কুমুদিনী বসু (জন্ম:১৮৭৩ আৰু মৃত্যু:১৯৪২চন ) আছিল ব্ৰিটিছ শাসনকালৰ ভাৰতৰ এগৰাকী বঙালী লেখিকা, সমাজ সংস্কাৰক, স্বাধীনতা সংগ্ৰামী আৰু মহিলা অধিকাৰ কৰ্মী।
পৰিয়াল
বসুৰ জন্ম হৈছিল ১৮৭৩ চনত ভাৰতৰ পশ্চিমবংগৰ কলিকতাত আৰু তেওঁ ভাৰতীয় জাতীয়তাবাদী নেতা কৃষ্ণ কুমাৰ মিত্ৰৰ জ্যেষ্ঠ কন্যা আছিল। ১২ তেওঁৰ বাসন্তী চক্ৰৱৰ্তী (মিত্ৰ) নামৰ এগৰাকী ভগ্নী আছিল।৩ কুমুদিনী বসুৱে ব্যৱসায়ী শৰৎ চন্দ্ৰ বসু-মুল্লিকক বিয়া কৰাইছিল।
কৰ্মজীৱন
কুমুদিনী বসুৱে কলিকতা বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰিছিল।৪
বসুৱে লেখিকা হিচাপে জীৱন আৰম্ভ কৰিছিল কৰিছিল আৰু 'সুপ্ৰভাত' (১৯০৭-১৪) নামৰ প্ৰকাশনসমূহ সম্পাদনা কৰিছিল আৰু এয়া তেওঁ নিজে প্ৰতিষ্ঠা কৰিছিল। ৫লগতে 'বঙ্গলক্ষ্মী'ও (১৯২৫-২৭) সম্পাদনা কৰিছিল। ৬ তেওঁ শিখেৰ বালিদান (শিখৰ বলিদান) গ্ৰন্থসহ কেইবাখনো কিতাপ আৰু কবিতা পুথি প্ৰকাশ কৰিছিল॥ ৭
বসুৱে ভাৰতীয় অ-সহযোগ আন্দোলনতো অংশগ্ৰহণ কৰিছিল। ৮
কুমুদিনী বসু ভাৰত স্ত্ৰী মহামণ্ডলৰ (ভাৰতীয় মহিলাৰ মহান চক্ৰ) সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। যাৰ উদ্দেশ্য আছিল মহিলা শিক্ষাৰ প্ৰচাৰ কৰা। বসুৱে মহিলাৰ ভোটদানৰ অধিকাৰৰ বাবে প্ৰচাৰ চলাইছিল আৰু মহিলাৰ ভোটাধিকাৰৰ বাবে যুঁজ দিয়া নিখিল বংগীয় নাৰী ভোটাধিকাৰ সমিতিৰ (সকলো বঙালী মহিলা ভোটাধিকাৰ সংস্থা)ৰ কামিনী ৰয় আৰু মৃণালিনী সেনৰ সৈতে এগৰাকী নেত্ৰী আছিল। ১৯২৫ চনৰ ১৬ আগষ্টত বেংগল বিধান পৰিষদে সংখ্যাগৰিষ্ঠ ভোটৰ দ্বাৰা মহিলা ভোটাধিকাৰ প্ৰস্তাৱ গৃহীত কৰে ৯আৰু কিছুমান বাঙালী মহিলাক ১৯২৬ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ অধিকাৰ প্ৰয়োগ কৰিবলৈ অনুমতি দিয়ে। ১৯৩৫ চনত বসুৱে লোথিয়ান কমিটিলৈ এখন আবেদন লিখিছিল। যাক ভাৰতীয় ফ্ৰেঞ্চাইজি কমিটি বুলিও জনা যায়, সৰ্বজনীন ভোটাধিকাৰ সম্পৰ্কে নিজৰ মতামত প্ৰকাশ কৰিবলৈ। তেওঁ কলিকতাৰ পৌৰ নিগমত নিৰ্বাচিত প্ৰথম কাউন্সিলাৰ আছিল।
মহিলাৰ ভোটদানৰ অধিকাৰৰ বাবে তেওঁৰ ওকালতি স্বত্বেও কুমুদিনী বসুৱে আশংকা কৰিছিল যে ভোটদানে সন্মানীয় মহিলাসকলক "অবাঞ্ছিত মহিলা" যেনে 'পতিতা'ৰ সৈতে মিহলি হ'বলৈ বাধ্য কৰিব পাৰে। সেয়ে তেওঁ প্ৰস্তাৱ দিছিল যে যৌন কৰ্মীসকলে আৰক্ষীৰ ওচৰত পঞ্জীয়ন কৰিব লাগে আৰু ভোট দিবলৈ পৃথক ভোটকেন্দ্ৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হ'ব লাগে।
বসুৱে পৰ্দা প্ৰথাক "পুৰুষ আৰু মহিলা দুয়োৰে আধ্যাত্মিক, বৌদ্ধিক আৰু শাৰীৰিক অৱক্ষয়"ৰ অন্যতম মুখ্য কাৰণ বুলিও নিন্দা কৰিছিল।
১৯৪২ চনত ভাৰতৰ পশ্চিমবংগৰ কলিকতাত তেওঁৰ মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ Mitra, Kumudini. The Incarnate Word
- ↑ Pal, Rina. (August 2019). Role of Women in Indian Freedom Struggle (1905 – 1927). Anudhyan an International Journal of Social Sciences (AIJSS). পৃ. 32
- ↑ Research, Indian Council of Historical. Sri Aurobindo-Life and Legacy. Publications Division Ministry of Information & Broadcasting. ISBN 978-93-5409-742-3
- ↑ Forbes, Geraldine Hancock. (2005). Women in Colonial India: Essays on Politics, Medicine, and Historiography. Orient Blackswan. পৃ. 70. ISBN 978-81-8028-017-7
- ↑ Mukherjee, Sreemati. (2024-04-30). Women and the Romance of the Word: 19th Century Contexts in Bengal. Bloomsbury Publishing. পৃ. 91. ISBN 978-93-5640-604-9
- ↑ Chakravarty, Pallavi. (2024). Urbanisation in Bengal: Ideas, Institutions and Policies. Taylor & Francis. পৃ. 83. ISBN 978-1-040-08583-7
- ↑ (1998). Studies in History. Sage. পৃ. 79
- ↑ Mukhopādhyāẏa, Amitābha. (1996). Women in Indian Life and Society. Punthi Pustak and Institute of Historical Studies. পৃ. 221. ISBN 978-81-85094-97-7
- ↑ Asthana, Pratima. (1974). Women's Movement in India. Vikas Publishing House. পৃ. 113. ISBN 978-0-7069-0333-1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুমুদিনী বসু” প্ৰবন্ধৰ সংশোধন ৬১২৪৬২ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।