আয়োনা এনাবেল নীলছন (ইংৰাজী ভাষা: Iona Annabelle Neilson; পূৰ্বে ৰথচাইল্ড; ৩১ মাৰ্চ ১৯৬৯ – ১২ জুলাই ২০১৮) আছিল এগৰাকী ব্ৰিটিছ ছচিয়েলিট, ফেশ্বন মডেল, লেখিকা আৰু টেলিভিছন ব্যক্তিত্ব। ফেশ্বন ডিজাইনাৰ আলেকজেণ্ডাৰ মেককুইনৰ অনুপ্ৰেৰণা হিচাপে তেওঁ প্ৰথমে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল। তেওঁ ব্ৰাভো ৰিয়েলিটি টেলিভিছন ধাৰাবাহিক লেডীছ অৱ লণ্ডনত (২০১৪–২০১৫) অভিনয় শিল্পী হিচাপে অংশ লৈছিল। নীলছন আছিল ইংলেণ্ডৰ ৰথচাইল্ড বেংকিং পৰিয়ালৰ নাথানিয়েল ৰথচাইল্ড, পঞ্চম বেৰন ৰথচাইল্ডৰ প্ৰথম পত্নী।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
আয়োনা এনাবেল নীলছনৰ জন্ম হৈছিল ১৯৬৯ চনৰ ৩১ মাৰ্চত ইংলেণ্ডৰ লণ্ডনৰ কিংছ কলেজ হস্পিটেলত এটা চহকী আৰু অভিজাত পৰিয়ালত। তেওঁ বিনিয়োগ আৰু সম্পত্তি উপদেষ্টা মেক্সৱেল ফ্ৰেডেৰিক নীলছন আৰু তেওঁৰ পত্নী মাৰ্চেছা এলিজাবেট্টাৰ মধ্যম সন্তান তথা কনিষ্ঠা কন্যা আছিল।১২৩৪৫৬ তেওঁৰ এগৰাকী ডাঙৰ ভগ্নী আছিল।৭৮৯
নীলছনে তেওঁৰ সময়খিনি লণ্ডনৰ চেলছীত থকা পৰিয়ালৰ ঘৰ আৰু চিলটাৰ্ণ হিলছৰ পৰিয়ালৰ গ্ৰাম্য এষ্টেট চিলটাৰ্ণ হাউচৰ মাজত অতিবাহিত কৰিছিল।১০১১
শিক্ষা
নীলছনে কেনছিংটনৰ ভিক্টোৰিয়া ৰোডত থকা লেডী এডেনছ স্কুলত অধ্যয়ন কৰিছিল, য'ত তেওঁ এবছৰ পিছ পৰি আছিল। এঘাৰ বছৰ বয়সত তেওঁ কেন্টৰ গ্ৰেভছএণ্ডৰ কবহাম হলত অৱস্থিত এখন ব্যক্তিগত দিনৰ আৰু আৱাসিক বিদ্যালয় 'কবহাম হল স্কুল'ত নিজৰ ভগ্নীৰ সৈতে যোগদান কৰে আৰু তাত তেওঁ পুনৰ আগৰ দৰে পঢ়া-শুনাত গতি লাভ কৰে।১২ তেওঁৰ স্কুলীয়া বন্ধুসকলৰ ভিতৰত ফ্ৰান্সেস্কা আমফিথিয়েট্ৰফ অন্যতম আছিল।১৩১৪ তেওঁ ১৬ বছৰ বয়সত কোনো আনুষ্ঠানিক অৰ্হতা লাভ নকৰাকৈয়ে শিক্ষা জীৱন শেষ কৰিছিল।১৫
১৯৮৫ চনত অষ্ট্ৰেলিয়াত আক্ৰমণ
নীলছন যেতিয়া ১৬ বছৰ বয়সত পশ্চিম অষ্ট্ৰেলিয়াৰ পাৰ্থত তেওঁৰ 'গ্যাপ ইয়াৰ' কটাই আছিল, তেতিয়া এজন ব্যক্তিয়ে তেওঁক হঠাতে আক্ৰমণ কৰিছিল। তেওঁক এডাল গছত বান্ধি থোৱা হৈছিল আৰু ধাৰাবাহিকভাৱে প্ৰহাৰ কৰা হৈছিল। এই আক্ৰমণ প্ৰায় দুঘণ্টা ধৰি চলিছিল আৰু তাৰ পিছতহে তেওঁ নিজকে মুক্ত কৰিবলৈ সক্ষম হৈছিল। এই আক্ৰমণত তেওঁৰ মুখমণ্ডল বিকৃত হৈ পৰিছিল, যাৰ বাবে পিছলৈ তেওঁ 'ফেচিয়েল ৰিকনষ্ট্ৰাক্টিভ চাৰ্জাৰী' কৰিবলগীয়া হৈছিল।১৬১৭১৮ ইয়াৰ ফলত তেওঁ গভীৰ মানসিক অৱসাদত ভুগিছিল আৰু হিৰোইনৰ নিচাত আসক্ত হৈ পৰিছিল; অৱশ্যে বিশ বছৰ বয়সৰ শেষৰ ফালে তেওঁ এই নিচামুক্ত হৈছিল। তেওঁ নিজৰ সম্পৰ্কীয় ভাতৃ গাই গ্ৰেভিল (নৱম আৰ্ল অৱ ৱাৰউইক)-ৰ সৈতে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি আছিল, যাৰ তাত এটা ফলৰ বটল প্ৰস্তুত কৰা কোম্পানী আছিল।১৫ তেওঁ পৰৱৰ্তী সময়ত কৈছিল যে তেওঁৰ এই নিচাই তেওঁক ৰক্ষা কৰিছিল "কাৰণ অন্যথা মই আত্মহত্যা কৰিলোহেঁতেন,"।১৯২০ তেওঁক আক্ৰমণ কৰা ব্যক্তিজন পিছলৈ তিনিগৰাকী মহিলাক হত্যা কৰাৰ অপৰাধত দোষী সাব্যস্ত হৈছিল।২১২২
