অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এলিছ কলাৰ

এলিছ কলাৰ (১৩ ছেপ্টেম্বৰ, ১৯২৫ – ২১ জুলাই, ২০২০) আছিল এগৰাকী আমেৰিকান লেখিকা আৰু শিক্ষাবিদ।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৭৭৩ শব্দ · ৪ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

এলিছ কলাৰ (১৩ ছেপ্টেম্বৰ, ১৯২৫ – ২১ জুলাই, ২০২০) আছিল এগৰাকী আমেৰিকান লেখিকা আৰু শিক্ষাবিদ।

শৈশৱ আৰু শিক্ষা

১৯২৫ চনৰ ১৩ ছেপ্টেম্বৰত অহাইঅ'ৰ কুয়াহোগা জলপ্ৰপাতত জন্মগ্ৰহণ কৰা এলিছ ক'লাৰৰ পিতৃ এণ্ড্ৰু আৰ ক'লাৰ আছিল এজন প্লাম্বিং বিক্ৰেতা আৰু পিছলৈ অহাইঅ'ৰ আক্ৰনত প্লাম্বিং যোগানৰ দোকান এখনৰ মালিক হৈছিল। তাইৰ মাতৃ চাৰা এল কলাৰ আছিল এগৰাকী গৃহিণী। তাইৰ এজন ডাঙৰ ভাই কেনেথ আৰু সৰু ভনীয়েক মুৰিয়েল আছিল।১

১৯৪৩ চনত বুচটেল হাইস্কুলৰপৰা ক্লাছ ভেলেডিক্টৰিয়ান হিচাপে স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত গুডইয়াৰ টায়াৰ এণ্ড ৰবৰ কোম্পানীত এবছৰ কাম কৰে, তাৰ পিছত গুডমেন থিয়েটাৰ স্কুল অৱ ড্ৰামাত নাটকৰ ক্লাছত অংশগ্ৰহণ কৰিবলৈ চিকাগোলৈ যায়।২৩ তাত থকাৰ সময়ত তেওঁ ৰেডিঅ' শ্ব' পিপল আৰ ফানিৰদ্বাৰা অনুষ্ঠিত "শ্ৰেষ্ঠ ৰেডিঅ' কণ্ঠ"ৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত জয়ী হয়।৪ দুবছৰৰ পাছত গুডমেন স্কুল এৰি চিকাগো বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে, কিন্তু স্নাতক নোহোৱাকৈয়ে গুচি যায়।৫ ১৯৪৮ চনৰ গ্ৰীষ্মকালত মেডেম'ইজেলত তেওঁক ছাত্ৰী অতিথি সম্পাদিকা হিচাপে নিৰ্বাচিত কৰা হয় (এই পদৰ পাঁচ বছৰৰ পাছত চিলভিয়া প্লাথে এই পদত অধিষ্ঠিত হয়)।৬

১৯৫২ চনত ক'লাৰে আক্ৰন বিশ্ববিদ্যালয়ৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৭ তাইৰ পৰিয়ালে বিশেষ আৰ্থিক সহায় আগবঢ়োৱাৰ সামৰ্থ্য নাছিল, গতিকে ক'লাৰে বৃত্তি, ফেল'শ্বিপ আৰু অংশকালীন চাকৰিৰ ওপৰত নিৰ্ভৰ কৰিছিল, নিজৰ গণনা অনুসৰি ১৫ বছৰৰ ভিতৰত ত্ৰিছটাতকৈও অধিক চাকৰি কৰিছিল।২৮ হাৰ্ভাৰ্ডত পঢ়ি থকাৰ সময়ত তেওঁ কাপোৰৰ বাবে হাতৰ আঁচল নিৰ্মাণৰ এক অনন্য পদ্ধতিৰ বাবে পেটেণ্ট লাভ কৰে।

