অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ছাৰা-জেন বাৰ্নছ

ছাৰা-জেন বাৰ্নছ (জন্ম ১৯৫৪) এগৰাকী ব্ৰিটিছ-কানাডিয়ান ভূ-তত্ত্ববিদ, যি ইউনিভাৰ্চিটি ডু ক্যুবেক এ চিকৌটিমিৰ অধ্যাপিকা আৰু লেবমেটাৰৰ পৰিচালক।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ৪০৩ শব্দ · ২ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

ছাৰা-জেন বাৰ্নছ (জন্ম ১৯৫৪) এগৰাকী ব্ৰিটিছ-কানাডিয়ান ভূ-তত্ত্ববিদ, যি ইউনিভাৰ্চিটি ডু ক্যুবেক এ চিকৌটিমিৰ অধ্যাপিকা আৰু লেবমেটাৰৰ পৰিচালক।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯৫৪ চনত চিছবিকত জন্মগ্ৰহণ কৰা বাৰ্নছে ৬ বছৰ বয়সত পৰিয়ালৰ সৈতে দক্ষিণ আফ্ৰিকালৈ গুচি যায়। শিশু অৱস্থাত তেওঁ বিজ্ঞানৰ প্ৰতি আকৰ্ষিত আছিল, আৰু অষ্টম শ্ৰেণীৰ পিছত বৈজ্ঞানিক শিক্ষা অব্যাহত ৰাখিবলৈ সম্পূৰ্ণ ল'ৰাৰ বিদ্যালয়ত অতিৰিক্ত শ্ৰেণীত পঢ়িছিল। তেওঁ বি.এছ.চি. (অনাৰ্ছ) ১৯৭৫ চনত জোহান্সবাৰ্গৰ উইটৱাটাৰছৰেণ্ড বিশ্ববিদ্যালয়ত ভূতত্ত্ব আৰু ৰসায়ন বিজ্ঞানত ডিগ্ৰী লাভ কৰে। পিছলৈ ১৯৭৮ চনত দক্ষিণ আফ্ৰিকা বিশ্ববিদ্যালয়ত বিজ্ঞান শাখাত স্নাতক ডিপ্লমা সম্পূৰ্ণ কৰে আৰু পিছৰ বছৰত ড° ডি ৱাটাৰ্ছৰ তত্ত্বাৱধানত বাৰ্ণছে এম এছ চি লাভ কৰে। দক্ষিণ আফ্ৰিকা বিশ্ববিদ্যালয়ৰপৰা নামিবিয়াত পোৱা চাৰ্পেণ্টাইনৰ ওপৰত বিশেষজ্ঞতা লাভ কৰা। ১৯৮৩ চনত বাৰ্ণছে উত্তৰ অণ্টাৰিঅ’ৰ আবিটিবি বেল্টত পোৱা কোমাটাইটৰ প্লেটিনাম গ্ৰুপ এলিমেণ্ট পটেনচিয়েলৰ ওপৰত ডক্টৰেট ডিগ্ৰী সম্পূৰ্ণ কৰে। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত ১৯৮৪ চনত ড° আৰ বয়ডৰ তত্ত্বাৱধানত নৰৱেৰ ভূ-তাত্ত্বিক জৰীপত ৰানা স্তৰযুক্ত অনুপ্ৰৱেশৰ ওপৰত ডক্টৰেট ডিগ্ৰীৰ পিছৰ অধ্যয়ন আৰম্ভ কৰে আৰু ১৯৮৬ চনত সম্পূৰ্ণ কৰে।১

১৯৮৩ চনৰপৰা ১৯৮৪ চনলৈকে বাৰ্নছ টৰণ্টো বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক আছিল, তেওঁ আগ্নেয়, পলসুৱা আৰু ৰূপান্তৰিত শিলাবিজ্ঞানত বিশেষজ্ঞ আছিল। ইয়াৰ পিছত ১৯৮৬ চনত চিকৌটিমিৰ ক্যুবেক বিশ্ববিদ্যালয়ত আগ্নেয় পেট্ৰ’জেনেছিছ আৰু অৰ্থনৈতিক ভূতত্ত্বৰ সহকাৰী অধ্যাপিকা হিচাপে কাম কৰে। ১৯৯২ চনত বাৰ্নছ সহযোগী অধ্যাপক আছিল, পিছলৈ ১৯৯৫ চনত তেওঁ সম্পূৰ্ণ অধ্যাপক হৈছিল।২

২০১৯ চনলৈকে বাৰ্ণছে চল্লিছজনতকৈও অধিক স্নাতক ছাত্ৰ আৰু পোষ্ট ডক্টৰেট ফেলোৰ তত্ত্বাৱধানত আছে।৩

