অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা লক্ষ্মণ

কমলা লক্ষ্মণ শিশু গ্ৰন্থৰ এগৰাকী ভাৰতীয় লেখিকা আৰু কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ পত্নী আছিল।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৬ ১৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কমলা লক্ষ্মণ শিশু গ্ৰন্থৰ এগৰাকী ভাৰতীয় লেখিকা আৰু কাৰ্টুনিষ্ট আৰ কে লক্ষ্মণৰ পত্নী আছিল।১

প্ৰাৰম্ভিক জীৱন

লক্ষ্মণৰ জন্ম চেন্নাইত হৈছিল আৰু ছেইণ্ট থমাছ কনভেণ্টত অধ্যয়ন কৰিছিল আৰু পিছত দিল্লীৰ ইন্দ্ৰপ্ৰস্থ মহিলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টৰ পৰা অভ্যন্তৰীণ সজ্জা বিষয়তো(ইণ্টেৰিয়ৰ ডেকৰেছন) ডিগ্ৰী লাভ কৰিছিল। ইণ্ডিয়া বুক হাউচে লক্ষ্মণক ১৯৭০ ৰ দশকত শিশু গ্ৰন্থ লিখিবলৈ আয়োগ দিছিল। তেওঁৰ উল্লেখযোগ্য ৰচনাসমূহৰ ভিতৰত আছে থামা ষ্টৰীজ, তেনালী এণ্ড আদাৰ ষ্টৰীজৰ ৰমন আৰু থামা আৰু হিজ মিচিং মাদাৰ। তেওঁৰ বহুতো ৰচনা স্বামী আৰ কে লক্ষ্মণে চিত্ৰিত কৰিছিল। তেওঁৰ কাহিনীবোৰ ভাৰতীয় টিভি ষ্টেচন দূৰদৰ্শনৰ দ্বাৰা ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰা হৈছিল।২

ব্যক্তিগত জীৱন

লক্ষ্মণ ১৯৬৫ চনত মুম্বাইত তেওঁৰ মাতৃৰ দ্বাৰা প্ৰতিষ্ঠা কৰা মহালক্ষ্মী লেডিজ ক্লাবৰ আজীৱন সভাপতি আছিল।৩

কাৰ্টুনিষ্ট আৰ. কে. লক্ষ্মণৰ প্ৰথমা পত্নী কুমাৰী কমলাৰ পৰা বিবাহ বিচ্ছেদৰ পিছত৪ তেওঁ কমলা লক্ষ্মণৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। আৰ. কে. লক্ষ্মণ তেওঁৰ সম্পৰ্কত মামাও আছিল। তেওঁৰ এজন পুত্ৰ শ্ৰীনিবাস এগৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিক, এগৰাকী বোৱাৰী ঊষা আৰু এগৰাকী নাতিনী ৰিমণিকা।

লক্ষ্মণৰ ২০১৫ চনত ৯০ বছৰ বয়সত মৃত্যু হয়।

তথ্যসূত্ৰ

  1. ↑ (14 November 2015). Children's Book Writer and RK Laxman's Wife Kamala Laxman Dies. NDTV
  2. ↑ Banerjee, Shoumojit. (15 November 2015). Children's books author Kamala Laxman passes away. The Hindu
  3. ↑ (10 October 2010). Where Knowledge is the only gossip. DNA
  4. ↑ De, Shobhaa. (31 January 2015). An 'uncommon' marriage: RK Laxman and Kamala. Mumbai Mirror

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা লক্ষ্মণ” প্ৰবন্ধৰ সংশোধন ৬৩৪৮৬৮ (১১ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।