কাম

হাৰ্ভাৰ্ডৰপৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত কলাৰে স্থায়ী পদ লাভ কৰিবলৈ বিফলভাৱে সংগ্ৰাম কৰিছিল, তাৰ পৰিৱৰ্তে ধাৰাবাহিকভাৱে হ্ৰস্বম্যাদী চাকৰি লৈছিল: "চাৰি মাহ নিউয়ৰ্কত, তিনিমাহ কেম্ব্ৰিজত, দুমাহ বাৰ্কলেত, চাৰিমাহ চাণ্টা বাৰ্বাৰাত, আকৌ নিউয়ৰ্কত।" ৯ অৱশেষত ১৯৬২ চনৰ শীতকালত তেওঁ মেছাচুচেটছৰ নাণ্টুকেট দ্বীপৰ পূব প্ৰান্তত থকা চিয়াকনচেটত এটা ঘৰ ভাড়া কৰি লয় আৰু তাত তিনিমাহ ধৰি ল'গ'ছ নামেৰে নামকৰণ কৰা এটা জাৰ্মান শেফাৰ্ড কুকুৰ পোৱালিৰ বাহিৰে প্ৰায় সম্পূৰ্ণ নিঃসংগতাত বাস কৰে। তেওঁ আশা কৰিছিল যে সেই সময়ে "মই কোন আৰু মই কি বিচাৰো তাক বুজিবলৈ মোক সহায় কৰিব।" ১০ পাছলৈ তেওঁ কৈছিল, "দাৰ্শনিক হিচাপে মই কেনেকৈ চিন্তা কৰিব লাগে আৰু কঠিন প্ৰশ্ন বুলিলে কি বুজায় সেইটো জানিছিলোঁ। কঠিন উত্তৰতকৈ কম একো গ্ৰহণ নকৰিব জানিছিলোঁ আৰু নিজকে বাৰে বাৰে হেঁচা মাৰি ধৰিছিলোঁ।" ১১ এই সময়ছোৱাৰ দিনলিপিখন তেওঁ "এ মেপ ফৰ এ ইনৱাৰ্ড জাৰ্নি" শীৰ্ষক এখন গ্ৰন্থলৈ ৰূপান্তৰিত কৰে। পিছলৈ ইয়াক এন আনন'ন উমেন নামে প্ৰকাশ কৰা হয়।

নাণ্টুকেটত থকাৰ সময়ত তেওঁক বায়ুসেনাৰ বৈজ্ঞানিক গৱেষণা কাৰ্যালয়ৰ তথ্য বিজ্ঞান বিভাগৰ মুৰব্বী ড° হেৰল্ড উষ্টাৰে যন্ত্ৰ অনুবাদৰ সৈতে জড়িত ভাষাতাত্ত্বিক প্ৰত্যাহ্বানসমূহৰ বিশ্লেষণ প্ৰস্তুত কৰিবলৈ নিযুক্তি দিছিল।১২১৩ এই প্ৰতিৱেদনখনেই তেওঁৰ প্ৰথম গ্ৰন্থ এ হৰ্ণবুক অৱ হাজাৰ্ডছ ফৰ লিংগুইষ্টছ হিচাপে ১৯৬৭ চনত প্ৰকাশ পায়। তেওঁক কানেক্টিকাট কলেজত শিক্ষকতা কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, কিন্তু তেওঁ নিজৰ স্মৃতিকথা সম্পূৰ্ণ কৰিবলৈ সিদ্ধান্ত লয়।১৪ স্থায়ী পদসমূহ তেতিয়াও তেওঁ লাভ কৰিব নোৱাৰিলে। তেওঁ ৱাটাৰলু বিশ্ববিদ্যালয়, কৰ্নেল বিশ্ববিদ্যালয়, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয় আৰু নেচনেল ইনষ্টিটিউটছ অৱ হেল্থত অধ্যাপনা বা পৰামৰ্শদাতা হিচাপে কাম কৰিছিল আৰু এজন কংগ্ৰেছ সদস্যৰ ভাষণ লেখিকা হিচাপেও কৰ্মৰত আছিল।১৫১৬

১৯৭৭ চনত ৱাশ্বিংটন ষ্টাৰৰ সাংবাদিক জুডি ফ্লেণ্ডাৰে কলাৰৰ সাক্ষাৎকাৰ লোৱাৰ সময়ত তেওঁ নিবনুৱা আছিল আৰু ভাৰ্জিনিয়াৰ ৱাৰেণ্টনৰ ওচৰত খাদ্য কুপনৰ সহায়ত জীৱন-নিৰ্বাহ কৰিছিল। ১৯৭৪ চনত নাণ্টুকেটত থকাৰ সময়ত তেওঁৰ সংগী কুকুৰ ল'গ'ছৰ মৃত্যুৰ বাবে মেৰিলেণ্ডৰ ছিলভাৰ স্প্ৰিংস্থিত এটা পশু চিকিৎসালয়ৰ বিৰুদ্ধে দাখিল কৰা গোচৰৰ আইনী মাচুলৰ ঋণো তেওঁ বহন কৰি আছিল।১৬

