অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কুলি কোহলী

ডাঃ কুলি কোহলী (ইংৰাজী: Dr. Kuli Kohli; জন্ম: ১৯৭০) এগৰাকী পঞ্জাবী বংশোদ্ভৱ ভাৰতীয়-ব্ৰিটিছ বিশেষভাৱে সক্ষম লেখিকা, কবি, সামাজিক সক্ৰিয় কৰ্মী আৰু উলভাৰহেম্পটন পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁ নিজৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে পৰিচিত আৰু কেইবাটাও লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে।

হালনাগাদ: ২৮ এপ্ৰিল ২০২৬ ৪৬৮ শব্দ · ৩ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

ডাঃ কুলি কোহলী (ইংৰাজী ভাষা: Dr. Kuli Kohli; জন্ম: ১৯৭০) এগৰাকী পঞ্জাবী ভাষা বংশোদ্ভৱ ভাৰতীয়-ব্ৰিটিছ বিশেষভাৱে সক্ষম লেখিকা, কবি, সামাজিক সক্ৰিয় কৰ্মী আৰু উলভাৰহেম্পটন পৌৰ নিগমৰ কৰ্মচাৰী। তেওঁ নিজৰ সাহিত্যিক কৰ্মৰাজিৰ বাবে পৰিচিত আৰু কেইবাটাও লাইভ অনুষ্ঠান পৰিৱেশন কৰিছে। তেওঁ চেৰিব্ৰেল পালচি ৰোগ লৈ জন্মগ্ৰহণ কৰিছিল আৰু ইয়াৰ ফলত তেওঁ হস্তলিপি, কথা কোৱা, খোজ কঢ়া আৰু শ্ৰৱণৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হয়।১

জীৱনী

কুলি (কুলদীপৰ চুটি নাম) কোহলীৰ জন্ম ১৯৭০ চনত উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এখন দূৰৱৰ্তী গাঁৱত হৈছিল। তেওঁ পৰিয়ালৰ জ্যেষ্ঠ সন্তান আছিল আৰু পৰম্পৰাগত ভাৰতীয় সমাজত (য’ত ল’ৰা সন্তানক অগ্ৰাধিকাৰ দিয়া হয়) তেওঁৰ জন্মক এটা অভিশাপ হিচাপে গণ্য কৰা হৈছিল। পৰৱৰ্তী সময়ত পোহৰলৈ আহে যে তেওঁ চেৰিব্ৰেল পালচি ৰোগ লৈ জন্মগ্ৰহণ কৰিছিল আৰু চুবুৰীয়াসকলে তেওঁৰ পিতৃ-মাতৃক সন্তানটিক নদীত পেলাই দিবলৈ পৰামৰ্শ দিছিল। দেউতাকে শাৰীৰিকভাৱে বাধা দি তেওঁৰ জীৱন ৰক্ষা নকৰালৈকে কুলিক প্ৰায় নদীত পেলাই দিয়া হৈছিলেই।২৩

মাত্ৰ আঢ়ৈ বছৰ বয়সত ১৯৭৩ চনত তেওঁ পৰিয়ালৰ সৈতে যুক্তৰাজ্যলৈ প্ৰব্ৰজন কৰে।৪ ৩ বছৰ বয়সত তেওঁ পেন হল স্পেচিয়েল স্কুলত ভৰ্তি হয়। মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ অপমানৰ সন্মুখীন হৈছিল কাৰণ তেওঁৰ স্কুলীয়া বন্ধুসকলে তেওঁক "অক্ষম" বুলি জোকাইছিল। তেওঁ বিদ্যালয়ত বন্ধু-বান্ধৱীৰ সৈতে যোগাযোগ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছিল আৰু শিক্ষকসকলে তেওঁক হাতৰ আখৰ লিখিবলৈ শিকিবলৈ পৰামৰ্শ দিছিল। অৱশ্যে বেছিভাগ জি চি এছ ই (GCSE) পৰীক্ষাত প্ৰয়োজনীয় গ্ৰেড লাভ কৰাত ব্যৰ্থ হোৱাৰ পিছত কোহলীয়ে ১৬ বছৰ বয়সত বিদ্যালয় ত্যাগ কৰে।৫

