এমিলী গিলম’ৰ অল্ডেন (ইংৰাজী ভাষা: Emily Gillmore Alden; ছদ্মনাম: ই. জি. এ.; ২১ জানুৱাৰী, ১৮৩৪ – ৬ জুন, ১৯১৪) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন লেখিকা আৰু শিক্ষাবিদ আছিল। চল্লিছ বছৰ ধৰি অল্ডেন মণ্টিচেলো চেমিনাৰীৰ অনুষদৰ সদস্য আছিল আৰু প্ৰায় পঞ্চাশ বছৰ ধৰি তেওঁ বিদ্যালয়খনৰ কবি আছিল। অল্ডেনে প্ৰতিষ্ঠানটোত প্ৰৱেশ কৰাৰপৰাই প্ৰতি বছৰে মণ্টিচেলোৰ সমাৱৰ্তন দিৱসৰ কবিতা লিখিছিল।১ ১৯০৮ চনত তেওঁৰ হেৰিয়েট নিউৱেল হাৰ্কেল: এ স্পেন অৱ ছানশ্বাইন গ’ল্ড আৰু ১৯০৯ চনত পয়েমছ বাই এমিলী গিলম’ৰ অল্ডেন প্ৰকাশ পাইছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৮৩৪ চনৰ ২১ জানুৱাৰীত মাছাচুছেটছৰ বষ্টনত এমিলী গিলম’ৰ অল্ডেনৰ জন্ম হৈছিল। ১১ এপ্ৰিলত তেওঁৰ মাতৃ এমিলী (গিলম’ৰ) অল্ডেনৰ মৃত্যু হয়। তেওঁৰ পিতৃ জোচেফ ৱাৰেন অল্ডেনে পুনৰ বিবাহ কৰায় আৰু অল্ডেনৰ তিনিজন সতীয়া ভাই-ভনী আছিল— এন ফ্ৰান্সেছ, জোচেফ হেনৰী আৰু জেমছ বাৰ্নি। অল্ডেন আছিল পিলগ্ৰিম (তীৰ্থযাত্ৰী) বংশৰ লোক আৰু তেওঁ মেফ্লাৱাৰ জাহাজৰ এজন ক্ৰু সদস্য জন অল্ডেনৰ বংশধৰ আছিল।২
শৈশৱতে মাতৃৰ মৃত্যুৰ পূৰ্বে তেওঁৰ পৰিয়ালটো মাছাচুছেটছৰ কেম্ব্ৰিজলৈ গুচি যায় আৰু অল্ডেনে সেই চহৰৰ চৰকাৰী বিদ্যালয়ত আৰু চাউথ হেডলীৰ মাউণ্ট হোলয়ক ফিমেল চেমিনাৰীত (বৰ্তমানৰ মাউণ্ট হোলয়ক কলেজ) শিক্ষা গ্ৰহণ কৰে।৩ (১৮৫৫)।৪ মাউণ্ট হোলয়কত পঢ়ি থকাৰ সময়তে অল্ডেনে হেৰিয়েট নিউৱেল হাৰ্কেলৰ সৈতে চিনাকি হয় আৰু তেওঁলোক দুজন জীৱনজোৰা সংগী হৈ পৰে।৫
কেৰিয়াৰ
অল্ডেনৰ কেৰিয়াৰ আছিল মূলত এগৰাকী শিক্ষকৰ, যিটো ভাৰমণ্টৰ কেষ্টলটনৰপৰা আৰম্ভ হৈছিল। ১৮৬৮ চনত তেওঁ হাৰ্কেলৰ সৈতে ইলিনয়ৰ গডফ্ৰেত থকা মণ্টিচেলো চেমিনাৰীলৈ আহে। এই প্ৰতিষ্ঠানটোত অল্ডেনে ইতিহাস, অলংকাৰ শাস্ত্ৰ আৰু ইংৰাজী সাহিত্যৰ বিভাগসমূহৰ লগতে স্নাতক শ্ৰেণীসমূহৰো দায়িত্বত আছিল।৬ ইয়াৰ উপৰি তেওঁ শৰীৰতত্ত্ব, প্ৰাণীবিজ্ঞান আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইতিহাসো পঢ়ুৱাইছিল।৭ সমগ্ৰ সময়ছোৱাত হাৰ্কেল প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা কালত ১৯০৭ চনলৈকে অল্ডেন মণ্টিচেলো চেমিনাৰীৰ সৈতে জড়িত আছিল।৮৯
