জিয়া ঝৌ (ইংৰাজী ভাষা: Xia Zhou) কলম্বিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগৰ এগৰাকী সহযোগী অধ্যাপক। তেওঁৰ গৱেষণা ম'বাইল কম্পিউটিং আৰু ইয়াৰ সৈতে অন্যান্য শাখাৰ সংযোগৰ ওপৰত কেন্দ্ৰিত। কলম্বিয়ালৈ অহাৰ পূৰ্বে তেওঁ ডাৰ্টমাউথ মহাবিদ্যালয়ৰ এগৰাকী সহযোগী অধ্যাপক আছিল। ডাৰ্টমাউথত থকা সময়ছোৱাত তেওঁ ডাটনেটছ (ডাটমাউথ নেটৱৰ্কিং এণ্ড ইউবিকুইটাছ চিষ্টেমছ) লেব১ আৰু ডাটমাউথ ৰিয়েলিটি এণ্ড ৰবটিক্স লেবৰ সহ-পৰিচালনা কৰিছিল।২ তেওঁ ২০১৬ চনৰ ডিচেম্বৰৰ পৰা ২০১৭ চনৰ ফেব্ৰুৱাৰীলৈকে নেচনেল টাইৱান বিশ্ববিদ্যালয়ত আৰু ২০১৭ চনৰ এপ্ৰিলৰ পৰা জুন মাহলৈকে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত অতিথি অধ্যাপক হিচাপে কৰ্মৰত আছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
জিয়া ঝৌৱে ২০১৩ চনৰ জুন মাহত কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, চাণ্টা বাৰ্বৰাৰ পৰা কম্পিউটাৰ বিজ্ঞানত ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেওঁ হাইটাও জেংৰ তত্ত্বাৱধানত গৱেষণা কৰিছিল।৩
সন্মান আৰু বঁটা
কৰ্মজীৱনত তেওঁ কেইবাটাও সন্মান আৰু বঁটা লাভ কৰিছে:
- বিজ্ঞানী আৰু অভিযন্তাসকলৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰাৰম্ভিক কেৰিয়াৰ বঁটা (২০১৯)৪
- এচিএম চিগম'বাইল ৰকষ্টাৰ বঁটা (২০১৯)৫
- চুজান এণ্ড গিব মায়াৰ্ছ ১৯৬৪ ফেকাল্টি ফেলোশ্বিপ (২০১৮)
- বিশিষ্ট সৃষ্টিশীল আৰু পাণ্ডিত্যপূৰ্ণ কৃতিত্বৰ বাবে কাৰেন ই. ৱেটাৰহাহান সোঁৱৰণি বঁটা (২০১৮)৬
- এন২ৱমেন: ৰাইজিং ষ্টাৰ্ছ ইন নেটৱৰ্কিং এণ্ড কমিউনিকেচন (২০১৭)৭
- আলফ্ৰেড পি. স্লোন ৰিচাৰ্চ ফেলোশ্বিপ (২০১৭)৮
- এনএচএফ কেৰিয়াৰ বঁটা (২০১৬)৯
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Dartmouth Networking and Ubiquitous Systems) Lab. cs.dartmouth.edu
- ↑ Dartmouth Reality and Robotics Lab. cs.dartmouth.edu
- ↑ (July 5, 2019). Dr. Xia Zhou, UCSB CS Ph.D. Alumna, Recipient of Two Significant Awards. UC Santa Barbara Computer Science
- ↑ (6 June 2023). Xia Zhou Wins Award for Research and Outreach. news.dartmouth.edu
- ↑ SIGMOBILE Rockstar Award. sigmobile.org
- ↑ (6 June 2023). 2018 Faculty Awardees Model 'Dartmouth's Highest Values'. news.dartmouth.edu
- ↑ 2017 – N²Women: Rising Stars in Computer Networking and Communications. n2women.comsoc.org
- ↑ (6 June 2023). Dartmouth Computer Scientist Wins Sloan Foundation Fellowship. news.dartmouth.edu
- ↑ Award Abstract #1552924 CAREER: Ubiquitous Sensing Using Computational Light. nsf.gov
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিয়া ঝৌ” প্ৰবন্ধৰ সংশোধন ৫৯৪৩৯৭ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।