোভিয়েট লেণ্ড নেহৰু বঁটাও লাভ কৰে।
-
ৰাস্না ৱাৰাহ
ৰাস্না ৱাৰাহ (ইংৰাজী: Rasna Warah; ১৯৬২ – ১১ জানুৱাৰী, ২০২৫) এগৰাকী কেনিয়ান লেখিকা, সাংবাদিক আৰু ঔপন্যাসিক আছিল। তেওঁৰ উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে আনচাইলেঞ্চড: আনমাস্কিং দ্য ইউনাইটেড নেচনছ কালচাৰ অৱ কভাৰ-আপচ, কৰপচন এণ্ড ইমপিউনিটি, ইয়েষ্টাৰডে ইট ৱাজ এছিয়ানছ, টুডে ইট ইজ ছোমালিচ, টুমৰো ইট কুড…
-
ৰিজিয়া ৰহমান
ৰিজিয়া ৰহমান (২৮ ডিচেম্বৰ ১৯৩৯ – ১৬ আগষ্ট ২০১৯) আছিল এগৰাকী বাংলাদেশী ঔপন্যাসিক। তেওঁ অসংখ্য উপন্যাস আৰু চুটি গল্প ৰচনা কৰে। তেওঁৰ সাহিত্যকৰ্ম সকলো ধৰণৰ বিষয়-বস্তু সামৰি লৈছিল। তেওঁ বিশেষকৈ বং থেকে বাংলা নামৰ উপন্যাসখনৰ বাবে অধিক পৰিচিত। তেওঁ বাংলা অকাডেমী সাহিত্য পুৰস্কাৰ (১৯৭৮) লাভ কৰে।
-
ৰিমি বি চেটাৰ্জী
ৰিমি বি চেটাৰ্জী এগৰাকী ভাৰতীয় বিজ্ঞান কল্পকাহিনী লেখিকা, চিত্ৰনাট্যকাৰ, অনুবাদক, কমিক্স স্ৰষ্টা আৰু ইংৰাজী সাহিত্যৰ প্ৰাক্তন অধ্যাপিকা। তেওঁ কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেওঁৰ প্ৰথম উপন্যাস ছিগনেল ৰেড ২০০৫ চনত পেংগুইন ইণ্ডিয়াই প্ৰকাশ কৰে।
-
ৰীতিকা বজিৰাণী
ৰীতিকা জিনা বজীৰাণী (৯ আগষ্ট ১৯৬২ – ১৬ জুলাই ২০০৩) এগৰাকী ভাৰতীয়-মূলৰ আমেৰিকান অভিবাসী কবি আৰু শিক্ষয়িত্ৰী আছিল।
-
ৰুলা হাছানেইন
ৰুলা হাছানেইন (Rula Ibrahim Hassanein) জন্ম: ২০ অক্টোবৰ ১৯৯৪) ৰামাল্লাৰ এগৰাকী পেলেষ্টাইনী লেখক, কৰ্মী আৰু সাংবাদিক, যিয়ে আল জাজিৰাৰ সৈতে কাম কৰে বহু বাতৰি কাকত আৰু বাতৰি ৱেবছাইটত তেওঁ বহু প্ৰবন্ধ লিখিছে।
-
ৰেচেল খং
ৰেচেল খং (জন্ম ১৯৮৫) এগৰাকী এছিয়ান মূলৰ আমেৰিকান লেখিকা আৰু সম্পাদিকা। ২০২১ চনৰপৰাই তেওঁ লছ এঞ্জেলছত বসবাস কৰি আছে।
-
ৰোজ কেৰকেট্টা
ৰোজ কেৰকেট্টা (ইংৰাজী: Rose Kerketta; জন্ম: ৫ ডিচেম্বৰ ১৯৪০) এগৰাকী মহিলা লেখিকা, কবি, চিন্তাবিদ আৰু জনজাতীয় অধিকাৰ কৰ্মী। তেখেতৰ জন্ম হৈছিল বিহাৰৰ ৰাঁচী জিলাৰ কাইছাৰা (বৰ্তমান ঝাৰখণ্ডৰ ছিমডেগা জিলা, খৰীয়া) পৰিয়ালত। তেখেতে জনজাতীয় ভাষা আৰু সংস্কৃতিৰ ওপৰত কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে।