মহিলা বিজ্ঞানী
৬৫ প্ৰবন্ধ
-
ইন্দ্ৰাণী বসু
ইন্দ্ৰাণী বসু (Indrani Bose জন্ম ১৫ আগষ্ট ১৯৫১) এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী, কলকাতাৰ বসু ইনষ্টিটিউটৰ পদাৰ্থ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ অধ্যাপক। তেওঁৰ বিশেষত্বৰ ক্ষেত্ৰবোৰ হৈছে তাত্ত্বিক ঘনীভূত পদাৰ্থ, কোৱাণ্টাম তথ্য তত্ত্ব, পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, জৈৱিক পদাৰ্থ বিজ্ঞান আৰু প্ৰণালী।
-
জান এণ্ডাৰছন
জোৱান মেৰী "জান" এণ্ডাৰছন FAA FRS (১৩ মে' ১৯৩২ – ২৮ আগষ্ট ২০১৫) সালোক সংশ্লেষণৰ অনুসন্ধানৰ বাবে জনাজাত নিউজিলেণ্ডৰ এগৰাকী বিজ্ঞানী আছিল। তেওঁ অষ্ট্ৰেলিয়াৰ কেনবেৰাত অধ্যয়নৰ কাম কৰিছিল।
-
নিৰ্মলা দেৱী
ড০ নিৰ্মলা দেৱী (Dr Nirmala Devi) হৈছে অসমৰ এগৰাকী লেখিকা, ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
মৌমিতা দত্ত
মৌমিতা দত্ত এগৰাকী ভাৰতীয় পদাৰ্থ বিজ্ঞানী। তেখেতে মহাকাশ প্ৰয়োগ কেন্দ্ৰ (Space Applications Centre,SAC), আৰু আহমেদাবাদস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত বিজ্ঞানী/অভিযন্তা হিচাপে কৰ্মৰত। তেখেত আলোকীয় আৰু ইনফ্ৰাৰেড সংবেদক/সৰঞ্জামৰ বিকাশ আৰু পৰীক্ষণৰ লগত জড়িত(cameras and imaging spectrometers)।
-
লিণ্ডা ব্ৰাউন বাক
লিণ্ডা ব্ৰাউন বাক ( Linda Brown Buck; জন্ম: ২৯ জানুৱাৰী, ১৯৪৭ চন) এগৰাকী আমেৰিকান জীৱবিজ্ঞানী, যি ঘ্ৰাণ তন্ত্ৰৰ ওপৰত কৰা কামৰ বাবে সু-পৰিচিত।বৰ্তমান তেওঁ ছিয়াটলৰ ফ্ৰেড হাচিনছন কেন্সাৰ ৰিচাৰ্চ চেণ্টাৰৰ অধ্যাপক।
-
অক্ষতা কৃষ্ণমূৰ্তি
অক্ষতা কৃষ্ণমূৰ্তি (জন্ম ২৭ ডিচেম্বৰ ১৯৯০) নাছাৰ জেট প্ৰপালচন লেবৰেটৰীত প্ৰধান অনুসন্ধানকাৰী আৰু বিজ্ঞান পৰ্যায়ৰ নেতৃত্ব হিচাপে কাম কৰা এজন ভাৰতীয় মহাকাশ ব্যৱস্থা অভিযন্তা। বৰ্তমান তেওঁ মংগল গ্ৰহ ২০২০ৰ কাম কৰি আছে। ফৰ্চুন ইণ্ডিয়াৰ "সৰ্বাধিক শক্তিশালী মহিলা"
-
অনুৰাধা টি. কে.
অনুৰাধা টি.কে. (Anuradha T. K.) এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতীয় বিজ্ঞানী আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ বিশেষ যোগাযোগ উপগ্ৰহৰ কাৰ্যসূচী সঞ্চালক। তেওঁ জি এছ এ টি-১২ আৰু জি এছ এ টি-১০ উপগ্ৰহৰ উৎক্ষেপণৰ কামৰ সৈতেও জড়িত।
-
অন্নপূৰ্ণি সুব্ৰমণিয়াম
ড° অন্নপূৰ্ণি সুব্ৰমণিয়াম (Annapurni Subramaniam) এগৰাকী জ্যোতিৰ্বিজ্ঞানী আৰু বৰ্তমান বাংগালুৰুৰ ভাৰতীয় জ্যোতিৰ্পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠানৰ পৰিচালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ উপৰিও তেওঁ এই প্ৰতিষ্ঠানটোৰ মুৰব্বী হোৱা প্ৰথমগৰাকী মহিলা জ্যোতিৰ্বিজ্ঞানী।
-
ইংগ্ৰিড জেন পিকাৰিং
ইংগ্ৰিড জেন পিকাৰিং এফ আৰ এছ চি এগৰাকী ভূ-বিজ্ঞানী। তেওঁ এগৰাকী অধ্যাপিকা আৰু ছাস্কাচেৱান বিশ্ববিদ্যালয়ত কানাডা আণৱিক পৰিৱেশ বিজ্ঞানৰ গৱেষণা অধ্যক্ষ। ২০১৮ চনত পিকাৰিং আছিল কানাডা ফাউণ্ডেশ্যন ফৰ ইনোভেচন ব’ৰ্ড অৱ ডাইৰেক্টৰৰ অধ্যক্ষ নিযুক্তিপ্ৰাপ্ত প্ৰথমগৰাকী মহিলা।
-
ইয়াং ডেন
ডেন ইয়াং (চীনা: 丹扬; পিনয়ন: Dān Yáng) এগৰাকী চীনা-আমেৰিকান স্নায়ুবিজ্ঞানী। তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলেৰ স্নায়ুজীৱবিজ্ঞানৰ পল লিচ্ট বিশিষ্ট অধ্যাপিকা আৰু হাৱাৰ্ড হিউজেছ মেডিকেল ইনষ্টিটিউট (এইচ এইচ এম আই)ৰ তদন্তকাৰী।
-
ইয়াছমিন আমহিছ
ইয়াছমিন আমহিছ (জন্ম ১৯৮২, আলজিয়াৰ্ছ) এজন ফৰাচী-আলজেৰিয়ান অণু পদাৰ্থবিজ্ঞানী। ২০১৬ চনত তেওঁক জেক হাৰব্ৰাণ্ড বঁটাৰে সন্মানিত কৰা হয়। তেওঁ আলজেৰিয়াৰ কবি আৰু লেখক ড্জোহেৰ আমহিছ-অউচেলৰ নাতিনী।
-
উষা কুলশ্ৰেষ্ঠ
উষা কুলশ্ৰেষ্ঠ (জন্ম জুলাই, ১৯৬৪) এগৰাকী ভাৰতীয় তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ডিৰাকৰ কোৱাণ্টাম ক্ষেত্ৰ তত্ত্বৰ আৰ্হিৰ তৎক্ষণিক-ৰূপ আৰু পোহৰ-ফ্ৰন্ট কোৱাণ্টাইজেচনত বিশেষজ্ঞ, ষ্ট্ৰিং তত্ত্বৰ আৰ্হি আৰু ডি-ব্ৰেন ক্ৰিয়া হেমিল্টনিয়ান তত্ত্ব প্ৰয়োগ, পথ অখণ্ড আৰু বিআৰএছটি কোৱাণ্টাইজেচন পদ্ধতি ব্যৱহাৰ কৰি,…
-
এন্নে অষ্টিন
এন্নে মেৰী অষ্টিন এ এম অষ্ট্ৰেলিয়াৰ এগৰাকী জৈৱ ৰসায়নবিদ আৰু ফৰেনছিক বিশেষজ্ঞ। ২০১০ চনত ভিক্টোৰিয়ান অনাৰ ৰোল অৱ উইমেনত যোগ কৰা হয় আৰু ২০১১ চনৰ কুইনছ বাৰ্থডে অনাৰ্ছ (অষ্ট্ৰেলিয়া)ত জনসেৱাৰ পদক লাভ কৰে।
-
কেটিয়া বাষ্টিঅ’লি
কেটিয়া বাষ্টিঅ'লি ( Catia Bastioli; জন্ম: ১৯৫৭) এগৰাকী ইটালীৰ গৱেষক, ৰসায়নবিদ আৰু উদ্যোগী। ফলিগনোত জন্মগ্ৰহণ কৰা কেটিয়াই সদায় ৰসায়ন বিজ্ঞান আৰু প্ৰাকৃতিক জগতখনৰ প্ৰতি আগ্ৰহী আছিল।
-
ক্লাউডিয়া আলেকজেণ্ডাৰ
ক্লাউডিয়া জোয়ান আলেকজেণ্ডাৰ (৩০ মে’, ১৯৫৯ – ১১ জুলাই, ২০১৫) এগৰাকী ভূ-পদাৰ্থবিজ্ঞান আৰু গ্ৰহ বিজ্ঞানৰ বিশেষজ্ঞ। তেওঁ কানাডাত জন্মগ্ৰহণ কৰিছিল আমেৰিকান গৱেষণা বিজ্ঞানী আছিল। আমেৰিকাৰ ভূ-তাত্ত্বিক জৰীপ আৰু নাছাৰ জেট প্ৰপালচন লেবৰেটৰীত কাম কৰিছিল।
-
গেইল এছলী
গেইল এছলী, জন্ম নাম মৌৰী, (জন্ম ২৯ জানুৱাৰী ১৯৪১) এগৰাকী আমেৰিকান পলসবিজ্ঞানী। তেওঁ অলডুভাই গৰ্জৰ পলসৰ অধ্যয়নৰ বাবে পৰিচিত, যিয়ে হ’মিনিডৰ বাবে উপলভ্য পানী যোগান আৰু অঞ্চলটোৰ পুৰাজলবায়ুৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
চাৰুচিতা চক্ৰৱৰ্তী
চাৰুচিতা চক্ৰৱৰ্তী ( Charusita Chakravarty; জন্ম: ৫ মে' ১৯৬৪ চন– মৃত্যু: ২৯ মাৰ্চ ২০১৬ চন) এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু বিজ্ঞানী। ১৯৯৯ চনৰপৰা দিল্লীৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজিৰ ৰসায়ন বিজ্ঞানৰ অধ্যাপিকা।
-
চাৰ্লট ই কিন
চাৰ্লট ই কিন (জন্ম নাম: ডেভিডছন) এগৰাকী কানাডাৰ ভূ-তত্ত্ববিদ আৰু কানাডাৰ ভূ-তাত্ত্বিক জৰীপৰ অধ্যাপক এমেৰিটাছ। তেওঁৰ কামে ভূ-ভৌতিক প্ৰতিচ্ছবি আৰু চুম্বকীয় জোখ-মাখ ব্যৱহাৰ কৰি পৃথিৱীৰ খোলা আৰু ওপৰৰ আৱৰণৰ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। কানাডাৰ জৰীপ জাহাজত যোৱা তেওঁ প্ৰথম মহিলা।
-
চিয়া ঝৌ
জিয়া ঝৌ (ইংৰাজী: Xia Zhou) কলম্বিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এগৰাকী সহযোগী অধ্যাপক। তেওঁৰ গৱেষণা ম'বাইল কম্পিউটিং আৰু ইয়াৰ সৈতে অন্যান্য শাখাৰ সংযোগৰ ওপৰত কেন্দ্ৰিত। কলম্বিয়ালৈ অহাৰ পূৰ্বে তেওঁ ডাৰ্টমাউথ মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপক আছিল।
-
চিয়া পেইচু
চিয়া পেইচু বা পেই-চু চিয়া (জন্ম: ২৮ জুলাই ১৯২৩ – মৃত্যু: ২৭ আগষ্ট ২০১৪) এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী আৰু শিক্ষাবিদ আছিল। তেওঁ কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত আগবঢ়োৱা অগ্ৰণী গৱেষণাৰ বাবে পৰিচিত।
-
চুৱান ৱু
চুৱান ৱু (吳川) হৈছে এগৰাকী চীনা কম্পিউটাৰ বিজ্ঞানী। তেওঁ মূলতঃ ক্লাউড কম্পিউটিং, বিতৰণিত যন্ত্ৰ শিক্ষণ আৰু জ্যেষ্ঠ নাগৰিকৰ যত্নৰ ক্ষেত্ৰত ব্যৱহাৰযোগ্য তথ্য-প্ৰযুক্তি প্ৰণালীৰ ওপৰত গৱেষণা কৰে। তেওঁ হংকং বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এজন পূৰ্ণ অধ্যাপক।
-
ছাৰা কে নোবেল
ছাৰা কে নোবেল (জন্ম ১৯৭৫) গ্ৰহ ভূ-তত্ত্ববিদ আৰু ৱাশ্বিংটন ডি.চি.ৰ নাছাৰ মুখ্য কাৰ্যালয়ৰ গ্ৰহ বিজ্ঞান বিভাগৰ প্ৰগ্ৰেম বিজ্ঞানী। তেওঁৰ বিশেষজ্ঞতাৰ ক্ষেত্ৰখন হৈছে মহাকাশৰ বতৰৰ প্ৰক্ৰিয়া। নাছাৰ LADEE মহাকাশযানৰ প্ৰগ্ৰেম চাইণ্টিষ্ট আছিল আৰু চাইকে মিছনৰ প্ৰগ্ৰেম চাইণ্টিষ্ট।