অল্ডেনৰ সাহিত্যিক কৰ্মৰাজি সম্ভৱতঃ তেওঁৰ অধ্যাপনাৰ পৰিসৰ আৰু এগৰাকী শিক্ষাবিদ হিচাপে থকা অভিজ্ঞতাৰদ্বাৰা অনুপ্ৰাণিত হৈছিল, যিটো তেওঁৰ বাবে এক বিনোদনৰ দৰে আছিল। প্ৰচাৰৰপৰা আঁতৰি থাকি তেওঁৰ প্ৰথম কালৰ ৰচনাসমূহ এটা ছদ্মনামৰ অধীনত আগবঢ়োৱা হৈছিল। এজন প্ৰাৰম্ভিক সমালোচকে তেওঁৰ কাব্যিক কল্পনাত এক শৈল্পিক স্পৰ্শ ধৰা পেলাই তেওঁক সন্মুখলৈ আহিবলৈ জোৰ দিছিল আৰু তাৰ পিছত তেওঁৰ কবিতাসমূহ নিজৰ নামতে প্ৰকাশ হ’বলৈ ধৰে।১০ ১৮৯৩ চনত বিশ্ব ধৰ্ম সংসদত তেওঁৰ এটা কবিতা পাঠ কৰা হৈছিল।১১ ১৯০৮ চনত তেওঁ হাৰ্কেলৰ জীৱনী প্ৰকাশ কৰে। ১৯০৯ চনত ছেইণ্ট লুইছ, চিকাগো, নিউয়ৰ্ক, কানছাছ চিটি, মিজুৰী, বষ্টন আৰু স্প্ৰিংফিল্ড তথা ইলিনয়ৰ মণ্টিচেলো প্ৰাক্তন ছাত্ৰী সন্থাসমূহে অল্ডেনৰ কবিতাসমূহ প্ৰকাশ কৰাৰ সিদ্ধান্ত লয়। এই কিতাপখনত ৩৫ বছৰতকৈও অধিক সময় ধৰি অল্ডেনে লিখা শ্ৰেণীৰ কবিতা আৰু বিদ্যালয়খনৰ বাবে লিখা কবিতাসমূহ অন্তৰ্ভুক্ত আছিল।১২
মৃত্যু আৰু উত্তৰাধিকাৰ
অল্ডেন আৰু হাৰ্কেলে ৫০ বছৰতকৈও অধিক সময় ধৰি এটা উমৈহতীয়া ঘৰ আৰু আৰ্থিক দিশ ভাগ-বতৰা কৰিছিল।১৩ হাৰ্কেলৰ মৃত্যুৰ পাছত অল্ডেন বষ্টনত থকা তেওঁৰ ভাতৃ-পত্নীৰ (মিচেছ জে. এইচ. অল্ডেন) ঘৰলৈ গুচি যায় আৰু ১৯১৪ চনৰ ৬ জুনত ৮১ বছৰ বয়সত তাতেই তেওঁৰ মৃত্যু হয়।১
১৯৪৬ চনত মণ্টিচেলোৰ নতুন শিক্ষক আৱাসটো তেওঁৰ সন্মানত ‘অল্ডেন হাউচ’ নামেৰে নামকৰণ কৰা হয়।৮
নিৰ্বাচিত কৰ্মৰাজি
ই. জি. এ. হিচাপে
- Harriet Newell Haskell: a span of sunshine gold, ১৯০৮
এমিলী গিলম’ৰ অল্ডেন হিচাপে

- Poems by Emily Gillmore Alden, ১৯০৯ (মেলিং এণ্ড গাস্কিন্সৰদ্বাৰা প্ৰকাশিত)১৪
- "Monticello Seminary", ১৮৮৮ (কবিতা)১৫
তথ্যসূত্ৰ
তথ্যসূত্ৰ
- ↑ (7 June 1914). Former Monticello Seminary Teacher Dies in Boston. St. Louis Globe-Democrat. পৃ. 9
- ↑ Barrows 1893, পৃ. 1434
- ↑ Willard Livermore 1893, পৃ. 13
- ↑ Ball 1900, পৃ. 329
- ↑ American Educational Company 1906, পৃ. 1079
- ↑ Willard Livermore 1893, পৃ. 13
- ↑ American Educational Company 1906, পৃ. 1079
- ↑ (10 June 1946). 500 Attend Programs. Alton Evening Telegraph. পৃ. 2
- ↑ American Educational Company 1906, পৃ. 1079
- ↑ Willard Livermore 1893, পৃ. 13
- ↑ Barrows 1893, পৃ. 1434
- ↑ (23 June 1909). To Publish Miss Alden's Poems. St. Louis Globe-Democrat. পৃ. 14
- ↑ (9 June 1914). Tribute to Friend. Mrs. W. F. L. Hadley Speaks at Monticello Today. Offers Memorial for Miss Emily Alden who Passed On.. The Edwardsville Intelligencer. পৃ. 1
- ↑ Norton 1912, পৃ. 257
- ↑ (14 November 1888). A ROUND OF SONNETS. Boston Evening Transcript. পৃ. 3
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এমিলী গিলম’ৰ অল্ডেন” প্ৰবন্ধৰ সংশোধন ৫৯৭৪১৫ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।