কেৰিয়াৰ

স্কুল এৰাৰ পিছত তেওঁ এটা যুৱ প্ৰশিক্ষণ আঁচনিত নাম ভৰ্তি কৰিছিল। বিবাহৰ পিছত তেওঁ উলভাৰহেম্পটনত এজনী পৌৰ নিগমৰ কৰ্মী হয়। উলভাৰহেম্পটন লাইব্ৰেৰীৰ সাক্ষৰতা উন্নয়ন বিষয়া চাইমন ফ্লেচাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেওঁ ২০১৩ চনৰ আশে-পাশে কবি হিচাপে নিজৰ কেৰিয়াৰ গঢ়ি তুলিছিল। চাইমনে তেওঁক কাব্য চৰ্চাৰ বাবে পথ প্ৰদৰ্শন কৰিছিল আৰু কুলি কোহলীয়ে প্যাচৱৰ্ক নামৰ এখন কাব্যপুথি লিখিছিল যিখন ২০১৬ চনত প্ৰকাশ পাইছিল। ইয়াৰ পিছত ২০২১ চনত অফাছ প্ৰেছৰ পৰা তেওঁৰ পূৰ্ণাঙ্গ সংকলন এ ৱাণ্ডাৰ অ’মেন প্ৰকাশ পায়।৬ তেওঁ ২০১৩ চনত দ্য ৰেগ ডল নামৰ এখন কাব্য সংকলন প্ৰস্তুত কৰিছিল আৰু ২০১৪ চনত ই স্ব-প্ৰকাশিত হৈছিল।৭ তেওঁ প্ৰকাশ কৰিছিল যে দ্য ৰেগ ডল নামৰ কবিতাটো লিখিবলৈ তেওঁ অনুপ্ৰাণিত হৈছিল কাৰণ তেওঁৰ শৈশৱত এটা ডাঙৰ 'ৰেগ ডল' (ফটাকানিৰে সজা পুতলা) আছিল।

তেওঁ যুক্তৰাজ্যৰ উলভাৰহেম্পটনৰ পঞ্জাবী মহিলাসকলক সৱলীকৰণ কৰিবলৈ ব্লেক কান্ট্ৰীত 'পঞ্জাবী মহিলা লেখক গোট' (Punjabi Women's Writing Group) প্ৰতিষ্ঠা কৰিছিল। তেওঁ ব্লেকেনহল ৰাইটাৰ্ছ গ্ৰুপক সহায় কৰিছিল আৰু 'ডিজেবিলিটী আৰ্টছ অনলাইন'ৰ বাবে লিখা-মেলা কৰে।১

২০১৭ চনত তেওঁ নিজৰ কৰ্ম আই হেভ এ ড্ৰিম-ৰ ওপৰত মঞ্চত প্ৰথমটো লাইভ অনুষ্ঠান পৰিৱেশন কৰিছিল, যিটো আছিল ১৫ মিনিটৰ এটা কাব্যিক অনুষ্ঠান।৩ ২০২০ চনৰ মাৰ্চ মাহত মাল্টিষ্ট’ৰী কমিছনৰ অনুৰোধত তেওঁ ছেণ্ডৱেল ষ্ট’ৰীজ/ষ্ট’ৰীজ আই ছলেচন প্ৰকল্পৰ বাবে ব্লেক কান্ট্ৰী ৱাণ্ডাৰ অ’মেন নামৰ এটা কবিতা লিখিছিল। তেওঁ এটা এছিয়ান পৰিয়ালত চেৰিব্ৰেল পালচিৰ সৈতে জীয়াই থকাৰ ওপৰত আধাৰিত কৰি তেওঁৰ প্ৰথমখন উপন্যাস ডেঞ্জাৰাছ গেমছ ৰচনা কৰিছিল। ২০২০ চনৰ ২৯ আগষ্টত বিবিচি নিউজৰ হোমপেজত তেওঁৰ জীৱন কাহিনী দে ৱান্টেড টু ড্ৰাউন মি এট বাৰ্থ - নাও আই এম এ পয়েট (They wanted to drown me at birth - now I'm a poet) শীৰ্ষক নামেৰে প্ৰকাশিত হৈছিল।৩

তথ্যসূত্ৰ

  1. ↑ Author will explore Punjabi women's experiences after the Partition of India at event in Oswestry. Border Counties Advertizer
  2. ↑ Growcott, Matthew. Punjabi poet saved from being thrown into the river as a child talks culture, disability and Ironbridge's Festival of Imagination. www.shropshirestar.com
  3. ↑ (2020-08-29). 'They wanted to drown me at birth - now I'm a poet'. BBC News
  4. ↑ Offa's Press, promoting contemporary poetry and poets · Kuli Kohli. offaspress.co.uk
  5. ↑ Tate, Leslie. (2020-09-21). POETRY, WRITING GROUPS AND CEREBRAL PALSY. Leslie Tate
  6. ↑ Patchwork. www.goodreads.com
  7. ↑ Poetry: Kuli Kohli: Rag Doll - disability arts online. www.disabilityartsonline.org.uk

সম্পৰ্কিত শ্ৰেণী

পঞ্জাব, ভাৰতৰ ব্যক্তিভাৰতীয় মূলৰ ব্যক্তিবৃটিছ মহিলালেখিকাভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুলি কোহলী” প্ৰবন্ধৰ সংশোধন ৬০৩৩০৩ (২৮ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।