গ্ৰন্থখন গ্ৰহণ কৰাৰ আগতে চৌদ্দ বছৰ ধৰি আৰু ত্ৰিছজন ভিন্ন প্ৰকাশকৰ প্ৰত্যাখ্যানৰ পিছত অৱশেষত হোল্ট, ৰাইনেহাৰ্ট এণ্ড উইন্সটনে ১৯৮১ চনত ইয়াক গ্ৰহণ কৰে।১৭ গ্ৰন্থখন অপ্ৰত্যাশিতভাৱে বেষ্টচেলাৰ হিচাপে পৰিগণিত হয়। কিৰ্কাছ ৰিভিউজে মন্তব্য কৰিছিল যে কলাৰৰ "নিঃসংগতা, হতাশা আৰু ভয়ৰ মাজত নিশ্চিততাৰ সন্ধানে বহু লোকৰ মন স্পৰ্শ কৰিব পাৰে," আৰু গ্ৰন্থখন মুদ্ৰণ বন্ধ হোৱাৰ পিছতো বহু বছৰ ধৰি পঢ়া হৈ থাকিল।১৮ ইয়াৰ প্ৰকাশৰ পিছত তেওঁক নিউ ইয়ৰ্ক টাইমছে ১৯৮৩ চনৰ শেষভাগত প্ৰকাশ পোৱা "হাৰ্ছ" শীৰ্ষক এখন সংক্ষিপ্ত প্ৰবন্ধমালা লিখিবলৈ নিযুক্তি দিয়ে।

কেইবাবছৰ ধৰি এন আনন'ন উমেন-ৰ ৰয়েল্টিৰে জীৱন-নিৰ্বাহ কৰাৰ পাছত তেওঁ পুনৰ হ্ৰস্বম্যাদী পৰামৰ্শ আৰু শিক্ষকতাৰ কৰ্মজীৱনলৈ ঘূৰি যায়। ১৯৯০ চনত তেওঁ দ্য ষ্টেচনছ অৱ ছলিটিউড প্ৰকাশ কৰে, যিখন খ্ৰীষ্টীয় পৰম্পৰাৰ "ষ্টেচনছ অৱ দ্য ক্ৰছ" আৰ্হিৰ ওপৰত আধাৰিত আৰু "আনবাইণ্ডিং", "ৱৰ্কিং" আৰু "ষ্টেণ্ডিং অ'পেন" আদি বিষয়-বস্তুৰে তেৰটা পৰ্যায়ৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ এই গ্ৰন্থখনক "এটা যাত্ৰাপথৰ ৰেখা" বুলি বৰ্ণনা কৰিছিল, যি "এজন মানুহক গঢ় দিয়াৰ প্ৰক্ৰিয়াৰ মাজেৰে অগ্ৰসৰ হয়, আৰু এই প্ৰক্ৰিয়াত পৰ্যায়সমূহ ৰৈ যোৱাৰ স্থান।" ১৯ কিন্তু এন আনন'ন উমেন-ৰ দৰে এই গ্ৰন্থখনো অত্যন্ত আত্মজীৱনীমূলক আছিল আৰু আগৰ গ্ৰন্থত বৰ্ণনা কৰা বহু অভিজ্ঞতা পুনৰ আলোচনা কৰিছিল। ফলস্বৰূপে সমালোচনাসমূহ কম উৎসাহী আছিল: "কোলাৰে যেন নিজে নিজৰ বাবে লিখিছে, পাঠকক নিজৰ একান্ত নিঃসংগতাৰ জগতলৈ আমন্ত্ৰণ জনাব নোৱাৰিছে," বুলি ফ্ৰান্সিস্কা গোল্ডস্মিথে লাইব্ৰেৰী জাৰ্নেলত লিখিছিল।২০ কিন্তু হাৰ্স্পেচ: উইমেন, ৰাইটিং, এণ্ড ছলিটিউড গ্ৰন্থত অন্তৰ্ভুক্ত এখন প্ৰবন্ধত ক্ৰীষ্টিনা পিউঘে কলাৰৰ লেখাৰ সাহস আৰু "এনে আদৰ্শৰ গভীৰ সাংস্কৃতিক প্ৰয়োজনীয়তা"ৰ বাবে তেওঁক প্ৰশংসা কৰিছিল।২১