তথ্যসূত্ৰ
- ↑ Rosenfeld, Laura. (21 September 2015). 'Ladies Of London' Is Even More Royal This Season. Bustle
- ↑ (2003). Burke's Peerage
- ↑ Wilson, Andrew. (2015). Alexander McQueen: Blood Beneath the Skin. Simon & Schuster. ISBN 9781476776767
- ↑ (27 August 2015). Before They Were Ladies of London: Annabelle Neilson. Bravo TV Official Site
- ↑ Loughrey, Clarisse. (17 July 2018). Annabelle Neilson death: Former model and Ladies of London star dies aged 49. The Independent
- ↑ Hider, Libby. (17 July 2018). Socialite and Former Reality TV Star Annabelle Neilson Dies at 49. popculture.com
- ↑ (15 August 1967). page 26. Newspapers.com. The Daily Telegraph
- ↑ Davies, Emily. (16 July 2018). Annabelle Neilson: A Look Back at the 'Ladies of London' Star's Life in Photos. People
- ↑ (1 July 1965). page 18. Newspapers.com. The Daily Telegraph
- ↑ Smith, Lizzie. (16 July 2018). Kate Moss' 'best friend' Annabelle Neilson found dead. The New Zealand Herald
- ↑ Hannam, Laura. (17 July 2018). Annabelle Neilson 'Ladies of London' star and Alexander McQueen muse has died aged 49. Yahoo! News
- ↑ (19 July 2018). Annabelle Neilson obituary. The Times
- ↑ (31 March 2010). A night at the Museum. Vogue Italia
- ↑ (1 April 2011). Couture Club. W Magazine
- ↑ (18 July 2018). Queen of Clubs: Annabelle Neilson. TATLER
- ↑ (17 July 2018). Model Annabelle Neilson's death at 49 a 'complete shock' to her family. Belfast Telegraph
- ↑ Mapstone, Lucy. (17 July 2018). Model Annabelle Neilson's death at 49 'complete shock' to her family. Irish Independent
- ↑ (20 July 2018). Obituaries - a socialite and muse of Alexander McQueen and a star of The Producers. The Herald
- ↑ Stone, Natalie. (16 July 2018). Annabelle Neilson: How the 'Ladies of London' Star Overcame Addiction Before Her Shocking Death. People
- ↑ Zauzmer, Emily. (17 July 2018). 'Ladies of London': All the Tragedies They've Faced, Including Annabelle Neilson's Death. People
- ↑ Thompson, Paul; Robinson, Martin; Davison, Rebecca. (17 July 2018). Kate Moss speaks out over sudden death of 'best friend' Annabelle Neilson. The New Zealand Herald
- ↑ Hannam, Laura. (17 July 2018). Annabelle Neilson 'Ladies of London' star and Alexander McQueen muse has died aged 49. Yahoo! News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনাবেল নীলছন” প্ৰবন্ধৰ সংশোধন ৬৩১৬৩০ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।