গৱেষণা

বাৰ্নছৰ গৱেষণাই ক্ষেত্ৰ ভূতত্ত্ব, শিলাবিজ্ঞান, চিলিকেট আৰু প্লেটিনাম গোটৰ খনিজ বিজ্ঞান, বিশ্লেষণাত্মক ৰসায়ন, ভূ-ৰাসায়নিক আৰু পৰীক্ষামূলক অধ্যয়ন আৰু সংখ্যাগত আৰ্হি নিৰ্মাণৰ ক্ষেত্ৰত সামৰি লৈছে।৪ ট্ৰেচ মৌল ভূ-ৰসায়ন, নিকেল, তাম আৰু প্লেটিনাম-গোট মৌলৰ অক্সিজেন নিক্ষেপ আৰু ইয়াৰ বিভাজন সহগ আৰু কমাটাইট, স্তৰযুক্ত অনুপ্ৰৱেশ আৰু গ্ৰেনাইটৰ পেট্ৰ'জেনেছিছৰ ওপৰত তেওঁৰ গৱেষণামূলক আগ্ৰহ। নেলচনাইট আৰু লোহা, টাইটানিয়াম আৰু ভেনাডিয়াম অক্সাইডৰ নিক্ষেপ আৰু ইয়াৰ নিজ নিজ বিভাজন সহগসমূহৰ প্ৰতিও তেওঁ আগ্ৰহী। তেওঁৰ প্ৰাথমিক গৱেষণামূলক বিষয়সমূহৰ ভিতৰত মেফিক আৰু আল্ট্ৰামেফিক মেগমাৰ উৎপত্তি, ইয়াৰ সৈতে জড়িত অক্সিজেনৰ আৱৰ্জনাৰ বিষয়ে আৰু অৰ্থনৈতিক গ্ৰেডৰ খনিজ আৱৰ্জনাত কিছুমান ধাতুৰ ঘনত্ব গঠনৰ প্ৰক্ৰিয়াসমূহ জড়িত হৈ আছে। এই ধৰণৰ শিলত ঘনীভূত মৌলসমূহ হ'ল নিকেল, তাম, টাইটানিয়াম, ভেনাডিয়াম আৰু প্লেটিনাম-গোটৰ মৌল (প্লেটিনাম, পেলেডিয়াম, ৰ'ডিয়াম, ইৰিডিয়াম, অস্মিয়াম আৰু ৰুথেনিয়াম), যিবোৰ সাধাৰণতে মেফিক মেগমাৰপৰা অক্সাইড খনিজ বা ছালফাইড তৰল পদাৰ্থৰদ্বাৰা সংগ্ৰহ কৰা হয়।৫

তেওঁৰ গৱেষণাৰ উদ্দেশ্য হৈছে ছালফাইড তৰল বা অক্সাইড খনিজ পদাৰ্থ মেগমাৰপৰা কেতিয়া আৰু কিয় পৃথক হয় সেইটো নিৰ্ণয় কৰা। ছালফাইড তৰল বা অক্সাইড খনিজ পদাৰ্থ ধাতুৰ সৈতে ক’ত আৰু কিয় জমা হয় সেই বিষয়েও তেওঁ অধ্যয়ন কৰে। তেওঁৰ গৱেষণাৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে চিকৌটিমিৰ ক্যুবেক বিশ্ববিদ্যালয়ত বিকশিত কৰা কৌশল ব্যৱহাৰ কৰি বেছিভাগ ধৰণৰ শিলত কম ঘনত্বত প্লেটিনাম-গোটৰ মৌল আৰু অন্যান্য ট্ৰেচ মেটাল নিৰ্ণয় কৰা।৬

তথ্যসূত্ৰ

  1. ↑ Nomination de Sarah-Jane Barnes – Note biographique - Secrétariat aux emplois supérieurs. www.emplois-superieurs.gouv.qc.ca
  2. ↑ Nomination de Sarah-Jane Barnes – Note biographique - Secrétariat aux emplois supérieurs. www.emplois-superieurs.gouv.qc.ca
  3. ↑ team students etudiantes. www.uqac.ca
  4. ↑ Chairs, Canada Research; Canada, Chaires de recherche du. (2012-11-29). Canada Research Chairs. www.chairs-chaires.gc.ca
  5. ↑ Index Sarah-Jane Barnes. www.uqac.ca
  6. ↑ Sarah-Jane Barnes

সম্পৰ্কিত শ্ৰেণী

মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাৰা-জেন বাৰ্নছ” প্ৰবন্ধৰ সংশোধন ৫৯৮৬২৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।