দ্য ষ্টেচনছ অৱ ছলিটিউড প্ৰকাশৰ পিছৰ অধিকাংশ দশক তেওঁ নিউ ইংলেণ্ডত বাস কৰিছিল আৰু মাজে মাজে বক্তৃতা আৰু লিখাৰ কাম কৰি আছিল। ২০০৮ চনত ৮৩ বছৰ বয়সত তেওঁ এখন ৱেবছাইট স্থাপন কৰে (বৰ্তমান অচল), য'ত তেওঁ "মেডিটেচন অন বিয়িং এ ফিল'ছফাৰ" শীৰ্ষক চলি থকা কামৰ বাবে আৰ্থিক সহায় বিচাৰিছিল।২২ মৃত্যুৰ কেইবাবছৰ আগতে তেওঁ নিউ জাৰ্চিলৈ গুচি যায় আৰু ২০২০ চনত নিউ জাৰ্চিৰ ট্ৰেণ্টনত থকা এখন চিকিৎসালয়ত মৃত্যু হয়।

গ্ৰন্থ

  • এ হৰ্ণবুক অৱ হাজাৰ্ডছ ফৰ লিংগুইষ্টছ (১৯৬৭)
  • এন আনন'ন উইমেন (১৯৮১)
  • ষ্টেচনছ অৱ ছলিটিউড (১৯৯০)

তথ্যসূত্ৰ

  1. ↑ 1940 United States Federal Census, Year: 1940; Census Place: Akron, Summit, Ohio; Roll: m-t0627-03176; Page: 15B; Enumeration District: 89-87. Ancestry.com
  2. ↑ (June 15, 1958). Alice Koller Wins Another Scholarship. Akron Beacon Journal. পৃ. 26
  3. ↑ Koller, Alice. (1982). An Unknown Woman. Holt Rinehart & Winston. পৃ. 42,54–55, 90
  4. ↑ (January 19, 1947). Alice Koller Off For Hollywood. Akron Beacon Journal. পৃ. 18
  5. ↑ Koller 1982, পৃ. 42
  6. ↑ Koller 1982, পৃ. Dustjacket
  7. ↑ (May 19, 1952). Scholastic Honorary Taps 33 at Akron U. Akron Beacon Journal. পৃ. 2
  8. ↑ Koller 1982, পৃ. 88
  9. ↑ Koller 1982, পৃ. 2
  10. ↑ Koller 1982, পৃ. 18
  11. ↑ Matchan, Linda. (November 12, 1982). Someone Alice Koller Used to Be. Boston Globe
  12. ↑ Lamb, Yvonne Shinhoster. (June 3, 2005). Harold Wooster, 86. Washington Post
  13. ↑ Koller, Alice. (1990). The Stations of Solitude. William Morrow and Company. পৃ. 46
  14. ↑ Koller 1990, পৃ. 150
  15. ↑ Koller 1990, পৃ. 158
  16. ↑ Flander, Judy. (June 14, 1977). Beauty, Brains, a Doctorate in Philosophy, and a Life in Poverty. Washington Star
  17. ↑ Koller 1990, পৃ. 66
  18. ↑ (February 1, 1981). AN UNKNOWN WOMAN: A Journey to Self-Discovery. Kirkus Reviews
  19. ↑ Koller 1990, পৃ. 2
  20. ↑ Goldsmith, Francisca. (May 1, 1990). The Stations of Solitude. Library Journal. পৃ. 94
  21. ↑ Pugh, Christina. (2003). Herspace: Women, Writing, and Solitude. Routledge. পৃ. 82
  22. ↑ Bigelow, Brad. An Unknown Woman. The Neglected Books Page

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান লেখকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিছ কলাৰ” প্ৰবন্ধৰ সংশোধন ৬২৪১১১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।