-
ছাৰা-জেন বাৰ্নছ
ছাৰা-জেন বাৰ্নছ (জন্ম ১৯৫৪) এগৰাকী ব্ৰিটিছ-কানাডিয়ান ভূ-তত্ত্ববিদ, যি ইউনিভাৰ্চিটি ডু ক্যুবেক এ চিকৌটিমিৰ অধ্যাপিকা আৰু লেবমেটাৰৰ পৰিচালক।
-
ছিলভিয়া ৰত্নাস্বামী
ছিলভিয়া ৰত্নাস্বামী, জন্ম আনুমানিক ১৯৭৬ চন, এগৰাকী বেলজিয়াম–ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী। ডিষ্ট্ৰিবিউটেড হেচ টেবুল (ডি এইচ টি)ৰ অন্যতম উদ্ভাৱক হিচাপে তেওঁ বেছিকৈ পৰিচিত।
-
জয়ীতা গুপ্ত
জয়ীতা গুপ্ত ( Joyeta Gupta) জন্ম ভাৰতৰ দিল্লীত; তেওঁ পৰিৱেশ আৰু উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা এগৰাকী সমাজ বিজ্ঞানী। জলবায়ু ন্যায়, বহনক্ষমতা আৰু গ্ল’বেল জাষ্টিছৰ বিশিষ্ট অধ্যাপিকা (আমষ্টাৰডাম বিশ্ববিদ্যালয়), আৰু গ্ল’বেল চাউথৰ পৰিৱেশ আৰু উন্নয়নৰ অধ্যাপিকাও আৰু আই এইচ ই-ডেলফ্ট ইনষ্টিটিউট ফৰ…
-
জিং গাও
জিং গাও (ইংৰাজী: Jing Gao) এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী। তেওঁৰ গৱেষণাত মেচিন লাৰ্নিঙক ডাটা মাইনিঙৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হয়, য’ত কাৰণ সম্পৰ্কীয় অনুমান, অস্বাভাৱিকতা চিনাক্তকৰণ, তথ্যৰ বিশ্বাসযোগ্যতা মূল্যায়ন আৰু সত্য অন্বেষণৰ দৰে বিষয়সমূহ অন্তৰ্ভুক্ত।
-
টেৰেচা চিচেৰী কাষ্টিগ্লিওনি
টেৰেছা চিচেৰী কাষ্টিগ্লিওনি (জন্ম: এংগেৰা, ১৫ অক্টোবৰ ১৭৫০ – মৃত্যু: কোমো, ২৯ মাৰ্চ ১৮২১) আছিল এগৰাকী ইটালীৰ উদ্ভাৱক আৰু কৃষিবিজ্ঞানী, যিয়ে তেওঁৰ ইটালী অঞ্চলত আলুৰ খেতিৰ প্ৰৱৰ্তনত সহায় কৰিছিল।
-
ডেনিছ কক্স
ডেনিছ কক্স এগৰাকী আমেৰিকান পেট্ৰলিয়াম ভূ-তত্ত্ববিদ আৰু ফ্ল'ৰিডাৰ পানামা চহৰত অৱস্থিত তেল আৰু গেছ অন্বেষণ কোম্পানী ষ্টৰ্ম এনাৰ্জি লিমিটেডৰ প্ৰাক্তন অধ্যক্ষ। ১৯৮৪ চনত সংস্থাটোত যোগদান কৰাৰ পাছত কক্স আমেৰিকান এছ’চিয়েশ্যন অৱ পেট্ৰলিয়াম জিঅ’লজিষ্ট (AAPG)ৰ দীৰ্ঘদিনীয়া কাৰ্যবাহী সদস্যও আছিল।
-
তানজিম খালিদ চৌধুৰী
তানজিম খালিদ চৌধুৰী (জন্ম ১৯৭৫) হৈছে কৰ্ণেল টেকৰ সমন্বিত স্বাস্থ্য আৰু প্ৰযুক্তিত ৰ’জাৰ আৰু জোৱেল বাৰ্নেল অধ্যাপক। তেওঁৰ গৱেষণাৰ মুখ্য ক্ষেত্ৰ হৈছে এম-হেল্থ, য’ত স্মাৰ্টফোন আদি মোবাইল ডিভাইচ ব্যৱহাৰ কৰি স্বাস্থ্য উন্নত কৰাৰ ওপৰত গুৰুত্ব দিয়া হয়। তেওঁৰ জন্ম বাংলাদেশত।
-
নাছিমা আক্তাৰ
নাছিমা আক্তাৰ (বাংলা: নাসিমা আক্তাব়; জন্ম ১৯৭০) এগৰাকী বাংলাদেশী বিজ্ঞানী যিয়ে পাৰমাণৱিক চিকিৎসা বিজ্ঞানত বিশেষজ্ঞতা অৰ্জন কৰিছে। ২০১০ চনত ভ্ৰুণৰ অস্বাভাৱিকতা ধৰা পেলোৱাৰ বাবে নাকল ট্ৰেন্সলুচেন্সী আৰু পাৰমাণৱিক হৃদৰোগ বিজ্ঞান বিষয়ত কৰা গৱেষণাৰ বাবে তেওঁ BAS-TWAS যুৱ বিজ্ঞানী বঁটা লাভ কৰে।