অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কল্পনা শ্বাহ

কল্পনা শ্বাহ (জন্ম ৩০ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাৰী পৰিধান বিশেষজ্ঞ, শৈলী বিশেষজ্ঞ, লেখিকা আৰু উদ্যমী। তেওঁ ভাৰতৰ মুম্বাইৰ অল্টামাউণ্ট ৰোডত বাস কৰে। ১৯৮৫ চনৰপৰা তেওঁ শাৰী পৰিধানৰ কলা চৰ্চা কৰি আহিছে।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

কল্পনা শ্বাহ (জন্ম ৩০ নৱেম্বৰ ১৯৪৮) এগৰাকী ভাৰতীয় শাৰী পৰিধান বিশেষজ্ঞ, শৈলী বিশেষজ্ঞ, লেখিকা আৰু উদ্যমী।১ তেওঁ ভাৰতৰ মুম্বাইৰ অল্টামাউণ্ট ৰোডত বাস কৰে। ১৯৮৫ চনৰপৰা তেওঁ শাৰী পৰিধানৰ কলা চৰ্চা কৰি আহিছে। তেওঁ শাৰী পৰিধানৰ পাঠদান আৰু কৰ্মশালাৰ আয়োজন কৰে২ আৰু আনুষ্ঠানিক অনুষ্ঠানসমূহৰ বাবে শাৰী পৰিধানৰ শৈলী নিৰ্ধাৰণ কৰে।৩৪৫

ব্যক্তিগত জীৱন

কল্পনা শ্বাহৰ জন্ম এটা গুজৰাটী ভাষা জৈন ধৰ্ম গহনা ব্যৱসায়ী পৰিয়ালত হৈছিল। তেওঁ শৈশৱৰ প্ৰথমছোৱা গুজৰাটৰ চুৰাটত অতিবাহিত কৰিছিল। ১০ বছৰ বয়সত তেওঁ আৰু তেওঁৰ পৰিয়াল মহাৰাষ্ট্ৰৰ মুম্বাইলৈ স্থানান্তৰিত হয় আৰু তাতেই তেওঁ বিদ্যালয়ৰ শিক্ষা আৰু কলেজীয়া শিক্ষাৰ কেইবছৰমান সম্পূৰ্ণ কৰে।১

কেৰিয়াৰ

কল্পনা এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী হিচাপে প্ৰশিক্ষিত আছিল আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত মঞ্চানুষ্ঠান পৰিৱেশন কৰিছিল। ২৩ বছৰ বয়সত তেওঁ বিবাহপাশত আবদ্ধ হয়। ইয়াৰ পিছত কল্পনাই সৌন্দৰ্য আৰু সাজ-সজ্জাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। কল্পনাই লক্ষ্য কৰিছিল যে বহু মহিলাই শাৰী পিন্ধিবলৈ সহজ অনুভৱ নকৰে, সেয়েহে তেওঁ ফেশ্বন উদ্যোগত নিজৰ কেৰিয়াৰ কেন্দ্ৰীভূত কৰিবলৈ আৰম্ভ কৰে। তেওঁ বলিউডৰ চিনেমা, ফেশ্বন শ্ব' আৰু ব্যক্তিগত অনুষ্ঠানত শাৰী পৰিধানৰ শৈলী বিশেষজ্ঞ হিচাপে সহায় কৰি আহিছে।৬৭

কল্পনা শ্বাহে দীপিকা পাডুকন, ঐশ্বৰ্যা ৰায়, সোণম কাপুৰ, কৰিণা কাপুৰ, কেটৰিনা কাঈফ, নাৰ্গিছ ফাখৰী, হুমা কুৰেছি আৰু জেকলিন ফাৰ্ণাণ্ডীজৰ দৰে বলিউডৰ তাৰকাসকলৰ বাবে শাৰী পৰিধানৰ শৈলী সজাইছে।৮৯১০

তেওঁ বিৰলা, হিন্দুজা, ধুত, ৰুইয়া, আম্বাণী, গোৱেল, ৱাডিয়া আৰু দিল্লী তথা লণ্ডনৰ মিত্তাল পৰিয়ালৰ দৰে বিভিন্ন ব্যাৱসায়িক গোষ্ঠীৰ বিবাহ আৰু আনুষ্ঠানিক অনুষ্ঠানত শাৰী শৈলীৰ কাম কৰিছে।১১

তেওঁৰ গ্ৰন্থ "দ্য হোল ৯ ইয়াৰ্ডছ" ২০১২ চনত প্ৰকাশ পাইছিল,১২১৩১৪১৫১৬১৭ আৰু তাৰ পিছত ২০১৪ চনত "লাৰ্ণ চাৰি" নামৰ এটা এপ মুকলি কৰা হয়।১৮১৯

তথ্যসূত্ৰ

  1. ↑ Farooq, Aisha. (10 May 2013). Kalpana Shah and The Whole Nine Yards. Desiblitz.com
  2. ↑ Pune, 13 May, 2014. Epaper.indianexpress.com
  3. ↑ Indian Weddings, planning & organising tips, unique services. WeddingSutra.com
  4. ↑ (5 December 2013). The Rise of the Sari-Tying Class – India Real Time – WSJ. Blogs.wsj.com
  5. ↑ (23 February 2014). Enter the workshop warriors – The Times of India. Timesofindia.indiatimes.com
  6. ↑ (11 April 2007). Six yards of separation – Economic Times. Articles.economictimes.indiatimes.com
  7. ↑ Nidhi Misra. (23 December 2011). Dolly Jain, Kalpana Shah, Anita Avasthi. Livemint
  8. ↑ Divya Kaushik. (1 May 2015). Claim to fame. Daily Pioneer
  9. ↑ Pink Villa. Pink Villa
  10. ↑ Henna Rakheja. (13 June 2013). The Art of Drapping Multiple Yards. Deccan Herald
  11. ↑ Yashica Dutt. (25 May 2013). 50 Ways to Drape a Sari
  12. ↑ Manish Mishra. (23 July 2014). Now a coffee table book on sari draping!!. Dnaindia.com
  13. ↑ Life. Verveonline.com
  14. ↑ (4 September 2013). The Indian Sari – Decoded by Kalpana Shah. Akanksha Redhu
  15. ↑ how-drape-sari. Asiana.tv
  16. ↑ (6 October 2012). The Whole Nine Yards – Perfecting the Arts of Sari Draping {Book Review}. Thebigfatindianwedding.com
  17. ↑ (7 July 2015). Six Yards of Elegance and Grace. Spice Route
  18. ↑ (9 August 2014). App: Learn Sari (Draping). Vervemagazine.in
  19. ↑ (10 July 2015). Good books on the Shelf. Vistara E-Magazine

সম্পৰ্কিত শ্ৰেণী

লেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কল্পনা শ্বাহ” প্ৰবন্ধৰ সংশোধন ৫৯৮২৪৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।